Skip to content

Skip to table of contents

পাঠ ২৪

আমাৰ বিশ্বজুৰি হৈ থকা কাৰ্য্যবোৰৰ খৰচ কেনেকৈ বহন কৰা হয়?

আমাৰ বিশ্বজুৰি হৈ থকা কাৰ্য্যবোৰৰ খৰচ কেনেকৈ বহন কৰা হয়?

নেপাল

টোগো

ব্ৰিটেইন

প্ৰতি বছৰে আমাৰ সংগঠনে লাখ লাখ সংখ্যাত বাইবেল আৰু অন্যান্য প্ৰকাশনবোৰ কোনো টকা-পইচা নোলোৱাকৈ বিতৰণ কৰে। ৰাজ্যগৃহ আৰু শাখা কাৰ্য্যালয়বোৰ আমি নিৰ্মাণ আৰু মেৰামতি কৰোঁ। হাজাৰ হাজাৰ বেথেল সদস্য আৰু মিছনাৰীসকলৰ খৰচ বহন কৰোঁ। ইয়াৰ উপৰিও কিবা দুৰ্যোগ হ’লে আমি প্ৰয়োজনীয় সহায় আগবঢ়াওঁ। আপুনি হয়তো চিন্তা কৰিব পাৰে যে ‘এই সকলোবোৰৰ বাবে খৰচ কেনেকৈ বহন কৰা হয়?’

আমি দশমাংশ, মাননি বা চান্দা নিবিচাৰোঁ। যদিও ঘোষণা কৰা কাৰ্য্যৰ বাবে বহুতো টকা-পইচাৰ প্ৰয়োজন, কিন্তু আমি কেতিয়াও কাৰোৰেপৰা টকা-পইচা নিবিচাৰোঁ। প্ৰায় এশ বছৰৰ আগতে আমাৰ প্ৰহৰীবুৰুজ আলোচনীখনত বৰ্ণনা কৰা হৈছিল যে আমি বিশ্বাস কৰোঁ যে যিহোৱা ঈশ্বৰে আমাক সহায় কৰিছে আৰু “আমি কেতিয়াও মানুহৰ সহায়ৰ বাবে নোখোজো বা অনুৰোধ নকৰোঁ।” আমি এনে কৰাৰ কেতিয়াও প্ৰয়োজন হোৱা নাই।—মথি ১০:৮.

স্ব-ইচ্ছাৰে দিয়া বৰঙণিৰ দ্বাৰা আমাৰ কাৰ্য্যবোৰ চলে। আমাৰ বাইবেল আধাৰিত শিক্ষাবোৰৰ বাবে বহুতো লোকে মূল্যাঙ্কণ দেখুৱাই আৰু ইয়াৰ বাবে বৰঙণি দিয়ে। যিহোৱাৰ সাক্ষীসকলে আনন্দেৰে সময়, শক্তি, ধন-সম্পত্তি আৰু অন্যান্য বস্তুবোৰ এই পৃথিৱীত ঈশ্বৰৰ ইচ্ছা পূৰ কৰিবলৈ দান দিয়ে। (১ বংশাৱলি ২৯:৯) ৰাজ্যগৃহ, সন্মিলন আৰু অধিৱেশনবোৰত বৰঙণিৰ বাকচবোৰ থাকে আৰু যিসকল লোকে স্ব-ইচ্ছাৰে বৰঙণি দিব বিচাৰে তেওঁলোকে তাত দিব পাৰে। নতুবা jw.org ৱেবছাইটৰ যোগেদি দান-বৰঙণি দিব পাৰে। যীচুয়ে বৰ্ণনা কৰা অনুসৰি যেনেকৈ যিৰূচালেম মন্দিৰত এগৰাকী দুখীয়া তিৰোতাই মন্দিৰৰ দান পাত্ৰত দুটা সৰু মুদ্ৰা দিছিল, ঠিক সেইদৰে বৰঙণিবোৰ সাধাৰণতে দুখীয়া লোকসকলৰপৰাহে আহে। (লূক ২১:১-৪) সেইবাবে যিকোনোৱে “সাঁচি” ৰাখি “নিজৰ হৃদয়ত যেনেকৈ ঠাৱৰ কৰিলে, তেনেকৈ” বৰঙণি দিব পাৰে।—১ কৰিন্থীয়া ১৬:২; ২ কৰিন্থীয়া ৯:৭.

আমি নিশ্চিত যে যিসকল লোকে ঈশ্বৰৰ ৰাজ্যৰ কামৰ বাবে নিজৰ ‘সম্পত্তিৰে আদৰ’ কৰিবলৈ ইচ্ছা কৰে, তেনে লোকসকলৰ হৃদয় যিহোৱা ঈশ্বৰে প্ৰেৰিত কৰি থাকিব।—হিতোপদেশ ৩:৯.

  • অন্য ধৰ্মতকৈ আমাৰ সংগঠন কি অৰ্থত বেলেগ?

  • স্ব-ইচ্ছাৰে দিয়া বৰঙণিবোৰ কেনেকৈ ব্যৱহাৰ কৰা হয়?