Skip to content

Skip to table of contents

অধ্যায় ৫

সঠিকভাৱে পঢ়া

সঠিকভাৱে পঢ়া

১ তীমথিয় ৪:১৩

সাৰাংশ: লিখা কথাখিনি সঠিকভাৱে আৰু উচ্চস্বৰে পঢ়ক।

ইয়াক কেনেকৈ কৰিব:

  • ভালদৰে প্ৰস্তুতি কৰক। বিৱৰণটো কিয় লিখা হৈছে তাৰ বিষয়ে চিন্তা কৰক। এটা এটা শব্দ পঢ়াৰ পৰিৱৰ্তে, একেলগে কেইবাটাও শব্দ পঢ়ক। পঢ়াৰ সময়ত যাতে কোনো শব্দ যোগ নকৰে, বাদ নিদিয়ে অথবা শব্দটোৰ সলনি আন এটা শব্দ ব্যৱহাৰ নকৰে, তাৰ বাবে সাৱধান হওক। অনুচ্ছেদত উল্লেখ থকা যতি চিনবোৰলৈয়ো ধ্যান দিয়া উচিত।

  • প্ৰতিটো শব্দ সঠিকভাৱে উচ্চাৰণ কৰক। যদি আপুনি কোনো এটা শব্দ কেনেকৈ উচ্চাৰণ কৰিব লাগে তাৰ বিষয়ে নাজানে, তেনেহʼলে শব্দকোষত চাওক, সেই প্ৰকাশনখনৰ অডিঅ’ ৰেকৰ্ডিং শুনক অথবা এজন ভাল পঢ়ুৱৈৰ সহায় লওক।

  • স্পষ্টৰূপে কওক। স্পষ্টকৈ উচ্চাৰণ কৰক, আপোনাৰ মূৰ ওপৰলৈ কৰক আৰু আপোনাৰ মুখখন বহলকৈ মেলক। ভালদৰে উচ্চাৰণ কৰিবলৈ চেষ্টা কৰক।