Skip to content

Skip to table of contents

তাই নিজৰ পিতৃ আৰু যিহোৱা ঈশ্বৰক সুখী কৰিছিল

তাই নিজৰ পিতৃ আৰু যিহোৱা ঈশ্বৰক সুখী কৰিছিল

যিপ্তহে যিহোৱা ঈশ্বৰক কি প্ৰতিজ্ঞা কৰিছে?

যিপ্তহৰ জীয়েকৰ বাবে যদিও সহজ নাছিল, তথাপি তাই পিতৃৰ প্ৰতিজ্ঞা অনুসৰি কৰিছিল

তুমি ছবিখনত ছোৱালীজনীক দেখিছানে?— তাই যিপ্তহৰ জীয়েক। বাইবেলত যদিও তাইৰ নাম উল্লেখ নাই, কিন্তু আমি জানোঁ যে তাই নিজৰ পিতৃ আৰু যিহোৱা ঈশ্বৰক সুখী কৰিছিল। আহাঁ, আমি তেওঁলোকৰ বিষয়ে কিছু কথা শিকোঁ।

যিপ্তহ এজন ভাল মানুহ আছিল। তেওঁ নিজৰ ছোৱালীক যিহোৱা ঈশ্বৰৰ বিষয়ে শিক্ষা দিবলৈ বহুত সময় দিছিল। তেওঁ এজন ভাল সেনাপতি আৰু বীৰ পুৰুষ আছিল। সেইবাবে শত্ৰুবিলাকৰ বিৰুদ্ধে যুদ্ধত নেতৃত্ব ল’বলৈ ইস্ৰায়েলীসকলে তেওঁক অনুৰোধ কৰিছিল।

যুদ্ধত জয়ী হ’বলৈ যিপ্তহে যিহোৱা ঈশ্বৰক প্ৰাৰ্থনা কৰিলে। যিপ্তহে প্ৰতিজ্ঞা কৰিলে যে যদি তেওঁ যুদ্ধত জয়ী হয়, তেনেহ’লে উভতি অহাৰ সময়ত যিজনে ঘৰৰপৰা প্ৰথমে ওলাব, সেইজনক তেওঁ যিহোৱা ঈশ্বৰলৈ আগবঢ়াব। সেই ব্যক্তিজন ঈশ্বৰৰ ঘৰত থাকিব আৰু গোটেই জীৱন তাতে কাম কৰিব। ঈশ্বৰৰ ঘৰ হৈছে এনে এখন ঠাই, য’ত পুৰণি সময়ত লোকসকলে ঈশ্বৰক উপাসনা কৰিবলৈ গৈছিল। যিপ্তহে যুদ্ধত জয়ী হ’ল! তুমি জানানে, তেওঁ উভতি আহোঁতে ঘৰৰপৰা প্ৰথমে কোনে ওলাই আহিছিল?—

যিপ্তহৰ জীয়েক ওলাই আহিছিল। তাই হৈছে তেওঁৰ একমাত্ৰ সন্তান আৰু তাই এতিয়া পিতৃৰ ঘৰৰপৰা দূৰলৈ গুচি যাব। এই কথাই তেওঁক বেজাৰ কৰিছিল। কিন্তু যিপ্তহে ঈশ্বৰক কৰা প্ৰতিজ্ঞাৰ কথাও পাহৰা নাছিল। সেই সময়তে, যিপ্তহৰ জীয়েকে এইদৰে কৈছিল: ‘হে মোৰ পিতৃ, তুমি যিহোৱাৰ উদ্দেশ্যে যি প্ৰতিজ্ঞা কৰিলা, সেই অনুসৰি কৰা।’

বান্ধৱীসকলে প্ৰতিবছৰে যিপ্তহৰ জীয়েকক দেখা কৰিবলৈ গৈছিল

যিপ্তহৰ জীয়েকেও বেজাৰ কৰিছিল। ঈশ্বৰৰ ঘৰত সেৱা কৰাৰ বাবে তাই বিবাহ আৰু নিজৰ সন্তানৰ মাতৃ হ’ব নোৱাৰিব। কিন্তু তাই পিতৃয়ে কৰা প্ৰতিজ্ঞা পূৰ কৰিবলৈ আৰু যিহোৱা ঈশ্বৰৰ মনক আনন্দিত কৰিবলৈ বিচাৰিছিল। বিবাহ আৰু সন্তানৰ মাতৃ হোৱাতকৈ পিতৃৰ প্ৰতিজ্ঞা আৰু ঈশ্বৰৰ মনক আনন্দিত কৰাটো তাইৰ বাবে বেছি গুৰুত্বপূৰ্ণ আছিল। সেইবাবে, যিপ্তহৰ জীয়েকে পিতৃৰ ঘৰ ত্যাগ কৰি গোটেই জীৱন ঈশ্বৰৰ ঘৰত কাম কৰিবলৈ গুচি গৈছিল।

যিপ্তহৰ জীয়েকে যি কৰিলে, তাৰ বাবে তাইৰ পিতৃ আৰু যিহোৱা ঈশ্বৰ সুখী হ’লনে? তুমি কি ভাবা?— নিশ্চয় সুখী হ’ল। যদি তুমি পিতৃ-মাতৃৰ কথা শুনা আৰু যিহোৱা ঈশ্বৰক ভালপোৱা, তেনেহ’লে তুমিও যিপ্তহৰ জীয়েকৰ দৰে হ’ব পাৰিবা। তুমিও তোমাৰ পিতৃ-মাতৃ আৰু যিহোৱা ঈশ্বৰক সুখী কৰিব পাৰিবা।

তোমাৰ বাইবেলৰপৰা পঢ়া