Skip to content

Skip to table of contents

বাইবেলৰ বাৰ্ত্তা—এক সাৰাংশ

বাইবেলৰ বাৰ্ত্তা—এক সাৰাংশ
  1. যিহোৱা ঈশ্বৰে, আদম আৰু হৱাক অনন্ত কাল জীয়াই থকাৰ উদ্দেশ্যেৰে সৃষ্টি কৰি প্ৰমোদবনত থাকিবলৈ দিলে। চয়তানে, ঈশ্বৰক মিছলীয়া বুলি দাবী কৰিলে আৰু তেওঁৰ শাসন কৰা অধিকাৰৰ ওপৰত প্ৰশ্ন তুলিলে। আদম আৰু হৱাই, চয়তানৰ ফলীয়া হৈ বিদ্ৰোহ কৰিলে। ইয়াৰ পৰিণামস্বৰূপে, তেওঁলোকে নিজৰ আৰু সতি-সন্ততিসকলৰ ওপৰত পাপ আৰু মৃত্যু আনিলে।

  2. যিহোৱাই বিদ্ৰোহীসকলৰ ওপৰত দণ্ডাজ্ঞা ঘোষণা কৰে আৰু বংশ বা উদ্ধাৰকৰ্ত্তাৰ বিষয়ে প্ৰতিজ্ঞা কৰে। এই উদ্ধাৰকৰ্ত্তাজনে চয়তানক ধ্বংস কৰিব তথা পাপ আৰু মৃত্যুক নাইকিয়া কৰিব।

  3. যিহোৱা ঈশ্বৰে অব্ৰাহাম আৰু দায়ূদক প্ৰতিজ্ঞা কৰিছিল যে তেওঁলোকৰ বংশৰপৰা মচীহৰ জন্ম হ’ব আৰু তেওঁ চিৰকালৰ বাবে ৰজা হিচাবে শাসন কৰিব।

  4. যিহোৱাই ভৱিষ্যতবক্তাসকলক ভৱিষ্যতবাণী কৰিবলৈ প্ৰেৰণা কৰিছিল যে মচীহে পাপ আৰু মৃত্যুৰপৰা মানৱ জাতিক উদ্ধাৰ কৰিব। সহ-শাসকৰ লগতে মচীহে ঈশ্বৰৰ ৰাজ্যৰ ৰজা হ’ব আৰু এই ৰাজ্যই যুদ্ধ, বেমাৰ তথা মৃত্যু নাইকিয়া কৰিব।

  5. যিহোৱাই নিজৰ পুত্ৰ যীচুক পৃথিৱীলৈ পঠিয়াই আৰু তেওঁক মচীহ হিচাবে পৰিচিত কৰে। যীচুয়ে ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে ঘোষণা কৰে আৰু নিজৰ জীৱন বলিদানৰূপে আগবঢ়ায়। তাৰ পাছত, যিহোৱাই তেওঁক এক আত্মিক জীৱনৰ বাবে পুনৰুত্থান কৰে।

  6. যিহোৱা ঈশ্বৰে তেওঁৰ পুত্ৰক স্বৰ্গত ৰজা হিচাবে নিযুক্ত কৰে আৰু তেতিয়াৰপৰা এই বৰ্তমান ব্যৱস্থাৰ শেষ কাল আৰম্ভ হ’ল। আজি গোটেই পৃথিৱীজোৰি হৈ থকা ৰাজ্যৰ শুভবাৰ্ত্তা ঘোষণা কৰা কাৰ্য্যক যীচুয়ে পৰিচালনা কৰিছে।

  7. অতি সোনকালে, যিহোৱাই তেওঁৰ পুত্ৰক পৃথিৱীৰ ওপৰত শাসন কৰিবলৈ আজ্ঞা দিব। এই ৰাজ্যই সকলো ভ্ৰষ্ট চৰকাৰক ধ্বংস কৰিব আৰু পৃথিৱীত প্ৰমোদবন স্থাপন কৰিব। ইয়াৰ লগতে, সকলো মানৱ জাতিয়ে সিদ্ধ জীৱন পাব। সৰ্বশেষত চিৰকালৰ বাবে যিহোৱাৰ শাসন কৰা অধিকাৰক সঠিক বুলি প্ৰমাণ কৰা হ’ব আৰু তেওঁৰ নাম পবিত্ৰ কৰা হ’ব।