Skip to content

Skip to table of contents

পাঠ ২৭

যীচুৱে নিজৰ জীৱন দি আমাক কেনেকৈ ৰক্ষা কৰিলে?

যীচুৱে নিজৰ জীৱন দি আমাক কেনেকৈ ৰক্ষা কৰিলে?

আমি আগৰ পাঠত শিকিলোঁ যে আদম আৰু হৱাই ঈশ্বৰৰ আজ্ঞা পালন নকৰাৰ বাবে আজি আমি পাপ কৰোঁ, দুখ-কষ্ট ভোগো আৰু এদিন মৰি যাওঁ। a কিন্তু আমি সদায় এইদৰে জীয়াই থাকিব লাগিবনে? নহয়। যিহোৱাই আমাৰ বাবে এটা বাট মুকলি কৰিলে। তেওঁ নিজৰ পুত্ৰ যীচু খ্ৰীষ্টক এই পৃথিৱীলৈ পঠালে, যাতে তেওঁ আমাক পাপ আৰু মৃত্যুৰপৰা উদ্ধাৰ কৰিব পাৰে। বাইবেলত কোৱা হৈছে যে যীচুৱে আমাৰ বাবে মুক্তিপণস্বৰূপে নিজৰ জীৱন দিলে। কিন্তু মুক্তিপণৰ অৰ্থ কি? এজন ব্যক্তিক বন্দীৰপৰা মুকলি কৰিবলৈ যি মূল্য দিয়া হয়, সেয়াই হৈছে মুক্তিপণ। মুক্তিৰ মূল্য পৰিশোধ কৰিবলৈ যীচুৱে নিজৰ সিদ্ধ জীৱন দিলে। (মথি ২০:২৮ পঢ়ক।) যীচুৱে এই পৃথিৱীত সদায় জীয়াই থাকিব পাৰিলেহেঁতেন। কিয়নো তেওঁ সিদ্ধ আছিল। কিন্তু তেওঁ আনন্দেৰে নিজৰ জীৱন আমাৰ বাবে বলিদান দিলে, যাতে আদম আৰু হৱাই হেৰুৱা সকলো বস্তু আমি পুনৰ লাভ কৰিব পাৰোঁ। নিজৰ জীৱন বলিদান দি যীচুৱে প্ৰমাণ কৰিলে যে তেওঁ আৰু যিহোৱাই আমাক বহুত প্ৰেম কৰে। যীচু খ্ৰীষ্টৰ বলিদানৰ প্ৰতি বেছিকৈ কৃতজ্ঞতা দেখুৱাবলৈ এই পাঠে আমাক সহায় কৰিব।

১. যীচুৰ বলিদানৰপৰা আজি আমাৰ কি লাভ হৈছে?

আমি অসিদ্ধ হোৱাৰ কাৰণে বাৰে বাৰে ভুল কৰোঁ আৰু যিহোৱাৰ মনক দুখ দিওঁ। কিন্তু যিহোৱাৰ লগত আমি পুনৰ ভাল সম্পৰ্ক গঢ়ি তুলিব পাৰিম নে? হয়, পাৰিম। বাইবেলত এইদৰে কোৱা হৈছে, “আমাক ঈশ্বৰৰ ওচৰলৈ নিবলৈ, অধাৰ্ম্মিকবিলাকৰ কাৰণে ধাৰ্ম্মিক জনাই, অৰ্থাৎ খ্ৰীষ্টে পাপবোৰৰ কাৰণে কেৱল এবাৰ দুখভোগ কৰিলে।” (১ পিতৰ ৩:১৮) যদি আমি যিহোৱাৰ লগত পুনৰ সম্পৰ্ক গঢ়ি তুলিব বিচাৰোঁ, তেনেহʼলে আমি কৰা ভুলৰ বাবে অনুতাপ কৰা উচিত, যীচুৰ নামেৰে যিহোৱাক ক্ষমা বিচৰা উচিত আৰু সেই ভুল পুনৰ নকৰিম বুলি থিৰাং কৰা উচিত।—১ যোহন ২:১.

২. যীচুৰ বলিদানৰপৰা ভৱিষ্যতে আমাৰ কি লাভ হʼব?

যিহোৱাই যীচুক নিজৰ সিদ্ধ জীৱন দিবলৈ পৃথিৱীলৈ পঠাইছিল, “যাতে যি কোনোৱে তেওঁত বিশ্বাস কৰে, তেওঁ নষ্ট নহয় কিন্তু অনন্ত জীৱন পায়।” (যোহন ৩:১৬) আদমে যিহোৱাৰ আজ্ঞা পালন নকৰাৰ বাবে আজি গোটেই পৃথিৱীত দুষ্টতা হৈ আছে। কিন্তু যিহোৱাই যীচু খ্ৰীষ্টৰ বলিদানৰ যোগেদি সকলো দুষ্টতা নাইকিয়া কৰিব। যদি আমি যীচু খ্ৰীষ্টৰ বলিদানৰ ওপৰত বিশ্বাস কৰিম, তেনেহʼলে এই পৃথিৱীৰ সুন্দৰ বাগিচাত আমি সদায় জীয়াই থাকিব পাৰিম।—যিচয়া ৬৫:২১-২৩.

গভীৰভাৱে ধ্যান কৰক

যীচুৱে নিজৰ জীৱন কিয় বলিদান দিলে আৰু তেওঁৰ বলিদানৰপৰা আমি কেনেকৈ লাভৱান হʼব পাৰোঁ? আহক এই বিষয়ে আলোচনা কৰোঁ।

৩. যীচুৱে নিজৰ জীৱন দি আমাক পাপ আৰু মৃত্যুৰপৰা উদ্ধাৰ কৰিলে

ভিডিঅʼখন চাওক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:

  • যিহোৱাৰ আজ্ঞা পালন নকৰাৰ বাবে আদমে কি সুযোগ হেৰুৱালে?

ৰোমীয়া ৫:১২ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:

  • আদমে কৰা পাপৰ বাবে আমাৰ ওপৰত কি প্ৰভাৱ পৰিল?

যোহন ৩:১৬ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:

  • যিহোৱাই নিজৰ পুত্ৰক পৃথিৱীলৈ কিয় পঠাইছিল?

  1. ক. আদম এজন সিদ্ধ ব্যক্তি আছিল। কিন্তু তেওঁ যিহোৱাৰ আজ্ঞা পালন নকৰাৰ বাবে মানৱজাতিলৈ পাপ আৰু মৃত্যু আহিল

  2. খ. যীচু এজন সিদ্ধ ব্যক্তি আছিল। তেওঁ যিহোৱাৰ আজ্ঞা পালন কৰাৰ বাবে সকলো মানুহ সিদ্ধ হোৱা আৰু সদায় জীয়াই থকাৰ আশা আছে

৪. যীচুৰ বলিদানৰপৰা সকলোৱে লাভৱান হʼব পাৰে

ভিডিঅʼখন চাওক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:

  • এজন ব্যক্তিৰ মৃত্যুৰপৰা সকলো মানৱজাতিয়ে কেনেকৈ লাভৱান হʼব পাৰে?

প্ৰথম তীমথিয় ২:৫, ৬ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:

  • আদম এজন সিদ্ধ ব্যক্তি আছিল। তেওঁ যিহোৱাৰ আজ্ঞা পালন নকৰাৰ বাবে সকলো মানুহলৈ পাপ আৰু মৃত্যু বিয়পি গʼল। যীচু এজন সিদ্ধ ব্যক্তি আছিল। তেওঁ নিজৰ জীৱন দি ‘মুক্তিৰ মূল্য’ পৰিশোধ কৰাৰ বাবে কি সম্ভৱ হʼল?

৫. মুক্তিপণে যিহোৱাৰ প্ৰেম প্ৰকাশ কৰে

যিহোৱাক প্ৰেম কৰা লোকসকলে এইদৰে ভাবে, ‘যিহোৱাই মোৰ বাবে মুক্তিপণস্বৰূপ বলিদানৰ ব্যৱস্থা কৰিলে।’ পাঁচনি পৌলৰ উদাহৰণলৈ মন কৰক। গালাতীয়া ২:২০ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:

  • পাঁচনি পৌলে মুক্তিপণ যিহোৱাই তেওঁক দিয়া ব্যক্তিগত উপহাৰ হয় বুলি কেনেকৈ দেখুৱালে?

আদমে পাপ কৰাৰ বাবে তেওঁৰ মৃত্যু হʼল। আমি তেওঁৰ সন্তান হোৱাৰ বাবে আমাৰো মৃত্যু হয়। কিন্তু আমি যাতে সদায় জীয়াই থাকিব পাৰোঁ, সেইবাবে যিহোৱাই নিজৰ পুত্ৰক মৃত্যু হʼবলৈ দিলে।

পৰৱৰ্তী পদবোৰ পঢ়াৰ সময়ত কল্পনা কৰক যে নিজৰ পুত্ৰক দুখ-কষ্ট ভুগি থকা দেখি যিহোৱাক কেনেকুৱা লাগিছিল? যোহন ১৯:১-৭, ১৬-১৮ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:

  • যিহোৱা আৰু যীচুৱে আপোনাৰ বাবে যি কৰিলে, তাৰ বাবে আপুনি কেনে অনুভৱ কৰে?

কোনোবাই সুধিব পাৰে: “এজন ব্যক্তিৰ মৃত্যুৱে সকলো মানুহৰ জীৱন কেনেকৈ ৰক্ষা কৰিব পাৰে?”

  • আপুনি কি উত্তৰ দিব?

আমি কি শিকিলোঁ

যীচুৰ বলিদানৰ বাবে যিহোৱাই আমাৰ পাপ ক্ষমা কৰে। ইয়াৰ বাবে আমি সদায় আনন্দেৰে জীয়াই থকাৰ আশাও লাভ কৰিছোঁ।

আপুনি কেনেকৈ উত্তৰ দিব?

  • যীচুৱে কিয় নিজৰ জীৱন বলিদান দিলে?

  • আমি কিয় কʼব পাৰোঁ যে যীচুৱে মুক্তিৰ মূল্য পৰিশোধ কৰিলে? ইয়াৰপৰা কি সম্ভৱ হʼল?

  • যীচুৰ বলিদানৰপৰা আপুনি কেনেকৈ লাভৱান হʼব পাৰে?

লক্ষ্য

বেছিকৈ জানক

যীচুৰ সিদ্ধ জীৱনক মুক্তিপণ বুলি কিয় কোৱা হৈছে, এই বিষয়ে জানক।

“যীচুৰ বলিদান কেনেকৈ ‘অনেকৰ বাবে মুক্তিৰ মূল্য’ হয়?” (ৱেবছাইটত দিয়া লেখ)

পাপ আৰু মৃত্যুৰপৰা উদ্ধাৰ পাবলৈ আমি কি কৰা উচিত, এই বিষয়ে জানক।

“যীচুৱে কেনেকৈ আমাক উদ্ধাৰ কৰে?” (ৱেবছাইটত দিয়া লেখ)

এজন ব্যক্তিয়ে যীচুৰ বলিদানৰ বিষয়ে শিকি নিজৰ ব্যক্তিত্ব সলনি কৰিবলৈ কেনেকৈ সহায় পালে, তাৰ বিষয়ে জানক।

মই মাৰ-পিট কৰিবলৈ এৰি দিলোঁ”(বেৱছাইটত দিয়া লেখ)

a পাপৰ অৰ্থ কেৱল বেয়া কাম কৰা বা অপৰাধ কৰাই নহয়, কিন্তু আমাৰ অন্তৰত বেয়া কাম কৰিবলৈ থকা ইচ্ছাকো পাপ বুলি কোৱা হয়। এই ইচ্ছা আমাৰ জন্মৰেপৰাই থাকে আৰু এয়া আমি আদম আৰু হৱাৰপৰা লাভ কৰিছোঁ।