Skip to content

Skip to table of contents

পাঠ ৪

আমি কিয় নতুন পৃথিৱী অনুবাদ বাইবেল প্ৰকাশ কৰিলোঁ?

আমি কিয় নতুন পৃথিৱী অনুবাদ বাইবেল প্ৰকাশ কৰিলোঁ?

কংগো (কিনচাছা)

ৰুৱাণ্ডা

তৃতীয় বা চতুৰ্থ শতিকাৰ ছাইমেক্স টুকুৰা, য’ত গীতমালা ৬৯:৩১ পদত ঈশ্বৰৰ নাম পোৱা যায়

বহু দশক ধৰি যিহোৱাৰ সাক্ষীসকলে বাইবেলৰ বিভিন্ন সংস্কৰণ ছপা কৰি বিতৰণ কৰিছিল আৰু নিজেও ব্যৱহাৰ কৰিছিল। কিন্তু এক নতুন অনুবাদৰ প্ৰয়োজন অনুভৱ কৰা হ’ল, যিয়ে সকলো লোককে ‘সত্যৰ জ্ঞান’ লাভ কৰিবলৈ সহায় কৰিব আৰু ইয়ে হৈছে ঈশ্বৰৰ ইচ্ছা। (১ তীমথিয় ২:৩, ৪) সেইবাবে, ১৯৫০ চনৰপৰা আধুনিক ভাষাত নতুন পৃথিৱী অনুবাদ নামেৰে ইংৰাজী বাইবেল আমি ছপা কৰিবলৈ আৰম্ভ কৰিলোঁ। এই বাইবেলখন ১৩০ তকৈ বেছি ভাষাত অনুবাদ কৰা হৈছে আৰু ধ্যান ৰখা হৈছে, যাতে ই সঠিকভাৱে অনুবাদ কৰা হয়।

সহজে বুজিব পৰা এখন বাইবেলৰ প্ৰয়োজন আছিল। সময় অতিবাহিত হোৱাৰ লগে লগে ভাষাৰ সলনি হয়। বহুতো অনুবাদৰ ভাষাবোৰ পুৰণি হোৱাৰ বাবে প্ৰকৃত অৰ্থ বুজিবলৈ কঠিন হয়। ইয়াৰ উপৰিও, প্ৰাচীন সময়ৰ বহুতো হস্তলিপি পোৱা গৈছে, যিবিলাক বাইবেলৰ মূল পাঠৰ লগত মিল আছে। এই হস্তলিপিবিলাকৰ সহায়ত, সেই সময়ৰ হিব্ৰু, অৰামীয়া আৰু গ্ৰীক ভাষাৰ বিষয়ে বুজিবলৈ সহায় হ’ল।

ঈশ্বৰৰ বাক্যৰ প্ৰতি বিশ্বাসী হোৱা অনুবাদৰ প্ৰয়োজন আছিল। বাইবেলৰ অনুবাদকসকলে ঈশ্বৰৰ অনুপ্ৰাণিত বাক্যক নিজ ইচ্ছাৰে সলনি কৰাৰ পৰিৱৰ্ত্তে, বাইবেলৰ মূল পাঠক সঠিকভাৱে অনুবাদ কৰা উচিত। কিন্তু প্ৰায়ে দেখিবলৈ পোৱা যায় যে বহুতো অনুবাদত ঈশ্বৰৰ নাম, যিহোৱা ব্যৱহাৰ কৰা নাই।

এনে এখন বাইবেলৰ প্ৰয়োজন আছিল, যিয়ে ইয়াৰ লেখকক প্ৰশংসা কৰে। (২ চমূৱেল ২৩:২) বাইবেলৰ পুৰণি হস্তলিপিবোৰত যিহোৱাৰ নাম প্ৰায় ৭,০০০ বাৰ উল্লেখ আছে আৰু ইংৰাজীৰ নতুন পৃথিৱী অনুবাদ বাইবেলত সেই ঠাইবোৰত পুনৰ যিহোৱাৰ নাম লিখা হৈছে। তলত এটা হস্তলিপিৰ উদাহৰণ উল্লেখ কৰা হৈছে। (গীতমালা ৮৩:১৮) বহুবছৰ প্ৰচেষ্টা আৰু গভীৰভাৱে অনুসন্ধান কৰাৰ পাছত, নতুন পৃথিৱী অনুবাদ বাইবেলখন প্ৰস্তুত কৰা হৈছে। এনে লাগে যেন এই বাইবেলখনে ঈশ্বৰৰ চিন্তা-ধাৰাক প্ৰকাশ কৰিছে আৰু এইখন পঢ়িবলৈ বৰ ভাল। আপোনাৰ নিজৰ ভাষাত নতুন পৃথিৱী অনুবাদ বাইবেলখন থাকক বা নাথাকক, কিন্তু আপুনি যিহোৱা ঈশ্বৰৰ বাক্য প্ৰতিদিনে পঢ়িবলৈ আমি আপোনাক উৎসাহিত কৰিছোঁ।—যিহোচূৱা ১:৮; গীতমালা ১:২, ৩.

  • নতুন অনুবাদৰ এখন বাইবেল প্ৰয়োজন আছে বুলি আমি কিয় সিদ্ধান্ত লৈছিলো?

  • ঈশ্বৰৰ ইচ্ছাৰ বিষয়ে জানিব বিচৰা লোকসকলে প্ৰতিদিনে কি কৰা উচিত?