Skip to content

Skip to table of contents

পাঠ ১৮

সত্য খ্ৰীষ্টানসকলক কেনেকৈ চিনাক্ত কৰিব পাৰি?

সত্য খ্ৰীষ্টানসকলক কেনেকৈ চিনাক্ত কৰিব পাৰি?

আজি বহুতোলোকে নিজকে খ্ৰীষ্টান বুলি কয়। কিন্তু তেওঁলোকে বেলেগ বেলেগ ধৰণে উপাসনা কৰে আৰু তেওঁলোকৰ ধৰ্মীয় বিশ্বাসো বেলেগ। তেনেহʼলে তেওঁলোকৰ মাজত সত্য খ্ৰীষ্টান কোন হয়, আমি কেনেকৈ জানিব পাৰিম?

১. খ্ৰীষ্টান বুলি কাক কোৱা হয়?

যীচুৰ শিষ্যসকলক খ্ৰীষ্টান বুলি কোৱা হয়। (পাঁচনিৰ কৰ্ম্ম ১১:২৬ পঢ়ক।) কিন্তু যীচুৰ শিষ্য কোন হয়, আমি কেনেকৈ জানিব পাৰিম? তেওঁ কৈছিল, “মোৰ বাক্যতে যদি তোমালোক থাকা, তেন্তে সঁচাকৈয়েই তোমালোক মোৰ শিষ্য।” (যোহন ৮:৩১) গতিকে, যিসকলে যীচুৰ শিক্ষা পালন কৰে, তেওঁলোকেই হৈছে সত্য খ্ৰীষ্টান। যীচুৱে বাইবেলৰপৰা শিকাইছিল, সেইবাবে সত্য খ্ৰীষ্টানসকলে বাইবেলৰ শিক্ষা পালন কৰে।—লূক ২৪:২৭ পঢ়ক।

২. সত্য খ্ৰীষ্টানসকলে কেনেকৈ দেখুৱায় যে তেওঁলোকে এজনে-আনজনক প্ৰেম কৰে?

যীচুৱে নিজৰ শিষ্যসকলক কৈছিল, “মই যেনেকৈ তোমালোকক প্ৰেম কৰিলোঁ, তেনেকৈ তোমালোকেও পৰস্পৰে প্ৰেম কৰিবা।” (যোহন ১৫:১২) যীচুৱে নিজৰ শিষ্যসকলক প্ৰেম কৰিছিল। তেওঁ কেৱল কথাৰে নহয়, কামৰ যোগেদিও প্ৰেম দেখুৱাইছিল। যেনে, তেওঁ নিজৰ শিষ্যসকলৰ লগত সময় কটাইছিল, তেওঁলোকক উৎসাহিত কৰিছিল আৰু সহায় কৰিছিল। আনকি তেওঁলোকৰ বাবে নিজৰ জীৱনো বলিদান দিছিল। (১ যোহন ৩:১৬) যীচুৰ দৰে সত্য খ্ৰীষ্টানসকলেও এজনে-আনজনক প্ৰেম কৰোঁ বুলি কেৱল কথাৰে নহয়, কামৰ যোগেদিও দেখুৱায়। তেওঁলোকে এজনে-আনজনক সহায় কৰে আৰু তেওঁলোকৰ লগত ভালদৰে ব্যৱহাৰ কৰে।

৩. সত্য খ্ৰীষ্টানসকলে কি কামত লাগি আছে?

যীচুৱে নিজৰ শিষ্যসকলক এটা কাম দিছিল। ‘যীচুৱে তেওঁলোকক ঈশ্বৰৰ ৰাজ্যৰ কথা ঘোষণা কৰিবলৈ পঠিয়াইছিল।’ (লূক ৯:২) আৰম্ভণিৰ খ্ৰীষ্টানসকলে কেৱল উপাসনা কৰা ঠাইতে প্ৰচাৰ কৰা নাছিল। ইয়াৰ পৰিৱৰ্তে, তেওঁলোকে বজাৰ, মানুহৰ ঘৰে-ঘৰে আৰু সকলো ঠাইতে লোকসকলক ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে জনাইছিল। (পাঁচনিৰ কৰ্ম্ম ৫:৪২; ১৭:১৭ পঢ়ক।) যীচুৰ শিষ্যসকলৰ দৰে সত্য খ্ৰীষ্টানসকলেও সকলো ঠাইতে প্ৰচাৰ কৰে। তেওঁলোকে ঈশ্বৰৰ বাৰ্তা জনাবলৈ কঠিন পৰিশ্ৰম কৰে, কিয়নো তেওঁলোকে লোকসকলক প্ৰেম কৰে। লোকসকলে বাইবেলৰপৰা শান্ত্বনা আৰু ভৱিষ্যতৰ বাবে আশা লাভ কৰাটো সত্য খ্ৰীষ্টানসকলে বিচাৰে।—মাৰ্ক ১২:৩১.

গভীৰভাৱে ধ্যান কৰক

সত্য খ্ৰীষ্টানসকলক কেনেকৈ চিনাক্ত কৰিব পাৰি? আহক এই বিষয়ে আলোচনা কৰোঁ।

৪. সত্যৰ বিষয়ে তেওঁলোকে বাইবেলৰপৰা জানিবলৈ চেষ্টা কৰে

আৰম্ভণিৰ খ্ৰীষ্টানসকলে বাইবেলৰ কথা পালন কৰিছিল

কিছুমান লোকে নিজকে খ্ৰীষ্টান বুলি কয়। কিন্তু তেওঁলোকে বাইবেলত লিখা কথাবোৰ পালন নকৰে। ভিডিঅʼখন চাওক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:

  • আমি কিয় কʼব পাৰোঁ যে কিছুমান গীৰ্জাই যীচুৰ শিক্ষা শিকোৱা নাছিল?

যীচুৱে ঈশ্বৰৰ বাক্য বাইবেলৰপৰা লোকসকলক সত্যতা জনাইছিল। যোহন ১৮:৩৭ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:

  • “সত্যতাৰ পক্ষে” থকা খ্ৰীষ্টানসকলে কি কৰিব, তাৰ বিষয়ে যীচুৱে কি কৈছিল?

৫. সত্য খ্ৰীষ্টানসকলে প্ৰচাৰ কৰে

আৰম্ভণিৰ খ্ৰীষ্টানসকলে লোকসকলক প্ৰচাৰ কৰিছিল

স্বৰ্গলৈ উভতি যোৱাৰ আগতে যীচুৱে নিজৰ শিষ্যসকলক এটা গুৰুত্বপূৰ্ণ কাম দিছিল। আজিও তেওঁৰ শিষ্যসকলে এই কাম কৰি আছে। মথি ২৮:১৯, ২০ আৰু পাঁচনিৰ কৰ্ম্ম ১:৮ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:

  • প্ৰচাৰ কাম কʼত কʼত আৰু কেতিয়ালৈকে কৰা হʼব?

৬. সত্য খ্ৰীষ্টানসকলে আনক শিকোৱা কথাবোৰ নিজেও পালন কৰে

টʼম নামৰ এজন ব্যক্তিয়ে সত্য খ্ৰীষ্টানসকলক কেনেকৈ চিনি পালে? ভিডিঅʼখন চাওক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:

  • ধৰ্মৰ ওপৰত টʼমৰ বিশ্বাস কিয় নাইকিয়া হৈছিল?

  • টʼমৰ কেনেকৈ বিশ্বাস হʼল যে তেওঁ সত্য বিচাৰি পালে?

যদি কোনোবাই নিজকে যীচুৰ শিষ্য বুলি কয়, তেনেহʼলে তেওঁ নিজৰ কামৰ যোগেদি দেখুৱাব লাগিব। মথি ৭:২১ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:

  • আমি যি কওঁ আৰু যি কৰোঁ, এই দুয়োটাৰ মাজত যীচুৰ বাবে কোনটো গুৰুত্বপূৰ্ণ?

৭. সত্য খ্ৰীষ্টানসকলে এজনে-আনজনক প্ৰেম কৰে

আৰম্ভণিৰ খ্ৰীষ্টানসকলে এজনে-আনজনক প্ৰেম কৰিছিল

ভাই-ভনীসকলক প্ৰেম কৰাৰ বাবে সত্য খ্ৰীষ্টানসকলে নিজৰ জীৱন দিবলৈও সাজু থাকেনে? ভিডিঅʼখন চাওক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:

  • ভাই লয়দে কিয় ভাই জনচনৰ বাবে নিজৰ জীৱন বিপদত পেলাইছিল?

  • আপুনি কি ভাবে, ভাই লয়দে সত্য খ্ৰীষ্টানসকলৰ দৰে প্ৰেম দেখুৱালেনে?

যোহন ১৩:৩৪, ৩৫ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:

  • যীচুৰ শিষ্যসকলে (অৰ্থাৎ সত্য খ্ৰীষ্টান) অন্য দেশ বা জাতিৰ লোকসকলৰ লগত কেনেদৰে ব্যৱহাৰ কৰিব?

  • যুদ্ধ হৈ থকাৰ সময়ত সত্য খ্ৰীষ্টানসকলে কি কৰিব?

কিছুমান লোকে কয়: “সকলো খ্ৰীষ্টান একেই হয়।”

  • সত্য খ্ৰীষ্টান কোন হয়, এই বিষয়ে জনাবলৈ আপুনি তেওঁলোকক কোনটো পদ দেখুৱাব?

আমি কি শিকিলোঁ

সত্য খ্ৰীষ্টানসকলে বাইবেলৰ শিক্ষা পালন কৰে। তেওঁলোকে নিজতকৈ বেছি আনক প্ৰেম কৰে আৰু বাইবেলৰপৰা শিকা কথাবোৰ আনকো জনায়।

আপুনি কেনেকৈ উত্তৰ দিব?

  • সত্য খ্ৰীষ্টানসকলৰ বিশ্বাসৰ আধাৰ কি?

  • সত্য খ্ৰীষ্টানসকলক কেনেকৈ চিনাক্ত কৰিব পাৰি?

  • সত্য খ্ৰীষ্টানসকলৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কাম কি?

লক্ষ্য

বেছিকৈ জানক

যীচুৰ শিক্ষা পালন কৰিবলৈ কঠিন পৰিশ্ৰম কৰা লোকসকলৰ বিষয়ে জানক।

যিহোৱাৰ সাক্ষীসকল—আমি কোন হওঁ? (১:১৩)

এগৰাকী নানে কেনেকৈ সত্য খ্ৰীষ্টানসকলক লগ পালে, তাৰ বিষয়ে জানক।

“তেওঁলোকে সকলো প্ৰশ্নৰ উত্তৰ বাইবেলৰপৰা দিলে!” (প্ৰহৰীদুৰ্গ-হিন্দী, জুলাই ১, ২০১৪)

সহায়ৰ প্ৰয়োজন হোৱাৰ সময়ত সত্য খ্ৰীষ্টানসকলে এজনে-আনজনক কেনেকৈ সহায় কৰে? আহক চাওঁ।

প্ৰাকৃতিক দুৰ্যোগৰ সময়ত নিজৰ ভাই-ভনীসকলক সহায় কৰক—এক আভাস (৩:৫৭)

আৰম্ভণিৰ খ্ৰীষ্টানসকলৰ দৰে আজিও সত্য খ্ৰীষ্টানসকলে কেনেকৈ যীচুৱে দেখুৱা পথত চলি আছে, আহক চাওঁ।

“সত্য খ্ৰীষ্টানৰ পৰিচয় কি?” (প্ৰহৰীদুৰ্গ লেখ)