Skip to content

Skip to table of contents

পাঠ ২৭

ৰাজ্যগৃহত থকা লাইব্ৰেৰীৰপৰা আমি কেনেকৈ লাভৱান হওঁ?

ৰাজ্যগৃহত থকা লাইব্ৰেৰীৰপৰা আমি কেনেকৈ লাভৱান হওঁ?

ইজৰাইল

চেক প্ৰজাতন্ত্ৰৰ

বেনিন

কেমন দ্বীপপুঞ্জ

বাইবেলৰ জ্ঞান বৃদ্ধি কৰিবলৈ আপুনি অলপ অনুসন্ধান কৰিব বিচাৰেনে? বাইবেলত উল্লেখ থকা বিশেষ এটা পদ বা ব্যক্তি, ঠাই বা কিছুমান বিষয় আপুনি জানিব বিচাৰেনে? বা আপোনাৰ সমস্যাবোৰ বাইবেলে সমাধান কৰিবলৈ সহায় কৰিব পাৰে নে নোৱাৰে, তাৰ বিষয়ে আপুনি কেতিয়াবা চিন্তা কৰিছেনে? এই বিষয়বোৰ জানিবলৈ আপুনি ৰাজ্যগৃহত থকা লাইব্ৰেৰী ব্যৱহাৰ কৰা উচিত।

ইয়াত বিভিন্ন বিষয়বোৰ অনুসন্ধান কৰিবলৈ কিতাপ-পত্ৰ আছে। আপোনাৰ ভাষাত হয়তো যিহোৱাৰ সাক্ষীসকলৰ সকলো প্ৰকাশন নাথাকিব পাৰে। কিন্তু ৰাজ্যগৃহৰ লাইব্ৰেৰীত বৰ্তমান সময়ত প্ৰকাশিত সকলো প্ৰকাশন থাকিব। ইয়াত হয়তো বাইবেলৰ বিভিন্ন অনুবাদ, শব্দকোষ আৰু অন্যান্য ভাল ভাল কিতাপ থাকিব পাৰে। সভাৰ আগত বা পাছত আপুনি এই লাইব্ৰেৰী বিনামূল্যে ব্যৱহাৰ কৰিব পাৰে। যদি ৰাজ্যগৃহত এটা কম্পিউটাৰ আছে, তেনেহ’লে তাত ৱাচটাৱাৰ লাইব্ৰেৰী থাকিব। এই প্ৰগ্ৰেমত আমাৰ বহুতো প্ৰকাশন আছে আৰু ইয়াৰ সহায়ত আপুনি সহজতে এটা বিষয়, শব্দ বা এটা শাস্ত্ৰৰ পদৰ ওপৰত অনুসন্ধান কৰিব পাৰিব।

জীৱন আৰু পৰিচৰ্য্যা সভাৰ ছাত্ৰসকলৰ বাবে উপযোগী। আপুনি নিজৰ ভাগ ভালদৰে তৈয়াৰ কৰিবলৈ ৰাজ্যগৃহৰ লাইব্ৰেৰী ব্যৱহাৰ কৰিব পাৰে। জীৱন আৰু পৰিচৰ্য্যা সভাৰ অধ্যক্ষই এই লাইব্ৰেৰীখন চোৱা-চিতা কৰে। নতুন নতুন প্ৰকাশনবোৰ যাতে এই লাইব্ৰেৰীত থাকে আৰু এইবোৰ পৰিপাটিকৈ ৰখা হয়, তাৰ বাবে তেওঁ ধ্যান দিয়ে। আপোনাক যিজনে বাইবেলৰপৰা অধ্যয়ন কৰিছে বা জীৱন আৰু পৰিচৰ্য্যা সভাৰ অধ্যক্ষই, এই লাইব্ৰেৰীৰ সহায়ত আপোনাক অনুসন্ধান কৰিবলৈ সহায় কৰিব পাৰে। কিন্তু মনত ৰখা উচিত যে কোনো কিতাপ যাতে ৰাজ্যগৃহৰপৰা লৈ যোৱা নহয়। নিঃসন্দেহ, আমি এই কিতাপবোৰ ভালদৰে ব্যৱহাৰ কৰিম আৰু তাত কোনো দাগ নিদিম।

বাইবেলে আমাক বৰ্ণনা কৰিছে যে “ঈশ্বৰবিষয়ক জ্ঞান” পাবলৈ আমি “গুপ্ত ধনৰ” দৰে অনুসন্ধান কৰা উচিত। (হিতোপদেশ ২:১-৫) ৰাজ্যগৃহত থকা লাইব্ৰেৰীয়ে আপোনাক অনুসন্ধান কৰিবলৈ সহায় কৰিব।

  • ৰাজ্যগৃহত থকা লাইব্ৰেৰীত অনুসন্ধান কৰিবলৈ কি ব্যৱস্থা আছে?

  • লাইব্ৰেৰীখন ভালদৰে ব্যৱহাৰ কৰিবলৈ আপোনাক কোনে সহায় কৰিব পাৰে?