Skip to content

Skip to table of contents

আপুনি যিহোৱা ঈশ্বৰৰ ইচ্ছা পূৰ কৰিবনে?

আপুনি যিহোৱা ঈশ্বৰৰ ইচ্ছা পূৰ কৰিবনে?

যিহোৱাৰ সাক্ষীসকলৰ বিষয়ে, আমাৰ কাৰ্য্য আৰু আমাৰ সংগঠনৰ বিষয়ে জানিবলৈ আপুনি এই ব্ৰচাৰখন পৰীক্ষা কৰিবলৈ সময় উলিয়াৰ বাবে আপোনাক আমি ধন্যবাদ দিব বিচাৰোঁ। আমি আশা কৰোঁ যে এই ব্ৰচাৰখনে আপোনাক ঈশ্বৰৰ ইচ্ছা যে আমি পূৰ কৰিছোঁ, তাক জানিবলৈ সহায় কৰিছে। আমি আপোনাক উৎসাহিত কৰিছোঁ যে আপুনি ঈশ্বৰৰ বিষয়ে জ্ঞান লৈ থাকক আৰু আপোনাৰ পৰিয়াল তথা বন্ধুবৰ্গক আপুনি যি বিষয়বোৰ শিকিছে তাৰ বিষয়ে তেওঁলোকক জনাওঁক। ইয়াৰ উপৰিও আমাৰ সভাবোৰত উপস্থিত থাকিবলৈ আমি আপোনাক আমন্ত্ৰণ জনাইছোঁ।—ইব্ৰী ১০:২৩-২৫.

আপুনি যিমানেই যিহোৱা ঈশ্বৰৰ বিষয়ে শিকি থাকিব, সিমানেই আপুনি অনুভৱ কৰিব যে তেওঁ আপোনাক কিমান ভাল পায়। ইয়াৰ দ্বাৰা আপুনি নিশ্চয় তেওঁক প্ৰেম কৰিবলৈ অনুপ্ৰাণিত হ’ব। (১ যোহন ৪:৮-১০, ১৯) কিন্তু আপুনি ঈশ্বৰৰ প্ৰতি আপোনাৰ যি প্ৰেম আছে তাক কেনেকৈ কাৰ্য্যৰ যোগেদি দেখুৱাব? তেওঁৰ নৈতিক নিয়মবোৰ পালন কৰিলে আপোনাৰ কি লাভ আছে? আমাৰ লগত কিহে আপোনাক ঈশ্বৰৰ ইচ্ছা পূৰ কৰিবলৈ সহায় কৰিব? আপোনাক বাইবেলৰপৰা শিকোৱা ভাইজনে এই প্ৰশ্নবোৰৰ উত্তৰ বিচাৰিবলৈ সহায় কৰিব, যাতে আপুনি আৰু আপোনাৰ পৰিয়ালৰ লোকসকলে ‘ঈশ্বৰৰ প্ৰেমত নিজক ৰাখি, অনন্ত জীৱন’ লাভ কৰিব পাৰে।—যিহূদা ২০, ২১.

সত্যৰ বিষয়ে আৰু জানিবলৈ, আমি আপোনাক এই কিতাপখন অধ্যয়ন কৰিবলৈ আন্তৰিকতাৰে নিমন্ত্ৰণ জনাইছো . . .