Skip to content

Skip to table of contents

পাঠ ০৯

প্ৰাৰ্থনাই ঈশ্বৰৰ কাষ চাপিবলৈ আপোনাক সহায় কৰিব

প্ৰাৰ্থনাই ঈশ্বৰৰ কাষ চাপিবলৈ আপোনাক সহায় কৰিব

প্ৰাৰ্থনাই আপোনাক বহুতো দিশত সহায় কৰিব পাৰে। উদাহৰণস্বৰূপে, আমাৰ জীৱনত যেতিয়া নিৰ্দেশনাৰ প্ৰয়োজন হয়, যেতিয়া আপুনি গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ জানিব বিচাৰে আৰু আপোনাৰ জীৱনত শান্ত্বনাৰ প্ৰয়োজন হয়, তেতিয়া প্ৰাৰ্থনাই আপোনাক সহায় কৰে। ইয়াৰ উপৰিও, যিহোৱাৰ লগত ঘনিষ্ঠ সম্পৰ্ক গঢ়ি তুলিবলৈ প্ৰাৰ্থনাই আপোনাক সহায় কৰিব। হয়তো আপুনি ভাবিব পাৰে, ‘প্ৰাৰ্থনা কৰাৰ সঠিক উপায় কি? ঈশ্বৰে সকলোৰে প্ৰাৰ্থনা শুনেনে? যদি মোৰ প্ৰাৰ্থনা ঈশ্বৰে শুনাটো বিচাৰোঁ, তেনেহʼলে মই কি কৰা উচিত?’ আহক চাওঁ।

১. আমি কাক প্ৰাৰ্থনা কৰা উচিত?

যীচুৱে কৈছিল যে আমি কেৱল যিহোৱাকহে প্ৰাৰ্থনা কৰা উচিত। তেওঁ নিজেই যিহোৱা ঈশ্বৰলৈ প্ৰাৰ্থনা কৰিছিল। তেওঁ এইদৰে কৈছিল: “তোমালোকে এইদৰে প্ৰাৰ্থনা কৰা; হে আমাৰ স্বৰ্গত থকা পিতৃ . . . ” (মথি ৬:৯) যিহোৱা ঈশ্বৰলৈ প্ৰাৰ্থনা কৰিলে, তেওঁৰ লগত আমাৰ বন্ধুত্ব ঘনিষ্ঠ হয়।

আমি কিহৰ বিষয়ে প্ৰাৰ্থনা কৰিব পাৰোঁ? আমি যিকোনো বিষয়ে প্ৰাৰ্থনা কৰিব পাৰোঁ। কিন্তু আমি তেওঁৰ ইচ্ছা অনুসৰি প্ৰাৰ্থনা কৰিলেহে তেওঁ আমাৰ প্ৰাৰ্থনা শুনিব। বাইবেলত এইদৰে লিখা আছে, “আমি যদি তেওঁৰ ইচ্ছাৰ দৰে কিবা যাচ্‌না কৰোঁ, তেন্তে তেওঁ [ঈশ্বৰে] আমাৰ সেই যাচ্‌না শুনে।” (১ যোহন ৫:১৪) যীচুৱে কৈছিল যে আমি কি কি বিষয়ৰ বাবে প্ৰাৰ্থনা কৰিব পাৰোঁ। (মথি ৬:৯-১৩ পঢ়ক।) আমি নিজৰ বিষয়ে প্ৰাৰ্থনা কৰাৰ লগতে আনৰ বিষয়েও প্ৰাৰ্থনা কৰা উচিত। যিহোৱাই আমাৰ বাবে যি যি কৰিছে, তাৰ বাবে আমি তেওঁক ধন্যবাদ দিয়া উচিত।

২. আমি কেনেদৰে প্ৰাৰ্থনা কৰা উচিত?

বাইবেলে উৎসাহিত কৰিছে যে “তোমালোকৰ সমুদায় মনৰ কথা তেওঁৰ [ঈশ্বৰৰ] আগত ভাঙি কোৱা।” (গীতমালা ৬২:৮) আমি হৃদয়ৰপৰা প্ৰাৰ্থনা কৰা উচিত। আমি যিকোনো সময়ত আৰু যিকোনো ঠাইত প্ৰাৰ্থনা কৰিব পাৰোঁ। আমি জোৰকৈ বা মনে-মনে, থিয় হৈ বা বহিও প্ৰাৰ্থনা কৰিব পাৰোঁ। কিন্তু আমি সন্মানেৰে ঈশ্বৰলৈ প্ৰাৰ্থনা কৰা উচিত।

৩. ঈশ্বৰে আমাৰ প্ৰাৰ্থনাৰ উত্তৰ কেনেকৈ দিয়ে?

তেওঁ বিভিন্ন উপায়েৰে আমাৰ প্ৰাৰ্থনাৰ উত্তৰ দিয়ে। যেনে, প্ৰশ্নবোৰৰ উত্তৰ বিচাৰিবলৈ যিহোৱাই বাইবেলৰ যোগেদি আমাক সহায় কৰে। গীতমালা ১৯:৭ পদৰ অনুসৰি বাইবেল পঢ়িলে এজন ব্যক্তি “জ্ঞানী” বা বুদ্ধিমান হʼব। (যাকোব ১:৫ পঢ়ক।) সমস্যাৰ সময়ত ঈশ্বৰে আমাক মনৰ শান্তি দিয়ে। কেতিয়াবা কেতিয়াবা তেওঁ নিজৰ সেৱকসকলৰ যোগেদি আমাক সহায় কৰে।

গভীৰভাৱে ধ্যান কৰক

ঈশ্বৰক সন্তুষ্ট কৰিব পৰা প্ৰাৰ্থনা আমি কেনেকৈ কৰিব পাৰোঁ? প্ৰাৰ্থনা কৰিলে আমাৰ কি লাভ হʼব? আহক এই বিষয়ে আলোচনা কৰোঁ।

৪. ঈশ্বৰে কাৰ প্ৰাৰ্থনা শুনে?

যদি ঈশ্বৰে আমাৰ প্ৰাৰ্থনা শুনাটো বিচাৰোঁ, তেনেহʼলে আমি কি কৰা উচিত? ভিডিঅʼখন চাওক।

আমি যিহোৱালৈ প্ৰাৰ্থনা কৰাটো তেওঁ বিচাৰে। গীতমালা ৬৫:২ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:

  • আপুনি ‘প্ৰাৰ্থনা শুনোতা জনালৈ’ প্ৰাৰ্থনা কৰাটো তেওঁ বিচাৰেনে? আপুনি এইদৰে কিয় ভাবে?

যদি আমাৰ প্ৰাৰ্থনা ঈশ্বৰে শুনাটো বিচাৰোঁ, তেনেহʼলে ঈশ্বৰৰ দৃষ্টিত যি ভাল, সেই কাম আমি কৰা উচিত। মীখা ৩:৪ আৰু ১ পিতৰ ৩:১২ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:

  • যিহোৱাই আমাৰ প্ৰাৰ্থনা কেতিয়া শুনিব?

যুদ্ধ ক্ষেত্ৰত যদি সৈনিকসকলে শত্ৰুপক্ষক পৰাজয় কৰিবলৈ প্ৰাৰ্থনা কৰে আৰু শত্ৰুপক্ষেও এইদৰেই প্ৰাৰ্থনা কৰে, তেনেহʼলে আপুনি কি ভাবে ঈশ্বৰে তেওঁলোকৰ প্ৰাৰ্থনা শুনিবনে?

৫. আমি মন খুলি যিহোৱালৈ প্ৰাৰ্থনা কৰা উচিত

কিছুমান লোকক প্ৰাৰ্থনা মুখস্থ কৰিবলৈ শিকোৱা হয়। কিন্তু ঈশ্বৰক এনেধৰণৰ প্ৰাৰ্থনা ভাল লাগেনে? মথি ৬:৭ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:

  • প্ৰাৰ্থনা কৰাৰ সময়ত আমি একেটা কথাকে বাৰে বাৰে কৈ থকা উচিত নহয়। তেনেহʼলে আমি কেনেদৰে প্ৰাৰ্থনা কৰা উচিত?

প্ৰাৰ্থনা কৰাৰ সময়ত যদি আপুনি একেটা কথাকে বাৰে বাৰে কʼব নিবিচাৰে, তেনেহʼলে এইদৰে কৰিব পাৰে: প্ৰতিদিনে যিহোৱাক কোনো এটা বিষয়ৰ বাবে ধন্যবাদ দিয়ক। এইদৰে আপুনি এসপ্তাহত, সাতটা বিষয়ৰ বাবে যিহোৱাক ধন্যবাদ দিব পাৰিব।

সন্তানে মনৰ কথা খুলি কোৱাটো পিতৃয়ে বিচাৰে। ঠিক সেইদৰে, আমিও হৃদয়েৰে প্ৰাৰ্থনা কৰাটো যিহোৱাই বিচাৰে

৬. ঈশ্বৰে তেওঁৰ লগত কথা পাতিবলৈ আমাক সুযোগ দিছে

প্ৰাৰ্থনা কৰিলে আমি কেনেকৈ সহায় লাভ কৰোঁ, বিশেষকৈ সমস্যাৰ সন্মুখীন হোৱাৰ সময়ত? ভিডিঅʼখন চাওক।

বাইবেলত উল্লেখ আছে যে প্ৰাৰ্থনা কৰিলে আমি মনৰ শান্তি লাভ কৰোঁ। ফিলিপীয়া ৪:৬, ৭ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:

  • প্ৰাৰ্থনা কৰিলে আমাৰ সমস্যা দূৰ নহʼবও পাৰে, কিন্তু ইয়াৰপৰা আমাৰ কি লাভ হʼব?

  • আপুনি কি কি বিষয়ৰ বাবে প্ৰাৰ্থনা কৰিব বিচাৰে?

আপুনি জানেনে?

“আমেন” শব্দৰ অৰ্থ হৈছে “নিশ্চয়” বা “সেইদৰেই হওক।” সাধাৰণতে লোকসকলে প্ৰাৰ্থনাৰ শেষত “আমেন” বুলি কয়। প্ৰাচীন সময়তো লোকসকলে এইদৰেই কৈছিল।—গীতমালা ৪১:১৩.

৭. প্ৰাৰ্থনা কৰিবলৈ নাপাহৰিব

কেতিয়াবা কেতিয়াবা আমি ইমানেই ব্যস্ত হৈ পৰোঁ যে আমি প্ৰাৰ্থনা কৰিবলৈ পাহৰি যাওঁ। যীচুৰ বাবে প্ৰাৰ্থনা কৰাটো কিমান গুৰুত্বপূৰ্ণ আছিল? মথি ১৪:২৩ আৰু মাৰ্ক ১:৩৫ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:

  • প্ৰাৰ্থনা কৰিবলৈ যীচুৱে কি কৰিলে?

  • আপুনি কোনটো সময়ত প্ৰাৰ্থনা কৰিব পাৰে?

কিছুমান লোকে কয়: “প্ৰাৰ্থনা কৰিলে আমি কেৱল মনৰ শান্তিহে লাভ কৰোঁ আৰু একো নাই।”

  • আপুনি কি ভাবে?

আমি কি শিকিলোঁ

হৃদয়েৰে প্ৰাৰ্থনা কৰিলে যিহোৱাৰ লগত থকা আমাৰ বন্ধুত্ব ঘনিষ্ঠ হয়। আমি মনৰ শান্তি আৰু সাহস লাভ কৰোঁ।

আপুনি কেনেকৈ উত্তৰ দিব?

  • আমি কাক প্ৰাৰ্থনা কৰা উচিত?

  • আমি কেনেদৰে প্ৰাৰ্থনা কৰা উচিত?

  • প্ৰাৰ্থনা কৰিলে আমাৰ কি লাভ হʼব?

লক্ষ্য

বেছিকৈ জানক

প্ৰাৰ্থনাৰ লগত জড়িত কিছুমান প্ৰশ্নৰ উত্তৰ জানক।

“প্ৰাৰ্থনাৰ লগত জড়িত সাতটা প্ৰশ্ন” (অনলাইন লেখ)

আমি কিয় প্ৰাৰ্থনা কৰা উচিত আৰু কেনেকৈ ভালদৰে প্ৰাৰ্থনা কৰিব পাৰোঁ, তাৰ বিষয়ে জানক।

“মই কিয় প্ৰাৰ্থনা কৰা উচিত?” (ৱেবছাইটত দিয়া লেখ)

বাইবেলৰ অনুসৰি আমি কাক প্ৰাৰ্থনা কৰা উচিত, তাৰ বিষয়ে জানক।

“আমি কোনো সাধু বা সন্তক প্ৰাৰ্থনা কৰা উচিতনে?” (ৱেবছাইটত দিয়া লেখ)

আপুনি কʼত আৰু কেতিয়া প্ৰাৰ্থনা কৰিব পাৰে, ইয়াৰ উত্তৰ জানিবলৈ সংগীত ভিডিঅʼখন চাওক।

যিকোনো সময়ত প্ৰাৰ্থনা কৰা (১:২২)