Skip to content

Skip to table of contents

চাৰি অধ্যায়

যীচু খ্ৰীষ্ট কোন হয়?

যীচু খ্ৰীষ্ট কোন হয়?

১, ২. (ক) এজন বিখ্যাত ব্যক্তিৰ নাম জনাৰ অৰ্থ এইটো নেকি যে আপুনি তেওঁক ভালদৰে জানে? বৰ্ণনা কৰক। (খ) কিছুমান লোকে যীচুৰ বিষয়ে কি কয়?

পৃথিৱীত বহুতো বিখ্যাত ব্যক্তি আছে। আপুনি হয়তো ইয়াৰে কিছুমানৰ নাম জানে। কিন্তু ইয়াৰ অৰ্থ এয়া নহয় যে আপুনি তেওঁলোকক ভালদৰে চিনি পায়। কিয়নো, আপুনি তেওঁৰ জীৱনৰ সকলো কথা বা তেওঁ কেনেধৰণৰ ব্যক্তি হয়, সেই বিষয়ে আপুনি নাজানে।

যীচু খ্ৰীষ্টও এজন বিখ্যাত ব্যক্তি আছিল। তেওঁ প্ৰায় ২,০০০ বছৰৰ আগতে এই পৃথিৱীত জীয়াই আছিল আৰু তেওঁৰ বিষয়ে আপুনি শুনিছে। কিন্তু বহুতোলোকে তেওঁ কেনেধৰণৰ ব্যক্তি আছিল, তাৰ বিষয়ে নাজানে। কিছুমান লোকে কয় যে তেওঁ এজন ভাল ব্যক্তি আছিল আৰু আন কিছুমানে কয় যে তেওঁ এজন ভৱিষ্যতবক্তা আছিল। কিছুমান লোকে তেওঁ ঈশ্বৰ হয় বুলি বিশ্বাস কৰে। যীচু খ্ৰীষ্টৰ বিষয়ে আপুনি কি ভাবে?—“যীচু খ্ৰীষ্ট” চাওক।

৩. যিহোৱা ঈশ্বৰ আৰু যীচু খ্ৰীষ্টৰ বিষয়ে জনাটো কিয় প্ৰয়োজন?

আপুনি যীচুৰ বিষয়ে সত্য জনাটো প্ৰয়োজন। কিয় বাৰু? বাইবেলে ইয়াৰ বিষয়ে এইদৰে কৈছে: “একমাত্ৰ সত্য ঈশ্বৰ যি তুমি, তোমাক আৰু তুমি পঠোৱা যীচু খ্ৰীষ্টক জনা, এয়েই অনন্ত জীৱন।” (যোহন ১৭:৩) যদি আপুনি যিহোৱা আৰু যীচুৰ বিষয়ে সত্য শিকে, তেনেহ’লে আপুনি নতুন পৃথিৱীত অনন্ত জীৱন লাভ কৰিব। (যোহন ১৪:৬) ইয়াৰ উপৰিও যীচুৰ বিষয়ে শিকিলে আজিও আপুনি লাভৱান হ’ব। কিয়নো আমি কেনেকৈ জীৱন অতিবাহিত কৰিব লাগে আৰু আনৰ লগত কেনে ব্যৱহাৰ কৰা উচিত, তাৰ বিষয়ে তেওঁ এক উত্তম উদাহৰণ ৰাখিছে। (যোহন ১৩:৩৪, ৩৫) প্ৰথম অধ্যায়ত আমি ঈশ্বৰৰ বিষয়ে শিকিলোঁ। এই অধ্যায়ত আমি বাইবেলৰপৰা যীচু খ্ৰীষ্টৰ বিষয়ে শিকিবলৈ পাম।

আমি মচীহক পালোঁ!

৪. “মচীহ” এই উপাধিৰ অৰ্থ কি?

বাইবেলত বৰ্ণনা কৰা হৈছে যে যীচুৰ জন্মৰ হোৱাৰ বহুবছৰৰ আগতে, যিহোৱা ঈশ্বৰে প্ৰতিজ্ঞা কৰিছিল যে তেওঁ এজন মচীহক পঠিয়াব। ‘মচীহ’ এক উপাধি হয়, যাৰ অৰ্থ হৈছে এনে এজন ব্যক্তি যাক ঈশ্বৰে নিৰ্বাচন কৰিব আৰু এক বিশেষ পদ দিব। মচীহ অৰ্থাৎ যীচুৱে ভৱিষ্যতে ঈশ্বৰৰ সকলো প্ৰতিজ্ঞা পূৰ কৰিব। তেওঁ আজিও আপোনাক সহায় কৰিব পাৰে। কিন্তু যীচুৰ জন্মৰ হোৱাৰ আগতে বহুতোলোকে ভাবিছিল যে মচীহ কোন হ’ব।

৫. যীচুৱেই মচীহ হয় বুলি তেওঁৰ শিষ্যসকলে বিশ্বাস কৰিছিলনে?

যীচুৱেই প্ৰতিজ্ঞা কৰা মচীহ হয় বুলি যীচুৰ শিষ্যসকলক কোনো সন্দেহ নাছিল। (যোহন ১:৪১) উদাহৰণস্বৰূপে, শিষ্য চিমোন পিতৰে যীচুক এইদৰে কৈছিল: “আপুনি সেই অভিষিক্ত জনা।” (মথি ১৬:১৬) আমি কেনেকৈ বিশ্বাস কৰিব পাৰোঁ যে যীচুৱেই হৈছে মচীহ?

৬. মচীহক চিনাক্ত কৰিবলৈ আন্তৰিকতাৰে অপেক্ষা কৰি থকা লোকসকলক যিহোৱাই কেনেকৈ সহায় কৰিছিল?

যীচুৰ জন্ম হোৱাৰ বহুবছৰ আগতে, ঈশ্বৰৰ ভৱিষ্যতবক্তাসকলে এনে কিছুমান কথা লিখিছিল, যাৰ যোগেদি লোকসকলে মচীহক চিনাক্ত কৰিব পাৰিছিল। ইয়াক বুজিবলৈ এটা উদাহৰণলৈ মন কৰক। ধৰি লওক, আপুনি এনে এজন ব্যক্তিক বাছ ষ্টেচনৰপৰা আনিবলৈ গৈছে, যাক কেতিয়াও দেখা নাই। আপুনি তেওঁক কেনেকৈ চিনি পাব? যদি আপোনাক তেওঁৰ বিষয়ে কিছু কথা কোৱা হয়, যেনে দেখিবলৈ কেনেকুৱা, তেতিয়া আপুনি তেওঁক চিনি পাবলৈ সহজ হ’ব। ঠিক সেইদৰে, যিহোৱা ঈশ্বৰে নিজৰ ভৱিষ্যতবক্তাৰ যোগেদি মচীহৰ বিষয়ে কিছু কথা কৈছিল। উদাহৰণস্বৰূপে, তেওঁ কি কি কাৰ্য্য কৰিব আৰু তেওঁৰ লগত কি কি ঘটনা ঘটিব। ভৱিষ্যতবাণী পূৰ হোৱাৰ সময়ত, যিসকলে আন্তৰিকতাৰে মচীহৰ অপেক্ষা কৰিছিল, তেওঁলোকে চিনাক্ত কৰিব পাৰিছিল যে যীচুৱেই মচীহ হয়।

৭. এই দুটা ভৱিষ্যতবাণীয়ে কেনেকৈ প্ৰমাণ কৰিলে যে যীচুৱেই মচীহ হয়?

আহক এতিয়া আমি দুটা ভৱিষ্যতবাণীৰ ওপৰত ধ্যান দিওঁ। প্ৰথমটো হৈছে, মীখাৰ ভৱিষ্যতবাণী। যীচুৰ জন্ম হোৱাৰ ৭০০ বছৰৰ আগতে মচীহ বৈৎলেহেম নামৰ এখন সৰু চহৰত জন্ম হ’ব বুলি মীখাই ভৱিষ্যতবাণী কৰিছিল। (মীখা ৫:২) সঁচাকৈ, যীচুৱে সেই ঠাইতেই জন্ম হৈছিল। (মথি ২:১, ৩-৯) দ্বিতীয়তে, দানিয়েলে ভৱিষ্যতবাণী কৰিছিল যে ২৯ খ্ৰীষ্টাব্দত মচীহ উপস্থিত হ’ব। (দানিয়েল ৯:২৫) ঠিক সেইদৰেই হৈছিল। সেই সকলো ভৱিষ্যতবাণীৰ ভিতৰত কেৱল এই দুটা ভৱিষ্যতবাণীয়ে প্ৰমাণ কৰে যে যীচুৱেই হৈছে প্ৰতিজ্ঞা কৰা মচীহ।—“৭০ সপ্তাহৰ ভৱিষ্যতবাণী” চাওক।

বাপ্তিষ্মাৰ সময়ত যীচু মচীহ বা খ্ৰীষ্ট হ’ল

৮, ৯. যীচুৰ বাপ্তিষ্মাৰ সময়ত এনে কি হৈছিল, যিয়ে প্ৰমাণ কৰে যে তেৱেঁই মচীহ হয়?

যিহোৱা ঈশ্বৰে নিজেই স্পষ্টৰূপে কৈছিল যে যীচুৱেই মচীহ হয়। মচীহক চিনাক্ত কৰিবলৈ তেওঁ যোহন নামৰ এজন ব্যক্তিক এক চিন দিছিল। যোহনে লোকসকলক পানীত ডুবাই বাপ্তিষ্মা দিছিল। ২৯ খ্ৰীষ্টাব্দত যীচু যেতিয়া বাপ্তিষ্মা ল’বলৈ যৰ্দ্দন নদীলৈ গৈছিল, তেতিয়া যোহনে, ঈশ্বৰে দিয়া চিন যীচুত দেখা পাইছিল। সেইসময়ত হোৱা ঘটনাৰ বিষয়ে বাইবেলত এইদৰে উল্লেখ আছে: “পাছে যীচু বাপ্তাইজিত হৈ, তেতিয়াই পানীৰপৰা উঠিল; আৰু চোৱা, স্বৰ্গৰ দুৱাৰ, তেওঁলৈ মুকলি হল, আৰু ঈশ্বৰৰ আত্মাক কপৌৰ নিচিনা নামি আহি, নিজৰ ওপৰত পৰা দিখিলে। আৰু চোৱা, এওঁ মোৰ প্ৰিয় পুত্ৰ, এওঁত মই পৰম সন্তুষ্ট, এই আকাশী বাণী হল।” (মথি ৩:১৬, ১৭) যেতিয়া যোহনে যীচুৰ ওপৰত পবিত্ৰ আত্মা অহা দেখিলে আৰু স্বৰ্গৰপৰা ঈশ্বৰৰ বাক্য শুনিলে, তেতিয়া তেওঁ জানিব পাৰিলে যে যীচুৱেই মচীহ হয়। (যোহন ১:৩২-৩৪) সেইদিনাখন যিহোৱাই যীচুক পবিত্ৰ আত্মা দিয়ে আৰু তেওঁ মচীহ হিচাপে জনাজাত হৈ পৰে। তেৱেঁই আছিল ঈশ্বৰে নিৰ্বাচন কৰা ৰজা আৰু অধ্যক্ষ।—যিচয়া ৫৫:৪.

বাইবেলৰ ভৱিষ্যতবাণীবোৰ, স্বৰ্গৰপৰা অহা যিহোৱাৰ আকাশী বাণী আৰু যোহন বাপ্তাইজিতক দেখুওৱা চিন, এই সকলোৱে দেখুৱায় যে যীচুৱেই মচীহ হয়। কিন্তু যীচু ক’ৰপৰা আহিছিল আৰু তেওঁ কেনেধৰণৰ ব্যক্তি আছিল? বাইবেলে ইয়াৰ বিষয়ে কি বৰ্ণনা কৰিছে আহক চাওঁ।

যীচু ক’ৰপৰা আহিছিল?

১০. বাইবেলৰ অনুসৰি পৃথিৱীত অহাৰ আগতে যীচু ক’ত আছিল?

১০ বাইবেলে উল্লেখ কৰিছে যে যীচু এই পৃথিৱীলৈ অহাৰ আগতে দীৰ্ঘদিন ধৰি স্বৰ্গত আছিল। মীখাই এইদৰে কৈছিল মচীহ “পূৰ্ব্বকালৰ পৰা” অস্তিত্বত আছে। (মীখা ৫:২) যীচুৱে নিজেও কৈছিল যে তেওঁ পৃথিৱীত জন্ম হোৱাৰ আগতে স্বৰ্গত আছিল। (যোহন ৩:১৩; ৬:৩৮, ৬২; ১৭:৪, ৫ পঢ়ক।) তেতিয়াৰেপৰা যিহোৱাৰ লগত তেওঁৰ ভাল সম্পৰ্ক আছে।

১১. যীচু কিয় যিহোৱা ঈশ্বৰৰ অতি প্ৰিয় আছিল?

১১ যীচু, যিহোৱা ঈশ্বৰৰ প্ৰিয় আছিল। কিয় বাৰু? কিয়নো যিহোৱা ঈশ্বৰে সৰ্বপ্ৰথমে যীচুক সৃষ্টি কৰিছিল। সেইবাবে, যীচুক “গোটেই সৃষ্টিৰ প্ৰথমজাত” বুলি কোৱা হয়। * (কলচীয়া ১:১৫) যিহোৱা ঈশ্বৰে নিজে যীচুক সৃষ্টি কৰিছিল, সেইবাবে যীচু তেওঁৰ বাবে অতি প্ৰিয়। সেইবাবে, যীচুক ঈশ্বৰৰ ‘একমাত্ৰ পুত্ৰ’ বুলিও কোৱা হয়। (যোহন ৩:১৬) ইয়াৰ উপৰিও যীচুৰ যোগেদি যিহোৱা ঈশ্বৰে বাকী সকলো বস্তু সৃষ্টি কৰিলে। (কলচীয়া ১:১৬) কেৱল যীচুক “বাক্য” বুলি কোৱা হয়। কিয়নো যিহোৱা ঈশ্বৰে তেওঁৰ যোগেদি স্বৰ্গদূত আৰু লোকসকলক নিজৰ বাৰ্তা আৰু নিদেৰ্শনা দিছিল।—যোহন ১:১৪.

১২. যীচু আৰু যিহোৱা সমতুল্য নহয় বুলি আমি কেনেকৈ জানিব পাৰোঁ?

১২ যীচু আৰু যিহোৱা সমতুল্য হয় বুলি কিছুমান লোকে বিশ্বাস কৰে। কিন্তু বাইবেলে এইদৰে শিক্ষা দিয়া নাই। বাইবেলে উল্লেখ কৰিছে যে যীচু খ্ৰীষ্টক সৃষ্টি কৰা হৈছে। ইয়াৰ অৰ্থ হৈছে তেওঁৰ আৰম্ভণি আছে। কিন্তু যিহোৱাই সকলো সৃষ্টি কৰিছে, তেওঁৰ কোনো আৰম্ভণি নাই। (গীতমালা ৯০:২) ইয়াৰ উপৰিও যীচুৱে কেতিয়াও যিহোৱাৰ সমতুল্য হ’বলৈ বিচৰা নাছিল। বাইবেলে স্পষ্টকৈ উল্লেখ কৰিছে যে পিতৃতকৈ পুত্ৰ ডাঙৰ নহয়। (যোহন ১৪:২৮ পঢ়ক; ১ কৰিন্থীয়া ১১:৩) কেৱল যিহোৱাই একমাত্ৰ “সৰ্ব্বশক্তিমান ঈশ্বৰ।” (আদিপুস্তক ১৭:১) গোটেই বিশ্বব্ৰহ্মাণ্ডত তেৱেঁই সকলোতকৈ শক্তিশালী আৰু মহান!—“ত্ৰিয়কৰ মিছা শিক্ষা” চাওক।

১৩. যীচুক “অদৃশ্য ঈশ্বৰৰ প্ৰতিমূৰ্ত্তি” বুলি বাইবেলে কিয় উল্লেখ কৰিছে?

১৩ পৃথিৱী আৰু স্বৰ্গ সৃষ্টি কৰাৰ আগতে, যিহোৱা ঈশ্বৰ আৰু তেওঁৰ পুত্ৰ যীচু খ্ৰীষ্টই কোটি কোটি বছৰ ধৰি একেলগে আছিল। চিন্তা কৰকচোন, তেওঁলোকৰ মাজত কিমান গভীৰ প্ৰেম হ’ব! (যোহন ৩:৩৫; ১৪:৩১) পিতৃৰ গুণবোৰ যীচুৱেও প্ৰতিফলিত কৰিলে। বাইবেলত যীচুক “অদৃশ্য ঈশ্বৰৰ প্ৰতিমূৰ্ত্তি” বুলি কোৱা হয়।—কলচীয়া ১:১৫.

১৪. যীচুৱে কেনেকৈ মানৱ হিচাপে জন্ম গ্ৰহণ কৰিলে?

১৪ যিহোৱাৰ এই প্ৰিয় পুত্ৰই স্ব-ইচ্ছাৰে স্বৰ্গৰপৰা পৃথিৱীলৈ আহিল। তেওঁ মানৱ হিচাপে পৃথিৱীত জন্ম গ্ৰহণ কৰিলে। কিন্তু এয়া কেনেকৈ সম্ভৱ? যিহোৱাই এক আচৰিত কাৰ্য্য কৰিলে। যিহোৱা ঈশ্বৰে নিজৰ পুত্ৰৰ জীৱনটো স্বৰ্গৰপৰা লৈ, মৰিয়ম নামৰ এগৰাকী কুমাৰীৰ গৰ্ভত স্থানান্তৰ কৰিলে। সেইবাবে, যীচুৰ কোনো মানৱীয় পিতৃ নাছিল। মৰিয়মে এটি সিদ্ধ পুত্ৰক জন্ম দিছিল। মৰিয়মে তেওঁৰ নাম যীচু ৰাখিলে।—লূক ১:৩০-৩৫.

যীচু কেনেধৰণৰ ব্যক্তি আছিল?

১৫. আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে আৰু ভালকৈ কেনেকৈ জানিব পাৰে?

১৫ যীচু কেনেধৰণৰ ব্যক্তি আছিল, তেওঁৰ কি কি গুণ আছিল আৰু তেওঁ নিজৰ জীৱনত কি কি কাম কৰিলে, ইয়াৰ বিষয়ে আপুনি বাইবেলৰ চাৰিখন কিতাপৰপৰা বহুতো কথা জানিব পাৰিব। এই কিতাপবোৰ হ’ল মথি, মাৰ্ক, লূক আৰু যোহন। এই চাৰিখন কিতাপক শুভবাৰ্তাৰ কিতাপ বুলি কোৱা হয়। যীচু হুবহু নিজৰ পিতৃৰ নিচিনা আছিল। সেইবাবে, তেওঁৰ বিষয়ে শিকিলে আপুনি যিহোৱাক আৰু ভালদৰে জানিব পাৰিব। সেইবাবে, যীচুৱে কৈছিল: “যি জনে মোক দেখিলে, তেওঁ মোৰ পিতৃকেই দেখিলে।”—যোহন ১৪:৯.

১৬. (ক) যীচুৱে লোকসকলক কি শিক্ষা দিছিল? (খ) যীচুৱে দিয়া শিক্ষা কাৰ ফালৰপৰা আছিল?

১৬ বহুতোলোকে যীচুক “গুৰু” বুলি কৈছিল, কাৰণ তেওঁ লোকসকলক শিক্ষা দিছিল। (যোহন ১:৩৮; ১৩:১৩) তেওঁ লোকসকলক শিকোৱা আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় হৈছে: “ৰাজ্যৰ শুভবাৰ্ত্তা।” এই ৰাজ্য কি হয়? এয়া ঈশ্বৰৰ ৰাজ্য হয়, যি স্বৰ্গৰপৰা পৃথিৱীত শাসন কৰিব। এই ৰাজ্যই ঈশ্বৰৰ আজ্ঞা পালন কৰি থকা লোকসকলক বহুতো আশীৰ্বাদ দিব। (মথি ৪:২৩) যীচুৱে যিহোৱা ঈশ্বৰৰপৰা শিকা কথাবোৰ লোকসকলক শিকাইছিল। তেওঁ এইদৰে কৈছিল: “এই উপদেশ মোৰ নিজৰ নহয়, মোক পঠোৱা জনাৰহে।” (যোহন ৭:১৬) যীচুৱে যিহোৱা ঈশ্বৰৰ ইচ্ছাৰ বিষয়ে জানিছিল আৰু সেয়া হৈছে ঈশ্বৰৰ ৰাজ্যই যে গোটেই পৃথিৱীৰ ওপৰত শাসন কৰিব, তাৰ বিষয়ে পৃথিৱীৰ সকলো মানুহকে জনোৱা।

১৭. (ক) যীচুৱে লোকসকলক শিক্ষা দিবলৈ ক’ত ক’ত গৈছিল? (খ) যীচুৱে আনক শিক্ষা দিবলৈ কিয় ইমান পৰিশ্ৰম কৰিছিল?

১৭ যীচুৱে লোকসকলক শিক্ষা দিবলৈ ক’ত ক’ত গৈছিল? লোকসকলক সহজে লগ পোৱা সকলো ঠাইত গৈছিল। উদাহৰণস্বৰূপে, ঘৰত, বজাৰত, উপাসনাৰ ঠাইত, গাঁৱত, নগৰত, ইয়াৰ উপৰিও দূৰ-দূৰণিৰ এলেকাত। লোকসকলে তেওঁৰ ওচৰলৈ অহাটো তেওঁ কেতিয়াও আশা কৰা নাছিল। ইয়াৰ পৰিৱৰ্তে তেওঁ নিজেই লোকসকলৰ ওচৰলৈ গৈছিল। (মাৰ্ক ৬:৫৬; লূক ১৯:৫, ৬) তেওঁ পৰিশ্ৰমী আছিল। তেওঁ নিজৰ সকলো সময় আৰু শক্তি লোকসকলক শিক্ষা দিবলৈ ব্যৱহাৰ কৰিছিল। কিয় বাৰু? কিয়নো যীচুৱে জানিছিল যে পিতৃৰ ইচ্ছা এয়েই আছিল আৰু তেওঁ সদায় পিতৃৰ ইচ্ছা পূৰ কৰিছিল। (যোহন ৮:২৮, ২৯) লোকসকলৰ প্ৰতি মৰম-স্নেহ উপজাৰ বাবে যীচুৱে তেওঁলোকক শিক্ষা দিছিল। (মথি ৯:৩৫, ৩৬ পঢ়ক।) তেওঁ লক্ষ্য কৰিছিল যে ধৰ্ম গুৰুসকলে লোকসকলক ঈশ্বৰ আৰু তেওঁৰ ৰাজ্যৰ বিষয়ে সত্যতা শিকোৱা নাছিল। সেইবাবে, তেওঁ যিমান পাৰে, সিমান লোকসকলক শুভবাৰ্তা জনাইছিল।

১৮. যীচুৰ কোনটো গুণ আপোনাক আটাতকৈ ভাল লাগিল?

১৮ যীচুৰ লোকসকলৰ প্ৰতি গভীৰ প্ৰেম আছিল আৰু তেওঁ তেওঁলোকৰ বাবে চিন্তা কৰিছিল। তেওঁ সকলো মানুহৰ লগত ভাল ব্যৱহাৰ কৰিছিল। তেওঁৰ লগত কথা পাতিবলৈ লোকসকলে সংকোচ কৰা নাছিল। ইয়াৰ উপৰিও, সৰু সৰু ল’ৰা-ছোৱালীবোৰেও তেওঁৰ ওচৰলৈ আহিছিল। (মাৰ্ক ১০:১৩-১৬) যীচুৱে কেতিয়াও কাৰো পক্ষপাত কৰা নাছিল। তেওঁ দুৰ্নীতি আৰু অন্যায় ঘৃণা কৰিছিল। (মথি ২১:১২, ১৩) সেইসময়ত তিৰোতাসকলক সামান্য বুলি গণ্য কৰা হৈছিল আৰু তেওঁলোকক কোনো অধিকাৰ দিয়া নাছিল। কিন্তু যীচুৱে সদায় তিৰোতাসকলক সন্মান দিছিল আৰু তেওঁলোকৰ লগত ভাল ব্যৱহাৰ কৰিছিল। (যোহন ৪:৯, ২৭) যীচু নম্ৰ আছিল। উদাহৰণস্বৰূপে, এদিনাখন যীচুৱে তেওঁৰ শিষ্যসকলৰ ভৰি ধুৱাইছিল। সেইসময়ত এনে কাম বিশেষকৈ ঘৰৰ কোনো দাস বা চাকৰেহে কৰিছিল।—যোহন ১৩:২-৫, ১২-১৭.

যীচুৱে য’তেই লোকসকলক লগ পাইছিল, তাতেই তেওঁ প্ৰচাৰ কৰিছিল

১৯. কোনটো উদাহৰণে দেখুৱায় যে যীচুৱে লোকসকলৰ প্ৰয়োজনীয়তাৰ বিষয়ে ভালদৰে জানিছিল আৰু তেওঁলোকক সহায় কৰিব বিচাৰিছিল?

১৯ লোকসকলৰ প্ৰয়োজনীয়তাৰ বিষয়ে যীচুৱে ভালদৰে জানিছিল আৰু তেওঁ অন্তৰৰপৰা লোকসকলক সহায় কৰিব বিচাৰিছিল। আমি এয়া কেনেকৈ জানিব পাৰোঁ? যেতিয়া ঈশ্বৰৰ শক্তিৰ সহায়ত যীচুৱে বেমাৰী লোকসকলক সুস্থ কৰিছিল, তেতিয়া এই কথা স্পষ্টকৈ দেখিবলৈ পোৱা গ’ল। (মথি ১৪:১৪) উদাহৰণস্বৰূপে, এবাৰ কুষ্ঠৰোগী এজনে যীচুক কৈছিল: “আপুনি যদি ইচ্ছা কৰে, তেন্তে মোক শুচি কৰিব পাৰে।” তেওঁৰ কষ্ট দেখি যীচুৰ মনত দুখ লাগিল। যীচুৱে তেওঁক সহায় কৰিব বিচাৰিছিল। সেইবাবে, তেওঁ নিজ হাতেৰে কুষ্ঠৰোগীজনক চুই এইদৰে কৈছিল: “মই ইচ্ছা কৰিছোঁ; শুচি হোৱা।” সেই কুষ্ঠৰোগীজন একেবাৰে সুস্থ হৈ গ’ল! (মাৰ্ক ১:৪০-৪২) আপুনি সেই কুষ্ঠৰোগীজনৰ আনন্দৰ বিষয়ে কল্পনা কৰিব পাৰেনে?

যীচুৱে নিজৰ পিতৃৰ বিশ্বাসী হৈ থাকিল

২০, ২১. ঈশ্বৰৰ প্ৰতি আজ্ঞাকাৰী হৈ থাকিবলৈ যীচুৱে কেনেকৈ এক ভাল উদাহৰণ ৰাখিলে?

২০ ঈশ্বৰৰ আজ্ঞাকাৰী হৈ যীচুৱে এক উত্তম উদাহৰণ ৰাখিলে। সকলো পৰিস্থিতিত আৰু শত্ৰুসকলে তেওঁক অত্যাচাৰ কৰাৰ সময়তো তেওঁ সদায় পিতৃৰ বিশ্বাসী হৈ থাকিল। উদাহৰণস্বৰূপে, চয়তানে যেতিয়া যীচুক ফুচুলাইছিল, সেই সময়তো তেওঁ কোনো পাপ কৰা নাছিল। (মথি ৪:১-১১) যীচুৰ পৰিয়ালৰ কিছুমান সদস্যসকলেও তেওঁক খ্ৰীষ্ট বুলি বিশ্বাস কৰা নাছিল আৰু তেওঁলোকে তেওঁক “বাতুল” বুলি মাতিছিল। তথাপিও যীচুৱে ঈশ্বৰে দিয়া কাম কৰি আছিল। (মাৰ্ক ৩:২১) যেতিয়া শত্ৰুসকলে তেওঁক তাড়না দিছিল, তেতিয়াও তেওঁ ঈশ্বৰৰ বিশ্বাসী হৈ আছিল আৰু তেওঁৰ শত্ৰুসকলক ক্ষতি কৰিবলৈ চেষ্টা কৰা নাছিল।—১ পিতৰ ২:২১-২৩.

২১ যীচু খ্ৰীষ্টক নিষ্ঠুৰ আৰু নিৰ্দয়তাৰে হত্যা কৰা হৈছিল, তথাপিও তেওঁ ঈশ্বৰৰ বিশ্বাসী হৈ থাকিল। (ফিলিপীয়া ২:৮ পঢ়ক।) লক্ষ্য কৰক যে তেওঁ জীৱনৰ শেষ মুহূৰ্তত বহুতো তাড়নাৰ সন্মুখীন হ’ব লগা হৈছিল। তেওঁক বন্দী কৰা হৈছিল, তেওঁৰ বিৰুদ্ধে এইদৰে মিছা সাক্ষ্য দিছিল যে তেওঁ ঈশ্বৰৰ বিৰুদ্ধে কথা কয়, ভ্ৰষ্টাচাৰী বিচাৰকসকলে তেওঁক দোষী সাব্যস্ত কৰিছিল, ভীৰত থকা লোকসকলে তেওঁক ঠাট্টা কৰিলে আৰু সৈনিকসকলে তেওঁক বিভিন্ন ধৰণে শাস্তি দিলে আৰু এডাল কাঠত আৰি দিলে। শেষ নিশ্বাস ত্যাগ কৰাৰ আগমুহূৰ্তত তেওঁ চিঞৰি কৈছিল: “সিদ্ধ হল।” (যোহন ১৯:৩০) তেওঁৰ মৃত্যুৰ তিনি দিনৰ পাছত যিহোৱা ঈশ্বৰে তেওঁক পুনৰ জীৱিত কৰিলে আৰু তেওঁক এক আত্মিক শৰীৰ দিলে। (১ পিতৰ ৩:১৮) কিছু সপ্তাহৰ পাছত যীচু স্বৰ্গলৈ উভতি গৈ ‘ঈশ্বৰৰ সোঁফালে বহিল’ আৰু ঈশ্বৰে তেওঁক ৰাজ্যৰ অধিকাৰ দিয়ালৈকে অপেক্ষা কৰি থাকিল।—ইব্ৰী ১০:১২, ১৩.

২২. যীচুৱে নিজৰ পিতৃৰ বিশ্বাসী হৈ থকাৰ বাবে আমি কি সুযোগ পালোঁ?

২২ যীচুৱে নিজৰ পিতৃৰ বিশ্বাসী হৈ থকাৰ বাবে আমি এক সুযোগ পালোঁ। যেতিয়া ঈশ্বৰে এই পৃথিৱীখনক প্ৰমোদবনলৈ পৰিৱৰ্তন কৰিব, তেতিয়া আমি সদায় কালৰ বাবে তাত থাকিবলৈ সুযোগ পাম। তেতিয়া ঈশ্বৰে মানৱজাতিক সৃষ্টি কৰাৰ উদ্দেশ্য সম্পূৰ্ণৰূপে পূৰ হ’ব। যীচুৰ মৃত্যুৱে আমাৰ বাবে অনন্ত জীৱনৰ পথ কেনেকৈ মুকলি কৰিলে, তাৰ বিষয়ে আমি পৰৱৰ্তী অধ্যায়ত আলোচনা কৰিম।

^ অনু. 11 যিহোৱা ঈশ্বৰক পিতৃ বুলি কোৱা হৈছে, কিয়নো তেওঁ সৃষ্টিকৰ্তা। (যিচয়া ৬৪:৮) যীচু খ্ৰীষ্টক ঈশ্বৰৰ পুত্ৰ বুলি কোৱা হৈছে, কিয়নো যিহোৱা ঈশ্বৰে তেওঁক সৃষ্টি কৰিছিল। আদম আৰু স্বৰ্গদূতসকলকো তেওঁৰ পুত্ৰ বুলি কোৱা হৈছে।—ইয়োব ১:৬; লূক ৩:৩৮.