Skip to content

Skip to table of contents

পাঠ ১৫

আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কিয় শিকি থকা উচিত?

আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কিয় শিকি থকা উচিত?

১. বাইবেল অধ্যয়ন কৰি থাকিলে আপুনি কেনেকৈ লাভৱান হ’ব?

নিসন্দেহ, এই বাইবেলৰ প্ৰাথমিক শিক্ষাই যিহোৱাৰ প্ৰতি আপোনাৰ প্ৰেম দৃঢ় কৰিছে। যিহোৱাৰ প্ৰতি প্ৰেম দৃঢ় কৰি ৰাখিবলৈ আপুনি একেৰাহে তেওঁৰ জ্ঞান লৈ থকাৰ প্ৰয়োজন। (১ পিতৰ ২:২) বাইবেল অধ্যয়ন কৰাৰ যোগেদি আপুনি ঈশ্বৰৰ লগত এক ঘনিষ্ঠ সম্পৰ্ক গঢ়ি তোলাৰ ওপৰত আপোনাৰ অনন্ত জীৱন নিৰ্ভৰ কৰিব।যোহন ১৭:৩; যিহূদা ২১ পঢ়ক।

ঈশ্বৰৰ জ্ঞান বৃদ্ধি পোৱাৰ লগে লগে, আপোনাৰ বিশ্বাস দৃঢ় হ’ব। এই বিশ্বাসে আপোনাক ঈশ্বৰক সন্তুষ্ট কৰিবলৈ সহায় কৰিব। (ইব্ৰী ১১:১, ৬) ইয়াৰ উপৰিও, ইয়ে আপোনাক বিগত সময়ছোৱাত কৰি অহা ভুলবোৰৰ বাবে অনুতাপ কৰিবলৈ আৰু আপোনাৰ জীৱনত প্ৰয়োজনীয় পৰিৱৰ্ত্তন কৰিবলৈ সহায় কৰিব।পাঁচনিৰ কৰ্ম্ম ৩:১৯ পঢ়ক।

২. ঈশ্বৰৰ বিষয়ে শিকা আপোনাৰ জ্ঞানে আনক কেনেকৈ সহায় কৰিব?

আপুনি ঈশ্বৰৰ লগত এক ঘনিষ্ঠ সম্পৰ্ক গঢ়ি তুলিব পাৰিব

এইটো সত্য যে আপুনি ঈশ্বৰৰ বিষয়ে যি শিকিছে, তাক আনক জনাবলৈ বিচাৰিব। আমি সকলোৱে আনক শুভবাৰ্ত্তা জনাবলৈ ভালপাওঁ। এইদৰে একেৰাহে বাইবেল অধ্যয়ন কৰি থাকিলে, আপুনি যিহোৱা আৰু শুভবাৰ্ত্তাৰ প্ৰতি থকা আপোনাৰ বিশ্বাস বাইবেলৰপৰা আনক বৰ্ণনা কৰিব পাৰিব।ৰোমীয়া ১০:১৩-১৫ পঢ়ক।

বহুতোলোকে নিজৰ বন্ধু আৰু পৰিয়ালৰ লোকসকলক শুভবাৰ্ত্তা জনাবলৈ আৰম্ভ কৰে। কিন্তু এনে কাম বুদ্ধিমতাৰে কৰিব। তেওঁলোকৰ ধৰ্মীয় বিশ্বাসবোৰ ভুল হয় বুলি কোৱাৰ পৰিৱৰ্ত্তে, আপুনি তেওঁলোকক ঈশ্বৰে কৰা প্ৰতিজ্ঞাবোৰৰ বিষয়ে জনাব পাৰে। ইয়াৰ উপৰিও, মনত ৰখা উচিত যে আপোনাৰ বাক্যৰ পৰিৱৰ্ত্তে লোকসকলে আপোনাৰ ব্যৱহাৰৰ দ্বাৰাহে আকৰ্ষিত হ’ব।২ তীমথিয় ২:২৪, ২৫ পঢ়ক।

৩. ঈশ্বৰৰ লগত থকা কেনে সম্বন্ধই আপোনাক আনন্দিত কৰিব?

ঈশ্বৰৰ বাক্য অধ্যয়ন কৰি থাকিলে আপুনি আধ্যাত্মিকভাৱে দৃঢ় হ’ব। লাহে লাহে আপুনি যিহোৱা ঈশ্বৰৰ লগত এক ঘনিষ্ঠ সম্পৰ্ক গঢ়ি তুলিব পাৰিব। আচলতে আপুনি যিহোৱা ঈশ্বৰৰ পৰিয়ালৰ এজন সদস্য হৈ পৰিব।২ কৰিন্থীয়া ৬:১৮ পঢ়ক।

৪. আপুনি আধ্যাত্মিকভাৱে উন্নতি কৰি থাকিবলৈ কি কৰিব?

আপুনি একেৰাহে ঈশ্বৰৰ বাক্য অধ্যয়ন কৰাৰ যোগেদি, বাইবেলৰ সিদ্ধান্তবোৰ কেনেকৈ পালন কৰিব লাগে তাৰ বিষয়ে শিকিব পাৰিব। (ইব্ৰী ৫:১৩, ১৪) ইয়াৰ বিষয়ে অধিক জানিবলৈ বাইবেলে প্ৰকৃততে কি শিকায়? নামৰ কিতাপখনৰপৰা শিকিবলৈ আপুনি যিকোনো এজন যিহোৱাৰ সাক্ষীৰ লগত যোগাযোগ কৰক। আপুনি যিমানেই ঈশ্বৰৰ বাক্যৰপৰা শিকি থাকিব, সিমানেই আপোনাৰ জীৱন আনন্দেৰে ভৰি পৰিব।গীতমালা ১:১-৩; ৭৩:২৭, ২৮ পঢ়ক।

ভাল খবৰৰ উৎস হৈছে যিহোৱা ঈশ্বৰ। আপুনি ঈশ্বৰৰ লগত ঘনিষ্ঠ সম্পৰ্ক গঢ়ি তুলিবলৈ হ’লে, তেওঁৰ লোকসকলৰ লগত সঙ্গতি কৰিব লাগিব। (ইব্ৰী ১০:২৪, ২৫) একেৰাহে যিহোৱাক সন্তুষ্ট কৰিবলৈ প্ৰচেষ্টা কৰাৰ যোগেদি, আপুনি প্ৰকৃত জীৱন অৰ্থাৎ অনন্ত জীৱন লাভ কৰিবলৈ সক্ষম হ’ব। ঈশ্বৰৰ লগত ঘনিষ্ঠ সম্পৰ্ক গঢ়ি তোলাই হৈছে আপুনি কৰিব পৰা আটাইতকৈ উত্তম কাম।১ তীমথিয় ১:১১; ৬:১৯ পঢ়ক।