Skip to content

Skip to table of contents

ভাগ ৮

যীচুৰ মৃত্যুৱে আপোনাৰ বাবে কি অৰ্থ ৰাখে?

যীচুৰ মৃত্যুৱে আপোনাৰ বাবে কি অৰ্থ ৰাখে?

যীচুৰ মৃত্যুৱে আমাৰ বাবে অনন্ত জীৱনৰ পথ মুকলি কৰিলে। যোহন ৩:১৬

যীচুৰ মৃত্যুৰ পাছত তৃতীয়দিনাখন কেইগৰাকীমান তিৰোতাই যীচুৰ মৃতদেহ ৰখা গুহাটোলৈ যায়। কিন্তু গুহাটোৰ ভিতৰত তেওঁলোকে মৃতদেহটো দেখা নাপালে। যিহোৱা ঈশ্বৰে যীচুক মৃত্যুৰপৰা পুনৰ জীৱিত কৰিলে।

পুনৰ জীৱিত হোৱাৰ পাছত যীচুয়ে নিজৰ পাঁচনিসকলক দেখা দিলে।

যিহোৱা ঈশ্বৰে যীচুক এক শক্তিশালী আত্মিক প্ৰাণীৰূপে পুনৰ জীৱিত কৰিলে। যীচুৰ শিষ্যসকলে তেওঁক স্বৰ্গলৈ উঠি যোৱা দেখা পাইছিল।

ঈশ্বৰে যীচুক পুনৰ জীৱিত কৰি, তেওঁক ঈশ্বৰৰ ৰাজ্যৰ ৰজা পাতিলে। দানিয়েল ৭:১৩, ১৪

যীচুয়ে নিজৰ জীৱন মুক্তিপণৰূপে মানৱ জাতিৰ বাবে বলিদান কৰিলে। (মথি ২০:২৬) মুক্তিপণৰ যোগেদি ঈশ্বৰে আমাৰ বাবে অনন্ত জীৱন জীয়াই থকাটো সম্ভৱ কৰিলে।

যিহোৱা ঈশ্বৰে পৃথিৱীৰ ওপৰত শাসন কৰিবলৈ যীচুক ৰজা হিচাপে নিযুক্ত কৰিলে। স্বৰ্গত তেওঁৰ লগত শাসন কৰিবলৈ ১,৪৪,০০০জন বিশ্বাসী লোকক, এই পৃথিৱীৰপৰা নিৰ্ব্বাচন কৰা হৈছে। যীচু আৰু পুনৰুত্থান হোৱা ১,৪৪,০০০জন লোকৰ দ্বাৰা স্বৰ্গীয় চৰকাৰখন সংগঠিত আৰু এই চৰকাৰখনক ঈশ্বৰৰ ৰাজ্য বুলি কোৱা হয়।—প্ৰকাশিত বাক্য ১৪:১-৩.

ঈশ্বৰৰ ৰাজ্যই এই পৃথিৱীখনক প্ৰমোদবনলৈ ৰূপান্তৰ কৰিব। এই প্ৰমোদবনত কোনো ধৰণৰ যুদ্ধ, অপৰাধ, দৰিদ্ৰতা আৰু আকাল নহ’ব। ইয়াত বাস কৰা লোকসকলে সঁচাকৈ বৰ আনন্দত জীৱন অতিবাহিত কৰিব।—গীতমালা ১৪৫:১৬.