Skip to content

Skip to table of contents

পাঠ ২৫

ঈশ্বৰে আমাক কিয় সৃষ্টি কৰিলে?

ঈশ্বৰে আমাক কিয় সৃষ্টি কৰিলে?

বাইবেলত উল্লেখ আছে যে মানুহৰ জীৱন “অলপদিনীয়া আৰু দুখেৰে পৰিপূৰ্ণ।” (ইয়োব ১৪:১) আমি এইদৰে জীয়াই থকাটো ঈশ্বৰে বিচাৰেনে? যদি নিবিচাৰে, তেনেহʼলে তেওঁ আমাক কিয় সৃষ্টি কৰিলে? তেওঁৰ উদ্দেশ্য কি আছিল? তেওঁৰ উদ্দেশ্য কেতিয়াবা পূৰ হʼবনে? এই প্ৰশ্নবোৰৰ উত্তৰ বাইবেলৰপৰা জানি আপুনি আনন্দিত হʼব।

১. আমি কেনেধৰণৰ জীৱন জীয়াই থকাটো যিহোৱা ঈশ্বৰে বিচাৰে?

আমি এটা ভাল জীৱন জীয়াই থকাটো যিহোৱাই বিচাৰে। যেতিয়া তেওঁ প্ৰথম দম্পতী আদম আৰু হৱাক সৃষ্টি কৰিছিল, তেতিয়া তেওঁলোকক এদন নামৰ এখন সুন্দৰ বাগিচাত ৰাখিছিল। “পাছে ঈশ্বৰে সিবিলাকক আশীৰ্ব্বাদ কৰিলে; ঈশ্বৰে সিবিলাকক ক’লে, তোমালোক বহুবংশ হোৱা, আৰু বাঢ়ি বাঢ়ি পৃথিৱীখন পৰিপূৰ্ণ কৰা, আৰু তাক বশীভূত কৰা।” (আদিপুস্তক ১:২৮) আদম আৰু হৱাই সন্তান জন্ম দিয়া, গোটেই পৃথিৱীখন এখন সুন্দৰ বাগিচালৈ পৰিৱৰ্তন কৰা আৰু জীৱ-জন্তুবোৰক চোৱা-চিতা কৰাটো যিহোৱাই বিচাৰিছিল। মানুহে কেতিয়াও বেমাৰ নোহোৱা, সুস্থ হৈ থকা আৰু সদায় আনন্দেৰে জীয়াই থকাটো ঈশ্বৰৰ ইচ্ছা আছিল।

যদিও আজি মানুহৰ জীৱন আৰম্ভণিতে ঈশ্বৰে বিচৰাৰ দৰে নাই, তথাপি a তেওঁৰ উদ্দেশ্য সলনি হোৱা নাই। (যিচয়া ৪৬:১০, ১১) আজিও যিহোৱাই তেওঁৰ আজ্ঞা পালন কৰা লোকসকলে কোনো দুখ-কষ্ট নোহোৱাকৈ সদায় জীয়াই থকাটো বিচাৰে।—প্ৰকাশিত বাক্য ২১:৩, ৪ পঢ়ক।

২. আমি প্ৰকৃত আনন্দ আৰু জীয়াই থকাৰ আশা কেনেকৈ লাভ কৰিব পাৰোঁ?

“ঈশ্বৰৰ বাক্য শুনি পালন” কৰিব পৰাকৈ যিহোৱাই মানুহক সৃষ্টি কৰিছে। সেইবাবে, আমি তেওঁৰ বিষয়ে জানিব পাৰোঁ আৰু তেওঁৰ উপাসনা কৰিব পাৰোঁ। (লূক ১১:২৮ পঢ়ক।) আমি তেওঁৰ লগত বন্ধুত্ব কৰা, ‘তেওঁৰ সকলো পথত চলা, তেওঁক প্ৰেম কৰা আৰু সকলো মনেৰে ঈশ্বৰ যিহোৱাৰ আৰাধনা কৰাটো’ যিহোৱাই বিচাৰে। (দ্বিতীয় বিবৰণ ১০:১২; হিতোপদেশ ৩:৩২) আমি যিয়েই সমস্যাৰ সন্মুখীন নহওঁ কিয়, যদি আমি এইদৰে কৰোঁ, তেনেহʼলে আমি প্ৰকৃত আনন্দ লাভ কৰিম। যিহোৱাৰ উপাসনা কৰিলে অৰ্থাৎ তেওঁৰ ইচ্ছাৰ অনুসৰি জীৱন-যাপন কৰিলে আমি জীয়াই থকাৰ আশা লাভ কৰিম।

গভীৰভাৱে ধ্যান কৰক

আহক চাওঁ যে যিহোৱাই পৃথিৱীখন সৃষ্টি কৰাৰ সময়ত নিজৰ প্ৰেমৰ গুণটো কেনেকৈ প্ৰকাশ কৰিলে আৰু তেওঁৰ বাক্যৰপৰা আমি শিকিম যে তেওঁ আমাক কিয় সৃষ্টি কৰিলে।

৩. মানুহে এক ভাল জীৱন জীয়াই থকাটো যিহোৱাই বিচাৰে

ভিডিঅʼখন চাওক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:

  • ঈশ্বৰে এই সুন্দৰ পৃথিৱীখন কিয় সৃষ্টি কৰিলে?

উপদেশক ৩:১১ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:

  • এই পদৰপৰা যিহোৱাৰ উদ্দেশ্যৰ বিষয়ে কি জানিব পাৰি?

৪. যিহোৱাৰ উদ্দেশ্য সলনি হোৱা নাই

গীতমালা ৩৭:১১, ২৯ আৰু যিচয়া ৫৫:১১ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:

  • যিহোৱাৰ উদ্দেশ্য সলনি হোৱা নাই বুলি আমি কিয় কʼব পাৰোঁ?

৫. যিহোৱাৰ উপাসনা কৰিলে আমি জীয়াই থকাৰ আশা লাভ কৰোঁ

যিহোৱাই আমাক কি উদ্দেশ্যেৰে সৃষ্টি কৰিছে, সেয়া জানিলে আমি প্ৰকৃত আনন্দ লাভ কৰিম। ভিডিঅʼখন চাওক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:

  • জীৱনৰ উদ্দেশ্যৰ বিষয়ে জানি টেৰʼমিৰ কি লাভ হʼল?

উপদেশক ১২:১৩ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:

  • যিহোৱাই আমাৰ বাবে বহুতো কাম কৰিছে, গতিকে আমাৰ কৰ্তব্য কি?

কিছুমান লোকে কয়: “যদি আমি জন্ম হৈছোঁ, তেনেহʼলে নিশ্চয় এদিন মৰিম।”

  • আপুনি ইয়াৰ উত্তৰ কেনেকৈ দিব?

আমি কি শিকিলোঁ

কোনো দুখ-কষ্ট নোহোৱাকৈ এই পৃথিৱীত আমি সদায় জীয়াই থকাটো যিহোৱা ঈশ্বৰে বিচাৰে। যেতিয়া আমি সম্পূৰ্ণ হৃদয়েৰে যিহোৱাৰ উপাসনা কৰোঁ, তেতিয়া আমি প্ৰকৃত আনন্দ আৰু জীয়াই থকাৰ আশা লাভ কৰোঁ।

আপুনি কেনেকৈ উত্তৰ দিব?

  • প্ৰথম দম্পতী আদম আৰু হৱাৰ বাবে যিহোৱাৰ উদ্দেশ্য কি আছিল?

  • যিহোৱাৰ উদ্দেশ্য সলনি হোৱা নাই বুলি আমি কিয় কʼব পাৰোঁ?

  • আপুনি প্ৰকৃত আনন্দ আৰু জীয়াই থকাৰ আশা কেনেকৈ লাভ কৰিব পাৰে?

লক্ষ্য

বেছিকৈ জানক

এদন বাগিচাখন সঁচাকৈ আছিল বুলি আমি কিয় কʼব পাৰোঁ, আহক কিছুমান প্ৰমাণৰ ওপৰত ধ্যান দিওঁ।

“এদন বাগিচাখন সঁচাকৈ আছিল নে?” (প্ৰহৰীৰ্দুগ লেখ)

পৃথিৱীখন সদায় থাকিব আৰু কেতিয়াও ধ্বংস নহʼব বুলি আমি কিয় ভৰসা কৰিব পাৰোঁ, আহক চাওঁ।

“পৃথিৱীখন ধ্বংস হʼবনে?” (ৱেবছাইটত দিয়া লেখ)

আমাৰ জীৱনৰ উদ্দেশ্যৰ বিষয়ে বাইবেলত কি লিখা আছে, আহক চাওঁ।

“আমাৰ জীৱনৰ উদ্দেশ্য কি?” (ৱেবছাইটত দিয়া লেখ)

এজন ব্যক্তিৰ ওচৰত সকলো বস্তু আছিল, তথাপি তেওঁ জীৱনত কিবা খালী যেন অনুভৱ কৰিছিল। তেওঁ কিয় এইদৰে অনুভৱ কৰিছিল, আহক এই বিষয়ে জানিবলৈ ভিডিঅʼখন চাওঁ।

এতিয়া মোৰ জীৱনৰ এটা উদ্দেশ্য আছে (৩:৫৫)

a পৰৱৰ্তী পাঠত আমি শিকিম যে যিহোৱাই বিচৰাৰ দৰে আজি আমাৰ জীৱন কিয় নাই।