Skip to content

Skip to table of contents

প্ৰশ্ন ১০

পবিত্ৰ শাস্ত্ৰই মোক কেনেদৰে সহায় কৰিব?

পবিত্ৰ শাস্ত্ৰই মোক কেনেদৰে সহায় কৰিব?

ইয়াৰ বিষয়ে জনা কিয় গুৰুত্বপূৰ্ণ

পবিত্ৰ শাস্ত্ৰই বৰ্ণনা কৰিছে যে “গোটেই শাস্ত্ৰ ঈশ্বৰ-নিশ্বাসিত।” (২ তীমথিয় ৩:১৬) যদি এয়া সত্য হয়, তেনেহ’লে পবিত্ৰ শাস্ত্ৰই আপোনাক প্ৰয়োজনীয় নিৰ্দেশনা আগবঢ়াব পাৰিব।

আপুনি কি কৰিব?

কল্পনা কৰক: দীপে গাড়ী চলাই চলাই এনে এখন ঠাইত উপস্থিত হয়, য’ত কোনো বস্তুৱেই তাৰ বাবে চিনাকী নাছিল। ৰাস্তাত লগোৱা বোৰ্ডৰপৰা সি বুজিব পাৰিলে যে সি ভুল পথলৈ গৈ আছে। দীপে ৰাস্তা হেৰুৱালে। হয়তো কোনোবা এটা কেঁকুৰিত সি ভুল পথ বাছনি কৰিলে।

যদি আপুনি দীপৰ ঠাইত হোৱাহেঁতেন, আপুনি কি কৰিলেহেঁতেন?

ক্ষন্তেক ৰওক আৰু চিন্তা কৰক!

গন্তব্যস্থান পাবলৈ আপোনাৰ ওচৰত কেইবাটাও উপায় আছে:

  1. ১. সঠিক ৰাস্তাৰ বিষয়ে কাৰোবাক সোধক।

  2. ২. মানচিত্ৰ বা জী.পী.এচৰ সহায় লওক।

  3. ৩. যিকোনো উপায়েৰে গন্তব্যস্থান পাম বুলি গাড়ী চলাই থাকক।

নিঃসন্দেহ তৃতীয় উপায়টো ব্যৱহাৰিক নহ’ব।

দ্বিতীয় উপায়টো প্ৰথমটোতকৈ বেছি উপযোগী হ’ব। কিয়নো এখন মানচিত্ৰ বা জী.পী.এচ প্ৰতিটো মুহূৰ্ত্ততে আপোনাৰ লগত থাকিব আৰু সঠিক পথৰ বিষয়ে আপোনাক নিৰ্দেশনা দি থাকিব।

ঠিক সেইদৰে, পবিত্ৰ শাস্ত্ৰয়ো আপোনাক নিৰ্দেশনা দিব পাৰে।

সবাতোতকৈ বেছি বিক্ৰী হোৱা ই এখন বিখ্যাত কিতাপ

  • জীৱনৰ সকলো সমস্যা সমাধান কৰিবলৈ সহায় কৰিব পাৰে

  • নিজৰ বিষয়ে জানিবলৈ আৰু নিজকে এজন ভাল ব্যক্তিৰূপে গঢ়ি তুলিবলৈ সহায় কৰিব পাৰে

  • আনন্দেৰে জীৱন অতিবাহিত কৰাৰ উপায় কি, তাৰ বিষয়ে ক’ব পাৰে

জীৱনৰ গুৰুত্বপূৰ্ণ প্ৰশ্নবোৰৰ উত্তৰ পাওক

কথা ক’বলৈ আৰম্ভ কৰাৰে পৰা আমি প্ৰশ্ন কৰিবলৈ ধৰোঁ।

  • আকাশখন নীলা কিয় বাৰু?

  • তৰাবোৰ ক’ৰপৰা আহিল?

লাহে লাহে আমি আমাৰ চাৰিওফালে থকা পৰিস্থিতিৰ বিষয়ে প্ৰশ্ন কৰিবলৈ ধৰোঁ।

এই সকলো প্ৰশ্নৰ উত্তৰ বাইবেলত আছে নেকি?

বহুতোলোকে কয় যে বাইবেল এখন কল্পনা-কাহিনীৰ কিতাপ, পুৰণি কালৰ কিতাপ অথবা ইয়াক বুজিবলৈ বৰ কঠিন। কিন্তু সঁচাকৈ এনেকুৱা হয়নে, নে লোকসকলে নিজৰ মতামত পোষণ কৰিছে? হয়তো কোনোবাই তেওঁলোকক বিপথে পৰিচালিত কৰিছে।

উদাহৰণস্বৰূপে, বহুতোলোকে কয় যে ঈশ্বৰে এই পৃথিৱীখনক নিয়ন্ত্ৰণ কৰিছে। কিন্তু ই কেনেকৈ সম্ভৱ? আজি এই পৃথিৱীখন নিয়ন্ত্ৰণৰ বাহিৰত হৈ গৈছে। চাৰিওফালে দুখ আৰু বেদনাৰ বাহিৰে আৰু একো নাই। বেমাৰ আৰু মৃত্যু, দৰিদ্ৰতা আৰু বিনাশ! এই সকলোবোৰৰ বাবে এজন মৰমিয়াল ঈশ্বৰ দায়ী নে?

আপুনি এই প্ৰশ্নবোৰৰ উত্তৰ জানিব বিচাৰেনে? পৃথিৱীখনক আচলতে কোনে নিয়ন্ত্ৰণ কৰি আছে, ইয়াৰ বিষয়ে দিয়া বাইবেলৰ উত্তৰে হয়তো আপোনাক আচৰিত কৰি তুলিব পাৰে।

এতিয়ালৈকে আপুনি লক্ষ্য কৰিব পাৰিছে যে এই ব্ৰচাৰখনত উল্লেখ কৰা উপদেশবোৰ বাইবেলৰ আধাৰিত হয়। যিহোৱাৰ সাক্ষীসকলে বিশ্বাস কৰে যে বাইবেলৰ উপদেশবোৰ নিৰ্ভৰযোগ্য। কিয়নো বাইবেলখন “ঈশ্বৰ-নিশ্বাসিত, আৰু যাতে ঈশ্বৰৰ মানুহ সিদ্ধ আৰু সকলো সৎকৰ্ম্মৰ নিমিত্তে সুসজ্জিত হব পাৰে, তাৰ কাৰণে, শিক্ষাৰ, অনুযোগৰ, পতিত-উত্থাপনৰ, আৰু ধাৰ্ম্মিকতা সম্বন্ধীয় শাসনৰ অৰ্থে লাভজনক।” (২ তীমথিয় ৩:১৬, ১৭) পুৰণি হোৱাৰ সত্বেও বাইবেলখন বৰ্তমান সময়তো সকলোৰে বাবে ব্যৱহাৰিক। কেনেকৈ বাৰু? আপুনি নিজেই পৰীক্ষা কৰক।