Skip to content

Skip to table of contents

ভাগ ৬

জল-প্লাৱনৰপৰা আমি কি শিক্ষা পাওঁ?

জল-প্লাৱনৰপৰা আমি কি শিক্ষা পাওঁ?

ঈশ্বৰে দুষ্ট লোকসকলক ধ্বংস কৰিলে, কিন্তু নোহ আৰু তেওঁৰ পৰিয়ালৰ লোকসকলক ৰক্ষা কৰিলে। আদিপুস্তক ৭:১১, ১২, ২৩

চল্লিছ দিন আৰু চল্লিছ ৰাতি ধাৰাসাৰে বৰষুণ পৰিবলৈ ধৰিলে। গোটেই পৃথিৱীখন পানীৰে ভৰি পৰিল আৰু সকলো দুষ্ট লোকৰ মৃত্যু হ’ল।

বিদ্ৰোহী স্বৰ্গদূতবিলাকে মানৱ শৰীৰ ত্যাগ কৰি ভূত হৈ পৰিল।

জাহাজৰ ভিতৰত থকা লোকসকল ৰক্ষা পৰিল। পাছলৈ নোহ আৰু তেওঁৰ পৰিয়ালৰ লোকসকলৰ মৃত্যু হ’ল, কিন্তু ঈশ্বৰে তেওঁলোকক অনন্ত জীৱন জীয়াই থাকিবলৈ পুনৰ জীৱিত কৰিব।

ঈশ্বৰে দুষ্ট লোকসকলক আকৌ ধ্বংস কৰিব, কিন্তু ভাল লোকসকলক ৰক্ষা কৰিব। মথি ২৪:৩৭-৩৯

চয়তান আৰু ভূতবোৰে আজিও লোকসকলক ভুল পথলৈ পৰিচালিত কৰে।

নোহৰ দিনৰ দৰে বৰ্তমানেও বহুতোলোকে যিহোৱা ঈশ্বৰৰ নিৰ্দ্দেশনা গ্ৰহণ নকৰে। অতি সোনকালে ঈশ্বৰে সকলো দুষ্ট লোকক ধ্বংস কৰিব।—২ পিতৰ ২:৫, ৬.

আমাৰ সময়তো নোহৰ দৰে কিছুমান লোক আছে। তেওঁলোকে ঈশ্বৰৰ বাক্য শুনে আৰু তেওঁৰ নিৰ্দ্দেশনাবোৰ পালন কৰে। তেওঁলোক হৈছে যিহোৱাৰ সাক্ষীসকল।