Skip to content

Skip to table of contents

পাঠ ২

আমাক যিহোৱাৰ সাক্ষী বুলি কিয় কোৱা হয়?

আমাক যিহোৱাৰ সাক্ষী বুলি কিয় কোৱা হয়?

নোহ

অব্ৰাহাম আৰু চাৰা

মোচি

যীচু খ্ৰীষ্ট

বহুতো লোকে যিহোৱাৰ সাক্ষী, কোনো এটা নতুন ধৰ্মৰ নাম বুলি ভাবে। কিন্তু মন কৰিবলগীয়া বিষয় যে আজিৰপৰা প্ৰায় ২,৭০০ বছৰৰ আগতে কেৱল সত্য ঈশ্বৰক সেৱা কৰা লোকসকলকহে “সাক্ষী” বুলি কোৱা হৈছিল। (যিচয়া ৪৩:১০-১২) চন ১৯৩১ লৈকে আমি বাইবেল বিদ্যাৰ্থী হিচাপে পৰিচিত আছিলোঁ। তেনেহ’লে আমি কিয় যিহোৱাৰ সাক্ষী নামটো গ্ৰহণ কৰিলোঁ?

এই নামে আমি কোন ঈশ্বৰক উপাসনা কৰোঁ তাৰ পৰিচয় দিয়ে। প্ৰাচীন হস্তলিপিবোৰৰ অনুসৰি ঈশ্বৰৰ নাম যিহোৱা বুলি ৭,০০০ বাৰতকৈয়ো বেছিবাৰ বাইবেলত পোৱা যায়। বাইবেলৰ বহুতো অনুবাদত এই নামৰ সলনি প্ৰভু বা ঈশ্বৰ উপাধি ব্যৱহাৰ কৰিছে। কিন্তু সত্য ঈশ্বৰে নিজেই তেওঁৰ নাম যিহোৱা হয় বুলি মোচিৰ আগত এইদৰে প্ৰকাশ কৰিছিল: “এয়ে মোৰ চিৰকালৰ নাম।” (যাত্ৰাপুস্তক ৩:১৫) এইদৰে যিহোৱা ঈশ্বৰে নিজকে সকলো মিছা দেৱতাৰপৰা পৃথক কৰিছে। ঈশ্বৰৰ পবিত্ৰ নাম ধাৰণ কৰিবলৈ পায় আমি আনন্দিত।

এই নামে আমাৰ উদ্দেশ্যৰ বিষয়ে প্ৰকাশ কৰে। হেবল নামৰ এজন ধাৰ্মিক ব্যক্তিৰপৰা আৰম্ভ কৰি, বহুতো লোকে যিহোৱা ঈশ্বৰৰ বিষয়ে সাক্ষী দি আহিছে। সময় অতিবাহিত হোৱাৰ লগে লগে নোহ, অব্ৰাহাম, চাৰা, মোচি, দায়ূদ আৰু আন বহুতো লোকে এই বৃহৎ ‘মেঘৰূপ সাক্ষীত’ যোগ দিলে। (ইব্ৰী ১১:৪–১২:১) যিদৰে এজন ব্যক্তিক, নিৰ্দ্দোষী ব্যক্তিৰ পক্ষে আদালতত সাক্ষী দিয়াটো কৰ্তব্য, ঠিক সেইদৰে ঈশ্বৰৰ পক্ষে সাক্ষী দিবলৈ আমি দৃঢ়সংকল্প।

আমি যীচুক অনুকৰণ কৰোঁ। বাইবেলত যীচুক “বিশ্বাসী আৰু সত্য সাক্ষী” বুলি উল্লেখ কৰিছে। (প্ৰকাশিত বাক্য ৩:১৪) ‘ঈশ্বৰৰ নাম’ আনক জনোৱা আৰু ঈশ্বৰৰ ‘সত্যতাৰ পক্ষে সাক্ষী’ দিম বুলি যীচুয়ে নিজেই কৈছিল। (যোহন ১৭:২৬; ১৮:৩৭) সেইবাবে, যীচুক অনুকৰণ কৰা লোকসকলে যিহোৱাৰ নামেৰে পৰিচিত আৰু ইয়াৰ বিষয়ে তেওঁলোকে আনকো জনায়। এই কাৰ্য্যকে যিহোৱাৰ সাক্ষীসকলে কৰিবলৈ চেষ্টা কৰে।

  • বাইবেলৰ বিদ্যাৰ্থীসকলে যিহোৱাৰ সাক্ষী নামটো কিয় গ্ৰহণ কৰে?

  • কেতিয়াৰপৰা যিহোৱা ঈশ্বৰৰ দাসসকলে তেওঁৰ বিষয়ে সাক্ষী দি আহিছে?

  • যিহোৱা ঈশ্বৰৰ পক্ষে সাক্ষী দিয়া সৰ্ব্বশ্ৰেষ্ঠ ব্যক্তিজন কোন হয়?