Skip to content

Skip to table of contents

সাত অধ্যায়

মৃত লোকসকলক পুনৰ জীৱিত কৰা হ’ব!

মৃত লোকসকলক পুনৰ জীৱিত কৰা হ’ব!

১-৩. (ক) আমি সকলোৱে কাৰ কবলত আছোঁ? (খ) যিহোৱাই আমাক সেই কবলৰপৰা কেনেকৈ মুক্ত কৰিব?

কল্পনা কৰক, আপুনি যি অপৰাধ কৰা নাই, সেই অপৰাধৰ বাবে আপোনাক গোটেই জীৱন জেলত শাস্তি দিয়া হৈছে। এনে পৰিস্থিতিত আপুনি হয়তো নিৰাশ অনুভৱ কৰিব পাৰে। আপুনি হয়তো ভাবিব পাৰে যে জেলৰপৰা কেতিয়াও মুক্ত হ’ব নোৱাৰিব। কিন্তু আপুনি গম পালে যে এজন ব্যক্তিয়ে আপোনাক জেলৰপৰা মুক্ত কৰিব পাৰে আৰু তেওঁ আপোনাক মুক্ত কৰিম বুলি প্ৰতিজ্ঞা কৰিছে! এই কথা জানি আপোনাৰ কেনে লাগিব?

আমি সকলোৱে মৃত্যুৰ কবলত আছোঁ। আমি যিয়ে নকৰোঁ কিয় আমি সেই মৃত্যুৰ কবলৰপৰা মুক্ত হ’ব নোৱাৰোঁ। কিন্তু আমাক মুক্ত কৰিবলৈ যিহোৱাৰ ওচৰত শক্তি আছে। তেওঁ প্ৰতিজ্ঞা কৰিছে: “শেষ শত্ৰু যি মৃত্যু, তাকো লোপ কৰা হ’ব।”—১ কৰিন্থীয়া ১৫:২৬.

কল্পনা কৰকচোন, যেতিয়া মৃত্যু নাথাকিব, তেতিয়া কিমান যে আনন্দময় পৰিৱেশ হ’ব। কিন্তু যিহোৱাই কেৱল মৃত্যুক নাইকিয়া কৰিব এনে নহয়, তেওঁ মৃত লোকসকলকো পুনৰ জীৱিত কৰিব। ইয়াৰ অৰ্থ আপুনি জানেনে? মৃত্যু হোৱা আমাৰ আপোনজনাক আমি পুনৰ লগ পাম! যিহোৱা ঈশ্বৰে প্ৰতিজ্ঞা কৰিছে যে যি লোকসকলৰ মৃত্যু হৈছে, তেওঁ সেই লোকসকলক পুনৰ জীৱিত কৰিব।—যিচয়া ২৬:১৯.

যেতিয়া আপোনজনাৰ মৃত্যু হয়

৪. (ক) যেতিয়া পৰিয়ালৰ কোনো সদস্য বা আমাৰ প্ৰিয় বন্ধুৰ মৃত্যু হয়, তেতিয়া আমি ক’ৰপৰা শান্ত্বনা লাভ কৰিব পাৰোঁ? (খ) যীচুৰ বন্ধুসকল কোন আছিল?

যেতিয়া আমাৰ পৰিয়ালৰ কোনো সদস্য বা আমাৰ প্ৰিয় বন্ধুৰ মৃত্যু হয়, তেতিয়া আমি দুখ বা বেদনা সহ্য কৰিব নোৱাৰোঁ। আমি ভাবোঁ, যদি মই তেওঁক ঘূৰাই আনিব পৰাহ’লে! কিন্তু আমি একো কৰিব নোৱাৰোঁ। এনে পৰিস্থিতিত বাইবেলে আমাক শান্ত্বনা দিয়ে। (২ কৰিন্থীয়া ১:৩, ৪ পঢ়ক।) এটা উদাহৰণলৈ লক্ষ্য কৰক, যিয়ে দেখুৱায় যে যিহোৱা আৰু যীচুৱে আমাৰ সেই মৃত্যু হোৱা আপোনজনাক জীৱিত কৰিব বিচাৰে। যীচুৱে পৃথিৱীত থাকোতে লাজাৰ, মৰিয়ম আৰু মাৰ্থাৰ ঘৰলৈ প্ৰায়েই গৈছিল আৰু এই তিনিজন যীচুৰ ভাল বন্ধু আছিল। বাইবেলে উল্লেখ কৰিছে যে যীচুৱে তেওঁলোকক “প্ৰেম কৰিছিল।” এদিনাখন হঠাতে লাজাৰৰ মৃত্যু হ’ল।—যোহন ১১:৩-৫.

৫, ৬. (ক) মাৰ্থা, মৰিয়ম আৰু বন্ধুসকলক কান্দি থকা দেখি, যীচুৱে কি কৰিছিল? (খ) এজন ব্যক্তিৰ মৃত্যুত যীচুৱে দুখ আৰু বেদনা প্ৰকাশ কৰে, তাক জানি আমি কিয় শান্ত্বনা লাভ কৰিব পাৰোঁ?

যীচুৱে মাৰ্থা আৰু মৰিয়মক শান্ত্বনা দিবলৈ গৈছিল। যেতিয়া মাৰ্থাই শুনিলে যে যীচু আহিছে, তেতিয়া তাই যীচুক লগ কৰিবলৈ নগৰৰ বাহিৰলৈ গৈছিল। যীচুক দেখি তাই আনন্দিত হৈছিল, কিন্তু তাই ক’লে: “হে প্ৰভু, আপুনি ইয়াত থকা হলে মোৰ ভাই নমৰিলহেঁতেন।” মাৰ্থাই ভাবিছিল যে যীচুৱে অহা দেৰি কৰিলে। সেইসময়ত যীচুৱে মৰিয়ম আৰু আন লোকসকলক কান্দি থকা দেখিলে। এয়া দেখি যীচুৰ বৰ বেজাৰ লাগিছিল আৰু যীচুৱেও কান্দিছিল। (যোহন ১১:২১, ৩৩, ৩৫) আপোনজনাৰ মৃত্যুৰ বেদনা যীচুৱে অনুভৱ কৰিব পাৰিছিল।

যীচুৱে আমাৰ দুখ আৰু বেদনা বুজি পায়। এয়া জানি আমি শান্ত্বনা নাপাওঁনে? যীচু নিজৰ পিতৃৰ দৰে আছিল, সেইবাবে আমি ভৰসা কৰিব পাৰোঁ যে তেওঁৰ পিতৃ যিহোৱা ঈশ্বৰেও আমাৰ দুখ আৰু বেদনা বুজি পায়। (যোহন ১৪:৯) যিহোৱাৰ ওচৰত সদায় দিনৰ বাবে মৃত্যুক নাইকিয়া কৰিব পৰা শক্তি আছে আৰু তেওঁ অতি সোনকালে এনে কৰিব।

“লাজাৰ, বাহিৰলৈ আহাঁ!”

৭, ৮. (ক) গুহাৰপৰা শিলচটা আঁতৰাই দিয়াটো মাৰ্থাই কিয় বিচৰা নাছিল? (খ) কিন্তু যীচুৱে কি কৰিলে?

লাজাৰৰ মৃতদেহটো এটা গুহাৰ ভিতৰত আছিল আৰু গুহাৰ মুখখন এটা ডাঙৰ শিলেৰে বন্ধ কৰি ৰখা হৈছিল। যীচুৱে গুহাৰ ওচৰলৈ গৈ লোকসকলক এইদৰে কৈছিল: “শিলচটা গুচাই দিয়া।” কিন্তু এনে কৰাটো মাৰ্থাই বিচৰা নাছিল। কিয় বাৰু? কিয়নো লাজাৰৰ মৃত্যু হোৱা চাৰিদিন হৈছিল। (যোহন ১১:৩৯) যীচুৱে কি কৰিবলৈ গৈছিল, তাক মাৰ্থাই জনা নাছিল।

লাজাৰক পুনৰ জীৱিত কৰাৰ সময়ত, তেওঁৰ পৰিয়াল আৰু বন্ধুসকল কিমান আনন্দিত হৈছিল!—যোহন ১১:৩৮-৪৪

শিলচটা আঁতৰাই দিয়াত যীচুৱে এইদৰে কৈছিল: “লাজাৰ, বাহিৰলৈ আহাঁ!” তেতিয়া “সেই মৃতজন, হাতভৰি মৈদামৰ কাপোৰেৰে বন্ধা, আৰু মুখ গামোচাৰে বন্ধা হৈ বাহিৰলৈ আহিল।” (যোহন ১১:৪৩, ৪৪) লাজাৰ পুনৰ জীৱিত হ’ল! এয়া দেখি মাৰ্থা আৰু মৰিয়ম আচৰিত হ’ল। লাজাৰক পুনৰ লগ পাই তেওঁৰ পৰিয়াল আৰু বন্ধুসকলে আনন্দিত হ’ল। এতিয়া তেওঁলোকে লাজাৰক চুব পাৰিছিল আৰু সাবটি ধৰিব পাৰিছিল আৰু তেওঁৰ লগত কথাও পাতিব পাৰিছিল। ই এক ডাঙৰ আচৰিত কাৰ্য্য আছিল! যীচুৱে লাজাৰক জীৱিত কৰিছিল।

“আইটি, মই তোমাক কওঁ, উঠা!”

৯, ১০. (ক) মৃত লোকসকলক জীৱিত কৰিবলৈ যীচুক কোনে শক্তি দিছিল? (খ) মৃত লোকসকলক জীৱিত কৰাৰ ঘটনাবোৰ পঢ়াটো কিয় লাভজনক?

যীচুৱে নিজৰ শক্তিৰে লাজাৰক জীৱিত কৰিছিলনে? নহয়! তেওঁক জীৱিত কৰাৰ আগতে যীচুৱে যিহোৱা ঈশ্বৰলৈ প্ৰাৰ্থনা কৰিছিল। যিহোৱা ঈশ্বৰে যীচুক শক্তি দিলে, যাতে তেওঁ লাজাৰক জীৱিত কৰিব পাৰে। (যোহন ১১:৪১, ৪২ পঢ়ক।) কিন্তু যীচুৱে কেৱল লাজাৰকে জীৱিত কৰা নাছিল। বাইবেলে উল্লেখ কৰিছে যে তেওঁ যায়ীৰ নামৰ ব্যক্তিজনৰ ১২ বছৰীয়া ছোৱালীজনীকো জীৱিত কৰিছিল। তাইৰ বেছিকৈ বেমাৰ হৈছিল আৰু যায়ীৰে তাইক বচাব বিচাৰিছিল। কিয়নো তাই তেখেতৰ একমাত্ৰ ছোৱালী আছিল। যায়ীৰে নিজৰ ছোৱালীজনীক সুস্থ কৰিবলৈ যীচুক অনুৰোধ কৰিছিল। তেওঁ যীচুৰ লগত কথা পাতি থাকোতেই, কিছুমান মানুহে আহি তেওঁক কৈছিল: “তোমাৰ ছোৱালী মৰিল; গুৰুক আৰু কিয় দুখ দিয়া?” কিন্তু যীচুৱে যায়ীৰক ক’লে: “ভয় নকৰিবা; বিশ্বাস মাথোন কৰা।” তাৰ পাছত তেওঁ যায়ীৰৰ লগত তেওঁৰ ঘৰলৈ গৈছিল। যেতিয়া তেওঁলোকে ঘৰৰ ওচৰত পালেগৈ, তেতিয়া যীচুৱে দেখিলে যে লোকসকলে কান্দি আছে। যীচুৱে তেওঁলোকক ক’লে: “কিয় কন্দা-কটা আৰু ক্ৰন্দন কৰিছা? ছোৱালীটী মৰা নাই, টোপনিতে আছে।” হয়তো ছোৱালীজনীৰ মা-দেউতাই চিন্তিত হৈছিল যে যীচুৱে এইদৰে কিয় কৈছে। যীচুৱে লোকসকলক বাহিৰলৈ পঠিয়ালে আৰু ছোৱালীজনীৰ মা-দেউতাকক লৈ সেই কোঠাত সোমালে, য’ত ছোৱালীজনীক শুৱাই থোৱা হৈছিল। যীচুৱে ছোৱালীজনীৰ হাতত ধৰি তাইক ক’লে: “আইটি মই তোমাক কওঁ, উঠা।” তাই লগে লগে উঠি খোজকাঢ়িবলৈ ধৰিলে। এয়া দেখি তাইৰ মা-দেউতাই বৰ আনন্দিত হ’ল! যীচুৱে তেওঁৰ ছোৱালীজনীক পুনৰ জীৱিত কৰিলে। (মাৰ্ক ৫:২২-২৪, ৩৫-৪২; লূক ৮:৪৯-৫৬) সেইদিনাৰপৰা যেতিয়া তেওঁলোকে সেই ছোৱালীজনীক দেখে, তেওঁলোকে অনুভৱ কৰে যে যিহোৱা ঈশ্বৰে আৰু যীচুৱে তেওঁলোকৰ প্ৰতি কিমান দয়া দেখুৱালে। *

১০ যি লোকসকলক যীচুৱে জীৱিত কৰিছিল, তেওঁলোকৰ পুনৰ মৃত্যু হৈছিল। তথাপিও এই ঘটনাৰ বিষয়ে পঢ়িলে আমি লাভৱান হওঁ। কিয়নো ইয়াৰপৰা আমি এক প্ৰকৃত আশা লাভ কৰোঁ। যিহোৱা ঈশ্বৰে মৃত লোকসকলক জীৱিত কৰিব বিচাৰে আৰু তেওঁ নিশ্চয় কৰিব।

এই সত্য ঘটনাবোৰৰপৰা আমি কি শিকোঁ

পাঁচনি পিতৰে দৰ্কা নামৰ এজনী শিষ্যক পুনৰ জীৱিত কৰিছিল।—পাঁচনিৰ কৰ্ম্ম ৯:৩৬-৪২

এলিয়াই এগৰাকী বিধৱাৰ পুত্ৰক পুনৰ জীৱিত কৰিছিল। —১ ৰাজাৱলি ১৭:১৭-২৪

১১. উপদেশক ৯:৫ পদৰ অনুসৰি, কবৰত লাজাৰ কি পৰিস্থিতিত আছিল?

১১ বাইবেলে স্পষ্টকৈ উল্লেখ কৰিছে: “মৃত লোকবিলাকে একোকেই নাজানে।” লাজাৰৰ বিষয়েও এই কথা সত্য আছিল। (উপদেশক ৯:৫) যীচুৱে কোৱাৰ দৰে তেওঁ গভীৰ টোপনিত আছিল। (যোহন ১১:১১) কবৰত লাজাৰে ‘একোকেই নাজানিছিল।’

১২. লাজাৰক পুনৰ জীৱিত কৰাৰ কি প্ৰমাণ আছে?

১২ যীচুৱে বহুতো লোকৰ আগত লাজাৰক জীৱিত কৰিছিল। তেওঁৰ শত্ৰুসকলেও এই আচৰিত কাৰ্য্যৰ বিষয়ে জানিছিল। লাজাৰ নিজেই এই ঘটনাৰ প্ৰমাণ আছিল। (যোহন ১১:৪৭) এয়াই নহয়, বহুতো মানুহে লাজাৰক পুনৰ লগ পাই যীচুক যিহোৱা ঈশ্বৰে পঠিয়াইছে বুলি বিশ্বাস কৰিছিল। এয়া দেখি যীচুৰ শত্ৰুসকলৰ খং উঠিছিল। তেওঁলোকে যীচু আৰু লাজাৰক হত্যা কৰিবলৈ পৰিকল্পনা কৰিছিল।—যোহন ১১:৫৩; ১২:৯-১১.

১৩. যিহোৱা ঈশ্বৰে মৃত লোকসকলক জীৱিত কৰিব বুলি আমি কিয় বিশ্বাস কৰিব পাৰোঁ?

১৩ যীচুৱে কৈছিল যে “মৈদামত থকা” সকলো লোকক জীৱিত কৰা হ’ব। (যোহন ৫:২৮) ইয়াৰ অৰ্থ হৈছে যে যিহোৱা ঈশ্বৰে মনত ৰখা সকলো মৃত লোকসকলক তেওঁ জীৱিত কৰিব। কিন্তু ইয়াৰ বাবে তেওঁক সেই মৃত লোকসকলৰ সৰু সৰু কথা মনত ৰাখিব লাগিব। এনে কৰাটো তেওঁৰ বাবে সম্ভৱনে? এই কথালৈ লক্ষ্য কৰক। আকাশত কোটি কোটি তৰা আছে আৰু বাইবেলে উল্লেখ কৰিছে যে তেওঁ এই সকলো তৰাৰ নাম জানে। (যিচয়া ৪০:২৬ পঢ়ক।) যদি তেওঁ প্ৰতিটো তৰাৰ নাম মনত ৰাখিব পাৰে, তেনেহ’লে নিশ্চয় তেওঁ মৃত লোকৰ বিষয়ে সৰু সৰু কথাও মনত ৰাখিব পাৰে। মন কৰিবলগীয়া বিষয় যে যিহোৱা ঈশ্বৰে সকলো বস্তু সৃষ্টি কৰিছে। সেইবাবে, আমি বিশ্বাস কৰিব পাৰোঁ যে তেওঁৰ ওচৰত মৃত লোকক জীৱিত কৰাৰ শক্তি আছে।

১৪, ১৫. ইয়োবে যি উত্তৰ দিছিল, তাৰপৰা আমি যিহোৱাৰ বিষয়ে কি শিকিব পাৰোঁ?

১৪ ঈশ্বৰৰ সেৱক ইয়োবৰ সম্পূৰ্ণ বিশ্বাস আছিল যে মৃত লোকসকলক জীৱিত কৰা হ’ব। তেওঁ যিহোৱা ঈশ্বৰক সুধিলে: “মানুহ মৰিলে পুনৰায় জীব নে?” পুনৰ তেওঁ নিজে যিহোৱা ঈশ্বৰক উত্তৰ দিলে: “তেতিয়া তুমি মাতিবা, আৰু মই উত্তৰ দিম; তেতিয়া তুমি তোমাৰ হাতে কৰা কৰ্ম্মলৈ হাবিয়াহ কৰিবা।” নিশ্চয়, ইয়োবে জানিছিল যে যিহোৱা ঈশ্বৰে সেইসময়ৰ বাবে অপেক্ষা কৰি আছে, যেতিয়া তেওঁ মৃত লোকসকলক পুনৰ জীৱিত কৰিব।—ইয়োব ১৪:১৩-১৫.

১৫ মৃত লোকসকলক পুনৰ জীৱিত কৰাৰ এই আশাৰ বিষয়ে আপুনি কেনে অনুভৱ কৰে? হয়তো আপুনি ভাবিব পাৰে, ‘মোৰ পৰিয়ালবৰ্গ আৰু বন্ধুসকল, যিসকলৰ মৃত্যু হৈছে তেওঁলোকক পুনৰ জীৱিত কৰা হ’বনে?’ যিহোৱা ঈশ্বৰে সঁচাকৈ মৃত লোকসকলক জীৱিত কৰিবলৈ ইচ্ছা কৰে, এই কথাই আমাক শান্ত্বনা দিব পাৰে। কিন্তু তেওঁ কোন লোকসকলক জীৱিত কৰিব আৰু তেওঁলোক ক’ত থাকিব? ইয়াৰ বিষয়ে বাইবেলে কি শিকায়, আহক চাওঁ।

তেওঁলোকে “তেওঁৰ মাত শুনি . . . ওলাব”

১৬. পৃথিৱীত পুনৰ জীৱিত হোৱা লোকসকলৰ জীৱন কেনেকুৱা হ’ব?

১৬ প্ৰাচীন সময়ত যিসকলক জীৱিত কৰা হৈছিল, তেওঁলোকে এই পৃথিৱীত নিজৰ পৰিয়াল আৰু বন্ধুসকলক লগ পালে। ভৱিষ্যতেও এইদৰে হ’ব, কিন্তু পৰিস্থিতি আৰু ভাল হ’ব। যিসকলক জীৱিত কৰা হ’ব, তেওঁলোকে অনন্ত জীৱন লাভ কৰিব। তেওঁলোকৰ আৰু কেতিয়াও মৃত্যু নহ’ব। যুদ্ধ, অপৰাধ আৰু বেমাৰ-আজাৰে ভৰি থকা এই পৃথিৱীত তেওঁলোকক জীৱিত কৰা নহ’ব, ইয়াৰ পৰিৱৰ্তে তেওঁলোকক নতুন পৃথিৱীত জীৱিত কৰা হ’ব।

১৭. কোন লোকসকলক পুনৰ জীৱিত কৰা হ’ব?

১৭ কোন লোকসকলক জীৱিত কৰা হ’ব? যীচুৱে কৈছিল: “মৈদামত থকা সকলোৱে তেওঁৰ মাত শুনি . . . ওলাব।” (যোহন ৫:২৮, ২৯) প্ৰকাশিত বাক্য ২০:১৩ পদত এইদৰে কৈছে: “সাগৰে নিজত থকা মৃতবিলাকক শোধাই দিলে; মৃত্যু আৰু পৰলোকেও নিজত থকা মৃতবিলাকক শোধাই দিলে।” সঁচাকৈ, কোটি কোটি লোকক জীৱিত কৰা হ’ব। পৌলেও কৈছিল: “ধাৰ্ম্মিক অধাৰ্ম্মিক, এই দুবিধ লোকৰ পুনৰুত্থান হব।” (পাঁচনিৰ কৰ্ম্ম ২৪:১৫ পঢ়ক।) ইয়াৰ অৰ্থ কি?

যেতিয়া পৃথিৱীখন প্ৰমোদবনলৈ পৰিৱৰ্তন হ’ব, সেইসময়ত মৃত লোকসকলক পুনৰ জীৱিত কৰা হ’ব আৰু তেওঁলোকে নিজৰ পৰিয়াল আৰু বন্ধুসকলক পুনৰ লগ পাব।

১৮. ‘ধাৰ্ম্মিকসকলৰ’ ভিতৰত কোন লোক জড়িত আছে?

১৮ যীচুৰ জন্মৰ আগতে, এই পৃথিৱীত বিশ্বাসেৰে যিহোৱাৰ উপাসনা কৰা লোকসকলক “ধাৰ্ম্মিক” বুলি কোৱা হৈছিল। উদাহৰণস্বৰূপে, নোহ, অব্ৰাহাম, চাৰা, মোচি, ৰূথ আৰু ইষ্টেৰ। বাইবেলৰ ইব্ৰী নামৰ কিতাপখনৰ ১১ অধ্যায়ত এনে বহুতো বিশ্বাসী লোকৰ বিষয়ে আপুনি পঢ়িব পাৰে। কিন্তু আমাৰ সময়ত যিসকল বিশ্বাসী সেৱকৰ মৃত্যু হৈছে, তেওঁলোকৰ বিষয়নো কি? তেওঁলোকেও “ধাৰ্ম্মিক” হয়, সেইবাবে, তেওঁলোককো জীৱিত কৰা হ’ব।

১৯. (ক) ‘অধাৰ্ম্মিকসকলৰ’ ভিতৰত কোন লোক জড়িত আছে? (খ) যিহোৱা ঈশ্বৰে তেওঁলোকক কি সুযোগ দিব?

১৯ ‘অধাৰ্ম্মিকসকলৰ’ ভিতৰত কোটি কোটি লোক জড়িত আছে, যিসকলে যিহোৱা ঈশ্বৰৰ বিষয়ে শিকিবলৈ সুযোগ নাপালে। যদিও তেওঁলোকৰ মৃত্যু হ’ল, কিন্তু যিহোৱা ঈশ্বৰে তেওঁলোকক পাহৰা নাই। যিহোৱাই তেওঁলোকক জীৱিত কৰিব আৰু তেওঁলোকক তেওঁৰ বিষয়ে শিকিবলৈ আৰু তেওঁৰ উপাসনা কৰিবলৈ সুযোগ দিব।

২০. সকলো লোককে কিয় জীৱিত কৰা নহ’ব?

২০ ইয়াৰ অৰ্থ এইটো নেকি যে যিমান লোকৰ মৃত্যু হৈছে, সেই সকলোকে জীৱিত কৰা হ’ব? নিশ্চয় নহয়। যীচুৱে কৈছিল যে কিছুমান লোকক জীৱিত কৰা নহ’ব। (লূক ১২:৫) এজন ব্যক্তিক জীৱিত কৰা হ’ব নে নহ’ব, ইয়াৰ নিৰ্ণয় কোনে ল’ব? যিহোৱা ঈশ্বৰে যীচুক “জীয়া আৰু মৰা দুয়োৰো বিচাৰকৰ্ত্তা” হ’বলৈ নিযুক্ত কৰিলে। কিন্তু ইয়াৰ অন্তিম নিৰ্ণয় যিহোৱা ঈশ্বৰে ল’ব। (পাঁচনিৰ কৰ্ম্ম ১০:৪২) যদি এজন ব্যক্তিয়ে মৃত্যুৰ আগত বেয়া কাম কৰি অনুতাপ নকৰে, তেনেহ’লে তেওঁক জীৱিত কৰা নহ’ব।—“গেহেনা” চাওক।

কিছুমান লোকক স্বৰ্গত জীৱন দিয়া হ’ব

২১, ২২. (ক) স্বৰ্গত জীৱন পোৱা লোকসকলৰ কেনেধৰণৰ শৰীৰ হ’ব? (খ) স্বৰ্গত জীৱন পোৱা প্ৰথম ব্যক্তিজন কোন আছিল?

২১ বাইবেলে উল্লেখ কৰিছে যে কিছুমান লোক মৃত্যুৰ পাছত স্বৰ্গলৈ যাব। তেওঁলোকক মানৱীয় শৰীৰ নহয় আত্মিক শৰীৰ দিয়া হ’ব।

২২ স্বৰ্গত জীয়াই থাকিবলৈ জীৱিত কৰা প্ৰথম ব্যক্তিজনৰ নাম হৈছে যীচু খ্ৰীষ্ট। (যোহন ৩:১৩) যীচুৰ মৃত্যুৰ তিনিদিনৰ পাছত, যিহোৱা ঈশ্বৰে তেওঁক পুনৰ জীৱিত কৰিছিল। (গীতমালা ১৬:১০; পাঁচনিৰ কৰ্ম্ম ১৩:৩৪, ৩৫) কিন্তু তেওঁক মানৱীয় শৰীৰ দিয়া নাছিল। যীচুৰ এজন শিষ্য পিতৰে বুজালে যে যেতিয়া যীচু “মাংসত হত হল, কিন্তু আত্মাত হলে পুনৰ্জীৱিত হল।” (১ পিতৰ ৩:১৮) যীচুক এজন শক্তিশালী স্বৰ্গদূত হিচাপে পুনৰ জীৱিত কৰা হৈছিল। (১ কৰিন্থীয়া ১৫:৩-৬) কিন্তু বাইবেলত উল্লেখ আছে যে স্বৰ্গত জীৱন পোৱা কেৱল যীচু খ্ৰীষ্টই নহয়, আন কিছুমান লোককো স্বৰ্গত জীৱন দিয়া হ’ব।

২৩, ২৪. (ক) কোন লোকসকলক স্বৰ্গত পুনৰ জীৱিত কৰা হ’ব? (খ) ‘তাকৰ জাকটিৰ’ সংখ্যা কিমান?

২৩ মৃত্যুৰ আগমুহূৰ্তত যীচুৱে নিজৰ বিশ্বাসী শিষ্যসকলক এইদৰে কৈছিল: “মই তোমালোকলৈ ঠাই যুগুত কৰিবলৈ যাওঁ।” (যোহন ১৪:২) ইয়াৰ অৰ্থ হৈছে, তেওঁৰ কিছুমান শিষ্যসকলক স্বৰ্গত তেওঁৰ লগত থাকিবলৈ পুনৰ জীৱিত কৰা হ’ব। কিন্তু কিমান লোকক? যীচুৱে কৈছিল: “তাকৰ জাকটি।” ইয়াৰ অৰ্থ হৈছে স্বৰ্গত জীৱিত হোৱা লোকসকলৰ সংখ্যা কম হ’ব। (লূক ১২:৩২) যীচুৰ এজন শিষ্য যোহনে ইয়াৰ সঠিক সংখ্যাৰ বিষয়ে কৈছিল। তেওঁ এক দৰ্শন দেখিছিল যে যীচু খ্ৰীষ্টই “চিয়োন পৰ্ব্বতৰ ওপৰত থিয় হৈ আছিল; আৰু তেওঁৰ লগত এক লাখ চৌৱাল্লিশ হাজাৰ লোক আছিল।”—প্ৰকাশিত বাক্য ১৪:১.

২৪ এই ১,৪৪,০০০ জন লোকক স্বৰ্গত কেতিয়া পুনৰ জীৱিত কৰা হ’ব? বাইবেলে উল্লেখ কৰিছে যে যেতিয়া যীচু খ্ৰীষ্টই স্বৰ্গত ৰাজত্ব কৰিব, তেতিয়াৰেপৰা তেওঁলোকক স্বৰ্গত পুনৰ জীৱিত কৰা হ’ব। (১ কৰিন্থীয়া ১৫:২৩) আজি আমি সেইসময়ছোৱাত জীয়াই আছোঁ য’ত ১,৪৪,০০০ জনৰ ভিতৰত বহু সংখ্যক লোকক স্বৰ্গত পুনৰ জীৱিত কৰা হ’ল। বৰ্তমানে পৃথিৱীত জীয়াই থকা লোকসকলৰ যেতিয়া মৃত্যু হয়, তেতিয়া তেওঁলোকক লগে লগে স্বৰ্গত পুনৰ জীৱিত কৰা হয়। কিন্তু বেছি সংখ্যক মৃত লোকসকলক এই পৃথিৱীত হ’বলগীয়া প্ৰমোদবনত পুনৰ জীয়াই তোলা হ’ব।

২৫. পৰৱৰ্তী অধ্যায়ত কিহৰ বিষয়ে আলোচনা কৰা হ’ব?

২৫ অতি সোনকালে যিহোৱা ঈশ্বৰে মানৱজাতিক মৃত্যুৰ কবলৰপৰা মুক্ত কৰিব! (যিচয়া ২৫:৮ পঢ়ক।) কিন্তু যিসকলে স্বৰ্গলৈ যাব, তেওঁলোকে তাত কি কৰিব? বাইবেলে বৰ্ণনা কৰে যে তেওঁলোকে যীচুৰ সৈতে শাসন কৰিব। এই ৰাজ্যৰ বিষয়ে পৰৱৰ্তী অধ্যায়ত আলোচনা কৰা হ’ব।

^ অনু. 9 বাইবেলত মৃত লোকসকলক পুনৰ জীৱিত কৰা আৰু বহুতো সত্য ঘটনা উল্লেখ আছে। ইয়াত কোৱা হৈছে যে কেনেকৈ বৃদ্ধ-ডেকা, পুৰুষ-স্ত্ৰী, ইস্ৰায়েলী আৰু বিদেশীসকলক মৃত্যুৰপৰা পুনৰ জীৱিত কৰা হৈছিল। আপুনি এই ঘটনাবোৰৰ বৰ্ণনা এই পদবোৰত পঢ়িব পাৰে: ১ ৰাজাৱলি ১৭:১৭-২৪; ২ ৰাজাৱলি ৪:৩২-৩৭; ১৩:২০, ২১; মথি ২৮:৫-৭; লূক ৭:১১-১৭; ৮:৪০-৫৬; পাঁচনিৰ কৰ্ম্ম ৯:৩৬-৪২; ২০:৭-১২.