Skip to content

Skip to table of contents

পাঠ ১৪

ঈশ্বৰে কেনেধৰণৰ উপাসনা গ্ৰহণ কৰে?

ঈশ্বৰে কেনেধৰণৰ উপাসনা গ্ৰহণ কৰে?

আগৰ পাঠত আমি শিকিলোঁ যে ঈশ্বৰে সকলো ধৰণৰ উপাসনা গ্ৰহণ নকৰে। তেনেহʼলে ইয়াৰ অৰ্থ এয়া নেকি যে আমি ঈশ্বৰক আনন্দিত কৰিব নোৱাৰোঁ? নহয়। বাইবেলত উপাসনা কৰাৰ এনে এক উপায় বা “ধৰ্ম্ম” আছে, যিটো ঈশ্বৰে গ্ৰহণ কৰে। (যাকোব ১:২৭) আহক, এই বিষয়ে আলোচনা কৰোঁ।

১. আমাৰ উপাসনা কিহৰ আধাৰত হোৱা উচিত?

যীচুৱে ঈশ্বৰক এইদৰে কৈছিল, “তোমাৰ বাক্যেই সত্য।” (যোহন ১৭:১৭) সেইবাবে, আমাৰ উপাসনা বাইবেলৰ আধাৰত হোৱা উচিত অৰ্থাৎ বাইবেলত যিদৰে লিখা আছে, আমিও সেইদৰেই কৰা উচিত। কিন্তু দুখৰ বিষয় যে কিছুমান ধৰ্মগুৰুৱে শাস্ত্ৰৰপৰা শিকোৱাৰ পৰিৱৰ্তে মানুহৰ শিক্ষা আৰু পৰম্পৰাবোৰ শিকায়। এইদৰে কৰি তেওঁলোকে ঈশ্বৰক আনন্দিত কৰা নাই, কিয়নো তেওঁলোকে ‘ঈশ্বৰৰ আজ্ঞা উলঙ্ঘন কৰিছে।’ (মথি ১৫:৩ পঢ়ক।) কিন্তু বাইবেলৰ অনুসৰি তেওঁৰ উপাসনা কৰিলেহে ঈশ্বৰে আনন্দিত হʼব।

২. যিহোৱাই কেনেধৰণৰ উপাসনা গ্ৰহণ কৰে?

যিহোৱাই আমাক সৃষ্টি কৰাৰ বাবে আমি কেৱল তেওঁকেই উপাসনা কৰা উচিত। (প্ৰকাশিত বাক্য ৪:১১) অৰ্থাৎ আমি তেওঁক প্ৰেম কৰা আৰু কোনো ছবি বা মূৰ্তি ব্যৱহাৰ নকৰাকৈ তেওঁৰ উপাসনা কৰাটো ঈশ্বৰে বিচাৰে।—যিচয়া ৪২:৮ পঢ়ক।

আমাৰ উপাসনা “পবিত্ৰ, আৰু ঈশ্বৰৰ গ্ৰহণীয়” হোৱা উচিত। (ৰোমীয়া ১২:১) ঈশ্বৰৰ আজ্ঞা পালন কৰিলেহে আমি এইদৰে কৰিব পাৰিম। উদাহৰণস্বৰূপে, যিসকলে ঈশ্বৰক প্ৰেম কৰে, তেওঁলোকে বিবাহৰ বিষয়ে দিয়া নিয়মবোৰ পালন কৰে। ইয়াৰ উপৰিও, যিহোৱাই বেয়া পোৱা কাম আৰু আমাৰ শৰীৰ ক্ষতি কৰা বস্তুবোৰৰপৰা আমি আঁতৰি থাকোঁ। যেনে, ধঁপাত, তামোল-পাণ, ড্ৰাগ্ছ বা নিচাযুক্ত দ্ৰব্যবোৰ সেৱন কৰা। a

৩. আমি একেলগে মিলি যিহোৱাক কিয় উপাসনা কৰা উচিত?

বাইবেলত লিখা আছে যে আমি ‘মণ্ডলীত যিহোৱাৰ প্ৰশংসা কৰা’ উচিত। (গীতমালা ১১১:১, ২) সভাত আমি গীত গাই যিহোৱাৰ প্ৰশংসা কৰোঁ। (গীতমালা ১০৪:৩৩ পঢ়ক।) যিহোৱাই আমাক প্ৰেম কৰাৰ বাবে আমি সদায় জীয়াই থকাটো তেওঁ বিচাৰে আৰু আমি সভাবোৰত উপস্থিত হোৱাটো তেওঁ বিচাৰে। আমি সভাবোৰত উপস্থিত হৈ এজনে-আনজনক উৎসাহিত কৰিব পাৰোঁ।

গভীৰভাৱে ধ্যান কৰক

কোনো মূৰ্তি বা ছবি ব্যৱহাৰ কৰি তেওঁৰ উপাসনা কৰাটো যিহোৱাই কিয় নিবিচাৰে? আমি কি কি উপায়েৰে যিহোৱাৰ উপাসনা কৰিব পাৰোঁ? আহক এই বিষয়ে আলোচনা কৰোঁ।

৪. উপাসনাত মূৰ্তি বা ছবি ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত যিহোৱাৰ দৃষ্টিভংগী কি?

উপাসনাত মূৰ্তি বা ছবি ব্যৱহাৰ কৰিলে যিহোৱাক কেনেকুৱা লাগে? আহক চাওঁ। ভিডিঅʼখন চাওক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:

  • প্ৰাচীন সময়ত কিছুমান লোকে যেতিয়া ঈশ্বৰৰ উপাসনা কৰিবলৈ মূৰ্তি বনাইছিল, তেতিয়া কি হʼল?

কিছুমান লোকে ভাবে যে উপাসনাত মূৰ্তি বা ছবি ব্যৱহাৰ কৰিলে, তেওঁলোকে ঈশ্বৰৰ কাষ চাপিব পাৰিব। কিন্তু এয়া সঁচানে? যাত্ৰাপুস্তক ২০:৪-৬ আৰু গীতমালা ১০৬:৩৫, ৩৬ পঢ়ক। তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:

  • উপাসনা কৰিবলৈ লোকসকলে কি কি বস্তু ব্যৱহাৰ কৰে?

  • লোকসকলে মূৰ্তি পূজা কৰিলে যিহোৱাক কেনেকুৱা লাগে?

  • মূৰ্তি পূজাৰ বিষয়ে আপুনি কি ভাবে?

৫. আমি কেৱল যিহোৱাৰ উপাসনা কৰিলেহে মিছা শিক্ষাৰপৰা মুক্ত হʼব পাৰিম

যিহোৱাৰ ইচ্ছাৰ অনুসৰি তেওঁৰ উপাসনা কৰিলে আমি কেনেকৈ মিছা শিক্ষাৰপৰা মুক্ত হʼব পাৰোঁ। আহক, এই বিষয়ে চাওঁ। ভিডিঅʼখন চাওক

গীতমালা ৯১:১৪ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:

  • যেতিয়া আমি কেৱল যিহোৱাৰ উপাসনা কৰি তেওঁৰ প্ৰতি প্ৰেম দেখুৱাওঁ, তেতিয়া যিহোৱাই আমাৰ বাবে কি কৰিব?

৬. আমি মণ্ডলীৰ সভাবোৰত ঈশ্বৰৰ উপাসনা কৰোঁ

আমি সভাবোৰত উত্তৰ দিয়াৰ যোগেদি যিহোৱাৰ প্ৰশংসা কৰিব পাৰোঁ আৰু আনকো উৎসাহিত কৰিব পাৰোঁ। গীতমালা ২২:২২ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:

  • সভাবোৰত আনৰ উত্তৰ শুনি আপোনাক কেনেকুৱা লাগে?

  • আপুনিও সভাত কোনো এটা উত্তৰ দিবলৈ প্ৰস্তুতি কৰিব বিচাৰেনে?

৭. বাইবেলৰপৰা শিকা কথাবোৰ আনক জনালে যিহোৱাই আনন্দিত হʼব

বাইবেলৰপৰা শিকা কথাবোৰ আমি আনক জনাব পাৰোঁ। গীতমালা ৯:১ আৰু ৩৪:১ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:

  • আপুনি বাইবেলৰপৰা এতিয়ালৈকে যি শিকিলে, তাৰ ভিতৰত কোনটো কথা আপুনি আনক জনাব বিচাৰে?

কিছুমান লোকে কয়: “ঈশ্বৰে আমাৰ হৃদয় চায়, আমি যিয়েই ধৰ্ম পালন নকৰোঁ কিয়, এয়া কোনো অৰ্থ নাৰাখে।”

  • আপুনি কি ভাবে?

আমি কি শিকিলোঁ

যেতিয়া আমি কেৱল যিহোৱাৰ উপাসনা কৰোঁ, মণ্ডলীৰ সভাবোৰত গীত গাওঁ আৰু বাইবেলৰপৰা শিকা কথাবোৰ আনক জনাওঁ, তেতিয়া যিহোৱা আনন্দিত হয়।

আপুনি কেনেকৈ উত্তৰ দিব?

  • আমাৰ উপাসনা কিহৰ আধাৰত হোৱা উচিত?

  • আমি কেৱল যিহোৱা ঈশ্বৰকে কিয় উপাসনা কৰা উচিত?

  • আমি যিহোৱাৰ লোকসকলৰ লগত মিলি কিয় ঈশ্বৰৰ উপাসনা কৰা উচিত?

লক্ষ্য

বেছিকৈ জানক

ঈশ্বৰৰ উপাসনা কৰিবলৈ যেতিয়া এগৰাকী তিৰোতাই মূৰ্তিবোৰ ব্যৱহাৰ কৰিবলৈ এৰি দিলে, তেতিয়া তাইক কেনেকুৱা লাগিল? আহক চাওঁ।

“এতিয়া মই মিছা দেৱী-দেৱতাৰপৰা মুক্ত” (প্ৰহৰীদুৰ্গ লেখ)

মণ্ডলীৰ সভাবোৰত কেনেকৈ উত্তৰ দিব পাৰি, আহক চাওঁ।

“মণ্ডলীত যিহোৱা ঈশ্বৰৰ প্ৰশংসা কৰক” (প্ৰহৰীদুৰ্গ, জানুৱাৰী ২০১৯)

এজন ব্যক্তিক মণ্ডলীৰ সভাবোৰত উপস্থিত হʼবলৈ অসুবিধা হৈছিল। তথাপি সভাবোৰত উপস্থিত হোৱাৰ বাবে তেওঁ কেনেকৈ লাভৱান হৈছিল, তাৰ বিষয়ে জানক।

যিহোৱাই মোৰ যত্ন লʼলে (৩:০৭)

বহুতোলোকে কয় যে ক্ৰুচ হৈছে খ্ৰীষ্টান ধৰ্মৰ চিন। কিন্তু ঈশ্বৰক উপাসনা কৰিবলৈ আমি ক্ৰুচ ব্যৱহাৰ কৰা উচিত নে?

“যিহোৱাৰ সাক্ষীসকলে উপাসনাত কিয় ক্ৰুচ ব্যৱহাৰ নকৰে?” (ৱেবছাইটত দিয়া লেখ)

a পৰৱৰ্তী পাঠবোৰত এই বিষয়ে আলোচনা কৰা হʼব।