Skip to content

Skip to table of contents

১৪

এখন ৰাজ্যই পৃথিৱীজুৰি শাসন কৰিব

এখন ৰাজ্যই পৃথিৱীজুৰি শাসন কৰিব

আমি কোনখন ৰাজ্যৰ বিষয়ে ক’ব বিচাৰিছোঁ, তুমি অনুমান কৰিব পাৰিছানে?— হয়, সেইখন হৈছে ঈশ্বৰৰ ৰাজ্য। ঈশ্বৰৰ ৰাজ্যই গোটেই পৃথিৱীক এখন প্ৰমোদবনলৈ পৰিৱৰ্তন কৰিব। তুমি ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে বেছিকৈ জানিব বিচাৰানে?—

সকলো ৰাজ্যৰ এজন ৰজা থাকে আৰু ৰজাই সেই ৰাজ্যৰ লোকসকলৰ ওপৰত শাসন কৰে। তুমি জানানে, ঈশ্বৰৰ ৰাজ্যৰ ৰজা কোন হয়?— তেওঁ হৈছে যীচু খ্ৰীষ্ট। তেওঁ স্বৰ্গত থাকে। অতি সোনকালে তেওঁ পৃথিৱীত থকা লোকসকলৰ ওপৰত শাসন কৰিব। তুমি কি ভাবা, যীচুৱে পৃথিৱীজুৰি শাসন কৰাৰ সময়ত আমি সকলোৱে আনন্দিত হ’মনে?—

আহিবলগীয়া প্ৰমোদবনত তুমি কি চাব বিচাৰা?

আমি সকলোৱে আনন্দিত হ’ম। সেই প্ৰমোদবনত লোকসকলে হাই-কাজিয়া বা যুদ্ধ নকৰিব। এজনে-আনজনৰ লগত প্ৰেমেৰে বাস কৰিব। বেমাৰ-আজাৰ আৰু মৃত্যু নহ’ব। অন্ধ লোকসকলে দেখিবলৈ পাব, কলা লোকসকলে শুনিব পাৰিব আৰু খোৰাই দৌৰিব আৰু জঁপিয়াব। সকলোৰে বাবে খাবলৈ যথেষ্ট পৰিমানে আহাৰ থাকিব। জীৱ-জন্তুবোৰে এটাই-আনটোৰ লগত খেলিব আৰু আমিও জীৱ-জন্তুবোৰৰ লগত খেল-ধেমালি কৰিব পাৰিম। মৃত লোকসকলে পুনৰ জীৱন পাব। এই ব্ৰচাৰখনত উল্লেখ কৰা ৰিবেকা, ৰাহাব, দায়ূদ আৰু এলিয়াৰ দৰে আন বহুতোলোকে পুনৰ জীৱন লাভ কৰিব। তেওঁলোকে পুনৰ জীৱন পোৱাৰ সময়ত তুমি তেওঁলোকক লগ পাব বিচাৰানে?—

যিহোৱা ঈশ্বৰে তোমাক ভাল পায় আৰু তুমি আনন্দত থকাটো তেওঁ বিচাৰে। যদি তুমি যিহোৱা ঈশ্বৰৰ বিষয়ে শিকি থাকা আৰু তেওঁৰ আজ্ঞাবোৰ পালন কৰা, তেনেহ’লে তুমি এক সুন্দৰ প্ৰমোদবনত অনন্ত জীৱন লাভ কৰিবা। তুমিও ইয়াকে বিচাৰা, নহয়নে বাৰু?—

তোমাৰ বাইবেলৰপৰা পঢ়া