Skip to content

Skip to table of contents

অধ্যায় ১৭

আনে বুজাত সহজ কৰক

আনে বুজাত সহজ কৰক

১ কৰিন্থীয়া ১৪:৯

সাৰাংশ: আপোনাৰ বাৰ্ত্তাৰ অৰ্থ বুজিবলৈ শ্ৰোতাসকলক সহায় কৰক।

ইয়াক কেনেকৈ কৰিব:

  • আপোনাৰ বিষয়বস্তু ভালদৰে অধ্যয়ন কৰক। নিজে বিষয়টো স্পষ্টৰূপে বুজিলে, আপুনি সৰল ভাষাৰে আৰু নিজৰ শব্দেৰে বৰ্ণনা কৰিবলৈ সক্ষম হʼব।

  • চুটি আৰু সৰল বাক্য ব্যৱহাৰ কৰক। দীঘল বাক্য ব্যৱহাৰ কৰাটো কোনো ভুল নহয়। কিন্তু মূল বিষয়টো প্ৰকাশ কৰিবলৈ চুটি আৰু সৰল বাক্যও ব্যৱহাৰ কৰিব পাৰি।

  • অপৰিচিত শব্দবোৰ বৰ্ণনা কৰক। শ্ৰোতাসকলে পৰিচিত নোহোৱা কোনো শব্দ বা বাক্য সম্ভৱ হʼলে, কম ব্যৱহাৰ কৰা উচিত। যদি আপুনি পৰিচিত নোহোৱা কোনো শব্দ, বাইবেলৰ চৰিত্ৰ, প্ৰাচীন সময়ৰ জোখ-মাখ অথবা পৰম্পৰা আদি বিষয় উল্লেখ কৰে, তেনেহʼলে এইবোৰ বিতংভাৱে বৰ্ণনা কৰা উচিত।