Skip to content

Skip to table of contents

ভাগ ২

সত্য ঈশ্বৰ কোন হয়?

সত্য ঈশ্বৰ কোন হয়?

সত্য ঈশ্বৰ মাত্ৰ এজন আৰু তেওঁৰ নাম হৈছে যিহোৱা। (গীতমালা ৮৩:১৮) ঈশ্বৰ আত্মা হয় আৰু সেইবাবে আমি তেওঁক দেখা নাপাওঁ। ঈশ্বৰে আমাক বৰ ভাল পায় আৰু সেইবাবে আমিও তেওঁক ভাল পোৱাটো তেওঁ বিচাৰে। ইয়াৰ উপৰিও আমাৰ চাৰিওকাষে থকা লোকসকলকো আমি ভাল পোৱাটো ঈশ্বৰে বিচাৰে। (মথি ২২:৩৫-৪০) ঈশ্বৰ হৈছে সৰ্ব্বশক্তিমান আৰু তেওঁ সকলোৰে সৃষ্টিকৰ্ত্তা।

ঈশ্বৰে প্ৰথমে এজন শক্তিশালী আত্মিক প্ৰাণী সৃষ্টি কৰিছিল আৰু পাছলৈ তেওঁ যীচু খ্ৰীষ্ট নামেৰে পৰিচিত হয়। যিহোৱাই স্বৰ্গদূতবিলাককো সৃষ্টি কৰিছিল।

যিহোৱা ঈশ্বৰে স্বৰ্গ . . . আৰু পৃথিৱীত থকা সকলোকে সৃষ্টি কৰিছে। প্ৰকাশিত বাক্য ৪:১১

আকাশত থকা অগণন তৰা, আমি বাস কৰা এই পৃথিৱীখন আৰু পৃথিৱীত থকা সকলো বস্তুক যিহোৱা ঈশ্বৰে সৃষ্টি কৰিলে।—আদিপুস্তক ১:১.

ঈশ্বৰে প্ৰথম পুৰুষ আদমক মাটিৰ ধূলিৰপৰা সৃষ্টি কৰিছিল।—আদিপুস্তক ২:৭.