Skip to content

Skip to table of contents

পাঠ ৪১

যৌন সম্পৰ্কৰ বিষয়ে বাইবেলে কি পৰামৰ্শ দিছে?

যৌন সম্পৰ্কৰ বিষয়ে বাইবেলে কি পৰামৰ্শ দিছে?

আজি বহুতোলোকে যৌন সম্পৰ্কৰ বিষয়ে কথা পাতিবলৈ সংকোচ কৰে। কিন্তু বাইবেলত ইয়াৰ বিষয়ে স্পষ্টকৈ আৰু আদৰেৰে উল্লেখ কৰা হৈছে। ইয়াত দিয়া পৰামৰ্শবোৰ পালন কৰিলে আমাৰেই লাভ হয়। কিয়নো এই পৰামৰ্শ আমাৰ সৃষ্টিকৰ্তা যিহোৱাই দিছে। তেওঁতকৈ ভাল পৰামৰ্শ আৰু কোনেও দিব নোৱাৰে। তেওঁৰ পৰামৰ্শবোৰ পালন কৰিলে আমি কিছু দিনৰ বাবে নহয়, কিন্তু সদায় দিনৰ কাৰণে আনন্দ লাভ কৰিম আৰু যিহোৱাৰ মনকো আনন্দিত কৰিব পাৰিম।

১. যৌন সম্পৰ্কৰ বিষয়ে যিহোৱাৰ দৃষ্টিভংগী কি?

যৌন সম্পৰ্ক যিহোৱাই মানুহক দিয়া এক উপহাৰৰ দৰে হয়। পুৰুষ আৰু তিৰোতাই এজনে-আনজনক বিয়া কৰাৰ পাছতহে এই উপহাৰৰ আনন্দ লোৱাটো যিহোৱাই বিচাৰে। ইয়াৰ যোগেদি স্বামী-স্ত্ৰীয়ে সন্তান জন্ম দিব পাৰে, এজনে-আনজনক প্ৰেম দেখুৱাব পাৰে আৰু এজনে-আনজনক সুখী কৰিব পাৰে। সেইবাবে, বাইবেলত এইদৰে লিখা আছে, “তুমি তোমাৰ যৌৱন-কালৰ ভাৰ্য্যাত আনন্দ কৰা।” (হিতোপদেশ ৫:১৮, ১৯) সত্য খ্ৰীষ্টানসকলে নিজৰ জীৱন সংগীৰ লগত বিশ্বাসী হৈ থকাটো যিহোৱাই বিচাৰে। সেইবাবে, তেওঁলোকে ব্যভিচাৰ অৰ্থাৎ আনৰ লগত যৌন সম্পৰ্ক নাৰাখিব।—ইব্ৰী ১৩:৪ পঢ়ক।

২. অনৈতিক যৌন সম্পৰ্কৰ অৰ্থ কি?

বাইবেলত এইদৰে লিখা আছে, ‘ব্যভিচাৰীবিলাকে ঈশ্বৰৰ ৰাজ্যত অধিকাৰ নাপাব।’ (১ কৰিন্থীয়া ৬:৯, ১০) বাইবেলৰ লেখকসকলে অনৈতিক যৌন সম্পৰ্কৰ বাবে গ্ৰীক ভাষাত পৰনিʼয়া শব্দ ব্যৱহাৰ কৰিছে। এই শব্দত এনেধৰণৰ কথাবোৰ জড়িত হৈ আছে, (১) অবিবাহিত লোকৰ মাজত যৌন সম্পৰ্ক। a (২) সমকামিতা। (৩) জীৱ-জন্তুৰ লগত যৌন সম্পৰ্ক। যেতিয়া আমি অনৈতিক যৌন সম্পৰ্কৰপৰা আঁতৰি থাকোঁ, তেতিয়া আমি যিহোৱাৰ মন আনন্দিত কৰোঁ আৰু ইয়াৰপৰা আমাৰে লাভ হয়।—১ থিচলনীকীয়া ৪:৩.

গভীৰভাৱে ধ্যান কৰক

অনৈতিক যৌন সম্পৰ্কৰপৰা আপুনি কেনেকৈ আঁতৰি থাকিব পাৰে? নিজৰ আচাৰ-ব্যৱহাৰত শুদ্ধ হৈ থাকিলে আপোনাৰ কি লাভ হʼব? আহক এই বিষয়ে আলোচনা কৰোঁ।

৩. অনৈতিক যৌন সম্পৰ্কৰপৰা পলোৱা

যোচেফ যিহোৱাৰ এজন বিশ্বাসী সেৱক আছিল। তেওঁ নিজৰ আচাৰ-ব্যৱহাৰত শুদ্ধ হৈ থাকিবলৈ সংঘৰ্ষ কৰিবলগীয়া হৈছিল। আদিপুস্তক ৩৯:১-১২ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:

  • যোচেফে লগে লগে তাৰপৰা পলাবলৈ কিয় নিৰ্ণয় লʼলে?—পদ ৯ চাওক।

  • যোচেফে সঠিক নিৰ্ণয় লৈছিল বুলি আপুনি ভাবেনে? আপুনি এইদৰে কিয় ভাবে?

যোচেফৰ দৰে বৰ্তমান সময়ত ডেকা ভাই-ভনীসকলে কেনেকৈ অনৈতিক যৌন সম্পৰ্কৰপৰা আঁতৰি থাকিব পাৰে? ভিডিঅʼখন চাওক

আমি অনৈতিক যৌন সম্পৰ্কৰপৰা আঁতৰি থকাটো যিহোৱাই বিচাৰে। ১ কৰিন্থীয়া ৬:১৮ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:

  • এজন ব্যক্তিয়ে কেনে পৰিস্থিতিত যৌন সম্পৰ্কৰ ফান্দত পৰিব পাৰে?

  • অনৈতিক যৌন সম্পৰ্কৰপৰা আপুনি কেনেকৈ আঁতৰি থাকিব পাৰে?

৪. আপুনি বেয়া ইচ্ছাক দমন কৰিব পাৰে

আমি বেয়া ইচ্ছাক দমন কৰিব বিচাৰোঁ আৰু অনৈতিক যৌন সম্পৰ্কৰপৰা আঁতৰি থাকিব বিচাৰোঁ। কিন্তু কোনবোৰ কাৰণৰ বাবে এইদৰে কৰিবলৈ কঠিন হʼব পাৰে? ভিডিঅʼখন চাওক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:

  • যেতিয়া ভাইজনে বুজিব পাৰিলে যে তেওঁৰ চিন্তাধাৰা আৰু কামৰ বাবে তেওঁ নিজৰ পত্নীক হয়তো বিশ্বাসঘাত কৰিব পাৰে, তেতিয়া তেওঁ কি কৰিলে?

বিশ্বাসী খ্ৰীষ্টানসকলৰ বাবেও কেতিয়াবা কেতিয়াবা নিজৰ চিন্তাধাৰাত শুদ্ধ হৈ থাকিবলৈ কঠিন হʼব পাৰে। বেয়া কথাবোৰ ভাবি নাথাকিবলৈ আপুনি কি কৰিব পাৰে? ফিলিপীয়া ৪:৮ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:

  • আমি কি কথাবোৰৰ বিষয়ে চিন্তা কৰা উচিত?

  • বাইবেল পঢ়ি আৰু যিহোৱাৰ সেৱাত ব্যস্ত থাকি আপুনি কেনেকৈ বেয়া ইচ্ছাবোৰ দূৰ কৰিব পাৰে আৰু পাপ কৰাৰপৰা আঁতৰি থাকিব পাৰে?

৫. যিহোৱাৰ আজ্ঞা পালন কৰিলে আমাৰ লাভ হয়

আমাৰ বাবে কি ভাল, যিহোৱাই ভালদৰে জানে। তেওঁ আমাক জনাইছে যে আমি কেনেকৈ নিজৰ আচাৰ-ব্যৱহাৰত শুদ্ধ হৈ থাকিব পাৰোঁ আৰু ইয়াৰপৰা আমাৰ কি লাভ হʼব। হিতোপদেশ ৭:৭-২৭ পঢ়ক বা ভিডিঅʼখন চাওক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:

  • সেই ডেকাজনে কি কৰাৰ বাবে প্ৰলোভনত পৰিছিল?—হিতোপদেশ ৭:৮, ৯ চাওক।

  • হিতোপদেশ ৭:২৩, ২৬ পদত কোৱা হৈছে যে অনৈতিক যৌন সম্পৰ্ক ৰাখিলে পৰিণাম বেয়া হয়। যদি আমি আচাৰ-ব্যৱহাৰত শুদ্ধ হৈ থাকোঁ, তেনেহʼলে আমি কি কি সমস্যাৰপৰা বাচি থাকিব পাৰিম?

  • যদি আমি সদায় আনন্দিত হৈ থাকিব বিচাৰোঁ, তেনেহʼলে আমি নিজৰ আচাৰ-ব্যৱহাৰত কিয় শুদ্ধ হৈ থকাৰ প্ৰয়োজন?

বাইবেলত সমকামিতাৰ বিষয়ে যি উল্লেখ আছে, তাৰপৰা কিছুমান লোকে ভাবে যে ঈশ্বৰে সমকামী লোকক ঘৃণা কৰে, কিন্তু এনে নহয়। কিয়নো যিহোৱা প্ৰেম কৰোঁতা ঈশ্বৰ হয় আৰু আমি দুখ-কষ্ট নথকাকৈ অনন্ত জীৱন জীয়াই থকাটো তেওঁ বিচাৰে। এনেধৰণৰ জীৱন লাভ কৰিবলৈ আমি যিহোৱাৰ আজ্ঞা মানি চলিব লাগিব। ১ কৰিন্থীয়া ৬:৯-১১ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:

  • এই পদৰ অনুসৰি কেৱল সমকামিতাৰ ইচ্ছাক দমন কৰাৰ প্ৰয়োজন নে?

ঈশ্বৰক আনন্দিত কৰিবলৈ আমি প্ৰতিজনে নিজৰ জীৱনত কিবা নহয় কিবা পৰিৱৰ্তন কৰিবলগীয়া হয় আৰু এইদৰে কৰিবলৈ পৰিশ্ৰমৰ প্ৰয়োজন। কিন্তু এইদৰে কৰিলে কিবা লাভ হʼবনে? গীতমালা ১৯:৮, ১১ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:

  • যিহোৱাৰ নৈতিক মানদণ্ড মানি চলাটো কঠিন হয় বুলি আপুনি ভাবেনে? আপুনি এইদৰে কিয় ভাবে?

যিহোৱাই নিজৰ নৈতিক মানদণ্ড অনুসৰি জীয়াই থাকিবলৈ বহুতোলোকক সহায় কৰিলে। তেওঁ আপোনাকো সহায় কৰিব

কিছুমান লোকে কয়: “যদি কোনোবাই কাৰোবাক ভাল পায়, তেনেহʼলে তেওঁৰ লগত যৌন সম্পৰ্ক ৰখাটো কোনো ভুল নহয়।”

  • আপুনি কি উত্তৰ দিব?

আমি কি শিকিলোঁ

যৌন সম্পৰ্ক যিহোৱাই মানুহক দিয়া এক উপহাৰৰ দৰে হয় আৰু কেৱল স্বামী-স্ত্ৰীয়ে এই উপহাৰৰ আনন্দ লোৱাটো যিহোৱাই বিচাৰে।

আপুনি কেনেকৈ উত্তৰ দিব?

  • অনৈতিক যৌন সম্পৰ্কত কি জড়িত হৈ আছে?

  • আমি অনৈতিক যৌন সম্পৰ্কৰপৰা কেনেকৈ আঁতৰি থাকিব পাৰোঁ?

  • যিহোৱাৰ নৈতিক মানদণ্ড মানি চলিলে আমাৰ কি লাভ হʼব?

লক্ষ্য

বেছিকৈ জানক

এজন পুৰুষ আৰু তিৰোতাই বিয়া নকৰাকৈ একেলগে থাকিব পাৰেনে? এই বিষয়ে যিহোৱাৰ দৃষ্টিভংগী কি? আহক চাওঁ।

“বিয়া নকৰাকৈ একেলগে থকাৰ বিষয়ে বাইবেলে কি কয়?” (ৱেবছাইটত দিয়া লেখ)

বাইবেলে সমকামিতাক ভুল বুলি কৈছে। কিন্তু ইয়াৰ অৰ্থ এয়া নহয় যে আমি সমকামী লোকক ঘিণ কৰা উচিত। আহক এই বিষয়ে চাওঁ।

“সমকামিতা ভুল নে?” (ৱেবছাইটত দিয়া লেখ)

যৌন সম্পৰ্কৰ বিষয়ে বাইবেলত দিয়া নিয়মবোৰ পালন কৰিলে আমাৰ কেনেকৈ সুৰক্ষা হয়? আহক চাওঁ।

“মুখ সংগম যৌন সম্পৰ্ক হয়নে?” (ৱেবছাইটত দিয়া লেখ)

“তেওঁলোকে মোক সন্মান কৰিলে,” এই জীৱন কাহিনীত এজন সমকামী ব্যক্তিক কি কথাই নিজৰ জীৱনত পৰিৱৰ্তন কৰিবলৈ আৰু ঈশ্বৰক আনন্দিত কৰিবলৈ উৎসাহিত কৰিলে, আহক চাওঁ।

“পবিত্ৰ শাস্ত্ৰই জীৱন পৰিৱৰ্তন কৰে” (প্ৰহৰীদুৰ্গ লেখ)

a যৌন সম্পৰ্কৰ উপৰিও পৰনিʼয়া শব্দত আৰু কিছুমান বেয়া কাম জড়িত হৈ আছে। যেনে, মুখ সংগম, পায়ু সংগম আৰু উত্তেজিত কৰিবলৈ যৌন অংগবোৰত হাত বুলোৱা।