Skip to content

Skip to table of contents

পাঠ ২০

বৰ্তমান সময়ত প্ৰশাসন গোষ্ঠীয়ে কেনেকৈ কাৰ্য্য কৰে?

বৰ্তমান সময়ত প্ৰশাসন গোষ্ঠীয়ে কেনেকৈ কাৰ্য্য কৰে?

প্ৰথম শতিকাৰ প্ৰশাসন গোষ্ঠী

প্ৰশাসন গোষ্ঠীৰপৰা অহা চিঠিখন পঢ়িছে

প্ৰথম শতিকাত “পাঁচনি আৰু বৃদ্ধলোকৰ” এটা সৰু দলে যিৰূচালেমত প্ৰশাসন গোষ্ঠী হিচাপে কাৰ্য্য কৰিছিল। তেওঁলোকে অভিষিক্ত মণ্ডলীবোৰৰ হৈ গুৰুত্বপূৰ্ণ নিৰ্ণয়বোৰ লৈছিল। (পাঁচনিৰ কৰ্ম্ম ১৫:২) শাস্ত্ৰৰ আৰু পবিত্ৰ আত্মাৰ নিৰ্দ্দেশনা অনুসৰি তেওঁলোকে একতাৰে নিৰ্ণয়বোৰ লৈছিল। (পাঁচনিৰ কৰ্ম্ম ১৫:২৫) বৰ্তমান সময়তো প্ৰশাসন গোষ্ঠীয়ে এইদৰে কাৰ্য্য কৰে।

নিজৰ ইচ্ছা পূৰ কৰিবলৈ ঈশ্বৰে তেওঁলোকক ব্যৱহাৰ কৰিছে। প্ৰশাসন গোষ্ঠীত সেৱা কৰা অভিষিক্ত ভাইসকলৰ বাইবেলৰ প্ৰতি বৰ ধাউতি আছে। তেওঁলোকে ব্যৱহাৰিক তথা আধ্যাত্মিক বিষয়বোৰ পৰিচালনা কৰাত পাৰ্গত। গোটেই পৃথিৱীজুৰি থকা ভাই-ভনীসকলৰ প্ৰয়োজনীয়তাবোৰৰ ওপৰত আলোচনা কৰিবলৈ প্ৰশাসন গোষ্ঠীৰ প্ৰতি সপ্তাহে সভা হয়। প্ৰথম শতিকাৰ দৰে, তেওঁলোকে বাইবেলৰ ওপৰত আধাৰিত নিৰ্দ্দেশনাবোৰ চিঠি, ভ্ৰমণ পৰিদৰ্শক বা আন লোকসকলৰ যোগেদি মণ্ডলীবিলাকলৈ পঠায়। ইয়াৰ যোগেদি ঈশ্বৰৰ লোকসকলক একতাৰে চিন্তা আৰু কাৰ্য্য কৰিবলৈ সহায় কৰে। (পাঁচনিৰ কৰ্ম্ম ১৬:৪, ৫) প্ৰশাসন গোষ্ঠীয়ে আধ্যাত্মিক আহাৰ তৈয়াৰ কৰা আৰু ভাইসকলক দায়িত্ব দিয়াৰ বিষয়টো তত্ত্বাৱধান লয়। ঘোষণা কৰা কাৰ্য্যক নিজৰ জীৱনত প্ৰথম স্থান দিবলৈ তেওঁলোকে সকলোকে উৎসাহিত কৰে।

তেওঁলোকে ঈশ্বৰৰ আত্মাৰ নিৰ্দ্দেশনা পালন কৰে। প্ৰশাসন গোষ্ঠীয়ে সৰ্ব্বশক্তিমান ঈশ্বৰ যিহোৱা আৰু মণ্ডলীৰ মুৰব্বী যীচুৰ নিৰ্দ্দেশনাৰ ওপৰত নিৰ্ভৰ কৰে। (১ কৰিন্থীয়া ১১:৩; ইফিচীয়া ৫:২৩) প্ৰশাসন গোষ্ঠীৰ সদস্যসকলে নিজকে ঈশ্বৰৰ লোকসকলৰ দলপতি বুলি জ্ঞান নকৰে। সকলো অভিষিক্তসকলৰ সৈতে তেওঁলোকেও “মেৰ পোৱালি [যীচু] য’লৈকে যায়, তেওঁবিলাকো তেওঁৰ পাছে পাছে তালৈকে যায়।” (প্ৰকাশিত বাক্য ১৪:৪) তেওঁলোকে কৰা কাৰ্য্য আৰু তেওঁলোকৰ বাবে আমি প্ৰাৰ্থনা কৰাটো প্ৰশাসন গোষ্ঠীয়ে বিচাৰে।

  • প্ৰথম শতিকাৰ প্ৰশাসন গোষ্ঠীত কোন লোকসকল আছিল?

  • বৰ্তমান সময়ত প্ৰশাসন গোষ্ঠীয়ে কেনেকৈ ঈশ্বৰৰ নিৰ্দ্দেশনা বিচাৰে?