Skip to content

Skip to table of contents

পাঁচ অধ্যায়

মুক্তিপণ—ঈশ্বৰৰ এক মহান উপহাৰ

মুক্তিপণ—ঈশ্বৰৰ এক মহান উপহাৰ

১, ২. (ক) আপুনি লাভ কৰা উপহাৰৰ ভিতৰত কোনটো উপহাৰ আপোনাৰ বাবে আটাইতকৈ মূল্যৱান? (খ) মুক্তিপণ কিয় ঈশ্বৰৰ ফালৰপৰা এক মহান উপহাৰ?

এতিয়ালৈকে আপুনি বহুতো উপহাৰ লাভ কৰিছে? ইয়াৰ ভিতৰত কোনটো উপহাৰ আপোনাৰ বাবে আটাইতকৈ মূল্যৱান? সকলোকতকৈ দামী উপহাৰটো নেকি? নহয়, কিন্তু যিটো উপহাৰে আপোনাক প্ৰকৃত আনন্দ দিয়ে আৰু আপোনাৰ প্ৰয়োজন আছে, এই উপহাৰৰ বাবে দিওঁতাজনক অন্তৰৰপৰা আপুনি কৃতজ্ঞতা দেখুৱাইছে।

ঈশ্বৰে আমাক বহুতো উপহাৰ দিছে। কিন্তু ইয়াৰে ভিতৰত এনে এক উপহাৰ আছে, যি আমাৰ সকলোৰে বাবে অতি প্ৰয়োজন। গোটেই মানৱজাতিৰ বাবে ই এক মহান উপহাৰ। এই অধ্যায়ত আমি জানিব পাৰিম যে যিহোৱা ঈশ্বৰে নিজৰ পুত্ৰ যীচু খ্ৰীষ্টক পৃথিৱীলৈ পঠিয়ালে, যাৰ বাবে আমি অনন্ত জীৱন লাভ কৰিব পাৰোঁ। (মথি ২০:২৬ পঢ়ক।) যিহোৱা ঈশ্বৰে নিজৰ পুত্ৰক মুক্তিপণস্বৰূপ বলিদান হিচাপে আগবঢ়াই প্ৰমাণ কৰিলে যে তেওঁ প্ৰকৃততে আমাক কিমান প্ৰেম কৰে।

মুক্তিপণ কি হয়?

৩. আমাৰ কিয় মৃত্যু হয়?

মুক্তিপণৰ যোগেদি যিহোৱা ঈশ্বৰে গোটেই মানৱজাতিক পাপ আৰু মৃত্যুৰপৰা উদ্ধাৰ কৰে। (ইফিচীয়া ১:৭) কিন্তু মুক্তিপণৰ কিয় প্ৰয়োজন? এই বিষয়ে বুজিবলৈ আমি জানিব লাগিব যে হাজাৰ হাজাৰ বছৰৰ আগতে এদন বাগিচাত কি ঘটিছিল। আমাৰ প্ৰথম পিতৃ-মাতৃ অৰ্থাৎ আদম আৰু হৱাই পাপ কৰিছিল। সেইবাবে, তেওঁলোকৰ মৃত্যু হ’ল। আমি আদম আৰু হৱাৰ সন্তান হোৱাৰ বাবে আমাৰো মৃত্যু হয় আৰু তেওঁলোকৰ পাপৰ আমিও ভাগী হ’লোঁ।—“পাপ” চাওক।

৪. আদমক কি মূল্যৱান বস্তু দিয়া হৈছিল?

যিহোৱা ঈশ্বৰে যেতিয়া আদম আৰু হৱাক সৃষ্টি কৰিছিল, তেতিয়া তেওঁলোকক এক মূল্যৱান বস্তু দিছিল। তেওঁ আদমক সিদ্ধ শৰীৰ দি সৃষ্টি কৰিছিল অৰ্থাৎ তেওঁত কোনো ধৰণৰ খুঁত বা পাপ নাছিল। যিহোৱা ঈশ্বৰে তেওঁক সুস্থ শৰীৰ দিছিল। তেওঁ কেতিয়াও বেমাৰ, বৃদ্ধ আৰু মৃত্যু নহ’লহেঁতেন। যিহোৱা ঈশ্বৰ, আদমৰ বাবে পিতৃৰ দৰে আছিল, কিয়নো যিহোৱাই তেওঁক সৃষ্টি কৰিছিল। (লূক ৩:৩৮) যেনেকৈ এজন পিতৃয়ে নিজৰ পুত্ৰৰ লগত প্ৰতিদিনে কথা পাতে, ঠিক সেইদৰে যিহোৱা ঈশ্বৰেও প্ৰতিদিনে আদমৰ লগত কথা পাতিছিল। তেওঁ আদমক স্পষ্টকৈ কৈছিল যে তেওঁ আদমৰপৰা কি আশা কৰে। লগতে, ঈশ্বৰে তেওঁক আনন্দৰ কাম দিছিল।—আদিপুস্তক ১:২৮-৩০; ২:১৬, ১৭; “সিদ্ধ” চাওক।

৫. যিহোৱাই আদমক “নিজৰ প্ৰতিমূৰ্ত্তিৰে” সৃষ্টি কৰাৰ অৰ্থ কি?

যিহোৱা ঈশ্বৰে আদমক “নিজৰ প্ৰতিমূৰ্ত্তিৰে” সৃষ্টি কৰিছিল। (আদিপুস্তক ১:২৭) অৰ্থাৎ যিহোৱা ঈশ্বৰে আদমক নিজৰ গুণবোৰৰ সৈতে সৃষ্টি কৰিছিল, যেনে প্ৰেম, প্ৰজ্ঞা, ন্যায় আৰু শক্তি। ইয়াৰ উপৰিও, যিহোৱা ঈশ্বৰে আদমক ৰবটৰ দৰে সৃষ্টি কৰা নাছিল। ইয়াৰ পৰিৱৰ্তে তেওঁক নিজে নিৰ্ণয় ল’বলৈ স্বতন্ত্ৰ ইচ্ছা দিছিল। আদমে ঈশ্বৰৰ আজ্ঞা পালন কৰিব নে নকৰে, তাৰ নিৰ্ণয় নিজে ল’ব পাৰিছিল। তেওঁ যিহোৱা ঈশ্বৰৰ আজ্ঞা পালন কৰা হ’লে, তেওঁ প্ৰমোদবনৰ দৰে সুন্দৰ পৃথিৱীত অনন্ত জীৱন লাভ কৰিলেহেঁতেন।

৬. (ক) যিহোৱা ঈশ্বৰৰ আজ্ঞা পালন নকৰি আদমে কি হেৰুৱালে? (খ) আদমৰ পাপৰপৰা আমাৰ ওপৰত কি প্ৰভাৱ পৰিল?

আদমে যেতিয়া যিহোৱা ঈশ্বৰৰ আজ্ঞা পালন নকৰিলে, তেতিয়া তেওঁক মৃত্যুদণ্ড দিয়া হ’ব বুলি কোৱা হৈছিল। সেইবাবে, তেওঁ সকলো হেৰুৱালে। তেওঁ যিহোৱাৰ লগত বন্ধুত্ব, নিজৰ সিদ্ধ জীৱন আৰু বাগিচাৰ দৰে সুন্দৰ ঘৰো হেৰুৱালে। (আদিপুস্তক ৩:১৭-১৯) আদম আৰু হৱাই জানি-শুনি ঈশ্বৰৰ আজ্ঞা পালন নকৰিলে। সেইবাবে, তেওঁৰ কোনো আশা নাথাকিল। আদমৰ দ্বাৰাই “পাপ, পাপৰ দ্বাৰাই মৃত্যু জগতত সোমাল, আৰু সকলোৱে পাপ কৰাত, সেই মৃত্যু সকলো মানুহলৈকে ব্যাপি গল।” (ৰোমীয়া ৫:১২) আদমৰ পাপৰ পৰিণামস্বৰূপে তেওঁ নিজৰ লগতে আমাকো পাপ আৰু মৃত্যুৰ অধীনত ‘বিক্ৰী’ কৰিলে। (ৰোমীয়া ৭:১৪) আমি এই পাপৰপৰা উদ্ধাৰ পামনে? নিশ্চয়, মুক্তিপণস্বৰূপ বলিদানৰ যোগেদি আমি উদ্ধাৰ পাব পাৰোঁ।

৭, ৮. মুক্তিপণ কি হয়?

মুক্তিপণ কি? এয়া হৈছে আমি কাৰোবাক বন্দীৰপৰা মুকলি কৰিবলৈ ব্যৱহাৰ কৰা মূল্য। বাইবেলত উল্লেখ কৰা মুক্তিপণৰ লগত আন এটা কথা জড়িত আছে। সেয়া হ’ল কাৰোবাৰ ক্ষতিপূৰণ হিচাপে দিয়া সম্পূৰ্ণ দাম।

আদমে পাপ কৰাৰ ফলত আমি যি হেৰুৱাবলগীয়া হ’ল, ইয়াৰ কোনো মানুহে ক্ষতিপূৰণ কৰিব নোৱাৰে। কিন্তু যিহোৱা ঈশ্বৰে আমাক পাপ আৰু মৃত্যুৰ কবলৰপৰা উদ্ধাৰ কৰিবলৈ মুক্তিপণৰ ব্যৱস্থা কৰিলে। আহক চাওঁ, মুক্তিপণ কেনেকৈ দিয়া হ’ল আৰু ইয়াৰপৰা আমি কেনেকৈ লাভৱান হ’ব পাৰোঁ।

যিহোৱাই মুক্তিপণৰ ব্যৱস্থা কেনেকৈ কৰিলে

৯. কেনেধৰণৰ মুক্তিপণৰ প্ৰয়োজন আছিল?

আদম সিদ্ধ আছিল অৰ্থাৎ তেওঁত কোনো পাপ বা খুঁত নাছিল। কিন্তু আমি সকলো পাপী হওঁ, সেইবাবে আদমে হেৰুৱা জীৱনৰ মূল্য আমি কোনেও দিব নোৱাৰোঁ। (গীতমালা ৪৯:৭, ৮) মুক্তিপণৰ বাবে এক সিদ্ধ জীৱন দিয়াৰ প্ৰয়োজন আছিল। ইয়াক বাইবেলত ‘মুক্তিৰ মূল্যস্বৰূপ’ বুলি কোৱা হৈছে। (১ তীমথিয় ২:৬) মুক্তিপণৰ বাবে এনে এক মূল্যৰ প্ৰয়োজন আছিল, যাৰ মূল্য আদমে হেৰুৱা সিদ্ধ জীৱনৰ সমতুল্য হ’ব লাগিছিল।

১০. যিহোৱা ঈশ্বৰে মুক্তিপণৰ ব্যৱস্থা কেনেকৈ কৰিছিল?

১০ যিহোৱা ঈশ্বৰে মুক্তিপণৰ ব্যৱস্থা কেনেকৈ কৰিছিল? তেওঁ নিজৰ অতি মৰমৰ পুত্ৰ যীচুক এই পৃথিৱীলৈ পঠিয়ালে, যি যিহোৱা ঈশ্বৰৰ প্ৰথম সৃষ্টি আছিল। (১ যোহন ৪:৯, ১০) যীচুৱে নিজৰ পিতৃ আৰু নিজৰ ঘৰ অৰ্থাৎ স্বৰ্গ এৰি এই পৃথিৱীলৈ আহিবলৈ মান্তি হ’ল। (ফিলিপীয়া ২:৭) তেতিয়া যিহোৱা ঈশ্বৰে যীচু খ্ৰীষ্টৰ জীৱন, এগৰাকী কুমাৰীৰ গৰ্ভত স্থানান্তৰ কৰিলে আৰু যীচু এজন সিদ্ধ ব্যক্তিৰূপে জন্ম হ’ল অৰ্থাৎ তেওঁত কোনো পাপ নাছিল।—লূক ১:৩৫.

যিহোৱাই তেওঁৰ একমাত্ৰ পুত্ৰক আমাৰ বাবে মুক্তিপণস্বৰূপে বলিদান আগবঢ়ালে

১১. এজন ব্যক্তিয়ে গোটেই মানৱজাতিৰ বাবে কেনেকৈ মুক্তিপণ দিব পাৰিলে?

১১ প্ৰথম ব্যক্তি আদমে ঈশ্বৰৰ আজ্ঞা পালন নকৰি সকলো মানৱজাতিৰ বাবে সিদ্ধ জীৱন হেৰুৱালে। আদমৰ সকলো সন্তানসকলক মৃত্যুৰপৰা উদ্ধাৰ কৰিব পৰা এনে কোনো ব্যক্তি আছেনে? নিশ্চয়! (ৰোমীয়া ৫:১৯ পঢ়ক।) যীচুৱে এই পৃথিৱীত থকাৰ সময়ত কোনো পাপ কৰা নাছিল। সেইবাবে, তেওঁ মুক্তিপণৰ বাবে নিজৰ সিদ্ধ জীৱন দিব পাৰিলে। (১ কৰিন্থীয়া ১৫:৪৫) তেওঁৰ সিদ্ধ জীৱনে আদমৰ সকলো সতি-সন্ততিক মৃত্যুৰ কবলৰপৰা উদ্ধাৰ কৰিব পাৰে।—১ কৰিন্থীয়া ১৫:২১, ২২.

১২. যীচুৱে কিয় ইমান যাতনা ভুগিবলগীয়া হৈছিল?

১২ বাইবেলত উল্লেখ আছে যে যীচুৰ মৃত্যু হোৱাৰ আগত তেওঁক বহুতো তাড়না ভুগিবলগীয়া হৈছিল। তেওঁক চাবুকেৰে কোবোৱা হৈছিল, ভৰিত গঁজাল মাৰি যাতনা স্তম্ভত আৰি দিয়া হৈছিল, যাৰ বাবে তেওঁ লাহে লাহে কষ্ট ভুগি মৃত্যু হৈছিল। (যোহন ১৯:১, ১৬-১৮, ৩০) যীচুক কিয় ইমান যাতনা ভুগিবলগীয়া হৈছিল? কিয়নো চয়তানে দাবী কৰিছিল যে কোনো ব্যক্তিয়ে কঠিন পৰীক্ষাৰ সময়ত ঈশ্বৰৰ প্ৰতি বিশ্বাসী হৈ নাথাকে। এজন ব্যক্তিৰ ওপৰত যিমানেই পৰীক্ষা নাহক কিয়, যীচুৱে প্ৰমাণ কৰিলে যে তেওঁ ঈশ্বৰৰ বিশ্বাসী হৈ থাকিব পাৰে। কল্পনা কৰক যে যিহোৱা ঈশ্বৰে নিজৰ পুত্ৰৰ ওপৰত কিমান গৌৰৱ অনুভৱ কৰিলে!—গীতমালা ২৭:১১; “ক্ৰুচ” চাওক।

১৩. মুক্তিপণ কেনেকৈ দিয়া হৈছিল?

১৩ মুক্তিপণ কেনেকৈ দিয়া হ’ল? যিহুদী কেলেণ্ডাৰৰ অনুসৰি ৩৩ খ্ৰীষ্টাব্দৰ, নিচান মাহৰ ১৪ তাৰিখে যিহোৱাই যীচুক শত্ৰুৰ হাতত মৃত্যু হ’বলৈ এৰি দিলে। (ইব্ৰী ১০:১০) তিনি দিনৰ পাছত তেওঁ যীচুক জীৱিত কৰিলে, কিন্তু মানৱীয় শৰীৰে নহয়, আত্মিকৰূপে তেওঁক জীৱিত কৰিলে। পাছত যেতিয়া যীচু নিজৰ পিতৃৰ ওচৰত উভতি গ’ল, তেতিয়া তেওঁ মুক্তিপণস্বৰূপ বলিদানৰূপে নিজৰ সিদ্ধ শৰীৰ যিহোৱাক আগবঢ়ালে। (ইব্ৰী ৯:২৪) কিয়নো এতিয়া মুক্তিপণ আগবঢ়োৱাৰ বাবে আমি পাপ আৰু মৃত্যুৰপৰা উদ্ধাৰ পাব পাৰোঁ।—ৰোমীয়া ৩:২৩, ২৪ পঢ়ক।

মুক্তিপণৰপৰা আপুনি কেনেকৈ লাভৱান হ’ব পাৰে

১৪, ১৫. আমি পাপৰপৰা ক্ষমা পাবলৈ কি কৰা উচিত?

১৪ যিহোৱা ঈশ্বৰে দিয়া এই মহান উপহাৰৰ বহুতো লাভ আছে। এই মুক্তিপণৰপৰা আমি বৰ্তমান আৰু ভৱিষ্যতে কেনেকৈ লাভৱান হ’ব পাৰোঁ, আহক আমি ইয়াৰ বিষয়ে চাওঁ।

১৫ আমি পাপৰপৰা ক্ষমা পাওঁ। সকলো সময়তে ভাল কাম কৰিবলৈ সহজ নহয়। হয়তো নিজৰ কাম বা কথাৰ যোগেদি আমি সকলোৱে ভুল কৰোঁ। (কলচীয়া ১:১৩, ১৪) আমি পাপৰপৰা ক্ষমা পাবলৈ কি কৰা উচিত? আমি নিজৰ পাপৰ বাবে অনুতাপ কৰা উচিত আৰু নম্ৰভাৱে যিহোৱাৰপৰা ক্ষমা বিচৰা উচিত। এনে কৰিলে, আমি বিশ্বাস কৰিব পাৰোঁ যে যিহোৱাই আমাৰ পাপ ক্ষমা কৰিব।—১ যোহন ১:৮, ৯.

১৬. শুদ্ধ বিবেক বজাই ৰাখিবলৈ আমি কি কৰা উচিত?

১৬ আমাৰ বিবেক শুদ্ধ হ’ব পাৰে। যেতিয়া আমাৰ বিবেকে আমি ভুল কৰিছোঁ বুলি উনুকিয়াই দিয়ে, তেতিয়া আমি নিজকে দোষী অনুভৱ কৰোঁ। ইয়াৰ বাবে আমি হয়তো নিৰাশ হ’ব পাৰোঁ আৰু নিজকে কোনো কামৰ যোগ্য নহওঁ বুলি ভাবিব পাৰোঁ। কিন্তু আমি হতাশ হোৱাৰ প্ৰয়োজন নাই। যদি আমি যিহোৱাক ক্ষমা বিচাৰোঁ, তেন্তে আমি বিশ্বাস কৰিব পাৰোঁ যে তেওঁ আমাৰ প্ৰাৰ্থনা শুনিব আৰু আমাক ক্ষমা কৰিব। (ইব্ৰী ৯:১৩, ১৪) আমি নিজৰ সমস্যা আৰু নিজৰ দুৰ্বলতাৰ বিষয়ে যিহোৱা ঈশ্বৰক জনোৱাটো তেওঁ বিচাৰে। (ইব্ৰী ৪:১৪-১৬) পৰিণামস্বৰূপে, আমি শুদ্ধ বিবেকেৰে যিহোৱা ঈশ্বৰৰ কাষ চাপিব পাৰোঁ।

১৭. যীচুৱে নিজৰ জীৱন আমাৰ বাবে বলিদান দিয়াৰ বাবে আমি কি আশা কৰিব পাৰোঁ?

১৭ আমি অনন্ত জীৱনৰ আশা পাওঁ। “কিয়নো পাপৰ বেচ মৃত্যু; কিন্তু ঈশ্বৰে দিয়া বৰ, আমাৰ প্ৰভু খ্ৰীষ্ট্‌ যীচুৰ দ্বাৰাই অনন্ত জীৱন।” (ৰোমীয়া ৬: ২৩) যীচুৱে আমাৰ বাবে নিজৰ জীৱন বলিদান দিলে। সেইবাবে, আমি অনন্ত জীৱন আৰু সুস্থ শৰীৰ লাভ কৰিম বুলি আশা কৰিব পাৰোঁ। (প্ৰকাশিত বাক্য ২১:৩, ৪) কিন্তু এই আশীৰ্বাদ পাবলৈ আমি কি কৰা উচিত?

আপুনি মুক্তিপণৰ প্ৰতি কৃতজ্ঞতা দেখুৱাবনে?

১৮. আমি কেনেকৈ জানিব পাৰোঁ যে যিহোৱাই আমাক প্ৰেম কৰে?

১৮ চিন্তা কৰক, যদি আপোনাক কোনোবাই এটা ভাল উপহাৰ দিয়ে, তেন্তে আপুনি তেওঁৰ প্ৰতি কৃতজ্ঞতা নেদেখুৱাবনে? মুক্তিপণ যিহোৱাৰ ফালৰপৰা আটাইতকৈ মূল্যৱান উপহাৰ। সেইবাবে, আমি তেওঁৰ প্ৰতি কৃতজ্ঞতা দেখুৱা উচিত। যোহন ৩:১৬ পদত এইদৰে উল্লেখ কৰিছে: “ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে, তেওঁ নিজৰ একমাত্ৰ পুত্ৰকে দান কৰিলে।” নিশ্চয়, যিহোৱা ঈশ্বৰে আমাক ইমানেই প্ৰেম কৰিলে যে তেওঁ নিজৰ একমাত্ৰ পুত্ৰক আমাৰ বাবে বলিদান দিলে। আমি জানো যে যীচুৱেও আমাক প্ৰেম কৰে, কিয়নো তেওঁ আমাৰ বাবে স্ব-ইচ্ছাৰে নিজৰ জীৱন দিলে। (যোহন ১৫:১৩) মুক্তিপণৰ উপহাৰৰ বাবে আপুনি বিশ্বাস কৰা উচিত যে যিহোৱা আৰু যীচুৱে আপোনাক সঁচাকৈ প্ৰেম কৰে।—গালাতীয়া ২:২০.

যিহোৱাৰ বিষয়ে আমি যিমানেই শিকি থাকিম, সিমানেই আমি তেওঁৰ ভাল বন্ধু হ’ব পাৰিম আৰু তেওঁৰ প্ৰতি আমাৰ প্ৰেম গভীৰ হ’ব

১৯, ২০. (ক) আপুনি যিহোৱাৰ বন্ধু কেনেকৈ হ’ব পাৰে? (খ) আপুনি মুক্তিপণ বলিদানৰ প্ৰতি কৃতজ্ঞতা কেনেকৈ দেখুৱাব পাৰে?

১৯ আপুনি শিকিলে যে যিহোৱা ঈশ্বৰে আপোনাক প্ৰেম কৰে। গতিকে, আপুনি তেওঁৰ বন্ধু কেনেকৈ হ’ব পাৰে? কাৰোবাৰ লগত বন্ধুত্ব কৰাৰ আগতে, তেওঁৰ বিষয়ে জনা উচিত। যোহন ১৭:৩ পদত উল্লেখ আছে যে আমি যিহোৱা ঈশ্বৰক জানিব পাৰোঁ। আপুনি যেতিয়া যিহোৱাৰ বিষয়ে শিকিব, তেতিয়া যিহোৱাৰ প্ৰতি আপোনাৰ প্ৰেম আৰু গভীৰ হ’ব, আপুনি তেওঁক সন্তুষ্ট কৰিব বিচাৰিব আৰু তেওঁৰ বন্ধু হ’ব। সেইবাবে, বাইবেলৰপৰা যিহোৱাৰ বিষয়ে শিকি থাকক।—১ যোহন ৫:৩.

২০ যীচুৰ মুক্তিপণ বলিদানৰ প্ৰতি কৃতজ্ঞতা দেখুৱাক। বাইবেলে এইদৰে উল্লেখ কৰিছে: “পুত্ৰত বিশ্বাস কৰা জনৰ অনন্ত জীৱন আছে।” (যোহন ৩:৩৬) বিশ্বাস কৰাৰ অৰ্থ কি? ইয়াৰ অৰ্থ হৈছে যীচুৱে আমাক যি শিকালে, তাক পালন কৰা। (যোহন ১৩:১৫) কেৱল যীচুক বিশ্বাস কৰিছোঁ বুলি ক’লেই যথেষ্ট নহয়। কিন্তু মুক্তিপণৰ বাবে কৃতজ্ঞতা দেখুৱাবলৈ আমি নিজৰ বিশ্বাস কামৰ যোগেদি দেখুৱা উচিত। যাকোব ২:২৬ পদত উল্লেখ আছে যে “কৰ্ম্ম-বিহীন বিশ্বাসো মৰা।”

২১, ২২. (ক) আমি প্ৰতিবছৰে যীচুৰ মৃত্যুৰ স্মৰণীয় দিনত কিয় উপস্থিত হোৱা উচিত? (খ) আমি ৬ আৰু ৭ অধ্যায়ত কিহৰ বিষয়ে আলোচনা কৰিম?

২১ স্মৰণীয় দিনত উপস্থিত হওঁক। মৃত্যুৰ আগনিশা যীচুৱে কৈছিল যে আমি তেওঁৰ মৃত্যুৰ দিনটো পালন কৰা উচিত। আমি প্ৰতিবছৰে এই দিনটো পালন কৰোঁ। এই দিনটোক স্মৰণীয় দিন বা “প্ৰভুৰ ভোজ” বুলি কোৱা হয়। (১ কৰিন্থীয়া ১১:২০; মথি ২৬:২৬-২৮) যীচুৰ এই বলিদাৰ দিনটো আমি প্ৰতিবছৰে মনত পেলোৱাটো তেওঁ বিচাৰে। তেওঁ কৈছিল: “মোক সুৱিৰবলৈ ইয়াকে কৰা।” (লূক ২২:১৯ পঢ়ক।) আপুনি এই স্মৰণীয় দিনত উপস্থিত হোৱাৰ যোগেদি মুক্তিপণৰ প্ৰতি কৃতজ্ঞতা দেখুৱাব পাৰে। ইয়াৰ উপৰিও, যিহোৱা আৰু যীচুৱে মহান প্ৰেমৰ যি প্ৰমাণ দিলে, তাৰ প্ৰতিও আপুনি কৃতজ্ঞতা দেখুৱাব।—“স্মৰণীয়” চাওক।

২২ মুক্তিপণতকৈ আৰু মহান উপহাৰ নাই! (২ কৰিন্থীয়া ৯:১৪, ১৫) মৃত্যু হোৱা লাখ লাখ লোকেও এই উপহাৰৰপৰা লাভৱান হ’ব। কেনেকৈ বাৰু? ইয়াৰ বিষয়ে ৬ আৰু ৭ অধ্যায়ত আলোচনা কৰা হ’ব।