Skip to content

Skip to table of contents

পাঠ ৪২

বিয়া কৰা আৰু অবিবাহিত হৈ থকাৰ বিষয়ে বাইবেলে কি কয়?

বিয়া কৰা আৰু অবিবাহিত হৈ থকাৰ বিষয়ে বাইবেলে কি কয়?

কিছুমান সংস্কৃতিত লোকসকলে বিশ্বাস কৰে যে যেতিয়ালৈকে এজন ব্যক্তিয়ে বিয়া নকৰে, তেতিয়ালৈকে তেওঁ আনন্দত নাথাকে। কিন্তু বিয়া কৰা সকলোৱেই যে আনন্দত থাকে বা বিয়া নকৰা সকলোৱেই যে দুখত থাকে, এনে নহয়। বাইবেলত কোৱা হৈছে বিয়া কৰা আৰু অবিবাহিত হৈ থকা এই দুয়োটাই ঈশ্বৰৰ ফালৰপৰা এক আশীৰ্বাদ হয়।

১. অবিবাহিত হৈ থকাৰ কিছুমান লাভ কি?

বাইবেলত এইদৰে লিখা আছে, ‘যি জনে তেওঁলৈ দিব খোজা কুমাৰীক বিয়া কৰায়, তেওঁ ভাল কৰে; বিয়া নকৰোৱা জনে তাতকৈয়ো ভাল কৰ্ম্ম কৰে।’ (১ কৰিন্থীয়া ৭:৩২, ৩৩, ৩৮ পঢ়ক।) কেনেকৈ বাৰু? অবিবাহিত এজন ব্যক্তিৰ ওচৰত বেছি স্বাধীনতা থাকে আৰু জীৱন সংগীৰ প্ৰয়োজনীয়তা পূৰ কৰাৰ চিন্তা নাথাকে। সেইবাবে, কিছুমান অবিবাহিত লোকে বেছিকৈ যিহোৱাৰ সেৱা কৰিব পাৰিছে। যেনে, প্ৰচাৰকৰ বেছি প্ৰয়োজন হোৱা ঠাইত গৈ তেওঁলোকে প্ৰচাৰ কৰিব পাৰিছে। এই সকলোতকৈ বেছি তেওঁলোকে যিহোৱাৰ লগত নিজৰ সম্পৰ্ক দৃঢ় কৰিবলৈ সময় উলিয়াব পাৰিছে।

২. যেতিয়া দুজন লোকে আইনগতভাৱে বিয়া কৰে, তেতিয়া তাৰ কি লাভ হয়?

অবিবাহিত লোকসকলৰ দৰে বিবাহিত লোকসকলৰো কিছুমান লাভ আছে। বাইবেলে এইদৰে কৈছে, “এজনতকৈ দুজন ভাল।” (উপদেশক ৪:৯) বিবাহৰ বিষয়ে বাইবেলৰ সিদ্ধান্ত মানি চলা স্বামী-স্ত্ৰীৰ বাবে এই কথা প্ৰযোজ্য হয়। যদি দুজন লোকে বিয়া নকৰাকৈ একেলগে থাকে, তেনেহʼলে তেওঁলোকে সদায় একেলগে থাকিব বুলি ইয়াৰ কোনো গেৰাণ্টি নাই। বিবাহে দুজন লোকক এক বান্ধোনত বান্ধি দিয়ে। সেইবাবে, আইনগতভাৱে বিয়া কৰিলে স্বামী-স্ত্ৰীয়ে সুৰক্ষিত অনুভৱ কৰে আৰু পাছলৈ গৈ যেতিয়া তেওঁলোকৰ সন্তান হয়, তেওঁলোকেও সুৰক্ষিত অনুভৱ কৰে।

৩. বিবাহৰ বিষয়ে যিহোৱাৰ দৃষ্টিভংগী কি?

যেতিয়া যিহোৱাই প্ৰথম পুৰুষ আৰু তিৰোতাক বিবাহৰ বান্ধোনত বান্ধিছিল, তেতিয়া যিহোৱাই এইদৰে কৈছিল, “মানুহে নিজ পিতৃ মাতৃক ত্যাগ কৰি, নিজ তিৰোতাত আসক্ত হব।” (আদিপুস্তক ২:২৪) ইয়াৰ অৰ্থ হৈছে, স্বামী-স্ত্ৰীয়ে গোটেই জীৱন এজনে-আনজনক প্ৰেম কৰা আৰু কেতিয়াও ত্যাগ নকৰাটো যিহোৱাই বিচাৰে। যিহোৱাই কেৱল এটা কাৰণৰ বাবে বিবাহ-বিচ্ছেদ কৰিবলৈ বা তালাক দিবলৈ অনুমতি দিয়ে। যেতিয়া স্বামী বা পত্নীয়ে ব্যভিচাৰ কৰে, তেতিয়া তেওঁলোকে তালাক দিব পাৰে। এনে পৰিস্থিতিত নিৰ্দোষী সংগীজনে তালাক দিব নে নাই, এই নিৰ্ণয় যিহোৱাই তেওঁৰ ওপৰত এৰি দিছে। a (মথি ১৯:৯) যিহোৱাই খ্ৰীষ্টানসকলক এজনতকৈ বেছি স্বামী বা পত্নী ৰাখিবলৈ অনুমতি দিয়া নাই।—১ তীমথিয় ৩:২.

গভীৰভাৱে ধ্যান কৰক

বিবাহিত বা অবিবাহিত লোকসকলে কেনেকৈ আনন্দত থাকিব পাৰে? আপুনি যিহোৱাৰ মন কেনেকৈ আনন্দিত কৰিব পাৰে? আহক এই বিষয়ে আলোচনা কৰোঁ।

৪. অবিবাহিত হৈ থকা উপহাৰক ভালদৰে ব্যৱহাৰ কৰক

অবিবাহিত হৈ থকাটো যীচুৱে এটা উপহাৰ বুলি ভাবিছিল। (মথি ১৯:১১, ১২) মথি ৪:২৩ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:

  • যীচু অবিবাহিত আছিল। তেওঁ নিজৰ পিতৃৰ সেৱা কৰিবলৈ আৰু আনক সহায় কৰিবলৈ এই উপহাৰ কেনেকৈ ব্যৱহাৰ কৰিলে?

যীচুৰ দৰে অবিবাহিত খ্ৰীষ্টানসকলেও জীৱনত আনন্দ লাভ কৰিব পাৰে। ভিডিঅʼখন চাওক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:

  • যিহোৱাৰ সেৱাত অবিবাহিত ভাই-ভনীসকলৰ কি কি সুযোগ আছে?

আপুনি জানেনে?

এজন ব্যক্তিয়ে কিমান বয়সত বিয়া কৰিব লাগে, এই বিষয়ে বাইবেলত কʼতো উল্লেখ নাই। কিন্তু বাইবেলে উৎসাহিত কৰিছে যে “কুমাৰীৰ ডেকা-কাল” অৰ্থাৎ চেঙেলীয়া বয়স পাৰ হোৱাৰ পাছতহে তেওঁ বিয়াৰ বিষয়ে ভাবিব পাৰে। এই বয়সত যৌন ইচ্ছা প্ৰবল হয়। সেইবাবে, এজন কিশোৰ বা কিশোৰীয়ে হয়তো সঠিক নিৰ্ণয় লʼব নোৱাৰে।—১ কৰিন্থীয়া ৭:৩৬.

৫. ভাবি-চিন্তি জীৱন সংগী বাছনি কৰক

আমি জীৱনত বহুতো ডাঙৰ ডাঙৰ নিৰ্ণয় লʼবলগীয়া হয়। ইয়াৰে ভিতৰত এটা হৈছে, আমি কাক বিয়া কৰিম। মথি ১৯:৪-৬,  পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:

  • এজন খ্ৰীষ্টানে বিয়া কৰিবলৈ হঠাতে কিয় নিৰ্ণয় লোৱা উচিত নহয়?

জীৱন সংগীৰ কি কি গুণ থাকিব লাগে, এই বিষয়ে বাইবেলত উল্লেখ আছে। ইয়াৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ গুণটো হৈছে তেওঁ যিহোৱাক প্ৰেম কৰিব লাগিব। b ১ কৰিন্থীয়া ৭:৩৯ আৰু ২ কৰিন্থীয়া ৬:১৪, ১৫ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:

  • আমি কিয় যিহোৱাৰ এজন সেৱকৰ লগত বিয়া কৰা উচিত?

  • যদি আপুনি যিহোৱাক প্ৰেম নকৰা এজন ব্যক্তিৰ লগত বিয়া কৰে, তেনেহʼলে যিহোৱাক কেনেকুৱা লাগিব?

যদি বেলেগ বেলেগ দুটা জন্তুক একেলগে যুঁৱলি দিয়া হয়, তেনেহʼলে সিহঁতে কষ্ট পাব। ঠিক সেইদৰে, যিহোৱাৰ সেৱক নোহোৱা কোনো এজন ব্যক্তিৰ লগত বিয়া কৰিলে এজন খ্ৰীষ্টানে বহুতো কষ্ট ভুগিবলগীয়া হʼব

৬. বিবাহৰ বিষয়ে যিহোৱাৰ দৃষ্টিভংগী ৰাখক

প্ৰাচীন সময়ত কিছুমান ইস্ৰায়েলী পুৰুষে নিজৰ স্বাৰ্থ পূৰ কৰিবলৈ নিজৰ পত্নীক তালাক দিছিল। মলাখী ২:১৩, ১৪, ১৬ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:

  • যেতিয়া কোনোবাই ব্যভিচাৰৰ বাহিৰে আন কিবা কাৰণত তালাক দিয়ে, তেতিয়া যিহোৱাই এয়া কিয় ঘিণ কৰে?

ব্যভিচাৰ আৰু তালাকৰপৰা নিৰ্দোষী সংগী আৰু লʼৰা-ছোৱালীয়ে বহুত দুখ পায়

ভিডিঅʼখন চাওক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:

  • যদি আপোনাৰ স্বামী বা পত্নী যিহোৱাৰ সেৱক নহয়, তেনেহʼলে আপোনাৰ বিবাহিত জীৱন আনন্দিত কৰিবলৈ আপুনি কি কৰিব পাৰে?

৭. বিবাহৰ বিষয়ে যিহোৱাৰ মানদণ্ড মানি চলক

বিবাহৰ বিষয়ে যিহোৱাৰ মানদণ্ড মানি চলিবলৈ এজন ব্যক্তিয়ে হয়তো সংঘৰ্ষ কৰিবলগীয়া হʼব পাৰে। যদি তেওঁ এইদৰে কৰে, তেনেহʼলে যিহোৱাই তেওঁক আশীৰ্বাদ কৰিব। c ভিডিঅʼখন চাওক

ইব্ৰী ১৩:৪ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:

  • বিবাহৰ বিষয়ে যিহোৱাই দিয়া নিয়মবোৰ মানি চলিব পাৰি বুলি আপুনি ভাবেনে? আপুনি এইদৰে কিয় ভাবে?

সত্য খ্ৰীষ্টানসকলে বিয়া বা তালাক আইনৰ অনুসৰি কৰাটো যিহোৱাই বিচাৰে। কিয়নো বেছিভাগ দেশত এইদৰে কৰিলেহে চৰকাৰে বিয়া বা তালাক মঞ্জুৰ কৰে। তীত ৩:১ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:

  • যদি আপুনি বিবাহিত, তেনেহʼলে আপোনাৰ বিয়া আইনে মঞ্জুৰ কৰিছে বুলি আপুনি নিশ্চিতনে?

কিছুমান লোকে কয়: “যদি আপোনাকে একেলগে থাকিব নিবিচাৰে, তেনেহʼলে তালাক লৈ লওক।”

  • আপুনি কি উত্তৰ দিব?

আমি কি শিকিলোঁ

বিয়া কৰা আৰু অবিবাহিত হৈ থকা এই দুয়োটাই যিহোৱাৰ ফালৰপৰা এক উপহাৰ হয়। যদি বিবাহিত আৰু অবিবাহিত লোকসকলে যিহোৱাৰ ইচ্ছা অনুসৰি জীয়াই থাকে, তেনেহʼলে তেওঁলোকে জীৱনত আনন্দিত হৈ থাকিব পাৰিব।

আপুনি কেনেকৈ উত্তৰ দিব?

  • এজন অবিবাহিত ব্যক্তিয়ে নিজৰ পৰিস্থিতিক কেনেকৈ ভালদৰে ব্যৱহাৰ কৰিব পাৰে?

  • আমি কেৱল যিহোৱাৰ এজন সেৱকৰ লগত বিয়া কৰা উচিত বুলি বাইবেলে কিয় পৰামৰ্শ দিছে?

  • বাইবেলৰ অনুসৰি এজন ব্যক্তিয়ে কেতিয়া তালাক দিব পাৰে?

লক্ষ্য

বেছিকৈ জানক

এজন ব্যক্তিয়ে “কেৱল প্ৰভুত” বিয়া কৰা উচিত। ইয়াৰ অৰ্থ কি?

“পাঠকসকলৰ প্ৰশ্ন” (প্ৰহৰীদুৰ্গ-হিন্দী, জুলাই ১, ২০০৪)

জীৱন সংগী বাছনি কৰা আৰু বিয়া কৰাৰ ক্ষেত্ৰত আপুনি কেনেকৈ সঠিক নিৰ্ণয় লʼব পাৰে, আহক দুখন ভিডিঅʼ চাওঁ।

বিয়াৰ বাবে প্ৰস্তুতি (১১:৫৩)

এজন ভায়ে যি ত্যাগ কৰিলে, তাতকৈ বেছি যিহোৱাই তেওঁক আশীৰ্বাদ কৰিলে বুলি তেওঁ কিয় ভাবে, আহক চাওঁ।

তাইয়ো সত্য শিকিব বুলি মই আশা কৰিছিলোঁ (১:৫৬)

এজন ব্যক্তিয়ে নিজৰ জীৱন সংগীৰপৰা পৃথকে থকা বা তালাক দিয়াৰ আগতে কি কি কথাৰ ওপৰত ধ্যান দিয়া উচিত?

“‘ঈশ্বৰে যাক যোগ কৰিলে,’ তাক সন্মান কৰক” (প্ৰহৰীদুৰ্গ-হিন্দী, ডিচেম্বৰ ২০১৮)

a টোকা ৪ পঢ়ক। ইয়াত তালাক নিদিয়াকৈ বেলেগে থকাৰ বিষয়ে কোৱা হৈছে।

b কিছুমান সংস্কৃতিত পিতৃ-মাতৃয়ে নিজৰ লʼৰা-ছোৱালীৰ বাবে জীৱন সংগী বাছনি কৰে। নিজৰ সন্তানক প্ৰেম কৰা পিতৃ-মাতৃয়ে টকা-পইচা চাই নিজৰ সন্তানৰ বাবে জীৱন সংগী বাছনি নকৰে। ইয়াৰ পৰিৱৰ্তে, যিহোৱাক প্ৰেম কৰা কোনো এজন ব্যক্তিক নিজৰ সন্তানৰ জীৱন সংগী হিচাপে বাছনি কৰে।

c যদি আপুনি বিয়া নকৰাকৈ একেলগে আছে, তেনেহʼলে তেওঁক আপুনি বিয়া কৰিব নে এৰি দিব, এই নিৰ্ণয় আপুনি নিজেই লোৱা উচিত।