Skip to content

Skip to table of contents

পাঠ ২৫

ৰাজ্যগৃহবোৰ কিয় আৰু কেনেকৈ তৈয়াৰ কৰা হয়?

ৰাজ্যগৃহবোৰ কিয় আৰু কেনেকৈ তৈয়াৰ কৰা হয়?

বলিভিয়া

নাইজেৰিয়া, আগত আৰু পাছত

তাহিটি

ৰাজ্যগৃহবোৰত ঈশ্বৰৰ ৰাজ্যৰ লগত জড়িত থকা বাইবেলৰ বিষয়বোৰ আলোচনা কৰা হয় আৰু যীচু খ্ৰীষ্টই ঘোষণা কৰাৰ এয়াই আছিল মুখ্য বিষয়।—লূক ৮:১.

সত্য উপাসনাৰ বাবে ৰাজ্যগৃহবোৰ হৈছে মুখ্য স্থান। এই স্থানৰপৰাই স্থানীয় এলাকাবোৰত ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তা ঘোষণা কৰা কাৰ্য্যৰ পৰিচালনা কৰা হয়। ৰাজ্যগৃহবোৰ বিভিন্ন আকাৰত তৈয়াৰ কৰা হয়। বহুতো ৰাজ্যগৃহত এটাতকৈ বেছি মণ্ডলীয়ে সভাৰ আয়োজন কৰে। প্ৰচাৰক আৰু মণ্ডলীৰ সংখ্যা বঢ়াৰ বাবে যোৱা কেইবছৰমানৰপৰা আমি বহুতো নতুন ৰাজ্যগৃহ (গড় হিচাপত প্ৰতিদিনে পাঁচটাকৈ) নিৰ্মাণ কৰিবলৈ সক্ষম হৈছোঁ। ই কেনেকৈ সম্ভৱ বাৰু?—মথি ১৯:২৬.

ৰাজ্যগৃহ নিৰ্মাণৰ বাবে দিয়া বৰঙণিৰ দ্বাৰা ৰাজ্যগৃহবোৰ নিৰ্মাণ কৰা হয়। এই বৰঙণিবোৰ শাখা কাৰ্য্যালয়লৈ পঠাই দিয়া হয় আৰু শাখা কাৰ্য্যালয়ে য’ত নতুন ৰাজ্যগৃহ নিৰ্মাণ বা পুনৰ নিৰ্মাণ কৰাৰ প্ৰয়োজন, সেই ঠাইত দিয়ে।

দৰমহা নিদিয়া স্বেচ্ছাসেৱকসকলে এই কাৰ্য্য কৰে। পৃথিৱীৰ বহুতো দেশত ৰাজ্যগৃহ নিৰ্মাণ দল গঠন কৰা হৈছে। এই দলৰ সদস্য আৰু স্বেচ্ছাসেৱকসকলে নিজৰ দেশতেই এখন ঠাইৰপৰা আন এখন ঠাইলৈ গৈ স্থানীয় যিহোৱাৰ সাক্ষীসকলক তেওঁলোকৰ ৰাজ্যগৃহ নিৰ্মাণ কামৰ বাবে সহায় কৰে। আন কিছুমান দেশত, নতুন ৰাজ্যগৃহ নিৰ্মাণ বা পুনৰ নিৰ্মাণ কৰাৰ বাবে যোগ্য ভাইসকলক সেই দেশৰ বিভিন্ন স্থানক তত্ত্বাৱধান লবলৈ নিযুক্ত কৰে। নিৰ্মাণ কাৰ্য্যত অভিজ্ঞতা থকা এই ভাইসকলে বেলেগ বেলেগ ঠাইৰপৰা আহি সহায় কৰে যদিও স্থানিয় মণ্ডলীৰ বহুতো স্বেচ্ছাসেৱকে নিৰ্মাণ কাৰ্য্যত সহায় আগবঢ়াই। য’তেই ৰাজ্যগৃহ নিৰ্মাণ হয়, তাতেই যিহোৱাৰ সাক্ষীসকলৰ স্বেচ্ছাসেৱকসকলে কঠোৰ পৰিশ্ৰম কৰে। যিহোৱা ঈশ্বৰৰ পবিত্ৰ আত্মা আৰু তেওঁৰ লোকসকলে সম্পূৰ্ণ হৃদয়েৰে কৰা প্ৰচেষ্টাৰ বাবে এই সকলোবোৰ সম্ভৱ হৈছে।—গীতমালা ১২৭:১; কলচীয়া ৩:২৪.

  • আমি উপাসনা কৰা ঠাইখনক কিয় ৰাজ্যগৃহ বুলি কোৱা হয়?

  • গোটেই পৃথিৱীজুৰি ৰাজ্যগৃহবোৰৰ নিৰ্মাণ কাৰ্য্য কেনেকৈ সম্ভৱ হৈছে?