Skip to content

Skip to table of contents

পাঠ ২৬

আমি কেনেকৈ আমাৰ ৰাজ্যগৃহৰ তত্ত্বাৱধান লওঁ?

আমি কেনেকৈ আমাৰ ৰাজ্যগৃহৰ তত্ত্বাৱধান লওঁ?

এষ্টোনিয়া

জিম্বাবুৱে

মংগোলিয়া

পিৰুটৰিকো

যিহোৱাৰ সাক্ষীসকলৰ প্ৰতিটো ৰাজ্যগৃহই ঈশ্বৰৰ পবিত্ৰ নাম বহন কৰে। গতিকে এই গৃহক পৰিষ্কাৰ আৰু ভালদৰে ৰখা আমাৰ বাবে এক ডাঙৰ সুযোগ আৰু ই আমাৰ উপাসনাৰ এক ভাগ হয়। ৰাজ্যগৃহৰ পৰিষ্কাৰ কৰা কামত সকলোৱে ভাগ ল’ব পাৰে।

সভাৰ পাছত পৰিষ্কাৰ কৰিবলৈ কিছুমান স্বেচ্ছাসেৱক। প্ৰতিখন সভাৰ পাছত কিছুমান ভাই-ভনীয়ে আনন্দেৰে ৰাজ্যগৃহটো পৰিষ্কাৰ কৰে। কিন্তু সপ্তাহত এবাৰ ৰাজ্যগৃহৰ চাৰিওফালে ভালদৰে পৰিষ্কাৰ কৰা হয়। এজন প্ৰাচীন বা পৰিচাৰকে এই কামবোৰৰ তত্ত্বাৱধান লয় আৰু তালিকা অনুসৰি কাৰ্য্যবোৰ কৰে। প্ৰয়োজনীয়তা অনুসৰি কিছুমান ভাই-ভনীয়ে জাৰু মাৰে, মজিয়াখন মচে, চকী-টেবুলবোৰ চফা কৰে, শৌচালয় পৰিষ্কাৰ কৰে, দুৱাৰ-খিৰিকীবোৰ চফা কৰে, জাবৰ-জোঁথৰবোৰ পেলাই আৰু ৰাজ্যগৃহৰ বাহিৰফালে ভালদৰে পৰিষ্কাৰ কৰে। বছৰত এবাৰকৈ গোটেই ৰাজ্যগৃহটো ভালদৰে পৰিষ্কাৰ কৰা হয়। আমাৰ সৰু সৰু ল’ৰা-ছোৱালীবোৰক ৰাজ্যগৃহৰ পৰিষ্কাৰ কৰা কামত জড়িত কৰাৰ দ্বাৰা আমি তেওঁলোকক উপাসনা কৰা ঠাইৰ প্ৰতি সন্মান কৰিবলৈ শিকাওঁ।—উপদেশক ৫:১.

প্ৰয়োজনীয় মেৰামতি কৰিবলৈ কিছুমান স্বেচ্ছাসেৱক। প্ৰতি বছৰে ৰাজ্যগৃহৰ বাহিৰে-ভিতৰে ভালদৰে নিৰীক্ষণ কৰি আমি প্ৰয়োজনীয় মেৰামতি কৰোঁ। এইদৰে কৰি আমি অযথা টকা-পইচা ব্যয় কৰাৰপৰা বিৰত থাকোঁ। (২ বংশাৱলি ২৪:১৩; ৩৪:১০) এক পৰিষ্কাৰ আৰু ভাল ৰাজ্যগৃহত আমাৰ ঈশ্বৰক উপাসনা কৰা উচিত। ৰাজ্যগৃহৰ পৰিষ্কাৰ কৰা কামত ভাগ লোৱাৰ যোগেদি আমি দেখুৱাওঁ যে আমাৰ ঈশ্বৰ যিহোৱা আৰু আমাৰ উপাসনা কৰা ঠাইক আমি কিমান ভাল পাওঁ। (গীতমালা ১২২:১) ৰাজ্যগৃহটো পৰিষ্কাৰ থকাৰ বাবে ওচৰ-চুবুৰীয়াৰ মনটো এক ভাল চাপ পৰে।—২ কৰিন্থীয়া ৬:৩.

  • আমি উপাসনা কৰা ঠাইক কিয় আওকাণ কৰা উচিত নহয়?

  • ৰাজ্যগৃহটো পৰিষ্কাৰ কৰি ৰাখিবলৈ কি ব্যৱস্থা কৰা হৈছে?