Skip to content

Skip to table of contents

পাঠ ০৮

আপুনি যিহোৱাৰ বন্ধু হʼব পাৰে!

আপুনি যিহোৱাৰ বন্ধু হʼব পাৰে!

আপুনি যিহোৱাক ভালদৰে জনাটো তেওঁ বিচাৰে। তেওঁ জানে যে আমি যেতিয়া তেওঁৰ গুণ আৰু উদ্দেশ্যৰ বিষয়ে জানিম, তেতিয়া আমি তেওঁৰ লগত বন্ধুত্ব কৰিবলৈ ইচ্ছা কৰিম। কিন্তু আমি সঁচাকৈ ঈশ্বৰৰ বন্ধু হʼব পাৰিমনে? (যাকোব ২:২৩ পঢ়ক।) তেওঁৰ লগত বন্ধুত্ব কৰিবলৈ আমি কি কৰিব লাগিব? বাইবেলে এই প্ৰশ্নবোৰৰ উত্তৰ দিয়ে আৰু এয়াও কয় যে তেওঁতকৈ ভাল বন্ধু আৰু কোনেও হʼব নোৱাৰে।

১. যিহোৱাই আপোনাক কি কৰিবলৈ উৎসাহিত কৰিছে?

বাইবেলত এইদৰে লিখা আছে, “ঈশ্বৰৰ ওচৰলৈ চাপি আহাঁ; তাতে তেৱোঁ তোমালোকৰ ওচৰলৈ চাপিব।” (যাকোব ৪:৮) যিহোৱা নিজেই বন্ধুত্ব কৰিবলৈ আগবাঢ়ি আহিছে। কিছুমান লোকে ভাবে যে আমি ঈশ্বৰক দেখা নাপাওঁ, তেনেহʼলে আমি তেওঁৰ লগত কেনেকৈ বন্ধুত্ব কৰিব পাৰিম? কিন্তু বাইবেলত যিহোৱাই নিজৰ বিষয়ে বহুতো কথা উল্লেখ কৰিছে। সেইবাবে, আমি তেওঁক দেখা নাপালেও তেওঁৰ লগত বন্ধুত্ব কৰিব পাৰিম। আমি যিমানেই তেওঁৰ বিষয়ে শিকিম, সিমানেই তেওঁৰ লগত আমাৰ বন্ধুত্ব ঘনিষ্ঠ হৈ পৰিব।

২. যিহোৱা আপোনাৰ সকলোতকৈ ভাল বন্ধু কিয় হʼব পাৰে?

যিহোৱাৰ দৰে কোনেও আপোনাক প্ৰেম কৰিব নোৱাৰে। আপুনি আনন্দত থকাটো আৰু সহায়ৰ প্ৰয়োজনৰ সময়ত তেওঁক প্ৰাৰ্থনা কৰাটো যিহোৱাই বিচাৰে। আপোনাৰ ‘সকলো চিন্তাৰ ভাৰ তেওঁৰ ওপৰত পেলাই দিয়াটো’ তেওঁ বিচাৰে, কিয়নো আপোনাৰ কাৰণে “তেওঁ চিন্তা কৰে।” (১ পিতৰ ৫:৭) যিহোৱাই নিজৰ বন্ধুসকলক সহায় কৰে, তেওঁলোকক শান্ত্বনা দিয়ে আৰু তেওঁলোকৰ প্ৰাৰ্থনা শুনিবলৈ সদায় সাজু থাকে।—গীতমালা ৯৪:১৮, ১৯ পঢ়ক।

৩. যিহোৱাই নিজৰ বন্ধুসকলৰপৰা কি আশা কৰে?

যিহোৱাই সকলোকে প্ৰেম কৰে, কিন্তু তেওঁ কেৱল সহজ-সৰলবিলাকৰ লগতহে বন্ধুত্ব কৰে। (হিতোপদেশ ৩:৩২) কি ভাল আৰু কি বেয়া যিহোৱাই নিজৰ বন্ধুসকলক জনাইছে আৰু তেওঁলোকে ভাল কাম কৰাটো যিহোৱাই বিচাৰে। কিছুমান লোকে ভাবে যে তেওঁলোকে যিহোৱাৰ সকলো কথা পালন কৰিব নোৱাৰিব। কিন্তু যিহোৱাৰ হৃদয় বহল। আমি ভুল কৰিম বুলি তেওঁ ভালদৰে জানে। যিসকলে যিহোৱাক সঁচাকৈ প্ৰেম কৰে আৰু তেওঁক আনন্দিত কৰিব বিচাৰে, তেওঁলোকৰ লগত যিহোৱাই বন্ধুত্ব কৰে।—গীতমালা ১৪৭:১১; পাঁচনিৰ কৰ্ম্ম ১০:৩৪, ৩৫.

গভীৰভাৱে ধ্যান কৰক

আপুনি কেনেকৈ যিহোৱাৰ লগত বন্ধুত্ব কৰিব পাৰে? তেওঁ কিয় আপোনাৰ ভাল বন্ধু হʼব পাৰে? আহক এই বিষয়ে আলোচনা কৰোঁ।

৪. অব্ৰাহাম যিহোৱাৰ বন্ধু আছিল

বাইবেলত অব্ৰাহাম নামৰ এজন ব্যক্তিৰ বিষয়ে উল্লেখ আছে। (অব্ৰাহামক অব্ৰাম বুলিও কোৱা হৈছিল।) তেওঁৰ উদাহৰণৰপৰা জানিব পাৰি যে যিহোৱাৰ বন্ধু হʼবলৈ আমি কি কৰা উচিত আৰু এই বন্ধুত্বৰপৰা আমি কি আশীৰ্বাদ লাভ কৰিম। আদিপুস্তক ১২:১-৪ পদত অব্ৰাহামৰ বিষয়ে পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:

  • যিহোৱাই অব্ৰাহামক কি কৰিবলৈ কৈছিল?

  • যিহোৱাই তেওঁক কি প্ৰতিজ্ঞা কৰিছিল?

  • অব্ৰাহামে কি কৰিলে?

৫. যিহোৱাই নিজৰ বন্ধুসকলৰপৰা কি বিচাৰে

আমি সকলোৱে নিজৰ বন্ধুৰপৰা কিবা আশা কৰোঁ।

  • আপোনাৰ বন্ধুৱে আপোনাৰ লগত কেনে ব্যৱহাৰ কৰাটো আপুনি বিচাৰে?

প্ৰথম যোহন ৫:৩ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:

  • যিহোৱাই নিজৰ বন্ধুসকলৰপৰা কি বিচাৰে?

যিহোৱাৰ আজ্ঞা পালন কৰিবলৈ আমি হয়তো নিজকে শুধৰণি কৰাৰ প্ৰয়োজন। যিচয়া ৪৮:১৭, ১৮ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:

  • আমি নিজকে শুধৰণি কৰাটো যিহোৱাই কিয় বিচাৰে?

এজন ভাল বন্ধুৱে আমাৰ ভালৰ বিষয়ে চিন্তা কৰে। যিহোৱাও নিজৰ বন্ধুসকলৰ লগত এইদৰেই কৰে

৬. যিহোৱাই নিজৰ বন্ধুসকলক সহায় কৰে

সমস্যাৰ সময়ত যিহোৱাই নিজৰ বন্ধুসকলক সহায় কৰে। ভিডিঅʼখন চাওক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:

  • ভিডিঅʼখনত দেখুৱা তিৰোতাগৰাকীক নিজৰ বেয়া ভাৱনাৰপৰা আঁতৰি থাকিবলৈ যিহোৱাই কেনেকৈ সহায় কৰিলে?

যিচয়া ৪১:১০, ১৩ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:

  • যিহোৱাই নিজৰ বন্ধুসকলক কি প্ৰতিজ্ঞা কৰিছে?

  • যিহোৱাতকৈ ভাল বন্ধু আৰু কোনোবা হʼব পাৰেনে? আপুনি এইদৰে কিয় ভাবে?

প্ৰয়োজনৰ সময়ত এজন ভাল বন্ধুৱে আপোনাক সহায় কৰে। যিহোৱাও আপোনাক সহায় কৰিব

৭. যিহোৱাৰ বন্ধু হʼবলৈ তেওঁৰ লগত কথা পাতক আৰু তেওঁৰ কথা শুনক

কথা-বতৰাই বন্ধুত্ব ঘনিষ্ঠ কৰি তোলে। গীতমালা ৮৬:৬, ১১ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:

  • আমি যিহোৱাৰ লগত কেনেকৈ কথা পাতিব পাৰোঁ?

  • যিহোৱাই আমাৰ লগত কেনেকৈ কথা পাতে?

আমি প্ৰাৰ্থনাৰ যোগেদি যিহোৱাৰ লগত কথা পাতোঁ আৰু তেওঁ বাইবেলৰ যোগেদি আমাৰ লগত কথা পাতে

কিছুমান লোকে কয়: “আমি ঈশ্বৰক দেখা নাপাওঁ। গতিকে তেওঁৰ লগত বন্ধুত্ব কৰাটো অসম্ভৱ।”

  • আমি যিহোৱাৰ লগত বন্ধুত্ব কৰিব পাৰোঁ বুলি আপুনি কোনটো পদ দেখুৱাব?

আমি কি শিকিলোঁ

আপুনি যিহোৱাৰ লগত বন্ধুত্ব কৰাটো তেওঁ বিচাৰে আৰু এনে কৰিবলৈ তেওঁ আপোনাক সহায় কৰিব।

আপুনি কেনেকৈ উত্তৰ দিব?

  • যিহোৱাই নিজৰ বন্ধুসকলক কেনেকৈ সহায় কৰে?

  • যিহোৱাই নিজৰ বন্ধুসকলক কিয় শুধৰণি কৰিবলৈ কয়?

  • যিহোৱাৰ লগত বন্ধুত্ব কৰাটো কঠিন বুলি আপুনি ভাবেনে? আপুনি এইদৰে কিয় ভাবে?

লক্ষ্য

বেছিকৈ জানক

ঈশ্বৰৰ লগত বন্ধুত্ব কৰিলে আপোনাৰ কি লাভ হʼব?

“যিহোৱাৰ বিষয়ে জনাটো লাভদায়ক” (প্ৰহৰীদুৰ্গ, ফেব্ৰুৱাৰী ১৫, ২০০৩)

আপুনি যিহোৱাৰ লগত কেনেকৈ বন্ধুত্ব কৰিব পাৰে, তাৰ বিষয়ে জানক।

“মই কেনেকৈ ঈশ্বৰৰ বন্ধু হʼব পাৰোঁ?” (অনলাইন লেখ)

যিহোৱাৰ লগত বন্ধুত্ব কৰাৰ বাবে এগৰাকী তিৰোতাৰ জীৱন কেনেকৈ আনন্দেৰে ভৰি পৰিল, তাৰ বিষয়ে জানক।

“মই মৰিব নিবিচাৰিছিলোঁ!” (প্ৰহৰীদুৰ্গ-হিন্দী, নং ১ ২০১৭)

কিছুমান কিশোৰ-কিশোৰীয়ে যিহোৱাৰ বিষয়ে কি ভাবে, তাৰ বিষয়ে শুনক।

ঈশ্বৰৰ লগত বন্ধুত্ব কৰাৰ অৰ্থ কি? (১:৪৬)