Skip to content

Skip to table of contents

দহ অধ্যায়

স্বৰ্গদূতৰ বিষয়ে সত্যতা

স্বৰ্গদূতৰ বিষয়ে সত্যতা

১. স্বৰ্গদূতৰ বিষয়ে আমি কিয় জনা উচিত?

যিহোৱা ঈশ্বৰৰ এটা পৰিয়াল আছে, আমি তেওঁৰ পৰিয়ালৰ লগত চিনাকী হোৱাটো তেওঁ বিচাৰে। তেওঁৰ পৰিয়াল হৈছে স্বৰ্গদূতসকল। বাইবেলত তেওঁলোকক ‘ঈশ্বৰৰ সন্তান’ বুলি কোৱা হৈছে। (ইয়োব ৩৮:৬) স্বৰ্গদূতসকলে কি কাম কৰে? তেওঁলোকে প্ৰাচীন সময়ত লোকসকলক কেনেকৈ সহায় কৰিছিল? আজি তেওঁলোকে আমাক সহায় কৰিব পাৰেনে?—“স্বৰ্গদূত” চাওক।

২. (ক) স্বৰ্গদূতক কোনে সৃষ্টি কৰিলে? (খ) ঈশ্বৰে কিমান স্বৰ্গদূতক সৃষ্টি কৰিছিল?

প্ৰথমতে, স্বৰ্গদূতক কোনে সৃষ্টি কৰিলে, তাৰ বিষয়ে আমাক জনাৰ প্ৰয়োজন। কলচীয়া ১:১৬ পদত উল্লেখ কৰিছে যে যীচু খ্ৰীষ্টক সৃষ্টি কৰাৰ পাছত “স্বৰ্গত আৰু পৃথিবীত” বাকী সকলো সৃষ্টি কৰা হ’ল। ইয়াত স্বৰ্গদূতো জড়িত আছে। ঈশ্বৰে কিমান স্বৰ্গদূতক সৃষ্টি কৰিলে। বাইবেলত উল্লেখ আছে যে স্বৰ্গদূতৰ সংখ্যা কোটি কোটি আছে।—গীতমালা ১০৩:২০; প্ৰকাশিত বাক্য ৫:১১.

৩. ইয়োব ৩৮:৪-৭ পদৰপৰা স্বৰ্গদূতৰ বিষয়ে আমি কি শিকিবলৈ পাওঁ?

বাইবেলে উল্লেখ কৰিছে যে পৃথিৱীক সৃষ্টি কৰাৰ বহুবছৰ আগতে স্বৰ্গদূতসকলক সৃষ্টি কৰিছিল। যেতিয়া ঈশ্বৰে পৃথিৱীখন সৃষ্টি কৰিছিল, তেতিয়া এয়া দেখি স্বৰ্গদূতসকলে কেনে অনুভৱ কৰিছিল? ইয়োব নামৰ কিতাপখনত উল্লেখ আছে যে তেওঁলোকে “জয়-ধ্বনি” কৰিছিল। যিহোৱাৰ এই পৰিয়ালৰ মাজত একতা আছিল আৰু সকলো স্বৰ্গদূতে তেওঁক উপাসনা কৰিছিল।—ইয়োব ৩৮:৪-৭.

স্বৰ্গদূতে ঈশ্বৰৰ লোকসকলক সহায় কৰে

৪. স্বৰ্গদূতে লোকসকলৰ প্ৰতি আগ্ৰহ দেখুৱায় বুলি আমি কেনেকৈ জানিব পাৰোঁ?

স্বৰ্গদূতসকলে সদায় লোকসকলৰ প্ৰতি আগ্ৰহ দেখুৱায়। যিহোৱা ঈশ্বৰে যি উদ্দেশ্যৰে পৃথিৱী আৰু মানৱজাতিক সৃষ্টি কৰিছিল, সেই উদ্দেশ্য কেনেকৈ পূৰ হ’ব স্বৰ্গদূতসকলে চাব বিচাৰে। (হিতোপদেশ ৮:৩০, ৩১; ১ পিতৰ ১:১১, ১২) যেতিয়া আদম আৰু হৱাই যিহোৱা ঈশ্বৰৰ আজ্ঞা পালন নকৰিলে, তেতিয়া হয়তো স্বৰ্গদূতসকলক দুখ লাগিছিল। আজি বেছিভাগ লোকে যিহোৱা ঈশ্বৰৰ আজ্ঞা পালন নকৰা দেখিও তেওঁলোকক দুখ লাগিব পাৰে। যদি কোনোবাই অনুতাপ কৰে আৰু ঈশ্বৰৰ ওচৰলৈ উভতি আহে, তেতিয়া তেওঁলোকে বহুত আনন্দিত হয়। (লূক ১৫:১০) যিহোৱা ঈশ্বৰৰ সেৱকসকলৰ প্ৰতি স্বৰ্গদূতসকলে বহুত আগ্ৰহ দেখুৱায়। সেইবাবে, যিহোৱা ঈশ্বৰে তেওঁলোকৰ জড়িয়তে পৃথিৱীত থকা নিজৰ সেৱকসকলক সহায় আৰু ৰক্ষা কৰে। (ইব্ৰী ১:৭, ১৪) আহক কিছুমান উদাহৰণ চাওঁ।

“ঈশ্বৰে তেওঁৰ দূত পঠাই সিংহবোৰৰ মুখ বন্ধ কৰিলে”—দানিয়েল ৬:২২

৫. প্ৰাচীন সময়ত স্বৰ্গদূতসকলে ঈশ্বৰৰ সেৱকসকলক কেনেকৈ সহায় কৰিছিল?

প্ৰাচীন সময়ত যিহোৱা ঈশ্বৰে চদোম আৰু ঘমোৰা নামৰ নগৰক ধ্বংস কৰিবলৈ নিৰ্ণয় ল’লে। সেইসময়ত, তেওঁৰ সেৱক লোট আৰু তেওঁৰ পৰিয়াল চদোমত বাস কৰিছিল। সেইবাবে, তেওঁলোকক ৰক্ষা কৰিবলৈ যিহোৱা ঈশ্বৰে দুজন স্বৰ্গদূতক পঠিয়ালে। (আদিপুস্তক ১৯:১৫, ১৬) ইয়াৰ বহুবছৰৰ পাছত, দানিয়েল নামৰ ভৱিষ্যতবক্তাক সিংহৰ গাঁতত পেলাই দিছিল, তেতিয়া তেওঁৰ একো হানি হোৱা নাছিল। কিয় বাৰু? কিয়নো “ঈশ্বৰে তেওঁৰ দূত পঠাই সিংহবোৰৰ মুখ বন্ধ কৰিলে।” (দানিয়েল ৬:২২) প্ৰথম শতিকাত যীচুৰ শিষ্য পিতৰ যেতিয়া জেলত আছিল, তেতিয়া যিহোৱা ঈশ্বৰে নিজৰ স্বৰ্গদূত পঠিয়াই তেওঁক জেলৰপৰা মুক্ত কৰিছিল। (পাঁচনিৰ কৰ্ম্ম ১২:৬-১১) যীচু পৃথিৱীত থকাৰ সময়তো তেওঁক সহায় কৰিছিল। উদাহৰণস্বৰূপে, যীচুৰ বাপ্তিষ্মাৰ পাছত স্বৰ্গদূতসকলে তেওঁক সহায় কৰিছিল। (মাৰ্ক ১:১৩) মৃত্যুৰ কিছুসময়ৰ আগত এজন স্বৰ্গদূতে “তেওঁক দেখা দি, শক্তি দান কৰিলে।” —লূক ২২:৪৩.

৬. (ক) আমি কেনেকৈ জানিব পাৰোঁ যে বৰ্তমান সময়ত স্বৰ্গদূতসকলে ঈশ্বৰৰ লোকসকলক সহায় কৰিছে? (খ) আমি এতিয়া কোনবোৰ প্ৰশ্নৰ ওপৰত আলোচনা কৰিম?

বতৰ্মান সময়ত স্বৰ্গদূতসকলে মানুহৰ আগত দেখা নিদিয়ে। কিন্তু ঈশ্বৰে স্বৰ্গদূতসকলৰ দ্বাৰাই তেওঁৰ সেৱকসকলক সহায় কৰে। বাইবেলে উল্লেখ কৰে যে “যিহোৱাৰ দূতে তেওঁলৈ ভয় ৰাখোঁতাবিলাকৰ চাৰিওফালে ছাউনি পাতে, আৰু তেওঁবিলাকক উদ্ধাৰ কৰে।” (গীতমালা ৩৪:৭) তেনেহ’লে আমাৰ সুৰক্ষাৰ কিয় প্ৰয়োজন? কিয়নো আমাৰ শত্ৰু বহুত শক্তিশালী আৰু আমাক হানি কৰিবলৈ চেষ্টা কৰে। এই শত্ৰুবিলাক কোন আৰু তেওঁলোক ক’ৰপৰা আহিছে? তেওঁলোকে কেনেকৈ আমাক হানি কৰিবলৈ চেষ্টা কৰে? এই প্ৰশ্নবোৰৰ উত্তৰ পাবলৈ হ’লে আহক আমি চাওঁ আদম আৰু হৱাক সৃষ্টি কৰাৰ কিছুসময় পাছত কি হ’ল।

আমাৰ অদৃশ্য শত্ৰু

৭. চয়তানে ফুচুলোৱাৰ বাবে কিছুমান লোকে কি কৰিলে?

আমি তিনি অধ্যায়ত শিকিছিলোঁ যে এজন স্বৰ্গদূতে ঈশ্বৰৰ বিৰোধী হৈ আনৰ ওপৰত ৰাজত্ব কৰিবলৈ বিচাৰিলে। বাইবেলত তাক চয়তান বুলি কোৱা হৈছে। (প্ৰকাশিত বাক্য ১২:৯) চয়তানে আন লোকসকলকো ঈশ্বৰৰ বিৰোধী কৰিব বিচাৰিছিল। সেইবাবে, সি হৱাক ফুচুলাইছিল। তেতিয়াৰপৰা আজিলৈকে চয়তানে মানৱজাতিক ভুলাই ঈশ্বৰৰ বিৰোধী কৰিবলৈ বিচাৰিছে। কিন্তু হেবল, হনোক আৰু নোহ এনে কিছুমান লোক ঈশ্বৰৰ বিশ্বাসী হৈ থাকিল।—ইব্ৰী ১১:৪, ৫, ৭.

৮. (ক) কিছুমান স্বৰ্গদূত কেনেকৈ দুষ্ট হৈ গ’ল? (খ) দুষ্ট স্বৰ্গদূতবিলাকে জল-প্লাৱনৰপৰা ৰক্ষা পাবলৈ কি কৰিলে?

নোহৰ দিনত কিছুমান স্বৰ্গদূতে ঈশ্বৰৰ বিৰোধী হৈ গ’ল আৰু স্বৰ্গ এৰি পৃথিৱীত মানুহৰ ৰূপ ধাৰণ কৰি বাস কৰিবলৈ আৰম্ভ কৰিলে। কিন্তু কিয় বাৰু? বাইবেলে উত্তৰ দিয়ে যে তেওঁলোকে পৃথিৱীত থকা তিৰোতাসকলৰ লগত বিয়া পাতিব বিচাৰিছিল। (আদিপুস্তক ৬:২ পঢ়ক।) কিন্তু স্বৰ্গদূতৰ বাবে এনে কৰাটো সঠিক নাছিল। (যিহূদা ৬) কিন্তু দুষ্ট স্বৰ্গদূতবিলাকৰ নিচিনা সেইসময়ৰ বেছিভাগ মানুহ বেয়া আৰু হিংস্ৰ আছিল। সেইসময়ত যিহোৱা ঈশ্বৰে নিৰ্ণয় ল’লে যে গোটেই পৃথিৱীত জল-প্লাৱন আনি দুষ্ট লোকবিলাকক ধ্বংস কৰিব আৰু তেওঁ ঠিক সেইদৰে কৰিলে। কিন্তু তেওঁ নিজৰ বিশ্বাসী সেৱকসকলক ৰক্ষা কৰিলে। (আদিপুস্তক ৭:১৭, ২৩) জল-প্লাৱনৰপৰা ৰক্ষা পাবলৈ কিছুমান স্বৰ্গদূত স্বৰ্গলৈ উভতি গ’ল। সিহঁতে চয়তানৰ বিদ্ৰোহত ভাগ ল’লে আৰু চয়তান তেওঁলোকৰ ৰজা হৈ গ’ল।—মথি ৯:৩৪.

৯. (ক) দুষ্ট স্বৰ্গদূতবিলাক স্বৰ্গলৈ উভতি যোৱাৰ পাছত কি হ’ল? (খ) আমি এতিয়া কিহৰ বিষয়ে শিকিম?

যিহোৱা ঈশ্বৰে দুষ্ট স্বৰ্গদূতবিলাকক নিজৰ পৰিয়ালৰ সদস্য হিচাপে গ্ৰহণ নকৰিলে। (২ পিতৰ ২:৪) আজি এই স্বৰ্গদূতবিলাকে মানুহৰ ৰূপ ল’ব নোৱাৰে, তথাপিও সিহঁতে “গোটেই জগতৰ ভ্ৰান্তি জন্মায়।” (প্ৰকাশিত বাক্য ১২:৯; ১ যোহন ৫:১৯) সিহঁতে গোটেই জগতক কেনেকৈ ভুল পথলৈ পৰিচালিত কৰিছে আহক আমি ইয়াৰ বিষয়ে শিকোঁ।—২ কৰিন্থীয়া ২:১১ পঢ়ক।

দুষ্ট স্বৰ্গদূতে কেনেকৈ লোকসকলক পৰিচালিত কৰে?

১০. দুষ্ট স্বৰ্গদূতে কেনেকৈ লোকসকলক ভুল পথলৈ পৰিচালিত কৰে?

১০ দুষ্ট স্বৰ্গদূতে মায়াকৰ্মৰ যোগেদি লোকসকলক ভুল পথলৈ পৰিচালিত কৰে। মায়াকৰ্মৰ অৰ্থ হৈছে দুষ্ট স্বৰ্গদূতৰ লগত যোগাযোগ কৰা, হয়তো এজন ব্যক্তিয়ে নিজে যোগাযোগ কৰে বা তান্ত্ৰিকৰ সহায়ত এনে কৰে। বাইবেলত আজ্ঞা দিয়া হৈছে যে আমি এনেধৰণৰ সকলো বস্তুৰপৰা দূৰে থকা উচিত, যাৰ সম্পৰ্ক মায়াকৰ্মৰ লগত জড়িত আছে। (গালাতীয়া ৫:১৯-২১) কিয় বাৰু? কিয়নো এজন চিকাৰীয়ে যেনেকৈ জীৱ-জন্তুক ধৰিবলৈ বেলেগ বেলেগ ফান্দ ব্যৱহাৰ কৰে, ঠিক সেইদৰে দুষ্ট স্বৰ্গদূতে লোকসকলক নিজৰ অধীনত কৰিবলৈ মায়াকৰ্মৰ বেলেগ বেলেগ কৌশল ব্যৱহাৰ কৰে।—“যাদুবিদ্যা” চাওক।

১১. (ক) মংগল চোৱা কি হয়? (খ) আমি কিয় ইয়াৰপৰা দূৰে থকা উচিত?

১১ মায়াকৰ্মৰ এটা কৌশল হৈছে মংগল চোৱা, অৰ্থাৎ দুষ্ট স্বৰ্গদূতৰ সহায়ত ভৱিষ্যতৰ বিষয়ে বা গোপনীয়ৰ বিষয়ে জানিবলৈ চেষ্টা কৰা। সেইবাবে, কিছুমান লোকে তৰা চায়, হাত চায় বা মংগল অমংগলৰ দিন উলিয়াই। উদাহৰণস্বৰূপে, বাইবেলে উল্লেখ কৰিছে যে দুষ্ট স্বৰ্গদূতবিলাকৰ আৰু ভৱিষ্যতৰ বিষয়ে কোৱা লোকসকলৰ মাজত গভীৰ সম্পৰ্ক থাকে। পাঁচনিৰ কৰ্ম্ম ১৬:১৬-১৮ পদত উল্লেখ আছে যে “দৈবজ্ঞ আত্মা থকা” ছোৱালী এজনীয়ে “দৈববাণী” কৰিছিল। কিন্তু পৌলে ছোৱালীজনীৰপৰা দুষ্ট আত্মাক বাহিৰ কৰাৰ পাছত, তাই ভৱিষ্যতৰ বিষয়ে ক’ব নোৱাৰা হৈছিল।

১২. (ক) মৃত্যু লোকসকলৰ লগত যোগাযোগ কৰা কিয় বিপদজনক? (খ) ঈশ্বৰৰ সেৱকসকলে মায়াকৰ্মৰ লগত জড়িত থকা নীতি-নিয়মত কিয় দূৰে থকা উচিত?

১২ দুষ্ট স্বৰ্গদূতে আন এক কৌশলেৰে লোকসকলক ভুল পথলৈ পৰিচালিত কৰে। সিহঁতে আমাক বিশ্বাস জন্মাব বিচাৰে যে আমি মৃত্যু হোৱা আপোনজনাৰ লগত কথা পাতিব পাৰোঁ আৰু মৃতবিলাকৰ আত্মা জীয়াই থাকে। তেওঁলোকে আমাৰ লগত কথা পাতিব পাৰে আৰু আমাক হানিও কৰিব পাৰে। সেইবাবে, মৃত লোকসকলৰ লগত কথা পাতিবলৈ দাবী কৰা লোকসকলৰ ওচৰত কিছুমান লোকে যায়। সেই ব্যক্তিজনে হয়তো মৃত্যু হোৱা বন্ধু বা আপোনজনাৰ বিষয়ে আগ্ৰহজনক কথা কয় বা তেওঁলোকৰ সুৰত কথা পাতে। (১ চমূৱেল ২৮:৩-১৯) ইয়াৰ উপৰিও, পৰম্পৰাগত মৃতদেহ সৎকাৰৰ ৰীতি-নীতি এই ধাৰণাৰ লগত জড়িত আছে যে মৃত্যু হোৱা পাছত আত্মা জীয়াই থাকে। এনে কিছুমান নীতি-নিয়ম আছে যেনে মৃত্যু দিন উৎযাপন কৰা, বছৰেকীয়া পালন কৰা, মৃত্যু লোকৰ বাবে বলিদান আগবঢ়োৱা, বিধৱাসকলৰ পৰম্পৰা বা মৃতদেহৰ ওচৰত গোটেই ৰাতি বহা। যেতিয়া এজন খ্ৰীষ্টানে এই পৰম্পৰা পালন কৰিবলৈ অস্বীকাৰ কৰে, তেতিয়া তেওঁৰ পৰিয়াল আৰু সমাজৰ লোকসকলে তেওঁক নিন্দা কৰে, তেওঁক অপমান কৰে বা তেওঁৰ লগত সম্পৰ্ক এৰি দিয়ে। কিন্তু খ্ৰীষ্টানসকলে জানে যে মানুহৰ মৃত্যুৰ পাছতো আত্মা বুলি কোনো জীয়াই নাথাকে। মৃত লোকসকলৰ লগত যোগাযোগ কৰা অসম্ভৱ আৰু তেওঁলোকে আমাক হানি কৰিব নোৱাৰে। (গীতমালা ১১৫:১৭) সেইবাবে, সাৱধানে থাকক। মৃত লোক আৰু দুষ্ট স্বৰ্গদূতৰ লগত যোগাযোগ কৰিবলৈ কেতিয়াও চেষ্টা নকৰিব। মায়াকৰ্মৰ লগত জড়িত থকা নীতি-নিয়মত ভাগ লোৱাৰপৰা দূৰে থাকক।—দ্বিতীয় বিবৰণ ১৮:১০, ১১ পঢ়ক; যিচয়া ৮:১৯

১৩. আগতে বহুতোলোকে দুষ্ট স্বৰ্গদূতৰ ভয়ত জীয়াই আছিল, কিন্তু এতিয়া তেওঁলোকে কেনে অনুভৱ কৰে?

১৩ দুষ্ট স্বৰ্গদূতে কেৱল লোকসকলক ভুল পথলৈ পৰিচালিত কৰে এনে নহয়, তেওঁলোকে ভয়ো খোৱায়। আজি চয়তান আৰু তাৰ দুষ্ট স্বৰ্গদূতবিলাকে জানে যে তাৰ “অলপ” সময় আছে আৰু যিহোৱা ঈশ্বৰে তেওঁলোকক অতি সোনকালে এই পৃথিৱীৰপৰা ধ্বংস কৰিব। সেইবাবে, তেওঁলোকে আৰু বেছিকৈ খঙাল আৰু হিংস্ৰো হৈ পৰিছে। (প্ৰকাশিত বাক্য ১২:১২, ১৭) এনে এটা সময় আছিল, যেতিয়া হাজাৰ হাজাৰ লোকসকলে এই দুষ্ট স্বৰ্গদূতৰ ভয়ত জীয়াই আছিল, কিন্তু এতিয়া তেওঁলোকে দুষ্ট স্বৰ্গদূতৰপৰা ভয় নাখায়। তেওঁলোকৰ ভয় কেনেকৈ দূৰ হ’ল?

দুষ্ট স্বৰ্গদূতবোৰক প্ৰতিৰোধ কৰক

১৪. প্ৰাচীন সময়ৰ খ্ৰীষ্টানসকলৰ নিচিনা আমি কেনেকৈ দুষ্ট স্বৰ্গদূতৰ ফান্দৰপৰা ৰক্ষা পাব পাৰোঁ?

১৪ বাইবেলে উল্লেখ কৰিছে যে আমি দুষ্ট স্বৰ্গদূতৰ ফান্দৰপৰা কেনেকৈ মুক্ত হ’ব পাৰোঁ আৰু কেনেকৈ তেওঁলোকক প্ৰতিৰোধ কৰিব পাৰোঁ। উদাহৰণস্বৰূপে, প্ৰাচীন সময়ত ইফিচ নামৰ নগৰখনত কিছুমান লোকে দুষ্ট স্বৰ্গদূতৰ লগত যোগাযোগ কৰিছিল। কিন্তু বাইবেলৰ সত্যতা শিকাৰ পাছত তেওঁলোকে দুষ্ট স্বৰ্গদূতৰ লগত সম্পৰ্ক দূৰ কৰিলে। তেওঁলোকে কেনেকৈ কৰিব পাৰিলে? বাইবেলত উল্লেখ আছে: “মায়াকৰ্ম্ম কৰাবিলাকৰো ভালেমান লোকে নিজ নিজ পুস্তক গোটাই আনি, সকলোৰে আগত পুৰি পেলালে।” (পাঁচনিৰ কৰ্ম্ম ১৯:১৯) তেওঁলোক খ্ৰীষ্টান হ’বলৈ বিচাৰিছিল, সেইবাবে তেওঁলোকে যাদুবিদ্যাৰ লগত জড়িত সকলো কিতাপ ধ্বংস কৰিছিল। ঠিক সেইদৰে, আজি যিসকল লোকে যিহোৱাৰ সেৱা কৰিবলৈ বিচাৰে, তেওঁলোককো এনে কৰাৰ প্ৰয়োজন আছে। তেওঁলোকক এনে সকলো বস্তু ধ্বংস কৰা উচিত যাৰ সম্পৰ্ক দুষ্ট স্বৰ্গদূতৰ লগত জড়িত আছে, যেনে কিতাপ-পত্ৰ, আলোচনী, ৰাশিফল, চিনেমা, সংগীত, ভিডিঅ’ গেমচ আৰু প’ষ্টাৰ। এই সকলো মায়াকৰ্ম, দুষ্ট স্বৰ্গদূত বা অলৌকিক শক্তিবোৰক এনে ধৰণে দেখুৱায় যাতে ই হানি কৰাৰ পৰিৱৰ্তে ই আৰ্কষণীয় হয়। ইয়াৰ উপৰিও ইয়াত এনে বস্তুবোৰ জড়িত আছে, যিবোৰ লোকসকলে পিন্ধে আৰু তেওঁলোকে ভাবে যে দুষ্ট স্বৰ্গদূতৰপৰা সুৰক্ষা থাকে।—১ কৰিন্থীয়া ১০:২১.

১৫. চয়তান আৰু তাৰ দুষ্ট স্বৰ্গদূতৰ প্ৰতিৰোধ কৰিবলৈ আমাক কি কৰাৰ প্ৰয়োজন আছে?

১৫ ইফিচত যেতিয়া খ্ৰীষ্টানসকলে যাদুবিদ্যাৰ কিতাপবোৰ জ্বলাই দিছিল, তেতিয়া দুষ্ট স্বৰ্গদূতৰ লগত তেওঁলোকৰ সংঘৰ্ষ শেষ হোৱা নাছিল। কিছু সময়ৰ পাছত পাঁচনি পৌলে লিখিছিল: “দুষ্টতাৰ আত্মিক দলবোৰে সৈতে” তেওঁলোকৰ “মালযুদ্ধ” এতিয়াও হৈ আছে। (ইফিচীয়া ৬:১২) হয়, দুষ্ট স্বৰ্গদূতে এতিয়াও তেওঁলোকক হানি কৰিবলৈ চেষ্টা কৰি আছিল। তেনেহ’লে তেওঁলোকক আৰু কি কৰাৰ প্ৰয়োজন আছিল? পৌলে তেওঁলোকক এইদৰে কৈছিল: “যিহেৰে তোমালোকে পাপ-আত্মাৰ সকলো অগ্নি-শৰ নুমাব পাৰিবা, এনে বিশ্বাসৰ ঢাল লোৱা।” (ইফিচীয়া ৬:১৬) যেনেকৈ এখন ঢালে সৈনিকৰ ৰক্ষা কৰে, ঠিক সেইদৰে বিশ্বাসে আমাক ৰক্ষা কৰে। যিহোৱা ঈশ্বৰে আমাক ৰক্ষা কৰিব বুলি যদি আমি সম্পূৰ্ণ ভৰসা কৰোঁ, তেতিয়া আমি চয়তান আৰু দুষ্ট স্বৰ্গদূতক প্ৰতিৰোধ কৰিব পাৰিম।—মথি ১৭:২০.

১৬. আমি যিহোৱা ঈশ্বৰৰ প্ৰতি নিজৰ বিশ্বাস কেনেকৈ দৃঢ় কৰিব পাৰিম?

১৬ আমি যিহোৱা ঈশ্বৰৰ প্ৰতি নিজৰ বিশ্বাস কেনেকৈ দৃঢ় কৰিব পাৰিম? আমি প্ৰতিদিনে বাইবেল পঢ়া উচিত আৰু যিহোৱাৰ ওপৰত ভৰসা বঢ়োৱা উচিত। যদি আমি যিহোৱা ঈশ্বৰৰ ওপৰত সম্পূৰ্ণ ভৰসা কৰোঁ, তেন্তে চয়তান আৰু দুষ্ট স্বৰ্গদূতে আমাক কোনো হানি কৰিব নোৱাৰে।—১ যোহন ৫:৫.

১৭. দুষ্ট স্বৰ্গদূতৰপৰা ৰক্ষা পাবলৈ আমাক আৰু কি কৰাৰ প্ৰয়োজন?

১৭ ইফিচৰ খ্ৰীষ্টানসকলক আৰু এটা পদক্ষেপ লোৱাৰ প্ৰয়োজন আছিল। তেওঁলোকে এনে এখন নগৰত বাস কৰিছিল, য’ত বেছিভাগ লোকে যাদুবিদ্যাত লিপ্ত আছিল। সেইবাবে, পৌলে তেওঁলোকক কৈছিল: “সকলো সময়তে আত্মাত প্ৰাৰ্থনা কৰা।” (ইফিচীয়া ৬:১৮) তেওঁলোকক সকলো সময়তে সুৰক্ষাৰ বাবে যিহোৱা ঈশ্বৰলৈ প্ৰাৰ্থনা কৰাৰ প্ৰয়োজন আছিল। আজি আমিও এনে জগতত জীয়াই আছোঁ, য’ত যাদুবিদ্যাৰে ভৰি পৰিছে। সেইবাবে, আমাকো সুৰক্ষাৰ বাবে যিহোৱা ঈশ্বৰলৈ প্ৰাৰ্থনা কৰা প্ৰয়োজন। প্ৰাৰ্থনা কৰোঁতে আমি তেওঁৰ নাম ব্যৱহাৰ কৰা অতি প্ৰয়োজন। (হিতোপদেশ ১৮:১০ পঢ়ক।) যদি আমি চয়তানৰপৰা ৰক্ষা পাবলৈ যিহোৱা ঈশ্বৰলৈ প্ৰাৰ্থনা কৰোঁ, তেনেহ’লে তেওঁ নিশ্চয় আমাৰ প্ৰাৰ্থনা শুনিব।—গীতমালা ১৪৫:১৯; মথি ৬:১৩.

১৮, ১৯. (ক) আমি চয়তান আৰু দুষ্ট স্বৰ্গদূতবিলাকক কেনেকৈ প্ৰতিৰোধ কৰিব পাৰোঁ? (খ) পৰৱৰ্তী অধ্যায়ত কি প্ৰশ্নৰ উত্তৰ দিয়া হ’ব?

১৮ যদি আমি যাদুবিদ্যাৰ লগত জড়িত সকলো বস্তু নষ্ট কৰি দিওঁ আৰু যিহোৱাৰ প্ৰতি ভৰসা কৰোঁ যে তেওঁ আমাক ৰক্ষা কৰিব, তেনেহ’লে আমি চয়তান আৰু দুষ্ট স্বৰ্গদূতবিলাকক প্ৰতিৰোধ কৰিব পাৰিম। আমাক তেওঁলোকৰপৰা ভয় খোৱাৰ কোনো প্ৰয়োজন নাই। (যাকোব ৪:৭, ৮ পঢ়ক।) যিহোৱা ঈশ্বৰ দুষ্ট স্বৰ্গদূতকৈ শক্তিশালী হয়। তেওঁ নোহৰ দিনত তেওঁলোকক শাস্তি দিছিল আৰু ভৱিষ্যতে ঈশ্বৰে তেওঁলোকক সম্পূৰ্ণৰূপে ধ্বংস কৰিব। (যিহূদা ৬) আমি মনত ৰখা উচিত যে দুষ্ট স্বৰ্গদূতবিলাকক প্ৰতিৰোধ কৰিবলৈ আমি অকলে নাই। যিহোৱা ঈশ্বৰে নিজৰ স্বৰ্গদূতৰ যোগেদি আমাক ৰক্ষা কৰে। (২ ৰাজাৱলি ৬:১৫-১৭) আমি সম্পূৰ্ণ বিশ্বাস কৰিব পাৰোঁ যে যিহোৱাৰ সহায়ত আমি চয়তান আৰু দুষ্ট স্বৰ্গদূতবিলাকক প্ৰতিৰোধ কৰিব পাৰোঁ।—১ পিতৰ ৫:৬, ৭; ২ পিতৰ ২:৯.

১৯ যদি চয়তান আৰু দুষ্ট স্বৰ্গদূতে ইমান দুখ-কষ্ট দিছে, তেন্তে যিহোৱা ঈশ্বৰে তাক ধ্বংস কৰি নিদিয়ে কিয়? এই প্ৰশ্নৰ উত্তৰ পৰৱৰ্তী অধ্যায়ত দিয়া হ’ব।