Skip to content

Skip to table of contents

চৈধ্য অধ্যায়

আপোনাৰ পৰিয়াল সুখী হ’ব পাৰে

আপোনাৰ পৰিয়াল সুখী হ’ব পাৰে

১, ২. যিহোৱা ঈশ্বৰে পৰিয়ালৰপৰা কি বিচাৰে?

প্ৰথম বিবাহ যিহোৱাৰ ঈশ্বৰে কৰাইছিল। বাইবেলে উল্লেখ কৰিছে যে ঈশ্বৰে প্ৰথম স্ত্ৰীক সৃষ্টি কৰিলে আৰু “মানুহৰ ওচৰলৈ আনিলে।” সেই স্ত্ৰীজনীক দেখি আদমে এইদৰে কৈছিল: “এতিয়া হলে, এওঁ মোৰ হাড়ৰো হাড়, মোৰ মঙহৰো মঙহ।” (আদিপুস্তক ২:২২, ২৩) ইয়ে দেখুৱায় যে বিবাহিতা দম্পতিয়ে সুখী হোৱাটো যিহোৱা ঈশ্বৰে বিচাৰে।

কিন্তু দুখৰ বিষয়ে যে বহুতো পৰিয়াল সুখী নাই। কিন্তু, বাইবেলত এনে বহুতো সিদ্ধান্ত দিয়া আছে, যিয়ে পৰিয়ালক সহায় কৰিব পাৰে। যদি পৰিয়ালৰ সকলো সদস্যই এই সিদ্ধান্ত পালন কৰে, তেনেহ’লে পৰিয়ালৰ সকলো সদস্য সুখী হ’ব পাৰে আৰু তেওঁলোকে একতা বজাই ৰাখিব পাৰিব।—লূক ১১:২৮.

ঈশ্বৰে স্বামীসকলৰপৰা কি আশা কৰে

৩, ৪. (ক) এজন স্বামীয়ে নিজৰ পত্নীৰ লগত কেনেকৈ ব্যৱহাৰ কৰা উচিত? (খ) স্বামী আৰু পত্নীয়ে এজনে-আনজনক ক্ষমা কৰাটো কিয় প্ৰয়োজন?

বাইবেলে কৈছে যে এজন স্বামীয়ে নিজৰ পত্নীক প্ৰেম আৰু সন্মান কৰা উচিত। ইফিচীয়া ৫:২৫-২৯ পঢ়ক। এজন ভাল স্বামীয়ে সদায় নিজৰ পত্নীক প্ৰেমেৰে ব্যৱহাৰ কৰিব। তেওঁ নিজৰ পত্নীক সুৰক্ষা দিব আৰু চোৱা-চিতা কৰিব। তেওঁ এনে কোনো কাম নকৰিব, যিয়ে তেওঁৰ পত্নীক হানি কৰিব পাৰে।

কিন্তু, যেতিয়া পত্নীয়ে কিবা ভুল কৰে, তেতিয়া স্বামীয়ে কি কৰা উচিত? স্বামীসকলক কোৱা হৈছে: “নিজ নিজ ভাৰ্য্যাক প্ৰেম কৰা, আৰু তেওঁবিলাকলৈ তিতা ব্যৱহাৰ নকৰিবা।” (কলচীয়া ৩:১৯) স্বামীসকল, মনত ৰাখিব যে আপুনিও কেতিয়াবা ভুল কৰে। সেইবাবে, যদি আপুনি বিচাৰে যে যিহোৱাই আপোনাক ক্ষমা কৰে, তেনেহ’লে আপুনিও নিজৰ পত্নীৰ ভুল ক্ষমা কৰা উচিত। (মথি ৬:১২, ১৪, ১৫) যেতিয়া স্বামী আৰু পত্নীয়ে অন্তৰৰপৰা এজনে-আনজনক ক্ষমা কৰে, তেতিয়া তেওঁলোকৰ বিবাহিতা জীৱন সুখী হ’ব।

৫. স্বামীয়ে নিজৰ পত্নীক কিয় সন্মান কৰা উচিত?

স্বামীয়ে নিজৰ পত্নীক সন্মান কৰাটো যিহোৱা ঈশ্বৰে আশা কৰে। স্বামীয়ে তাইৰ প্ৰয়োজনীয়তাৰ প্ৰতি ধ্যান দিয়া উচিত। ই এক গভীৰ বিষয় হয়। কিয়নো যদি এজন স্বামীয়ে নিজৰ পত্নীৰ লগত ভালদৰে ব্যৱহাৰ নকৰে, তেন্তে যিহোৱাই তেওঁৰ প্ৰাৰ্থনা নুশুনিব। (১ পিতৰ ৩:৭) যিহোৱা ঈশ্বৰে তেওঁক প্ৰেম কৰা সকলোকে মূল্যৱান বুলি গণ্য কৰে। এনে নহয় যে তেওঁ স্ত্ৰীতকৈ পুৰুষক বেছি প্ৰেম কৰে, তেওঁৰ দৃষ্টিত দুয়োজনে সমান।

৬. স্বামী আৰু পত্নীৰ বাবে “এক-দেহ” হোৱাৰ অৰ্থ কি?

যীচুৱে কৈছিল যে স্বামী আৰু পত্নী “দুজন নহয়, কিন্তু এক-দেহ।” (মথি ১৯:৬) ইয়াৰ অৰ্থ হৈছে যে তেওঁলোকে এজনে-আনজনৰ প্ৰতি বিশ্বাসী হোৱা উচিত আৰু কেতিয়াও বিশ্বাসঘাত কৰা উচিত নহয়। (হিতোপদেশ ৫:১৫-২১; ইব্ৰী ১৩:৪) স্বামী আৰু পত্নীয়ে কেৱল নিজৰ বিষয়ে ভবা উচিত নহয়, তাৰ পৰিৱৰ্তে নিজৰ জীৱন সংগীৰ বিষয়ো ভবা উচিত। তেওঁলোকে এজনে-আনজনৰ যৌন ইচ্ছা পূৰ কৰা উচিত। (১ কৰিন্থীয়া ৭:৩-৫) এজন স্বামীক মনত ৰখা উচিত যে “কোনেও নিজ মাংসক কেতিয়াও ঘিণোৱা নাই; কিন্তু তাক পোহন-পালনহে কৰিছে।” সেইবাবে, স্বামীয়ে নিজৰ পত্নীক প্ৰেম কৰা উচিত আৰু তাইক মূল্যৱান ভবা উচিত। এগৰাকী পত্নীয়ে বিচাৰে যে তাইৰ স্বামীয়ে তাইক প্ৰেম কৰে আৰু তাইৰ লগত ভালদৰে ব্যৱহাৰ কৰে।—ইফিচীয়া ৫:২৯.

ঈশ্বৰে পত্নীৰপৰা কি আশা কৰে

৭. পৰিয়ালত এজন মুৰব্বী হোৱা কিয় প্ৰয়োজন?

প্ৰত্যেক পৰিয়ালত এজন মুৰব্বী হোৱাৰ প্ৰয়োজন, যাতে পৰিয়ালে একেলগে কাম কৰিব পাৰে। বাইবেলত ১ কৰিন্থীয়া ১১:৩ পদত এইদৰে উল্লেখ কৰিছে, “কিন্তু, খ্ৰীষ্ট যে প্ৰত্যেক পুৰুষৰ মূৰস্বৰূপ, পুৰুষ যে তিৰোতাৰ মূৰস্বৰূপ, আৰু ঈশ্বৰ খ্ৰীষ্টৰ মূৰস্বৰূপ।” ইয়ে প্ৰমাণ কৰে যে স্বামী পৰিয়ালৰ মুৰব্বী।

৮. এগৰাকী পত্নীয়ে কেনেকৈ নিজৰ স্বামীক গভীৰ সন্মান কৰিব পাৰে?

সকলো স্বামীয়ে ভুল কৰে। কিন্তু এগৰাকী পত্নীয়ে যেতিয়া স্বামীৰ নিৰ্ণয়ক সমৰ্থন কৰে আৰু তেওঁক সহযোগ কৰে, তেতিয়া পৰিয়ালে লাভৱান হয়। (১ পিতৰ ৩:১-৬) বাইবেলত এইদৰে উল্লেখ কৰিছে, “ভাৰ্য্যাই স্বামীলৈ ভয় [“গভীৰ সন্মান,” NW] ৰাখক।” (ইফিচীয়া ৫:৩৩) কিন্তু যদি স্বামী, যিহোৱাৰ সাক্ষী নহয়, তেনেহ’লে পত্নীয়ে কি কৰা উচিত? তাই সেই পৰিস্থিতিতো নিজৰ স্বামীক গভীৰ সন্মান কৰা উচিত। বাইবেলত এইদৰে কৈছে, “হে ভাৰ্য্যাবিলাক, তোমালোক নিজ নিজ স্বামীৰ বশীভূত হোৱা; বিশেষ, তেওঁবিলাকৰ কোনো কোনোৱে যদিও ঈশ্বৰৰ বাক্য অমান্য কৰে, তথাপি নিজ নিজ ভাৰ্য্যাৰ আচাৰ-ব্যৱহাৰৰ দ্বাৰাই, অৰ্থাৎ তোমালোকৰ ভয়যুক্ত [“গভীৰ সন্মান,” NW] শুচি আচাৰ-ব্যৱহাৰ দেখিলে, তাৰ দ্বাৰাই বিনাবাক্যেৰে যেন তেওঁবিলাকক পোৱা যায়, এই কাৰণে বশীভূত হোৱা।” (১ পিতৰ ৩:১, ২) পত্নীৰ ভাল উদাহৰণ দেখি স্বামীয়ে হয়তো তাইৰ বিশ্বাসৰ বিষয়ে বুজি পাব আৰু তাইৰ বিশ্বাসৰ সন্মান কৰিব।

৯. (ক) এগৰাকী পত্নীয়ে যদি নিজৰ স্বামীৰ লগত সন্মত নহয়, তেতিয়া তাই কি কৰা উচিত? (খ) পত্নীসকলৰ বাবে তীত ২:৪, ৫ পদত কি পৰামৰ্শ দিছে?

যদি এগৰাকী পত্নীয়ে কোনো বিষয়ত নিজৰ স্বামীৰ সন্মত নহয়, তেনেহ’লে তাই কি কৰা উচিত? তাই সন্মানেৰে তেওঁক নিজৰ মতামত দিব পাৰে। উদাহৰণস্বৰূপে, অব্ৰাহামৰ পত্নী চাৰাই কোনো এটা বিষয়ত নিজৰ স্বামীক নিজৰ মতামত দিলে। কিন্তু অব্ৰাহামে চাৰাৰ এই মতামত পছন্দ নকৰিলে। তেতিয়া যিহোৱা ঈশ্বৰে অব্ৰাহামক এইদৰে কৈছিল: “চাৰাই তোমাক কোৱা সকলো কথা তুমি শুনা।” (আদিপুস্তক ২১:৯-১২) এজন খ্ৰীষ্টান স্বামীয়ে লোৱা নিৰ্ণয় বাইবেলৰ বিৰুদ্ধে হোৱা সম্ভাৱনা কম। সেইবাবে, পত্নীয়ে স্বামীৰ সমৰ্থন কৰা উচিত। (পাঁচনিৰ কৰ্ম্ম ৫:২৯; ইফিচীয়া ৫:২৪) এগৰাকী ভাল পত্নীয়ে পৰিয়ালৰ চোৱা-চিতা কৰিব। (তীত ২:৪, ৫ পঢ়ক।) যেতিয়া স্বামী আৰু ল’ৰা-ছোৱালীয়ে দেখিব যে তাই কিমান পৰিশ্ৰম কৰে, তেতিয়া তেওঁলোকে তাইক বেছিকৈ প্ৰেম আৰু সন্মান কৰিব।—হিতোপদেশ ৩১:১০, ২৮.

পত্নীসকলৰ বাবে চাৰা কেনেকৈ এক ভাল উদাহৰণ?

১০. পৃথক হোৱা আৰু বিবাহ-বিচ্ছেদৰ বিষয়ে বাইবেলে কি উল্লেখ কৰিছে?

১০ যদি পৰিয়ালত কেতিয়াবা সমস্যা আহে, তেতিয়া স্বামী আৰু পত্নীয়ে লগে লগে পৃথকে থাকিবলৈ বা বিবাহ-বিচ্ছেদ কৰিবলৈ নিৰ্ণয় লয়। কিন্তু বাইবেলত উল্লেখ কৰিছে যে “ভাৰ্য্যাই স্বামীক ত্যাগ নকৰক” আৰু “স্বামীয়েও ভাৰ্য্যাক ত্যাগ নকৰক।” (১ কৰিন্থীয়া ৭:১০, ১১) কিন্তু পৰিস্থিতি বেছিকৈ বেয়া হ’লে হয়তো স্বামী আৰু পত্নীয়ে পৃথকে থাকে। কিন্তু, ই এক স্বামী আৰু পত্নীৰ মাজত গভীৰ নিৰ্ণয় হয়। বিবাহ-বিচ্ছেদৰ বিষয়নো কি? বাইবেলত উল্লেখ কৰিছে যে কেৱল এটা কাৰণৰ বাবেহে বিবাহ-বিচ্ছেদ হ’ব পাৰে। সেয়া হৈছে, যদি স্বামী বা পত্নীয়ে আন কাৰোবাৰ লগত যৌন কাৰ্য্য কৰে, তেতিয়াহে এজনে-আনজনক বিবাহ-বিচ্ছেদ দিব পাৰে।—মথি ১৯:৯.

ঈশ্বৰে পিতৃ-মাতৃৰপৰা কি আশা কৰে

পৰিয়ালৰ সকলো সদস্যৰ বাবে যীচু এক ভাল উদাহৰণ

১১. ল’ৰা-ছোৱালীক বেছিকৈ কাৰ প্ৰয়োজন?

১১ পিতৃ-মাতৃসকল, নিজৰ ল’ৰা-ছোৱালীৰ লগত যিমান পাৰে, সিমান সময় অতিবাহিত কৰক। ল’ৰা-ছোৱালীক আপোনাৰ বেছিকৈ প্ৰয়োজন আছে। আপুনি তেওঁলোকক যিহোৱাৰ বিষয়ে শিকোৱা উচিত।—দ্বিতীয় বিবৰণ ৬:৪-৯.

১২. পিতৃ-মাতৃয়ে নিজৰ ল’ৰা-ছোৱালীৰ ৰক্ষা কৰিবলৈ কি কৰা উচিত?

১২ চয়তানৰ জগত দিনে দিনে বেয়ালৈ ঢাল খাইছে। কিছুমান লোকে হয়তো আপোনাৰ ল’ৰা-ছোৱালীৰ হানি কৰিব পাৰে। ইয়াৰ উপৰিও, তেওঁলোকৰ লগত বেয়া কাম কৰিব পাৰে। কিছুমান পিতৃ-মাতৃ এই বিষয়ে নিজৰ ল’ৰা-ছোৱালীৰ লগত কথা পাতিবলৈ সংকোচ কৰে। কিন্তু, এয়া প্ৰয়োজন যে তেওঁলোকে নিজৰ ল’ৰা-ছোৱালীৰ লগত ইয়াৰ বিষয়ে কথা পতা আৰু তেওঁলোকক এনে লোকসকলৰপৰা সাৱধান কৰে। পিতৃ-মাতৃয়ে নিজৰ ল’ৰা-ছোৱালীক শিকোৱা উচিত যে তেওঁলোকে কেনেকৈ এনে লোকসকলৰপৰা আঁতৰি থাকিব পাৰে। পিতৃ-মাতৃসকল, নিজৰ ল’ৰা-ছোৱালীৰ ৰক্ষা কৰক। *১ পিতৰ ৫:৮.

১৩. পিতৃ-মাতৃয়ে নিজৰ ল’ৰা-ছোৱালীক কেনেকৈ শুধৰণি কৰিব পাৰে?

১৩ নিজৰ ল’ৰা-ছোৱালীয়ে আনৰ লগত কেনেকৈ ব্যৱহাৰ কৰা উচিত, তাক শিকোৱাৰ দায়িত্ব হৈছে পিতৃ-মাতৃসকলৰ। এয়া আপুনি কেনেকৈ কৰিব পাৰে? যদি আপোনাৰ ল’ৰা-ছোৱালীয়ে কিবা ভুল কৰে, তেনেহ’লে আপুনি তেওঁলোকক শুধৰণি কৰক, কিন্তু খঙেৰে বা নিষ্ঠুৰতাৰে নহয়। (যিৰিমিয়া ৩০:১১) আপুনি কেতিয়াও নিবিচাৰে যে আপোনাৰ কথাৰ বাবে তেওঁলোকে আঘাত পায় আৰু আপোনাৰ কথা ‘অস্ত্ৰাঘাতস্বৰূপ কথাৰ’ দৰে হয়। (হিতোপদেশ ১২:১৮) নিজৰ ল’ৰা-ছোৱালীক বুজাওক যে তেওঁলোকে কিয় আপোনাৰ কথা পালন কৰা উচিত।—ইফিচীয়া ৬:৪; ইব্ৰী ১২:৯-১১; “শিক্ষা দিয়া” চাওক।

ঈশ্বৰে ল’ৰা-ছোৱালীৰপৰা কি আশা কৰে

১৪, ১৫. ল’ৰা-ছোৱালীয়ে কিয় পিতৃ-মাতৃৰ আজ্ঞা পালন কৰা উচিত?

১৪ যীচুৱে সদায় নিজৰ পিতৃৰ আজ্ঞা পালন কৰিছিল। সেইসময়তো যেতিয়া এনে কৰিবলৈ তেওঁৰ বাবে কঠিন আছিল। (লূক ২২:৪২; যোহন ৮:২৮, ২৯) ল’ৰা-ছোৱালীসকলে নিজৰ পিতৃ-মাতৃৰ আজ্ঞা পালন কৰাটো যিহোৱা ঈশ্বৰে বিচাৰে।—ইফিচীয়া ৬:১-৩.

১৫ ল’ৰা-ছোৱালীসকল, পিতৃ-মাতৃৰ আজ্ঞা পালন কৰাটো আপোনাৰ বাবে কঠিন হ’ব পাৰে। কিন্তু, মনত ৰাখিব, যেতিয়া আপুনি তেওঁলোকৰ আজ্ঞা পালন কৰিব, তেতিয়া যিহোৱা আৰু আপোনাৰ পিতৃ-মাতৃ আনন্দিত হ’ব। *হিতোপদেশ ১:৮; ৬:২০; ২৩:২২-২৫.

যেতিয়া ডেকাসকলক বেয়া কাম কৰিবলৈ প্ৰলোভিত কৰা হয়, তেতিয়া কি কথাই তেওঁলোকক ঈশ্বৰৰ বিশ্বাসী হৈ থাকিবলৈ সহায় কৰিব?

১৬. (ক) চয়তানে কেনেকৈ ল’ৰা-ছোৱালীক বেয়া কাম কৰিবলৈ প্ৰলোভিত কৰে? (খ) যিহোৱা ঈশ্বৰক প্ৰেম কৰা লোকসকলৰ লগত বন্ধুত্ব কৰা কিয় প্ৰয়োজন?

১৬ চয়তানে আপোনাৰ বন্ধু বা আন ডেকাসকলৰ যোগেদি আপোনাক বেয়া কাম কৰিবলৈ প্ৰলোভিত কৰিব পাৰে। সি ভালদৰে জানে বন্ধুসকলক মানা কৰাটো আপোনাৰ বাবে কঠিন হ’ব পাৰে। বাইবেলত ইয়াৰ এটা উদাহৰণ আছে। সেয়া হৈছে দীনা। তাই, ঈশ্বৰৰ সেৱক যাকোবৰ ছোৱালী আছিল। তাই যিহোৱা ঈশ্বৰক উপাসনা নকৰা লোকসকলৰ লগত সংগতি কৰিবলৈ ধৰিলে। সেইবাবে, তাই এদিন ভয়ানক বিপদত পৰিল, লগতে তাইৰ পৰিয়ালেও বহুতো সমস্যাৰ সন্মুখীন হ’ল। (আদিপুস্তক ৩৪:১, ২) যদি আপোনাৰ এনে বন্ধু আছে যিয়ে যিহোৱা ঈশ্বৰক প্ৰেম নকৰে, তেনেহ’লে তেওঁলোকে আপোনাকো যিহোৱাই ঘৃণা কৰা কাম কৰিবলৈ প্ৰলোভিত কৰিব পাৰে। ইয়াৰ পৰিণাম, আপুনিও এনে ভয়ানক বিপদত পৰিব পাৰে। ইয়াৰ উপৰিও, যিহোৱা ঈশ্বৰ আৰু আপোনাৰ পৰিয়ালো দুখী হ’ব পাৰে। (হিতোপদেশ ১৭:২১, ২৫) সেইবাবে, যিহোৱা ঈশ্বৰক প্ৰেম কৰা লোকসকলৰ লগত বন্ধুত্ব কৰা অতি প্ৰয়োজন। —১ কৰিন্থীয়া ১৫:৩৩.

আপোনাৰ পৰিয়াল সুখী হ’ব পাৰে

১৭. পৰিয়ালৰ সকলো সদস্যৰ বাবে কি দায়িত্ব আছে?

১৭ পৰিয়ালৰ সকলো সদস্যই যেতিয়া ঈশ্বৰৰ পৰামৰ্শ পালন কৰে, তেতিয়া তেওঁলোকে বহুতো সমস্যাৰপৰা হাত সাৰিব পাৰে। সেইবাবে, আপুনি যদি এজন স্বামী, তেনেহ’লে আপোনাৰ পত্নীক প্ৰেম কৰক আৰু তাইৰ লগত প্ৰেমেৰে ব্যৱহাৰ কৰক। আপুনি যদি এগৰাকী পত্নী, তেনেহ’লে আপোনাৰ স্বামীক গভীৰ সন্মান কৰক আৰু তেওঁৰ অধীনত থাকক। হিতোপদেশ ৩১:১০-৩১ পদত দিয়া পৰামৰ্শ পালন কৰি ভাল পত্নী হ’বলৈ চেষ্টা কৰক। আপুনি যদি পিতৃ-মাতৃ হয়, তেনেহ’লে নিজৰ ল’ৰা-ছোৱালীক ঈশ্বৰক প্ৰেম কৰিবলৈ শিকাওক। (হিতোপদেশ ২২:৬) আপুনি যদি এজন পিতৃ হয়, তেনেহ’লে “নিজৰ ঘৰৰবিলাকক উত্তমৰূপে শাসন” কৰক। (১ তীমথিয় ৩:৪, ৫; ৫:৮) আৰু ল’ৰা-ছোৱালীসকল, নিজৰ পিতৃ-মাতৃৰ আজ্ঞা পালন কৰা। (কলচীয়া ৩:২০) মনত ৰাখিব যে, পৰিয়ালৰ সকলো সদস্যই ভুল কৰিব পাৰে। সেইবাবে, নম্ৰ হৈ আৰু নিজৰ ভুলৰ বাবে এজনে-আনজনক ক্ষমা বিচাৰক। সঁচাকৈ, যিহোৱা ঈশ্বৰে বাইবেলত পৰিয়ালৰ বিষয়ে সকলো সদস্যৰ বাবে পৰামৰ্শ দিছে।

^ অনু. 12 নিজৰ ল’ৰা-ছোৱালীক কেনেকৈ ৰক্ষা কৰিব পাৰি, ইয়াৰ বিষয়ে বেছিকৈ জানিবলৈ মহান শিক্ষকৰপৰা শিকক (হিন্দী) নামৰ কিতাপখনৰ ৩২ অধ্যায় চাওক। ইয়াক যিহোৱাৰ সাক্ষীসকলে প্ৰকাশিত কৰিছে।

^ অনু. 15 যদি মা-দেউতাকে ঈশ্বৰৰ আজ্ঞাৰ বিৰুদ্ধে কাম কৰিবলৈ ল’ৰা-ছোৱালীক কয়, তেতিয়াহে তেওঁলোকে মা-দেউতাকৰ আজ্ঞা পালন কৰা উচিত নহয়।—পাঁচনিৰ কৰ্ম্ম ৫:২৯.