Skip to content

Skip to table of contents

পাঠ ১৬

যীচুৱে পৃথিৱীত কি কি কাম কৰিলে?

যীচুৱে পৃথিৱীত কি কি কাম কৰিলে?

আপুনি যীচুৰ বিষয়ে কি জানে? হয়তো আপুনি তেওঁক ভৱিষ্যতৰ বিষয়ে কোৱা এজন ব্যক্তি বুলি জানে অথবা আপুনি তেওঁৰ জন্ম আৰু মৃত্যুৰ বিষয়ে কাহিনী কিতাপত পঢ়িছে। কিন্তু বাইবেল পঢ়িলে আমি যীচুৰ বিষয়ে আৰু বহুতো কথা জানিব পাৰোঁ। এই পাঠত আমি আলোচনা কৰিম যে পৃথিৱীত থকাৰ সময়ত যীচুৱে কি কি কৰিলে আৰু আমি তেওঁৰপৰা কি শিকিব পাৰোঁ।

১. যীচুৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ কাম কি আছিল?

‘ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে শুভবাৰ্ত্তা প্ৰচাৰ’ কৰাটোৱেই যীচুৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ কাম আছিল। (লূক ৪:৪৩ পঢ়ক।) ঈশ্বৰৰ ৰাজ্য বা চৰকাৰে লোকসকলৰ সকলো সমস্যা দূৰ কৰিব বুলি যীচুৱে প্ৰচাৰ কৰিছিল। a চাৰে তিনি বছৰ ধৰি যীচুৱে দিনে-ৰাতিয়ে পৰিশ্ৰম কৰি লোকসকলক শুভবাৰ্তা জনালে।—মথি ৯:৩৫.

২. যীচুৱে আচৰিত কাম কিয় কৰিছিল?

বাইবেলত লিখা আছে যে ঈশ্বৰে যীচুৰ যোগেদি ‘পৰাক্ৰম কাৰ্য্য আৰু অদ্ভুত লক্ষণ’ অৰ্থাৎ ডাঙৰ ডাঙৰ আচৰিত কাম কৰিলে। (পাঁচনিৰ কৰ্ম্ম ২:২২) ঈশ্বৰৰ শক্তিৰ সহায়ত যীচুৱে ধুমুহাক শান্ত কৰিলে, হাজাৰ হাজাৰ লোকক আহাৰ খোৱালে, বেমাৰ ভাল কৰিলে, আনকি মৃত লোকসকলকো জীয়াই তুলিলে। (মথি ৮:২৩-২৭; ১৪:১৫-২১; মাৰ্ক ৬:৫৬; লূক ৭:১১-১৭) যীচুৱে কৰা আচৰিত কামবোৰে প্ৰমাণ কৰে যে যিহোৱাই যীচুক পৃথিৱীলৈ পঠাইছিল আৰু যিহোৱাৰ ওচৰত বহুত শক্তি আছে। সেইবাবে, আমি ভৰসা কৰিব পাৰোঁ যে যিহোৱাই পৃথিৱীৰ সকলো সমস্যা দূৰ কৰিব।

৩. যীচুৰপৰা আমি কি শিকিব পাৰোঁ?

যীচুৱে সকলো সময়তে যিহোৱাৰ আজ্ঞা পালন কৰিছিল। (যোহন ৮:২৯ পঢ়ক।) বিৰোধৰ সন্মুখীন হোৱাৰ সত্ত্বেও যীচুৱে মৃত্যুৰ আগমূহুৰ্তলৈকে নিজৰ পিতৃৰ ইচ্ছা অনুসৰি কাম কৰিলে। তেওঁৰপৰা আমি কি শিকিব পাৰোঁ? যিয়েই সমস্যাৰ সন্মুখীন নহওঁ কিয় আমি ঈশ্বৰৰ ইচ্ছা অনুসৰি কাম কৰিব পাৰোঁ। কিয়নো যীচুৱে আমাৰ কাৰণে “এটি আৰ্হি ৰাখি গল,” যাতে আমি তেওঁক অনুকৰণ কৰিব পাৰোঁ।—১ পিতৰ ২:২১.

গভীৰভাৱে ধ্যান কৰক

যীচুৱে লোকসকলক কেনেকৈ শুভবাৰ্তা জনালে? তেওঁ কি কি আচৰিত কাম কৰিলে? আহক এই বিষয়ে আলোচনা কৰোঁ।

৪. যীচুৱে শুভবাৰ্তা প্ৰচাৰ কৰিলে

লোকসকলক প্ৰচাৰ কৰিবলৈ যীচুৱে বহু কিলোমিটাৰ ধূলিৰে ভৰা বাটেৰে খোজকাঢ়ি গৈছিল। লূক ৮:১ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:

  • কেৱল তেওঁৰ ওচৰলৈ অহা লোকসকলকহে যীচুৱে প্ৰচাৰ কৰিছিল নেকি?

  • লোকসকলক লগ কৰিবলৈ যীচুৱে কি কৰিলে?

মচীহ শুভবাৰ্তা প্ৰচাৰ কৰিব বুলি ঈশ্বৰে বহুবছৰ আগতেই ভৱিষ্যতবাণী কৰিছিল। যিচয়া ৬১:১, ২ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:

  • যীচুৱে এই ভৱিষ্যতবাণী কেনেকৈ পূৰ কৰিলে?

  • আপুনি কি ভাবে, আজিও লোকসকলক এই শুভবাৰ্তাৰ প্ৰয়োজন আছেনে?

৫. যীচুৱে ভাল পৰামৰ্শ দিছিল

যীচুৱে লোকসকলক ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে জনোৱাৰ লগতে তেওঁলোকক জীৱনৰ বিষয়ে ভাল পৰামৰ্শও দিছিল। এনেধৰণৰ ভাল পৰামৰ্শ যীচুৱে নিজৰ এটা বিখ্যাত উপদেশত দিছিল আৰু এই উপদেশক পৰ্বতীয়া উপদেশ বুলি কোৱা হয়। মথি ৬:১৪, ৩৪ আৰু ৭:১২ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:

  • এই পদবোৰত যীচুৱে কি পৰামৰ্শ দিছিল?

  • এই পৰামৰ্শবোৰ পালন কৰিলে আজিও আমি লাভৱান হʼমনে?

৬. যীচুৱে বহুতো আচৰিত কাম কৰিলে

যীচুক আচৰিত কাম কৰিবলৈ যিহোৱাই শক্তি দিছিল। এটা ঘটনাৰ বিষয়ে জানিবলৈ মাৰ্ক ৫:২৫-৩৪ পঢ়ক বা ভিডিঅʼখন চাওক তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক।

  • অসুস্থ তিৰোতাগৰাকীৰ কি কথাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছিল?

  • এই ঘটনাৰ কি কথা আপোনাক ভাল লাগিল?

যোহন ৫:৩৬ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:

  • যীচুৱে কৰা আচৰিত কামবোৰে কিহৰ বিষয়ে সাক্ষ্য দিয়ে অৰ্থাৎ ইয়াৰপৰা যীচুৰ বিষয়ে কি জানিব পাৰি?

আপুনি জানেনে?

আমি যীচুৰ বিষয়ে যিবোৰ জানোঁ, সেইবোৰ বাইবেলৰ মথি, মাৰ্ক, লূক আৰু যোহন কিতাপত উল্লেখ আছে। এই চাৰিখন কিতাপক শুভবাৰ্তাৰ কিতাপ বুলি কোৱা হয়। প্ৰতিজন লেখকে নিজৰ কিতাপত এনে কিছুমান কথা লিখিছে, যিবোৰ আন কিতাপবোৰত পোৱা নাযায়। এই চাৰিখন কিতাপ পঢ়াৰ যোগেদি আমি যীচুৰ জীৱনৰ বিষয়ে জানিব পাৰোঁ।

  • মথি

    তেওঁ শুভবাৰ্তাৰ প্ৰথম কিতাপখন লিখিছিল। এই কিতাপত বিশেষকৈ ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে লিখা আছে। ইয়াৰ লগতে যীচুৱে শিকোৱা কথাবোৰো ইয়াত উল্লেখ কৰা হৈছে।

  • মাৰ্ক

    তেওঁ শুভবাৰ্তাৰ একেবাৰে সৰু কিতাপখন লিখিছিল। তেওঁ কম শব্দত আৰু সুন্দৰকৈ ঘটনাবোৰ উল্লেখ কৰিছে। এয়া পঢ়ি এনে লাগে যেন ঘটনাবোৰ লগে লগে হৈ আছে।

  • লূক

    প্ৰাৰ্থনা কৰাৰ গুৰুত্বতা আৰু যীচুৱে তিৰোতাসকলৰ লগত কেনেদৰে ব্যৱহাৰ কৰিছিল, এই দুয়োটা বিষয়ৰ ওপৰত তেওঁ বেছিকৈ জোৰ দিছে।

  • যোহন

    যীচুৱে নিজৰ বন্ধু আৰু আন লোকসকলক কোৱা কথাবোৰ যোহনে এই কিতাপত উল্লেখ কৰিছে। ইয়াৰপৰা আমি বুজিব পাৰোঁ যে যীচু কেনেধৰণৰ ব্যক্তি আছিল।

কিছুমান লোকে কয়: “যীচু কেৱল এজন ভাল ব্যক্তি আছিল।”

  • আপুনি কি ভাবে?

আমি কি শিকিলোঁ

যীচুৱে ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে প্ৰচাৰ কৰিছিল, আচৰিত কাম কৰিছিল আৰু সদায় যিহোৱাৰ আজ্ঞা পালন কৰিছিল।

আপুনি কেনেকৈ উত্তৰ দিব?

  • যীচুৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ কাম কি আছিল?

  • যীচুৱে আচৰিত কাম কিয় কৰিছিল?

  • যীচুৱে কি কি ভাল শিক্ষা দিছিল?

লক্ষ্য

বেছিকৈ জানক

যীচুৱে আটাইতকৈ বেছি কিহৰ বিষয়ে কথা পাতিছিল?

“ঈশ্বৰৰ ৰাজ্য—যীচুৰ বাবে কি অৰ্থ ৰাখে?” (প্ৰহৰীদুৰ্গ লেখ)

যীচুৱে সঁচাকৈ আচৰিত কাম কৰিছিল বুলি আমি কিয় কʼব পাৰোঁ?

“যীচুৱে কৰা আচৰিত কামৰপৰা আপুনি কি শিকিব পাৰে?” (প্ৰহৰীদুৰ্গ লেখ)

যেতিয়া এজন ব্যক্তিয়ে জানিব পাৰিলে যে যীচুৱে আনৰ প্ৰতি কিমান চিন্তা কৰে, তেতিয়া তেওঁৰ জীৱন সলনি হʼল। আহক চাওঁ।

“মই নিজৰ বাবেই জীয়াই আছিলোঁ” (প্ৰহৰীদুৰ্গ লেখ)

a পাঠ ৩১-৩৩-ত আমি ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে বেছিকৈ শিকিম।