Skip to content

Skip to table of contents

ঈশ্বৰৰ ইচ্ছা কি?

ঈশ্বৰৰ ইচ্ছা কি?

আমি সুখ-শান্তিৰে প্ৰমোদবনত অনন্ত জীৱন জীয়াই থকাটো ঈশ্বৰে বিচাৰে।

আপুনি হয়তো ভাবিব পাৰে যে ই কেনেকৈ সম্ভৱ হ’ব? বাইবেলত বৰ্ণনা কৰা হৈছে যে ঈশ্বৰৰ ৰাজ্যই এই সকলোবোৰ সম্ভৱ কৰি তুলিব। ঈশ্বৰৰ ৰাজ্য আৰু মানৱজাতিৰ বাবে তেওঁৰ উদ্দেশ্য কি, তাৰ বিষয়ে সকলোৱে জনাটো ঈশ্বৰে বিচাৰে।—গীতমালা ৩৭:১১, ২৯; যিচয়া ৯:৭.

আমাৰ ভালৰ বাবে ঈশ্বৰে চিন্তা কৰে।

এজন মৰমিয়াল পিতৃয়ে যিদৰে নিজৰ ল’ৰা-ছোৱালীৰ ভালৰ বাবে চিন্তা কৰে, ঠিক সেইদৰে আমাৰ স্বৰ্গীয় পিতৃ যিহোৱা ঈশ্বৰেও আমি অনন্ত জীৱনৰ আনন্দ উপভোগ কৰাটো বিচাৰে। (যিচয়া ৪৮:১৭, ১৮) তেওঁ প্ৰতিজ্ঞা কৰিছে যে “যি জনে ঈশ্বৰৰ ইচ্ছা পালন কৰে, তেওঁ চিৰকাললৈকে” জীয়াই থাকিব।—১ যোহন ২:১৭.

ঈশ্বৰে আমাক তেওঁৰ পথত চলাটো বিচাৰে।

বাইবেলত উল্লেখ কৰিছে যে সৃষ্টিকৰ্ত্তা ঈশ্বৰে “আমাক নিজ পথৰ বিষয়ে শিক্ষা” দিব বিচাৰে, যাতে আমি “তেওঁৰ পথত গমন” কৰিব পাৰোঁ। (যিচয়া ২:২, ৩) নিজৰ ইচ্ছাৰ বিষয়ে পৃথিৱীৰ সকলো লোককে জনাবলৈ ঈশ্বৰে “নিজ নামৰ নিমিত্তে” এক লোক সমূহক সংগঠিত কৰিছে।—পাঁচনিৰ কৰ্ম্ম ১৫:১৪.

আমি একতাৰে উপাসনা কৰাটো ঈশ্বৰে বিচাৰে।

যিহোৱাৰ শুদ্ধ উপাসনাই, লোকসকলক বিভাজন কৰাৰ পৰিৱৰ্ত্তে তেওঁলোকৰ মাজত একতা আৰু প্ৰকৃত প্ৰেম গঢ়ি তুলিছে। (যোহন ১৩:৩৫) আজি গোটেই পৃথিৱীজুৰি ঈশ্বৰক একতাৰে সেৱা কৰিবলৈ কোনে শিক্ষা দিছে? এই ব্ৰচাৰখনৰ যোগেদি ইয়াৰ উত্তৰ বিচাৰিবলৈ আমি আপোনাক অনুৰোধ কৰিছোঁ।