Skip to content

Skip to table of contents

পাঠ ৩৪

আমি যিহোৱাক প্ৰেম কৰোঁ বুলি কেনেকৈ দেখুৱাব পাৰোঁ?

আমি যিহোৱাক প্ৰেম কৰোঁ বুলি কেনেকৈ দেখুৱাব পাৰোঁ?

বাইবেল অধ্যয়ন কৰাৰেপৰা এতিয়ালৈকে ঈশ্বৰৰ প্ৰতি আপোনাৰ প্ৰেম বাঢ়িছেনে? এই প্ৰেম আপুনি বেছিকৈ বঢ়াব বিচাৰেনে? যদি আপুনি এইদৰে কৰিব, তেনেহʼলে যিহোৱাই আপোনাক বেছিকৈ প্ৰেম কৰিব আৰু আপোনাৰ যত্ন লʼব। কিন্তু আপুনি যিহোৱাক প্ৰেম কৰোঁ বুলি কেনেকৈ দেখুৱাব পাৰে?

১. আমি যিহোৱাক প্ৰেম কৰোঁ বুলি কেনেকৈ দেখুৱাব পাৰোঁ?

যিহোৱাৰ আজ্ঞা পালন কৰি আমি দেখুৱাব পাৰোঁ যে আমি তেওঁক প্ৰেম কৰোঁ। (১ যোহন ৫:৩ পঢ়ক।) আমি তেওঁৰ আজ্ঞা পালন কৰিম নে নকৰিম, সেয়া যিহোৱাই আমাৰ ওপৰত এৰি দিছে। কিয় বাৰু? কিয়নো আমি হৃদয়েৰে তেওঁৰ আজ্ঞা পালন কৰাটো যিহোৱাই বিচাৰে। (ৰোমীয়া ৬:১৭) ইয়াৰ অৰ্থ হৈছে আমি কোনো হেঁচাত পৰি নহয়, কিন্তু প্ৰেমৰ কাৰণে তেওঁৰ আজ্ঞা পালন কৰা উচিত। এইদৰে কৰিবলৈ যিহোৱাই কি ভাল পায় আৰু কি বেয়া পায়, সেয়া আমি জানিব লাগিব। এই কিতাপৰ ভাগ ৩ আৰু ৪-ত আমি ইয়াৰ বিষয়ে শিকিম। যদি আমি যিহোৱাই ভাল পোৱা কামবোৰ কৰিম আৰু তেওঁ বেয়া পোৱা কামবোৰৰপৰা আঁতৰি থাকিম, তেনেহʼলে যিহোৱাক প্ৰেম কৰোঁ বুলি আমি দেখুৱাব পাৰিম।

২. আমি যিহোৱাক প্ৰেম কৰোঁ বুলি দেখুৱাটো কেতিয়াবা কেতিয়াবা কিয় কঠিন হʼব পাৰে?

বাইবেলত এইদৰে লিখা আছে, “ধাৰ্ম্মিক লোকৰ বিপদ অনেক।” (গীতমালা ৩৪:১৯) আমি কি কি বিপদ বা সমস্যাৰ সন্মুখীন হওঁ? আমি সকলোৱে নিজৰ নিজৰ দুৰ্বলতাৰ বিৰুদ্ধে যুঁজিবলগীয়া হয়। ইয়াৰ উপৰিও, টকা-পইচাৰ অভাৱ হয়, অন্যায় বা আন কিছুমান সমস্যাৰ সন্মুখীন হʼবলগীয়া হয়। এনে পৰিস্থিতিত যিহোৱাৰ আজ্ঞা পালন কৰিবলৈ কঠিন হʼব পাৰে। তথাপিও, যদি আমি যিহোৱাৰ আজ্ঞা পালন কৰোঁ, তেনেহʼলে আমি দেখুৱাওঁ যে আমি সকলোতকৈ বেছি যিহোৱাক প্ৰেম কৰোঁ। লগতে আমি এয়াও প্ৰমাণ কৰোঁ যে আমি যিহোৱাৰ বিশ্বাসী হৈ আছোঁ। যদি আমি যিহোৱাৰ বিশ্বাসী হৈ থাকিম, তেনেহʼলে যিহোৱাও আমাৰ বিশ্বাসী হৈ থাকিব আৰু তেওঁ আমাক কেতিয়াও এৰি নিদিব।—ইব্ৰী ১৩:৫.

গভীৰভাৱে ধ্যান কৰক

আমি যিহোৱাৰ আজ্ঞা পালন কৰাটো তেওঁ কিয় বিচাৰে? যিহোৱাৰ বিশ্বাসী হৈ থাকিবলৈ আপোনাক কি কথাই সহায় কৰিব পাৰে? আহক এই বিষয়ে আলোচনা কৰোঁ।

৩. চয়তানে আপোনাৰ ওপৰত অভিযোগ কৰিছে

বাইবেলৰপৰা বুজিব পাৰি যে চয়তানে ঈশ্বৰৰ এজন বিশ্বাসী সেৱক ইয়োবৰ ওপৰত অভিযোগ কৰিছিল। যিহোৱাৰ সেৱা কৰিব বিচৰা লোকসকলৰ ওপৰতো চয়তানে এই অভিযোগ কৰিছে। ইয়োব ১:১, ৬–২:১০ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:

  • চয়তানৰ মতে ইয়োবে কিয় যিহোৱাৰ আজ্ঞা পালন কৰিছিল?—ইয়োব ১:৯-১১ চাওক।

  • চয়তানে সকলো মানৱজাতি আৰু আপোনাৰ ওপৰত কি দাবী কৰিছে?—ইয়োব ২:৪ চাওক।

ইয়োব ২৭:৫খ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:

  • ইয়োবে যিহোৱাক প্ৰেম কৰিছিল বুলি কেনেকৈ প্ৰমাণ কৰিলে?

ইয়োবে যিহোৱাৰ বিশ্বাসী হৈ প্ৰমাণ কৰিলে যে তেওঁ যিহোৱাক প্ৰেম কৰে

আমি যিহোৱাৰ বিশ্বাসী হৈ প্ৰমাণ কৰোঁ যে আমি তেওঁক প্ৰেম কৰোঁ

৪. যিহোৱাৰ মন আনন্দিত কৰক

হিতোপদেশ ২৭:১১ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:

  • যেতিয়া আপুনি বুদ্ধিমতাৰে নিৰ্ণয় লয় আৰু যিহোৱাৰ আজ্ঞা পালন কৰে, তেতিয়া যিহোৱাক কেনেকুৱা লাগে? তেওঁ এইদৰে কিয় অনুভৱ কৰে?

৫. আপুনি যিহোৱাৰ বিশ্বাসী হৈ থাকিব পাৰে

যিহোৱাৰ প্ৰতি থকা প্ৰেমে আমাক তেওঁৰ বিষয়ে আনক জনাবলৈ উৎসাহিত কৰিব। যেতিয়া আমি যিহোৱাৰ বিশ্বাসী হৈ থাকোঁ, তেতিয়া কঠিন পৰিস্থিতিতো আমি তেওঁৰ বিষয়ে আনক জনাম। ভিডিঅʼখন চাওক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:

  • যিহোৱাৰ বিষয়ে আনক কʼবলৈ আপোনাৰ বাবে কেতিয়াবা কঠিন হৈছেনে?

  • ভিডিঅʼখনত গ্ৰেচনে নিজৰ ভয় কেনেকৈ দূৰ কৰিব পাৰিলে?

যেতিয়া আমি যিহোৱাই ভাল পোৱা কামবোৰ ভাল পাওঁ আৰু তেওঁ বেয়া পোৱা কামবোৰৰপৰা আঁতৰি থাকোঁ, তেতিয়া যিহোৱাৰ বিশ্বাসী হৈ থাকিবলৈ আমাৰ কাৰণে সহজ হৈ পৰে। গীতমালা ৯৭:১০ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:

  • এতিয়ালৈকে আপুনি যিহোৱাৰ বিষয়ে যি শিকিলে, তাৰ অনুসৰি যিহোৱাই কি ভাল পায় আৰু কি বেয়া পায়?

  • যিহোৱাই ভাল পোৱা বিষয়বোৰ ভাল পাবলৈ আৰু তেওঁ বেয়া পোৱা বিষয়বোৰৰপৰা আঁতৰি থাকিবলৈ আপুনি কি কৰিব পাৰে?

৬. যিহোৱাৰ আজ্ঞা পালন কৰিলে আমাৰ লাভ হয়

যিহোৱাৰ আজ্ঞা পালন কৰিলে আমাৰ নিজৰেই লাভ হয়। যিচয়া ৪৮:১৭, ১৮ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:

  • যিহোৱাৰ আজ্ঞা পালন কৰিলে আমাৰ লাভ হয় বুলি আপুনি ভাবেনে? আপুনি এইদৰে কিয় ভাবে?

  • এতিয়ালৈকে আপুনি বাইবেল আৰু যিহোৱাৰ বিষয়ে যি শিকিলে, তাৰপৰা আপোনাৰ কি লাভ হৈছে?

কিছুমান লোকে কয়: “ঈশ্বৰক আনন্দিত কৰিবলৈ মই কি কৰিব পাৰোঁ?”

  • যিহোৱাই কেনেধৰণৰ কামৰপৰা আনন্দিত হয়, এয়া বুজাবলৈ আপুনি কোনটো পদ দেখুৱাব?

আমি কি শিকিলোঁ

সমস্যাৰ সত্ত্বেও যেতিয়া আপুনি যিহোৱাৰ আজ্ঞা পালন কৰে, তেতিয়া ইয়ে প্ৰমাণ কৰে যে আপুনি যিহোৱাক প্ৰেম কৰে।

আপুনি কেনেকৈ উত্তৰ দিব?

  • আপুনি ইয়োবৰপৰা কি শিকিলে?

  • আপুনি যিহোৱাক প্ৰেম কৰে বুলি কেনেকৈ প্ৰমাণ কৰিব পাৰে?

  • যিহোৱাৰ প্ৰতি বিশ্বাসী হৈ থাকিবলৈ কি কথাই আপোনাক সহায় কৰিব?

লক্ষ্য

বেছিকৈ জানক

আপুনি যিহোৱা আৰু মণ্ডলীৰ প্ৰতি কেনেকৈ বিশ্বাসী হৈ থাকিব পাৰে, তাৰ বিষয়ে জানক।

“তুমি দয়ালু জনলৈ দয়া ব্যৱহাৰ কৰোঁতা” (১৬:৪৯)

চয়তানে মানৱজাতিৰ ওপৰত কি অভিযোগ কৰিছে, আহক এই বিষয়ে চাওঁ।

“ইয়োবে নিষ্ঠা বজাই ৰাখিলে” (বাইবেল—ইয়াত আপোনাৰ বাবে ভাল খবৰ আছে, অধ্যায় ৬)

সৰু সৰু লʼৰা-ছোৱালীয়ে যিহোৱাক প্ৰেম কৰে বুলি কেনেকৈ দেখুৱাব পাৰে, এই বিষয়ে জানিবলৈ ভিডিঅʼখন চাওক।

যিহোৱাৰ মন আনন্দিত কৰা (৮:১৬)

বেয়া কাম কৰিবলৈ হেঁচাৰ সন্মুখীন হোৱাৰ সত্ত্বেও ডেকাসকলে কেনেকৈ যিহোৱাৰ বিশ্বাসী হৈ থাকিব পাৰে, আহক চাওঁ।

বন্ধুসকলৰ কথাত ভুল নাযাব! (৪:০০)