Skip to content

Skip to table of contents

পাঠ ২৪

স্বৰ্গদূত কোন হয় আৰু তেওঁলোকে কি কৰে?

স্বৰ্গদূত কোন হয় আৰু তেওঁলোকে কি কৰে?

আমি স্বৰ্গত থকা যিহোৱাৰ পৰিয়ালৰ বিষয়ে জনাটো তেওঁ বিচাৰে। তেওঁৰ পৰিয়ালত স্বৰ্গদূতসকল আছে। তেওঁলোকক ‘ঈশ্বৰৰ সন্তান’ বুলি কোৱা হৈছে। (ইয়োব ৩৮:৬) বাইবেলত স্বৰ্গদূতৰ বিষয়ে কি কোৱা হৈছে? তেওঁলোকে আমাক সহায় কৰে, নে আমাৰ ক্ষতি কৰে? সকলো স্বৰ্গদূত যিহোৱাৰ পৰিয়ালৰ ভাগ হয়নে? আহক চাওঁ।

১. স্বৰ্গদূত কোন হয়?

পৃথিৱীখন সৃষ্টি কৰাৰ আগতে যিহোৱাই স্বৰ্গদূতসকলক সৃষ্টি কৰিছিল। যিদৰে আমি যিহোৱাক দেখা নাপাওঁ, ঠিক সেইদৰে আমি স্বৰ্গদূতসকলকো দেখা নাপাওঁ। (লূক ২৪:৩৯খ) স্বৰ্গত কোটি কোটি স্বৰ্গদূত আছে আৰু তেওঁলোক এজনে-আনজনৰপৰা একেবাৰে বেলেগ। (প্ৰকাশিত বাক্য ৫:১১) স্বৰ্গদূতসকলে ‘যিহোৱাৰ বাক্যলৈ কাণ পাতি তেওঁৰ বাক্য সিদ্ধ’ অৰ্থাৎ পালন কৰে। (গীতমালা ১০৩:২০) প্ৰাচীন সময়ত স্বৰ্গদূতসকলে যিহোৱাৰ নিৰ্দেশনাত তেওঁৰ লোকসকলক বাৰ্তা জনাইছিল, সহায় কৰিছিল আৰু সমস্যাৰপৰা ৰক্ষা কৰিছিল। বৰ্তমান সময়ত স্বৰ্গদূতসকলে সত্য খ্ৰীষ্টানসকলক কেনেকৈ সহায় কৰে? যিহোৱাৰ বিষয়ে জানিব বিচৰা লোকসকলক বিচাৰিবলৈ স্বৰ্গদূতসকলে সত্য খ্ৰীষ্টানসকলক সহায় কৰে।

২. চয়তান আৰু দুষ্ট স্বৰ্গদূত কোন হয়?

কিছুমান স্বৰ্গদূত যিহোৱাৰ বিশ্বাসী হৈ নাথাকিল। যিহোৱাৰ বিৰুদ্ধে কাম কৰা প্ৰথম স্বৰ্গদূতজনক ‘দিয়াবল আৰু চয়তান বুলি কোৱা হয়, সি গোটেই জগতক ভ্ৰান্ত জন্মায়।’ (প্ৰকাশিত বাক্য ১২:৯) চয়তানে আনৰ ওপৰত শাসন কৰিবলৈ প্ৰথম দম্পতী আদম আৰু হৱাক যিহোৱাৰ বিৰুদ্ধে কাম কৰোৱালে। ইয়াৰ উপৰিও, চয়তানে বহুতো স্বৰ্গদূতক যিহোৱাৰ বিৰুদ্ধে কৰিলে। যিহোৱাৰ বিৰুদ্ধে কাম কৰা এই স্বৰ্গদূতবিলাকক দুষ্ট স্বৰ্গদূত বুলি কোৱা হয়। যিহোৱাই চয়তান আৰু দুষ্ট স্বৰ্গদূতবিলাকক স্বৰ্গত থাকিবলৈ নিদিলে, সিহঁতক পৃথিৱীত পেলাই দিলে আৰু ভৱিষ্যতে সিহঁতক একেবাৰে শেষ কৰিব।—প্ৰকাশিত বাক্য ১২:৯, ১২ পঢ়ক।

৩. চয়তান আৰু দুষ্ট স্বৰ্গদূতবিলাকে লোকসকলক কেনেকৈ ভুল পথলৈ পৰিচালিত কৰে?

চয়তান আৰু দুষ্ট স্বৰ্গদূতবিলাকে যাদুবিদ্যাৰ যোগেদি বহুতোলোকক ভুল পথলৈ পৰিচালিত কৰিছে। যাদুবিদ্যাৰ যোগেদি দুষ্ট স্বৰ্গদূতবিলাকৰ লগত যোগাযোগ কৰা হয়। যেনে, জ্যোতিষী, বেজ বা জৰা-ফুঁকা কৰা লোকসকলৰ ওচৰলৈ যোৱা, ৰাশিফল চোৱা ইত্যাদি। কিছুমান লোকে চিকিৎসাৰ বাবে এনে পদ্ধতি ব্যৱহাৰ কৰে, যʼত যাদুবিদ্যা কৰা হয় আৰু কিছুমান লোকক ভুলোৱা হয় যে তেওঁলোকে মৃত লোকসকলৰ লগত কথা পাতিব পাৰে। a কিন্তু যিহোৱাই আমাক সতৰ্ক কৰিছে যে “ভূত পোহা আৰু গুণ-মন্ত্ৰ জনাবিলাকৰ ফাললৈ মুখ নকৰিবা; নিজকে অশুচি কৰিবৰ নিমিত্তে সিহঁতক সুধিবলৈ সিহঁতৰ ওচৰলৈ নাযাবা।” (লেবীয়া পুস্তক ১৯:৩১) যিহোৱাই আমাক চয়তান আৰু দুষ্ট স্বৰ্গদূতৰপৰা ৰক্ষা কৰিব বিচাৰে। সেইবাবে, তেওঁ আমাক সতৰ্ক কৰে। সিহঁত ঈশ্বৰৰ শত্ৰু হয় আৰু সিহঁতে আমাৰ ক্ষতি কৰিব বিচাৰে।

গভীৰভাৱে ধ্যান কৰক

ভাল স্বৰ্গদূতসকলে কি কৰে? যাদুবিদ্যাই আমাক কেনেকৈ ক্ষতি কৰিব পাৰে? আমি চয়তান আৰু দুষ্ট স্বৰ্গদূতবিলাকৰপৰা কেনেকৈ বাচি থাকিব পাৰোঁ? আহক এই বিষয়ে আলোচনা কৰোঁ।

৪. যিহোৱাৰ বিষয়ে শিকিবলৈ স্বৰ্গদূতে লোকসকলক সহায় কৰে

স্বৰ্গদূতে নিজেই গৈ লোকসকলক প্ৰচাৰ নকৰে, কিন্তু তেওঁলোকে ঈশ্বৰৰ বিষয়ে জানিবলৈ ইচ্ছা কৰা লোকসকলক বিচাৰিবলৈ আমাক সহায় কৰে। প্ৰকাশিত বাক্য ১৪:৬, ৭ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:

  • প্ৰচাৰ কৰিবলৈ আমাক স্বৰ্গদূতসকলৰ সহায়ৰ কিয় প্ৰয়োজন?

  • নম্ৰ লোকসকলক বিচাৰিবলৈ স্বৰ্গদূতসকলে আমাক সহায় কৰে। এয়া জানি আপুনি উৎসাহ লাভ কৰেনে? আপুনি এইদৰে কিয় ভাবে?

৫. যাদুবিদ্যাৰপৰা একেবাৰে আঁতৰি থাকক

চয়তান আৰু দুষ্ট স্বৰ্গদূত যিহোৱাৰ শত্ৰু হয়। সেইবাবে, সিহঁত আমাৰো শত্ৰু হয়। লূক ৯:৩৮-৪২ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:

  • দুষ্ট স্বৰ্গদূতবিলাকে লোকসকলৰ লগত কেনেদৰে ব্যৱহাৰ কৰে?

যাদুবিদ্যাৰ লগত জড়িত থকা সকলো বস্তুৰপৰা আমি আঁতৰি থাকিব বিচাৰোঁ। দ্বিতীয় বিবৰণ ১৮:১০-১২ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:

  • দুষ্ট স্বৰ্গদূতবিলাকে কি কি উপায়েৰে আমাক প্ৰলোভিত কৰে আৰু আমাৰ লগত যোগাযোগ কৰিবলৈ চেষ্টা কৰে? আপোনাৰ এলেকাত লোকসকলে কি কি উপায় ব্যৱহাৰ কৰে?

  • যিহোৱাই যাদুবিদ্যা কৰিবলৈ মানা কৰিছে। আপুনি কি ভাবে, এয়া ভাল পৰামৰ্শ হয়নে? আপুনি এইদৰে কিয় ভাবে?

ভিডিঅʼখন চাওক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:

  • পেলিচাৰ ছোৱালীজনীৰ হাতত যি তাবিজ বন্ধা আছিল, তাৰপৰা তাইৰ ক্ষতি হৈছিল বুলি আপুনি ভাবেনে? আপুনি এইদৰে কিয় ভাবে?

  • দুষ্ট স্বৰ্গদূতৰপৰা ৰক্ষা পাবলৈ পেলিচাই কি কৰাৰ প্ৰয়োজন আছিল?

সত্য খ্ৰীষ্টানসকলে দুষ্ট স্বৰ্গদূতবিলাকক বিৰোধ কৰি আহিছে। পাঁচনিৰ কৰ্ম্ম ১৯:১৯ আৰু ১ কৰিন্থীয়া ১০:২১ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:

  • আপুনি কি ভাবে, যাদুবিদ্যাৰ লগত জড়িত থকা বস্তুবোৰ নষ্ট কৰাৰ কিয় প্ৰয়োজন?

৬. চয়তান আৰু দুষ্ট স্বৰ্গদূতৰপৰা আপুনি জয়লাভ কৰিব পাৰে

চয়তানে দুষ্ট স্বৰ্গদূতবিলাকৰ ওপৰত শাসন কৰে। কিন্তু বিশ্বাসী স্বৰ্গদূতসকল মীখায়েলৰ অধীনত থাকে। যীচুৰ আন এটা নাম হৈছে মীখায়েল আৰু তেওঁ প্ৰধান স্বৰ্গদূত হয়। মীখায়েলৰ ওচৰত কিমান শক্তি আছে, এই বিষয়ে জানিবলৈ প্ৰকাশিত বাক্য ১২:৭-৯ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:

  • আটাইতকৈ বেছি শক্তিশালী কোন, মীখায়েল আৰু তেওঁৰ স্বৰ্গদূত, নে চয়তান আৰু তাৰ দুষ্ট স্বৰ্গদূত?

  • আপুনি কি ভাবে, যীচুৰ শিষ্যসকলে চয়তান আৰু দুষ্ট স্বৰ্গদূতবিলাকক ভয় কৰা উচিত নে?

চয়তান আৰু দুষ্ট স্বৰ্গদূতৰপৰা আপুনি জয়লাভ কৰিব পাৰে। যাকোব ৪:৭ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:

  • চয়তান আৰু দুষ্ট স্বৰ্গদূতৰপৰা বাচিবলৈ আপুনি কি কৰিব পাৰে?

কিছুমান লোকে কয়: “ভূত-প্ৰেত একো নাথাকে, আমি কেৱল আনন্দ-ফূৰ্তি কৰিবলৈহে এনেধৰণৰ চিনেমা চাওঁ আৰু খেল খেলোঁ।”

  • এনেধৰণৰ চিন্তাধাৰা কিয় হানিকাৰক?

আমি কি শিকিলোঁ

বিশ্বাসী স্বৰ্গদূতসকলে আমাক সহায় কৰে। চয়তান আৰু দুষ্ট স্বৰ্গদূতসকল যিহোৱাৰ শত্ৰু হয়। তেওঁলোকে যাদুবিদ্যাৰ যোগেদি লোকসকলক ভুল পথলৈ পৰিচালিত কৰে।

আপুনি কেনেকৈ উত্তৰ দিব?

  • যিহোৱাৰ বিষয়ে জানিব বিচৰা লোকসকলক স্বৰ্গদূতসকলে কেনেকৈ সহায় কৰে?

  • চয়তান আৰু দুষ্ট স্বৰ্গদূত কোন হয়?

  • আপুনি যাদুবিদ্যাৰপৰা কিয় আঁতৰি থাকিব বিচাৰে?

লক্ষ্য

বেছিকৈ জানক

যীচুৱেই প্ৰধান স্বৰ্গদূত মীখায়েল হয় বুলি আমি কিয় কʼব পাৰোঁ, আহক চাওঁ।

“প্ৰধান স্বৰ্গদূত মীখায়েল কোন হয়?” (ৱেবছাইটত দিয়া লেখ)

চয়তান মানুহৰ কোনো বেয়া গুণ নহয়, সি সঁচাকৈ আছে। আমি এইদৰে কিয় কʼব পাৰোঁ, আহক চাওঁ।

“চয়তান সঁচাকৈ আছেনে?” (ৱেবছাইটত দিয়া লেখ)

এগৰাকী তিৰোতাই দুষ্ট স্বৰ্গদূতবিলাকৰ কবলৰপৰা কেনেকৈ মুক্ত হʼল, আহক চাওঁ।

“তাই জীয়াই থকাৰ আশা পালে” (প্ৰহৰীদুৰ্গ লেখ)

যাদুবিদ্যাৰ যোগেদি চয়তানে কেনেকৈ লোকসকলক ঠগে, আহক চাওঁ।

“যাদুবিদ্যা আৰু ডাইনীৰ বিষয়ে সত্যতা” (অনলাইন লেখ)

a পাঠ ২৯-ত বুজোৱা হʼব যে মৃত্যুৰ পাছত এজন ব্যক্তিয়ে একো কৰিব নোৱাৰে।