Skip to content

Skip to table of contents

পাঠ ১৭

চাৰ্কিট ওভাৰচিয়াৰসকলে আমাক কেনেকৈ সহায় কৰে?

চাৰ্কিট ওভাৰচিয়াৰসকলে আমাক কেনেকৈ সহায় কৰে?

মালাৱি

সেৱা গোট

ঘোষণা কাৰ্য্য

প্ৰাচীনসকলৰ সভা

বাইবেলৰ গ্ৰীক শাস্ত্ৰত বাৰ্ণাব্বা আৰু পাঁচনি পৌলৰ নাম প্ৰায়ে পোৱা যায়। তেওঁলোকে চাৰ্কিট ওভাৰচিয়াৰ হিচাপে আৰম্ভণিৰ মণ্ডলীবিলাকত সেৱা কৰিছিল। কেনেকৈ বাৰু? নিস্বাৰ্থভাৱে তেওঁলোকে আধ্যাত্মিক ভাই-ভনীসকলৰ হিতৰ বাবে চিন্তা কৰিছিল। পৌলে কৈছিল যে তেওঁ “সেই নগৰলৈ আকৌ গৈ, ভাইবিলাকক দেখা কৰিবলৈ” ইচ্ছা কৰিছে। ভাইসকলক উৎসাহ কৰিবলৈ তেওঁ শ শ মাইল যাত্ৰা কৰিবলৈও ৰাজী আছিল। (পাঁচনিৰ কৰ্ম্ম ১৫:৩৬) বৰ্তমান সময়ত আমাৰ চাৰ্কিট ওভাৰচিয়াৰসকলৰো সেই একেই ইচ্ছা।

আমাক উৎসাহিত কৰিবলৈ তেওঁলোক আহে। প্ৰতিজন চাৰ্কিট ওভাৰচিয়াৰে বছেৰেকত দুবাৰকৈ প্ৰায় বিশটা মণ্ডলী পৰিদৰ্শন কৰে। এই ভাইসকল আৰু যদি তেওঁলোক বিবাহিত, তেনেহ’লে আমি তেওঁলোকৰ পত্নীবিলাকৰ অনুভৱৰপৰাও বহু কথা শিকিব পাৰোঁ। মণ্ডলীৰ ডেকা বা বয়সীয়া সকলো ভাই-ভনীৰ লগত তেওঁলোকে পৰিচয় হ’বলৈ চেষ্টা কৰে। আমাৰ লগত ঘোষণা কৰা বা বাইবেল অধ্যয়নত যোগ দিবলৈয়ো তেওঁলোক আগ্ৰহী। প্ৰাচীনসকলৰ লগত লগ লাগি তেওঁলোকে আমাৰ বিশ্বাস দৃঢ় কৰিবলৈ আহে। এই ওভাৰচিয়াৰসকলে সভা আৰু সন্মিলনবোৰত নিজৰ ভাষণৰ দ্বাৰা আমাক উৎসাহিত কৰে।—পাঁচনিৰ কৰ্ম্ম ১৫:৩৫.

তেওঁলোকে সকলোৰে প্ৰতি আগ্ৰহ দেখুৱায়। চাৰ্কিট ওভাৰচিয়াৰসকলে মণ্ডলীৰ আধ্যাত্মিক পৰিস্থিতিৰ বাবে খুবেই আগ্ৰহী। তেওঁলোকে প্ৰাচীন আৰু পৰিচাৰকসকলৰ লগত মণ্ডলীৰ উন্নতিৰ বাবে আলোচনা কৰে আৰু তেওঁলোকৰ দায়িত্ববোৰ কেনেকৈ ভালদৰে পালন কৰিব পাৰি তাৰ বিষয়ে ব্যৱহাৰিক উপদেশ দিয়ে। ঘোষণা কৰা কাৰ্য্যত কেনেকৈ সফলতা লাভ কৰিব পাৰি তাৰ বিষয়ে তেওঁলোকে অগ্ৰগামীসকলক সহায় কৰে। চাৰ্কিট ওভাৰচিয়াৰসকলে মণ্ডলীত নতুনকৈ অহা লোকসকলৰ লগত সময় অতিবাহিত কৰে আৰু তেওঁলোকৰ অনুভৱবোৰ শুনে। তেওঁলোকৰ প্ৰতিজনে, নিজকে আমাৰ ‘সহভাগীৰূপে’ বিলীন কৰি দিছে। (২ কৰিন্থীয়া ৮:২৩) ঈশ্বৰৰ প্ৰতি থকা তেওঁলোকৰ বিশ্বাস আৰু ভক্তিক আমি অনুকৰণ কৰিব পাৰোঁ।—ইব্ৰী ১৩:৭.

  • চাৰ্কিট ওভাৰচিয়াৰসকলে কিয় মণ্ডলীবোৰ পৰিদৰ্শন কৰে?

  • তেওঁলোকৰ পৰিদৰ্শনৰপৰা আপুনি কেনেকৈ লাভৱান হ’ব?