Skip to content

Skip to table of contents

পাঠ ৬

খ্ৰীষ্টান ভাই-ভনীসকলৰ লগত সঙ্গতি কৰিলে আমাৰ কি লাভ হ’ব?

খ্ৰীষ্টান ভাই-ভনীসকলৰ লগত সঙ্গতি কৰিলে আমাৰ কি লাভ হ’ব?

মাদাগাস্কাৰ

নৰৱে

লেবানন

ইটালী

বেয়া বতৰ আৰু বাট-পথৰ সমস্যা থকাৰ সত্ত্বেও আমি খ্ৰীষ্টান সভাবোৰত উপস্থিত হওঁ। জীৱনত বিভিন্ন পৰিস্থিতিৰ সন্মুখীন হোৱা আৰু দৈনন্দিন কাম-কাজ কৰি ভাগৰি পৰাৰ পাছতো, যিহোৱাৰ সাক্ষীসকলে কিয় ভাই-ভনীসকলৰ লগত সঙ্গতি কৰিবলৈ এৰি নিদিয়ে?

ইয়ে আমাৰ জীৱনৰ সমস্যাবোৰ সন্মুখীন হ’বলৈ সহায় কৰে। পৌলে এইদৰে কৈছিল যে মণ্ডলীত সঙ্গতি কৰা লোকসকলক আমি “পৰস্পৰে মনোযোগ” দিয়া উচিত। (ইব্ৰী ১০:২৪) পৰস্পৰে মনোযোগ দিয়াৰ অৰ্থ হৈছে “ভালদৰে চিন্তা কৰা” অৰ্থাৎ আমি এজনে-আনজনক ভালদৰে জনা উচিত। গতিকে, পৌলৰ বাক্যই আমাক এজনে-আনজনৰ বিষয়ে চিন্তা কৰিবলৈ উৎসাহিত কৰিছে। মণ্ডলীৰ আন পৰিয়ালবোৰৰ বিষয়ে ভালদৰে জানিলে আমি লক্ষ্য কৰিব পাৰিম যে কেনেকৈ কিছুমান পৰিয়ালে বৰ্তমান সময়ত, আমি সন্মুখীন হোৱা সমস্যাবোৰ সমাধান কৰিবলৈ সক্ষম হৈছে। তেওঁলোকৰ অনুভৱৰপৰা আমিও শিকিব পাৰিম।

ইয়ে আমাৰ বন্ধুত্ব দৃঢ় কৰিব। আমাৰ সভাবোৰত অহা ভাই-ভনীসকলক আমি কেৱল চিনি পাওঁ এনে নহয়, কিন্তু তেওঁলোক আমাৰ ঘনিষ্ঠ বন্ধু। ইয়াৰ উপৰিও আমি কেতিয়াবা কেতিয়াবা মনোৰঞ্জনৰ বাবে একেলগে সময় কটাওঁ। খ্ৰীষ্টান ভাই-ভনীসকলৰ লগত এনেধৰণৰ সঙ্গতিয়ে আমাৰ ওপৰত কি প্ৰভাৱ পেলায়? আমি এজনে-আনজনক সন্মান কৰিবলৈ শিকোঁ আৰু ইয়ে আমাৰ মাজত প্ৰেম দৃঢ় কৰে। আমাৰ মাজত থকা বন্ধুত্বৰ বাবে, ভাই-ভনীসকলে কিবা সমস্যাৰ সন্মুখীন হ’লে আমি তেওঁলোকক সহায় কৰিবলৈ আগবাঢ়ি আহোঁ। (হিতোপদেশ ১৭:১৭) আমাৰ মণ্ডলীৰ সকলো সদস্যৰ লগত মিলা-মিচা কৰাৰ যোগেদি দেখুৱাওঁ যে আমি “পৰস্পৰে হিত চিন্তা” কৰোঁ।—১ কৰিন্থীয়া ১২:২৫, ২৬.

ঈশ্বৰৰ ইচ্ছা পালন কৰা লোকসকলৰ লগত বন্ধুত্ব কৰিবলৈ আমি আপোনাক উৎসাহিত কৰোঁ। এনেধৰণৰ বন্ধু আপুনি যিহোৱাৰ সাক্ষীসকলৰ মাজত বিচাৰি পাব। আমাৰ লগত সঙ্গতি কৰাৰ বাবে আপোনাক একোয়েই যেন বাধা নিদিয়ে।

  • সভাবোৰত সঙ্গতি কৰাটো আমাৰ বাবে কিয় লাভজনক?

  • আপুনি কেতিয়া আমাৰ সভাবোৰলৈ আহিব বিচাৰে?