Skip to content

Skip to table of contents

পাঠ ২২

শাখা কাৰ্য্যালয়ত কি কাম কৰা হয়?

শাখা কাৰ্য্যালয়ত কি কাম কৰা হয়?

ছল’মন দ্বীপপুঞ্জ

কানাডা

দক্ষিণ আফ্ৰিকা

বেথেল পৰিয়ালৰ সদস্যসকলে বিভিন্ন বিভাগত কাম কৰে। এখন বা তাতকৈ বেছি দেশবোৰত হৈ থকা ঘোষণা কৰা কাৰ্য্যবোৰৰ বাবে তেওঁলোকে সহায় কৰে। ইয়াৰে কিছুমান লোকে অনুবাদ বিভাগ, আলোচনী ছপা কৰা, কিতাপ বন্ধোৱা, প্ৰকাশন ৰখা ঠাই, অডিঅ’ আৰু ভিডিঅ’ বা অন্যান্য বিভাগবোৰত কাম কৰে।

এটা শাখা সমিতিয়ে তত্ত্বাৱধান লয়। প্ৰতিটো শাখা কাৰ্য্যালয়ৰ তত্ত্বাৱধান ল’বলৈ তিনিজন বা তাতকৈ বেছি প্ৰাচীনক শাখা সমিতি হিচাপে প্ৰশাসন গোষ্ঠীয়ে নিযুক্ত কৰে। শাখা সমিতিয়ে সেই দেশত হৈ থকা কাৰ্য্যবোৰ আৰু যদি কিবা সমস্যা থাকে, তাৰ বিষয়ে প্ৰশাসন গোষ্ঠীক নিয়মীয়াকৈ ৰিপৰ্ট দি থাকে। এই ৰিপৰ্টবোৰৰ আধাৰত প্ৰশাসন গোষ্ঠীয়ে নিৰ্ণয় লয় যে ভৱিষ্যতে ছপা কৰিবলগীয়া প্ৰকাশন, সভা, সন্মিলন আৰু অধিৱেশনবোৰত কেনেধৰণৰ বিষয় প্ৰকাশ কৰা উচিত। প্ৰশাসন গোষ্ঠীৰ প্ৰতিনিধিত্ব কৰা সদস্যসকলে বিভিন্ন দেশত থকা শাখা কাৰ্য্যালয়বোৰত আহে আৰু শাখা সমিতিক বিভিন্ন বিষয়বোৰৰ ওপৰত পৰামৰ্শ দিয়ে। (হিতোপদেশ ১১:১৪) তেওঁলোকে সাক্ষাৎ কৰাৰ সময়ত এক বিশেষ সভাৰ আয়োজন কৰা হয়। তেওঁলোকে সেই সভাত এক উৎসাহজনক ভাষণ দিয়ে আৰু সেই দেশৰ ভাই-ভনীসকলে ইয়াৰপৰা লাভৱান হয়।

স্থানীয় মণ্ডলীবোৰক সহায় কৰে। নতুন মণ্ডলী স্থাপন কৰাৰ বিষয়টো শাখা কাৰ্য্যালয়ত দায়িত্বত থকা ভাইসকলে চোৱা-চিতা কৰে। ইয়াৰ উপৰিও, সেই দেশত থকা অগ্ৰগামী, মিছনাৰী আৰু চাৰ্কিট ওভাৰচিয়াৰসকলৰ দায়িত্ববোৰৰ তত্ত্বাৱধান লয়। সন্মিলন, অধিৱেশন, ৰাজ্যগৃহৰ নিৰ্মাণৰ কাম আৰু মণ্ডলীবিলাকে প্ৰকাশনবোৰ তেওঁলোকৰ প্ৰয়োজন অনুসৰি পাইছে নে নাই, তাৰ বিষয়েও তেওঁলোকে লক্ষ্য ৰাখে। শাখা কাৰ্য্যালয়ত যিয়ে কাম কৰা নহওঁক কিয়, এই সকলোবোৰ ঘোষণা কৰা কাৰ্য্য সম্পূৰ্ণ কৰিবলৈ কৰা হয়।—১ কৰিন্থীয়া ১৪:৩৩, ৪০.

  • শাখা সমিতিয়ে কেনেকৈ প্ৰশাসন গোষ্ঠীক সহযোগ কৰে?

  • শাখা কাৰ্য্যালয়ত কি কি কামৰ তত্ত্বাৱধান লোৱা হয়?