Skip to content

Skip to table of contents

পাঠ ৪০

আমি যিহোৱাৰ দৃষ্টিত কেনেকৈ শুদ্ধ আৰু পৰিষ্কাৰ হৈ থাকিব পাৰোঁ?

আমি যিহোৱাৰ দৃষ্টিত কেনেকৈ শুদ্ধ আৰু পৰিষ্কাৰ হৈ থাকিব পাৰোঁ?

কল্পনা কৰক, এগৰাকী মাতৃয়ে নিজৰ সন্তানক স্কুললৈ যাবলৈ সাজু কৰিছে। তাই তেওঁক গা ধুৱাইছে আৰু তাৰ পাছত পৰিষ্কাৰ কাপোৰ পিন্ধাইছে। পৰিষ্কাৰ হৈ থাকিলে তেওঁৰ স্বাস্থ্য ভালে থাকিব আৰু লোকসকলে লক্ষ্য কৰিব যে তেওঁৰ পিতৃ-মাতৃয়ে তেওঁৰ কিমান যত্ন লয়। ঠিক সেইদৰে, আমাৰ পিতৃ যিহোৱা ঈশ্বৰেও আমাৰ যত্ন লয়। সেইবাবে, আমি শাৰীৰিকভাৱে আৰু নৈতিকভাৱে অৰ্থাৎ আমি আমাৰ চিন্তাধাৰা, কথা-বতৰা আৰু আমাৰ আচাৰ-ব্যৱহাৰত শুদ্ধ হৈ থকাটো যিহোৱাই বিচাৰে। শুদ্ধ আৰু পৰিষ্কাৰ হৈ থাকিলে আমাৰ নিজৰেই লাভ হয়। ইয়াৰ উপৰিও, যিহোৱা ঈশ্বৰৰো মহিমা হয়।

১. পৰিষ্কাৰ হৈ থাকিবলৈ আমি কি কৰিব পাৰোঁ?

যিহোৱাই আমাক এইদৰে কৈছে, “তোমালোক পবিত্ৰ হোৱা।” (১ পিতৰ ১:১৬) পবিত্ৰ হৈ থাকিবলৈ আমি নিজৰ শৰীৰৰ লগতে নিজৰ মন বা হৃদয় শুদ্ধ আৰু পৰিষ্কাৰ কৰি ৰখা উচিত। আমি পৰিষ্কাৰ হৈ থাকিবলৈ গা ধোওঁ আৰু পৰিষ্কাৰ কাপোৰ পিন্ধোঁ। আমি নিজৰ ঘৰ আৰু গাড়ীকো পৰিষ্কাৰ আৰু ভাল অৱস্থাত ৰাখোঁ। আমি ৰাজ্যগৃহ চাফ-চিকুন কৰা কামতো ভাগ লওঁ। এইদৰে পৰিষ্কাৰ হৈ থাকি আমি যিহোৱা ঈশ্বৰৰ মহিমা কৰোঁ।—২ কৰিন্থীয়া ৬:৩, ৪.

২. শুদ্ধ হৈ থাকিবলৈ আমি কি কি বেয়া অভ্যাসৰপৰা আঁতৰি থকা উচিত?

“শৰীৰ আৰু আত্মাৰ (মনৰ) সকলো মলৰ পৰা নিজক শুচি” কৰিবলৈ বাইবেলে আমাক উৎসাহিত কৰিছে। (২ কৰিন্থীয়া ৭:১) সেইবাবে, আমাৰ শৰীৰ আৰু মনক দুষিত কৰিব পৰা সকলো কথাৰপৰা আমি আঁতৰি থাকিবলৈ চেষ্টা কৰোঁ। কিন্তু আমাৰ মনলৈ যেতিয়া বেয়া ভাবনা আহে, তেতিয়া আমি কি কৰা উচিত? আমি লগে লগে তাক উলিয়াই পেলোৱা উচিত, কিয়নো আমাৰ চিন্তাধাৰাই যিহোৱাক আনন্দিত কৰাটো আমি বিচাৰোঁ। (গীতমালা ১০৪:৩৪) আমাৰ কথা-বতৰাতো আমি শুদ্ধ হৈ থাকিবলৈ চেষ্টা কৰোঁ।—কলচীয়া ৩:৮ পঢ়ক।

শাৰীৰিক আৰু নৈতিকভাৱে আমাক কিহে দুষিত কৰিব পাৰে? ধঁপাত, ছুপাৰী, তামোল-পাণ, গাঞ্জা আৰু এনেধৰণৰ নিচাযুক্ত দ্ৰব্যই আমাৰ শৰীৰক দুষিত কৰিব পাৰে। সেইবাবে, আমি এই বস্তুবোৰ নাখাওঁ। যেতিয়া আমি এই বস্তুবোৰৰপৰা আঁতৰি থাকোঁ, তেতিয়া আমাৰ স্বাস্থ্য ভালে থাকে আৰু আমি জীৱনক মূল্যৱান বুলি দেখুৱাওঁ। ইয়াৰ উপৰিও, আমাক নৈতিকভাৱে দুষিত কৰিব পৰা কামবোৰৰপৰাও আমি আঁতৰি থাকোঁ। যেনে, হস্তমৈথুন কৰা, অশ্লীল ছবি চোৱা। (গীতমালা ১১৯:৩৭; ইফিচীয়া ৫:৫) কোনো এটা অভ্যাস এৰাটো ইমান সহজ নহয়, কিন্তু যিহোৱাৰ সহায়ত আমি ইয়াক এৰিব পাৰিম।—যিচয়া ৪১:১৩ পঢ়ক।

গভীৰভাৱে ধ্যান কৰক

আমি পৰিষ্কাৰ হৈ থাকিলে কেনেকৈ যিহোৱাৰ মহিমা হয়? আমি বেয়া অভ্যাস কেনেকৈ এৰিব পাৰোঁ? আহক এই বিষয়ে আলোচনা কৰোঁ।

৩. পৰিষ্কাৰ হৈ থাকিলে যিহোৱাৰ মহিমা হয়

যিহোৱাই ইস্ৰায়েল ৰাষ্ট্ৰক যি নিয়ম দিছিল, ইয়াৰপৰা বুজিব পাৰি যে তেওঁ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বিষয়ে কি ভাবে। যাত্ৰাপুস্তক ১৯:১০ আৰু ৩০:১৭-১৯ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:

  • পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বিষয়ে যিহোৱাৰ দৃষ্টিভংগী কি?

  • পৰিষ্কাৰ হৈ থাকিবলৈ কি অভ্যাসে আপোনাক সহায় কৰিব?

পৰিষ্কাৰ হৈ থাকিবলৈ পৰিশ্ৰম আৰু সময় লাগিব পাৰে। কিন্তু আমি যʼতেই নাথাকোঁ কিয়, আমাৰ ওচৰত বেছি টকা-পইচা থাকক বা নাথাকক, আমি সকলোৱে পৰিষ্কাৰ হৈ থাকিব পাৰোঁ আৰু আমাৰ চাৰিওফালে পৰিষ্কাৰ কৰি ৰাখিব পাৰোঁ। ভিডিঅʼখন চাওক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:

  • যেতিয়া আমি নিজৰ বস্তুবোৰ পৰিষ্কাৰ আৰু ভাল অৱস্থাত ৰাখোঁ, তেতিয়া প্ৰচাৰ কাৰ্য্যত লোকসকলৰ ওপৰত কি প্ৰভাৱ পৰে?

৪. বেয়া অভ্যাসবোৰ এৰি দিয়ক!

যিহোৱাৰ সহায়ত আমি যিকোনো বেয়া অভ্যাস এৰিব পাৰোঁ

যদি আপুনি চিগাৰেট খায় বা আন কোনো নিচাযুক্ত দ্ৰব্য সেৱন কৰে, তেনেহʼলে আপুনি ভালদৰে জানে যে এই অভ্যাস এৰাটো ইমান সহজ নহয়। ইয়াক আপুনি কেনেকৈ এৰিব পাৰে? প্ৰথমে চিন্তা কৰক যে ইয়াৰ বাবে আপোনাৰ ওপৰত কি প্ৰভাৱ পৰিব পাৰে। মথি ২২:৩৭-৩৯ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:

  • ধঁপাত খালে বা আন কোনো নিচাযুক্ত দ্ৰব্য সেৱন কৰিলে যিহোৱাৰ লগত থকা আপোনাৰ সম্পৰ্কৰ ওপৰত কি প্ৰভাৱ পৰিব?

  • এনে বেয়া অভ্যাসবোৰে আপোনাৰ পৰিয়াল আৰু আপোনাৰ ওচৰে-পাঁজৰে থকা লোকসকলৰ ওপৰত কি প্ৰভাৱ পেলাব?

বেয়া অভ্যাসবোৰ এৰিবলৈ পৰিকল্পনা কৰক। a ভিডিঅʼখন চাওক

ফিলিপীয়া ৪:১৩ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:

  • প্ৰাৰ্থনা কৰা, অধ্যয়ন কৰা আৰু সভালৈ যোৱাটো ভাল অভ্যাস। এই অভ্যাসবোৰে বেয়া অভ্যাসবোৰ এৰিবলৈ কেনেকৈ সহায় কৰিব পাৰে?

৫. বেয়া ভাবনা আৰু কামবোৰ এৰিবলৈ মনে-প্ৰাণে চেষ্টা কৰক

কলচীয়া ৩:৫ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:

  • আমি কেনেকৈ জানিব পাৰোঁ যে অশ্লীল ছবি চোৱা, চেক্সটিং b আৰু হস্তমৈথুন কৰাটো যিহোৱাৰ দৃষ্টিত ঘৃণনীয় কাম হয়?

  • আমি নৈতিকভাৱে শুদ্ধ হৈ থকাটো যিহোৱাই বিচাৰে। যিহোৱাই আমাৰপৰা বেছি আশা কৰিছে বুলি আপুনি ভাবেনে? আপুনি এইদৰে কিয় ভাবে?

বেয়া ভাবনা মনৰপৰা উলিয়াবলৈ কি কৰিব পাৰি, এই বিষয়ে জানিবলৈ ভিডিঅʼখন চাওক।

যীচুৱে এটা উদাহৰণ দি বুজাইছিল যে নৈতিকভাৱে শুদ্ধ হৈ থাকিবলৈ আমি থিৰাং কৰা উচিত। মথি ৫:২৯, ৩০ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:

  • এয়া সঁচা যে যীচুৱে ইয়াত শৰীৰৰ কোনো অংগ কাটি পেলোৱাৰ কথা কোৱা নাছিল, কিন্তু আমাক পদক্ষেপ লোৱাৰ বিষয়ে কৈছিল। যেতিয়া এজন ব্যক্তিৰ মনত বেয়া ভাবনা আহে, তেতিয়া তেওঁক কি পদক্ষেপ লোৱা উচিত? c

যদি আপুনি বেয়া অভ্যাসবোৰ এৰিবলৈ মনে-প্ৰাণে চেষ্টা কৰি আছে, তেনেহʼলে মনত ৰাখক যিহোৱাই আপোনাৰ প্ৰচেষ্টাক মূল্যাংকণ কৰে। গীতমালা ১০৩:১৩, ১৪ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:

  • যদি আপুনি কোনো বেয়া অভ্যাস এৰিবলৈ চেষ্টা কৰি আছে, তেনেহʼলে এই পদবোৰে আপোনাক কেনেকৈ সহায় কৰিব পাৰে?

চেষ্টা কৰা লোকসকলে সদায় জয়লাভ কৰে!

বিফল হʼলে আপুনি হয়তো ভাবিব পাৰে, ‘এতিয়া চেষ্টা কৰাৰ কি লাভ?’ কিন্তু ক্ষন্তেকৰ বাবে এই কথালৈ মন কৰক: যদি এজন দৌৰবিদে দৌৰি থকাৰ সময়ত পৰি যায়, তেনেহʼলে ইয়াৰ অৰ্থ এয়া নহয় যে তেওঁ জয়লাভ কৰিব নোৱাৰিব বা তেওঁক পুনৰ আৰম্ভণিৰপৰা দৌৰিব লাগিব। ঠিক সেইদৰে, যদি আপুনি কোনো বেয়া অভ্যাস এৰিবলৈ মনে-প্ৰাণে চেষ্টা কৰি আছে আৰু এবাৰ বা দুবাৰ আপুনি বিফল হৈছে, তেনেহʼলে ইয়াৰ অৰ্থ এয়া নহয় যে আপুনি জিকিব নোৱাৰিব। আনকি এয়াও নহয় যে আপুনি এতিয়ালৈকে যি পৰিশ্ৰম কৰিলে, সেই সকলো ব্যৰ্থ হৈছে। যিসকলে পৰিশ্ৰম কৰে, তেওঁলোকে কেতিয়াবা কেতিয়াবা বিফলো হʼব পাৰে। কিন্তু চেষ্টা কৰি থকা লোকসকলে সদায় জয়লাভ কৰে! সেইবাবে, নিৰাশ নহʼব! যিহোৱাৰ সহায়ত আপুনি নিজৰ বেয়া অভ্যাস নিশ্চয় এৰিব পাৰিব।

কিছুমান লোকে কয়: “মই বহুত চেষ্টা কৰিলোঁ, কিন্তু নোৱাৰিলোঁ।”

  • আপুনি কোনটো পদ দেখুৱাই বুজাব যে যিহোৱাৰ সহায়ত এজন ব্যক্তিয়ে নিজৰ বেয়া অভ্যাস এৰিব পাৰে?

আমি কি শিকিলোঁ

আমি শৰীৰ আৰু মনৰপৰা শুদ্ধ হৈ আৰু শুদ্ধ আচাৰ-ব্যৱহাৰৰ যোগেদি যিহোৱাৰ মন আনন্দিত কৰিব পাৰোঁ।

আপুনি কেনেকৈ উত্তৰ দিব?

  • পৰিষ্কাৰ আৰু শুদ্ধ হৈ থকাটো কিয় অতি প্ৰয়োজন?

  • পৰিষ্কাৰ হৈ থাকিবলৈ আপুনি কি কৰিব পাৰে?

  • আপুনি নিজৰ চিন্তাধাৰা আৰু আচাৰ-ব্যৱহাৰত কেনেকৈ শুদ্ধ হৈ থাকিব পাৰে?

লক্ষ্য

বেছিকৈ জানক

আপোনাৰ ওচৰত বেছি সুবিধা নথকাৰ সত্ত্বেও আপুনি পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বিষয়ে কেনেকৈ ধ্যান দিব পাৰে? আহক কিছুমান সহজ উপায়ৰ বিষয়ে মন কৰোঁ।

স্বাস্থ্য আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতা—হাত ধোৱক (৩:০১)

এই লেখত কিছুমান উপায়ৰ বিষয়ে কোৱা হৈছে, যাৰ সহায়ত এজন ব্যক্তিয়ে চিগাৰেট খোৱাৰ অভ্যাস এৰিব পাৰে।

“চিগাৰেট খোৱাৰ অভ্যাস এৰিবলৈ কি কৰিম?” (সচেতন থাকক!-হিন্দী, অক্টোবৰ-ডিচেম্বৰ ২০১০) (সচেতন থাকক! লেখ)

অশ্লীল ছবি চালে কি বেয়া প্ৰভাৱ পৰিব, তাৰ বিষয়ে জানক।

“অশ্লীল ছবি বা ভিডিঅʼ চোৱাটো ক্ষতিকৰ হয়নে?” (প্ৰহৰীদুৰ্গ লেখ)

এজন ব্যক্তিয়ে কেনেকৈ অশ্লীল ছবি চোৱা অভ্যাস এৰিব পাৰিলে, তাৰ বিষয়ে জানক।

“মই বহুবাৰ বিফল হৈ জয়ী হৈছোঁ” (প্ৰহৰীদুৰ্গ-হিন্দী, নং ৪ ২০১৬)

a এই পাঠত বেছিকৈ জানক ভাগত “চিগাৰেট খোৱাৰ অভ্যাস এৰিবলৈ কি কৰিম?” নামৰ লেখ দিয়া আছে। লেখটোত কিছুমান উপায় দিয়া আছে, যাৰ সহায়ত এজন ব্যক্তিয়ে এই অভ্যাস এৰিব পাৰিব।

b ফোন বা কম্পিউটাৰৰ যোগেদি আনক বেয়া বা অশ্লীল মেছেজ, ছবি বা ভিডিঅʼ পঠিওৱাক চেক্সটিং বুলি কোৱা হয়।

c হস্তমৈথুন কৰাৰ অভ্যাস এৰিবলৈ কʼৰপৰা সহায় লাভ কৰিব পাৰি? এই বিষয়ে জানিবলৈ “হস্তমৈথুন কৰাৰ অভ্যাস এৰিবলৈ কি কৰিম?” নামৰ অনলাইন লেখটো পঢ়ক।