Skip to content

Skip to table of contents

পাঠ ২৮

আমাৰ ৱেবছাইটত কি কি আছে?

আমাৰ ৱেবছাইটত কি কি আছে?

ফ্ৰান্স

পোলেণ্ড

ৰাছিয়া

যীচু খ্ৰীষ্টই তেওঁৰ শিষ্যসকলক কৈছিল: “এইদৰে তোমালোকৰ পোহৰ মানুহৰ আগত প্ৰকাশিত হওক; তাতে তেওঁবিলাকে তোমালোকৰ ভাল কৰ্ম্ম দেখি, স্বৰ্গত থকা তোমালোকৰ পিতৃৰ স্তুতি কৰিব।” (মথি ৫:১৬) বৰ্তমান সময়ত, আমি আধুনিক প্ৰযুক্তিবোৰ ভালদৰে ব্যৱহাৰ কৰিছোঁ। ইয়াৰ ভিতৰত এটা হৈছে ইণ্টাৰনেট। আমাৰ অফিচিয়েল ৱেবছাইটতো হৈছে jw.org আৰু ইয়াত যিহোৱাৰ সাক্ষীসকলৰ বিশ্বাস আৰু কাৰ্য্যবোৰৰ বিষয়ে বৰ্ণনা আছে। এই ৱেবছাইটত আপুনি কি কি দেখিবলৈ পাব?

প্ৰশ্নবোৰৰ উত্তৰ বাইবেলৰপৰা দিয়া হয়। সাধাৰণতে লোকসকলে সোধা কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ আপুনি বিচাৰি পাব। উদাহৰণস্বৰূপে, দুখ-কষ্টৰ অন্ত হ’বনে? আৰু মৃত লোকসকল পুনৰ জীৱিত হ’বনে? এই ট্ৰেক্ট কেইখন ৬০০ তকৈ বেছি ভাষাত অনলাইনত উপলব্ধ আছে। এই ৱেবছাইটত ১৩০ তকৈ বেছি ভাষাত নতুন পৃথিৱী অনুবাদ নামৰ বাইবেলখন উপলদ্ধ আছে। ইয়াৰ উপৰিও, বাইবেল অধ্যয়নৰ বাবে বহুতো কিতাপ আৰু আলোচনী পোৱা যায়। উদাহৰণস্বৰূপে, বাইবেলে প্ৰকৃততে কি শিকায়? নামৰ কিতাপ, প্ৰহৰীবুৰুজ আৰু সচেতন থাকক! নামৰ আলোচনী আদি আপুনি বিচাৰি পাব। ইয়াৰে বহুতো প্ৰকাশন অনলাইনত পঢ়িব বা শুনিব পাৰে বা MP3, PDF বা EPUB ফৰমেট্‌ত ডাউনল’ড কৰিব পাৰে। আনকি আপুনি কোনো আগ্ৰহী ব্যক্তিক তেওঁ জনা ভাষাত কিছু আলোচনী প্ৰিন্ট কৰি দিব পাৰে। বিভিন্ন সংকেতিক ভাষাত আমাৰ বহুতো ভিডিঅ’ আছে। নাটকৰ আকাৰত বাইবেল পঢ়া, বাইবেলৰ আধাৰত নাটক আৰু বহুতো সঙ্গীত এই ৱেবছাইটৰপৰা ডাউনল’ড কৰিব পাৰে।

যিহোৱাৰ সাক্ষীসকলৰ বিষয়ে সত্য খবৰ। পৃথিৱীজুৰি হৈ থকা আমাৰ কাৰ্য্যবোৰৰ ভিডিঅ’ আৰু যিহোৱাৰ সাক্ষীসকলৰ লগত জড়িত ঘটনা, আমি কৰা উদ্ধাৰৰ কাৰ্য্য আৰু শেহতীয়া খবৰবোৰ এই ৱেবছাইটৰ যোগেদি প্ৰকাশ কৰা হয়। হ’বলগীয়া অধিৱেশন আৰু বিভিন্ন দেশৰ শাখা কাৰ্য্যালয়বোৰৰ যোগাযোগৰ ঠিকনা থাকে।

এই মাধ্যমৰ যোগেদি আমি সত্যৰ বিষয়ে পৃথিৱীৰ চুকে-কোনে জনাবলৈ সক্ষম হৈছোঁ। সকলো মহাদেশৰ লগতে এণ্টাৰ্কটিকাৰ লোকসকলেও এই ৱেবছাইটৰপৰা লাভৱান হৈছে। আমি প্ৰাৰ্থনা কৰোঁ যে ঈশ্বৰৰ বাক্য ‘দ্ৰুতগতিৰে’ তেওঁৰ মহিমাৰ বাবে পৃথিৱীৰ চাৰিওফালে বিয়পি পৰক।—২ থিচলনীকীয়া ৩:১.

  • কেনেকৈ jw.org ৱেবছাইটে লোকসকলক বাইবেলৰ সত্য শিকিবলৈ সহায় কৰিছে?

  • আমাৰ ৱেবছাইটত আপুনি কি বিচাৰিবলৈ ইচ্ছা কৰে?