Skip to content

Skip to table of contents

পাঠ ১০

যিহোৱাৰ সাক্ষীসকলৰ সভাৰপৰা আপুনি কেনেকৈ লাভৱান হʼব পাৰে?

যিহোৱাৰ সাক্ষীসকলৰ সভাৰপৰা আপুনি কেনেকৈ লাভৱান হʼব পাৰে?

আপুনি কেতিয়াবা যিহোৱাৰ সাক্ষীসকলৰ সভালৈ গৈছেনে? হয়তো আপুনি এতিয়ালৈকে যোৱা নাই আৰু আপোনাৰ মনত কিছুমান প্ৰশ্ন আছে। যেনে, তেওঁলোকৰ সভাবোৰত কি হয়? মই তালৈ কিয় যাম? সভালৈ গʼলে ঈশ্বৰৰ লগত আপোনাৰ সম্পৰ্ক কেনেকৈ দৃঢ় হʼব আৰু আপুনি কেনেকৈ লাভৱান হʼব, আহক এই বিষয়ে চাওঁ।

১. যিহোৱাৰ সাক্ষীসকলে কিয় সভালৈ যায়?

বাইবেলত উল্লেখ আছে যে যিহোৱাৰ সাক্ষীসকলে কিয় সভাত একগোট হয়। ঈশ্বৰৰ এজন উপাসকে এইদৰে লিখিছিল, “সভাৰ মাজত তোমাৰ [যিহোৱাৰ] প্ৰশংসা কৰিম।” (গীতমালা ২২:২২) গতিকে, সভালৈ যোৱাৰ মুখ্য কাৰণ হৈছে যিহোৱাৰ প্ৰশংসা কৰা অৰ্থাৎ তেওঁৰ উপাসনা কৰা। সেইবাবে, বিশ্বজুৰি ভাই-ভনীসকলে প্ৰতি সপ্তাহে যিহোৱাৰ উপাসনা কৰিবলৈ একগোট হয়। সভাত তেওঁক প্ৰশংসা কৰে, গীত গায় আৰু প্ৰাৰ্থনা কৰে। বছৰত তেওঁলোকে কেইবাবাৰো ডাঙৰ সভাৰ বাবে একগোট হয়।

২. আপুনি আমাৰ সভাবোৰত কি শিকিব?

সভাত বাইবেলৰপৰা শিকোৱা হয় আৰু ‘লোকসকলে বুজিব পৰাকৈ তাৰ অৰ্থ বুজোৱা হয়।’ (নহিমিয়া ৮:৮ পঢ়ক।) তাত আপুনি যিহোৱা আৰু তেওঁৰ গুণৰ বিষয়েও শিকিব পাৰিব। যিহোৱাই আপোনাক কিমান প্ৰেম কৰে, তাৰ বিষয়ে জানিব পাৰিব আৰু লাহে লাহে ঈশ্বৰৰ লগত আপোনাৰ সম্পৰ্ক দৃঢ় হʼব। সভাত বাইবেলৰ যোগেদি ভাল পৰামৰ্শ দিয়া হয় আৰু ইয়াৰপৰা আপুনি লাভৱান হʼব পাৰে।—যিচয়া ৪৮:১৭, ১৮.

৩. সভাত আনৰ লগত কথা-বতৰা হোৱাৰ যোগেদি আপুনি কেনেকৈ লাভৱান হʼব?

“প্ৰেমত আৰু সৎকৰ্ম্মত” আমি এজনে-আনজনক উৎসাহিত কৰিবলৈ আৰু সভাত উপস্থিত হʼবলৈ যিহোৱাই আমাক আজ্ঞা দিছে। (ইব্ৰী ১০:২৪, ২৫) সভাত আপুনি এনে লোকসকলক লগ পাব, যিসকলে এজনে-আনজনক প্ৰকৃত প্ৰেম কৰে আৰু আপোনাৰ দৰে তেওঁলোকেও ঈশ্বৰৰ বিষয়ে শিকিব বিচাৰে। তেওঁলোকে বাইবেলৰ ওপৰত আপোনাৰ বিশ্বাস দৃঢ় কৰিব। (ৰোমীয়া ১:১১, ১২ পঢ়ক।) তাত আপুনি এনে লোকসকলক লগ পাব, যিসকলে আপোনাৰ দৰে সমস্যাবোৰ সন্মুখীন হৈছে আৰু সেইবোৰ পাৰ কৰিব পাৰিছে। সেইবাবে, আমি সভাবোৰত উপস্থিত হোৱাটো যিহোৱাই বিচাৰে।

গভীৰভাৱে ধ্যান কৰক

যিহোৱাৰ সাক্ষীসকলৰ সভাত কি হয়? আমি তাত উপস্থিত হʼবলৈ কিয় চেষ্টা কৰা উচিত? আহক এই বিষয়ে আলোচনা কৰোঁ।

৪. যিহোৱাৰ সাক্ষীসকলৰ সভাবোৰ

আৰম্ভণিৰ খ্ৰীষ্টানসকলে একেলগে মিলি যিহোৱাৰ উপাসনা কৰিছিল। (ৰোমীয়া ১৬:৩-৫) কলচীয়া ৩:১৬ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:

  • আৰম্ভণিৰ খ্ৰীষ্টানসকলে যিহোৱাৰ উপাসনা কেনেকৈ কৰিছিল?

আজিও যিহোৱাৰ সাক্ষীসকলে প্ৰতি সপ্তাহে যিহোৱাৰ উপাসনা কৰিবলৈ একগোট হয় আৰু একগোট হোৱা ঠাইখনক ৰাজ্যগৃহ বুলি কোৱা হয়। তেওঁলোকৰ সভা কেনেকৈ হয়, এয়া জানিবলৈ ভিডিঅʼখন চাওক। তাৰ পাছত সভাৰ ছবিবোৰ চাওক আৰু নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:

  • আমাৰ ৰাজ্যগৃহত যি হয় আৰু কলচীয়া ৩:১৬ পদত যি লিখা আছে, তাৰ মাজত কি মিল আছে?

  • ভিডিঅʼ আৰু ছবিখনত আপোনাক আৰু কোনটো কথা ভাল লাগিল?

দ্বিতীয় কৰিন্থীয়া ৯:৭ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:

  • যিহোৱাৰ সাক্ষীসকলৰ সভাবোৰত লোকসকলৰপৰা কিয় টকা-পইচা বিচৰা নহয়?

আপোনাক শিকাবলৈ অহা যিহোৱাৰ সাক্ষীজনৰ লগত এই সপ্তাহত হʼবলগীয়া কোনো সভাৰ বিষয়ে আলোচনা কৰক।

  • আপুনি কি ভাবে, সভাৰ কোনটো ভাগ আকৰ্ষণীয় হʼব?

আপুনি জানেনে?

আমাৰ সভাবোৰ গোটেই পৃথিৱীত কʼত আৰু কেতিয়া হয়, তাৰ বিষয়ে জানিবলৈ ৱেবছাইটত আপুনি চাব পাৰিব।

  1. (ক) আমাৰ সভাবোৰত ভাষণ দিয়া হয়, প্ৰদৰ্শন হয় আৰু ভিডিঅʼ দেখুৱা হয়। সভাৰ আৰম্ভণি আৰু শেষত গীত গোৱা হয় আৰু প্ৰাৰ্থনা কৰা হয়

  2. (খ) কিছুমান ভাগত প্ৰশ্ন উত্তৰৰ যোগেদি আলোচনা কৰা হয়। ইয়াত সকলোৱে ভাগ লʼব পাৰে

  3. (গ) পুৰুষ, তিৰোতা, বৃদ্ধ বা ডেকা সকলোকে আদৰণি জনোৱা হয়

  4. (ঘ) আমাৰ সভালৈ আহিবলৈ কোনো টকা-পইচা লোৱা নহয়

৫. সভাবোৰত যাবলৈ আপুনি হয়তো পৰিশ্ৰম কৰিব লাগিব

যীচুৰ পৰিয়ালৰ বিষয়ে মন কৰক, তেওঁলোকে প্ৰতিবছৰে যিহোৱাৰ উপাসনা কৰিবলৈ যিৰূচালেম নগৰলৈ গৈছিল। নাচৰতৰপৰা যিৰূচালেমলৈ খোজকাঢ়ি যাবলৈ প্ৰায় তিনি দিন লাগিছিল। তাত উপস্থিত হʼবলৈ তেওঁলোকে পাহাৰীয়া এলেকাৰ মাজেদি যাবলগীয়া হৈছিল। লূক ২:৩৯-৪২ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:

  • যিৰূচালেমলৈ যাত্ৰা কৰাটো কঠিন আছিলনে?

  • সভাবোৰত যাবলৈ আপোনাৰ কিয় কঠিন হʼব পাৰে?

  • সভালৈ যাবলৈ কঠিন হʼলেও, তাত উপস্থিত হোৱাটো উচিত বুলি আপুনি ভাবেনে? আপুনি এইদৰে কিয় ভাবে?

বাইবেলত উল্লেখ কৰা হৈছে যে আমি যিহোৱাৰ উপাসনা কৰিবলৈ একগোট হোৱা উচিত। ইব্ৰী ১০:২৪, ২৫ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:

  • আমি প্ৰতিটো সভাত কিয় উপস্থিত হোৱা উচিত?

কিছুমান লোকে কয়: “সভালৈ কিয় যাব লাগে, বাইবেল আমি ঘৰতে পঢ়িব পাৰোঁ।”

  • বাইবেলৰ কোনটো উদাহৰণ বা পদৰপৰা বুজিব পাৰি যে আমি সভাত উপস্থিত হোৱা উচিত?

আমি কি শিকিলোঁ

সভাবোৰত উপস্থিত হোৱাৰ যোগেদি আপুনি যিহোৱাক ভালদৰে জানিব পাৰিব, তেওঁৰ লগত আপোনাৰ সম্পৰ্ক ঘনিষ্ঠ হʼব আৰু আপুনি আনৰ লগত মিলি তেওঁৰ উপাসনা কৰিব পাৰিব।

আপুনি কেনেকৈ উত্তৰ দিব?

  • আমি সভালৈ যোৱাটো যিহোৱাই কিয় বিচাৰে?

  • যিহোৱাৰ সাক্ষীসকলৰ সভাবোৰত আপুনি কি শিকিব?

  • সভাবোৰত উপস্থিত হʼলে আপুনি কেনেকৈ লাভৱান হʼব?

লক্ষ্য

বেছিকৈ জানক

আপুনি সভাত উপস্থিত হʼবলৈ সংকোচ কৰেনে? এজন ব্যক্তিয়ে সভাত প্ৰথমবাৰ উপস্থিত হৈ তেওঁক কিয় ভাল লাগিলে, তাৰ বিষয়ে জানক।

সেই দিনটো আমি কেতিয়াও নাপাহৰোঁ (৪:১৬)

এজন লʼৰাক সভাবোৰ কিয় ভাল লাগিল আৰু তাত যাবলৈ তেওঁ কি কৰিলে, এই ভিডিঅʼখনত চাওক।

মোক সভাবোৰ বহুত ভাল লাগিছিল! (৪:৩৩)

কিছুমান লোকক সভালৈ যাবলৈ কিয় ভাল লাগে, তাৰ বিষয়ে জানক।

“আমি কিয় ৰাজ্যগৃহলৈ যোৱা উচিত?” (ৱেবছাইটত দিয়া লেখ)

যিহোৱাৰ সাক্ষীসকলৰ সভালৈ যোৱাৰ পাছত এজন গুণ্ডাৰ জীৱন কেনেকৈ পৰিৱৰ্তন হʼল, তাৰ বিষয়ে জানক।

“মই বন্দুক নোলোৱাকৈ কʼলৈকো যোৱা নাছিলোঁ” (প্ৰহৰীদুৰ্গ-হিন্দী, অক্টোবৰ ১, ২০১৪)