Skip to content

Skip to table of contents

ঈশ্বৰে আমাক কিয় সৃষ্টি কৰিলে?

ঈশ্বৰে আমাক কিয় সৃষ্টি কৰিলে?

যেতিয়া আপুনি যিকোনো বাতৰি কাকত বা টিভি বা ৰেডিঅ’ত অপৰাধ, যুদ্ধ আৰু সন্ত্ৰাসবাদ আদিৰ বাতৰি শুনিবলৈ পায়। হয়তো আপুনি নিজেও কোনো সমস্যা ভুগি আছে, যেনে বেমাৰ-আজাৰ বা আপুনি আপোনজনাক মৃত্যুত হেৰুৱাইছে।

আপুনি নিজকে এইদৰে শুধিব পাৰে:

  • মোৰ পৰিয়াল আৰু মোৰ বাবে ঈশ্বৰৰ এয়ে উদ্দেশ্য আছিল নেকি?

  • মই সন্মুখীন হোৱা সমস্যাবোৰৰ সমাধান ক’ত বিচাৰি পাম?

  • এই পৃথিৱীত কেতিয়াবা শান্তি হ’বনে?

বাইবেলে এই প্ৰশ্নবোৰৰ সঠিক উত্তৰ দিছে।

বাইবেলে শিক্ষা দিয়ে যে ঈশ্বৰে এই পৃথিৱীত ডাঙৰ ডাঙৰ কাৰ্য্য কৰিব।

  • লোকসকলক কেতিয়াও দুখ-কষ্ট ভুগিবলগীয়া নহ’ব, তেওঁলোক বৃদ্ধ নহ’ব আৰু মৃত্যুও নহ’ব।—প্ৰকাশিত বাক্য ২১:৪

  • “খোৰাই হৰিণীৰ দৰে ডেও দিব।”—যিচয়া ৩৫:৬

  • “অন্ধবিলাকৰ চকু খোলা হব।”—যিচয়া ৩৫:৫

  • মৃত লোকসকলক পুনৰ জীৱিত কৰা হ’ব।—যোহন ৫:২৮, ২৯

  • কোনো লোক বেমাৰ নহ’ব।—যিচয়া ৩৩:২৪

  • পৃথিৱীত সকলোৰ বাবে প্ৰচুৰ আহাৰ হ’ব।—গীতমালা ৭২:১৬

বাইবেলৰ শিক্ষাৰপৰা লাভৱান হওক

আগৰ পৃষ্ঠাবোৰত ভৱিষ্যতৰ বিষয়ে যি কোৱা হৈছে, তাক পঢ়ি হয়তো আপুনি ভাবিব পাৰে এইবোৰ সপোন হয়। কিন্তু, বিশ্বাস কৰক এইবোৰ নিশ্চয় পূৰ হ’ব, কিয়নো এয়া ঈশ্বৰে কৰা প্ৰতিজ্ঞা হয় আৰু তেওঁ নিজৰ প্ৰতিজ্ঞা অতি সোনকালে পূৰ কৰিব। বাইবেলত বৰ্ণনা কৰা হৈছে তেওঁ নিজৰ প্ৰতিজ্ঞা কেনেকৈ পূৰ কৰিব।

ইয়াৰ উপৰিও, বাইবেলে এই বিষয়েও উল্লেখ কৰিছে যে যদি আমি জীৱনত প্ৰকৃত আনন্দ লাভ কৰিব বিচাৰোঁ, তেনেহ’লে আমি কি কৰিব পাৰোঁ। উদাহৰণস্বৰূপে, খন্তেকৰ বাবে আপুনি নিজৰ সমস্যাৰ বিষয়ে চিন্তা কৰকচোন। যেনে পৰিয়ালৰ সমস্যা, বেমাৰ-আজাৰ, টকা-পইচা বা আপোনাজনাক মৃত্যুত হেৰুৱাইছে, সেইবাবে আপুনি দুখী অনুভৱ কৰিছে। বাইবেলৰ সহায়ত আপুনি এই সকলো সমস্যাৰ সন্মুখীন হ’ব পাৰিব। ইয়াৰ উপৰিও, এই প্ৰশ্নবোৰৰ উত্তৰ বাইবেলত উল্লেখ আছে যিয়ে আপোনাক শান্ত্বনা দিব পাৰে:

আপুনি এই কিতাপখন পঢ়াৰ দ্বাৰা দেখুৱাই যে বাইবেলে কি শিকায়, তাৰ বিষয়ে জানিবলৈ আপুনি আগ্ৰহী। এই কিতাপখনৰ সকলো অধ্যায়ৰ অনুচ্ছেদৰ বাবে প্ৰশ্ন দিয়া আছে, যি আলোচনা কৰিলে আপুনি বাইবেলৰ বিষয়ে আৰু ভালকৈ বুজি পাব। কোটি কোটি লোকসকলে যিহোৱাৰ সাক্ষীসকলৰ লগত বাইবেল অধ্যয়ন কৰাৰ দ্বাৰা আনন্দ লাভ কৰিছে। আমি আশা কৰোঁ যে আপুনিও বাইবেল অধ্যয়নৰ দ্বাৰা আনন্দিত হ’ব। আমাৰ প্ৰাৰ্থনা যে ঈশ্বৰে যাতে আপোনাক আশীৰ্বাদ কৰে।