Skip to content

Skip to table of contents

পাঠ ৭

আমাৰ সভাবোৰত কি হয়?

আমাৰ সভাবোৰত কি হয়?

নিউজিলেণ্ড

জাপান

উগাণ্ডা

লিথুনিয়া

প্ৰথম শতিকাৰ খ্ৰীষ্টান সভাবোৰত গীত, প্ৰাৰ্থনা, বাইবেল পঢ়া আৰু তাৰপৰা আলোচনা কৰা হৈছিল। এই সভাবোৰত কোনো ক্ৰিয়াপদ্ধতি পালন কৰা হোৱা নাছিল। (১ কৰিন্থীয়া ১৪:২৬) বৰ্তমান সময়তো আমাৰ সভাবোৰ ঠিক প্ৰথম শতিকাৰ দৰে হোৱা দেখিবলৈ পাব।

সভাবোৰত শিকোৱা কথাবোৰ বাইবেলৰ আধাৰত আৰু ব্যৱহাৰিক। প্ৰতি শনিবাৰ বা দেওবাৰে প্ৰত্যেক মণ্ডলীৰ ভাই-ভনীসকলে একগোট হয় আৰু ৩০ মিনিটৰ এটা বাইবেলৰ ওপৰত আধাৰিত ভাষণ শুনে। এই ভাষণত আমাৰ দৈনন্দিন জীৱন আৰু বৰ্তমান সময়ৰ লগত শাস্ত্ৰীয় পদবোৰ কেনেকৈ জড়িত আছে তাৰ বিষয়ে বৰ্ণনা কৰে। বক্তাই বাইবেলৰ পদবোৰ পঢ়াৰ সময়ত আমাকো নিজৰ বাইবেলখন খুলি চাবলৈ উৎসাহিত কৰে। বাইবেলৰ ওপৰত আধাৰিত ভাষণ হোৱাৰ পাছত, ১ ঘণ্টাৰ বাবে “প্ৰহৰীবুৰুজ” অধ্যয়ন হয়। প্ৰহৰীবুৰুজ অধ্যয়ন সংস্কৰণৰপৰা লোৱা এটা লেখৰ ওপৰত হোৱা আলোচনাত সকলোৱে ভাগ ল’ব পাৰে। এই আলোচনাই আমাক বাইবেলৰ নিৰ্দ্দেশনাবোৰ আমাৰ জীৱনত পালন কৰিবলৈ সহায় কৰে। বিশ্বজুৰি আমাৰ ১,১০,০০০ তকৈ বেছি মণ্ডলী আছে আৰু সকলো মণ্ডলীতে একেই লেখ আলোচনা কৰা হয়।

আমাৰ শিকোৱা দক্ষতাক উন্নতি কৰিবলৈ সহায় কৰে। শনিবাৰ বা দেওবাৰৰ উপৰিও সপ্তাহৰ আন এক সন্ধ্যাত তিনিটা ভাগত হোৱা কাৰ্য্যক্ৰমৰ বাবে আমি একগোট হওঁ, যাৰ বিষয় হৈছে আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা। ইয়াত ব্যৱহাৰ হ’বলগীয়া বিষয়বোৰ আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাত বৰ্ণনা কৰা হয়। এই সভাৰ প্ৰথম ভাগ হৈছে ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান। এই ভাগে মণ্ডলীৰ সদস্যসকলে পঢ়ি অহা বাইবেলৰ কিছু অংশ বুজাত সহায় কৰে। ইয়াৰ পাছৰ অংশ হৈছে ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক। এই ভাগত বাইবেলৰ সত্য আনৰ লগত কেনেকৈ আলোচনা কৰিব পাৰি তাৰ বিষয়ে প্ৰদৰ্শনৰ দ্বাৰা দেখুৱা হয়। এজন ভায়ে আমাক পঢ়া আৰু কোৱাৰ দক্ষতা উন্নতি কৰিবলৈ উপদেশ আগবঢ়ায়। (১ তীমথিয় ৪:১৩) শেষৰ ভাগ হৈছে খ্ৰীষ্টান হিচাপে জীৱন-যাপন। দৈনন্দিন জীৱনত বাইবেলৰ সিদ্ধান্তবোৰ কেনেকৈ পালন কৰিব পাৰি তাৰ বিষয়ে এই ভাগত পৰামৰ্শ দিয়া হয়। ইয়াৰ লগতে প্ৰশ্ন-উত্তৰেৰে কিছুমান বিষয় আলোচনা কৰা হয়, যিয়ে আমাক বাইবেলৰ গভীৰ বিষয়বোৰ বুজিবলৈ সহায় কৰে।

যেতিয়া আপুনি আমাৰ সভাবোৰলৈ আহিব, তেতিয়া আপুনি নিজেই দেখিবলৈ পাব যে আমি কিদৰে বাইবেলৰপৰা শিক্ষা দিওঁ।—যিচয়া ৫৪:১৩.

  • যিহোৱাৰ সাক্ষীসকলৰ সভাবোৰৰপৰা আপুনি কি শিকিব?

  • আমাৰ কোনখন সভালৈ আপুনি আহিব বিচাৰে?