Skip to content

Skip to table of contents

পাঠ ৪৬

সমৰ্পণ কৰা আৰু বাপ্তিষ্মা লোৱাৰ কিয় প্ৰয়োজন?

সমৰ্পণ কৰা আৰু বাপ্তিষ্মা লোৱাৰ কিয় প্ৰয়োজন?

যেতিয়া এজন ব্যক্তিয়ে যিহোৱালৈ নিজৰ জীৱন সমৰ্পণ কৰে, তেতিয়া তেওঁ যিহোৱাক প্ৰাৰ্থনা কৰি প্ৰতিজ্ঞা কৰে যে তেওঁ গোটেই জীৱন যিহোৱাৰ সেৱা কৰিব আৰু তেওঁৰ ইচ্ছাক নিজৰ জীৱনত প্ৰথম স্থান দিব। (গীতমালা ৪০:৮) তাৰ পাছত তেওঁ বাপ্তিষ্মা লয়। যেতিয়া তেওঁ বাপ্তিষ্মা লয়, তেতিয়া লোকসকলে জানিব পাৰে যে তেওঁ নিজৰ জীৱন যিহোৱালৈ সমৰ্পণ কৰিলে। যিহোৱালৈ নিজৰ জীৱন সমৰ্পণ কৰাটো এটা গুৰুত্বপূৰ্ণ নিৰ্ণয় হয়। এই নিৰ্ণয়ে আপোনাৰ জীৱন সলনি কৰিব পাৰে। কিন্তু এই গুৰুত্বপূৰ্ণ নিৰ্ণয় লʼবলৈ কিহে আপোনাক উৎসাহিত কৰিব পাৰে, আহক চাওঁ।

১. সমৰ্পণ কৰিবলৈ এজন ব্যক্তিক কিহে উৎসাহিত কৰিব পাৰে?

যিহোৱাৰ প্ৰতি থকা প্ৰেমে এজন ব্যক্তিক সমৰ্পণ কৰিবলৈ উৎসাহিত কৰে। (১ যোহন ৪:১০, ১৯) বাইবেলে আমাক এইদৰে উৎসাহিত কৰিছে, “তুমি সকলো হৃদয়, সকলো প্ৰাণ, সকলো চিত্ত, আৰু সকলো শক্তিৰে তোমাৰ প্ৰভু পৰমেশ্বৰক প্ৰেম কৰা।” (মাৰ্ক ১২:৩০) আমি যিহোৱাক প্ৰেম কৰোঁ বুলি কেৱল কথাৰে নহয়, আমি কামৰ যোগেদিও দেখুৱাওঁ। উদাহৰণস্বৰূপে, যদি এজন লʼৰা আৰু ছোৱালীয়ে এজনে-আনজনক ভাল পায়, তেনেহʼলে তেওঁলোকে বিয়া পাতিব। ঠিক সেইদৰে, যদি আমি যিহোৱাক প্ৰেম কৰোঁ, তেনেহʼলে আমি সমৰ্পণ কৰি বাপ্তিষ্মা লʼম।

২. বাপ্তিষ্মা লোৱা লোকসকলক যিহোৱাই কি কি আশীৰ্বাদ দিয়ে?

বাপ্তিষ্মা লʼলে আপুনি যিহোৱাৰ পৰিয়ালৰ ভাগ হʼব পাৰিব। তেওঁৰ পৰিয়ালৰ ভাগ হোৱাৰ পাছত আপুনি বহুতো উপায়েৰে তেওঁৰ প্ৰেম অনুভৱ কৰিব পাৰিব আৰু তেওঁৰ লগত আপোনাৰ ঘনিষ্ঠ সম্পৰ্ক গঢ়ি উঠিব। (মলাখী ৩:১৬-১৮ পঢ়ক।) ইয়াৰ উপৰিও, গোটেই পৃথিৱীত এনে ভাই-ভনীসকল আছে, যিসকলে যিহোৱাক আৰু আপোনাক বহুত প্ৰেম কৰে। (মাৰ্ক ১০:২৯, ৩০ পঢ়ক।) কিন্তু বাপ্তিষ্মা লোৱাৰ আগতে আপুনি কিছুমান কাম কৰিব লাগিব। আপুনি যিহোৱাৰ বিষয়ে জানিব লাগিব, তেওঁক প্ৰেম কৰিব লাগিব আৰু তেওঁৰ পুত্ৰৰ ওপৰত বিশ্বাস কৰিব লাগিব। তাৰ পাছত আপুনি সমৰ্পণ কৰিব পাৰিব। যেতিয়া আপুনি বাপ্তিষ্মা লʼব, তেতিয়া এক অনন্ত জীৱন জীয়াই থকাৰ সুযোগ লাভ কৰিব। সেইবাবে, বাইবেলত এইদৰে লিখা আছে, ‘বাপ্তিষ্মাই তোমালোকক ৰক্ষা কৰে।’১ পিতৰ ৩:২১.

গভীৰভাৱে ধ্যান কৰক

নিজৰ জীৱন যিহোৱালৈ সমৰ্পণ কৰা আৰু বাপ্তিষ্মা লোৱাৰ কিয় প্ৰয়োজন? আহক এই বিষয়ে আলোচনা কৰোঁ।

৩. আমি কাৰ সেৱা কৰিম, সেয়া নিৰ্ণয় লʼব লাগিব

প্ৰাচীন সময়ত কিছুমান ইস্ৰায়েলীয়ে ভাবিছিল যে তেওঁলোকে যিহোৱাৰ লগতে মিছা দেৱতা বালৰো উপাসনা কৰিব পাৰিব। তেওঁলোকৰ এই ভুল ধাৰণা শুধৰণি কৰিবলৈ যিহোৱাই ভৱিষ্যতবক্তা এলিয়াক তেওঁলোকৰ ওচৰলৈ পঠিয়ালে। ১ ৰাজাৱলি ১৮:২১ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:

  • ইস্ৰায়েলীসকলে কি নিৰ্ণয় লʼবলগীয়া আছিল?

ইস্ৰায়েলীসকলৰ দৰে আমি কাৰ সেৱা কৰিম, সেয়া নিৰ্ণয় লʼব লাগিব। লূক ১৬:১৩ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:

  • যিহোৱাৰ উপাসনা কৰাৰ লগতে আমি কোনো মানুহ বা বস্তুৰ উপাসনা কিয় কৰিব নোৱাৰোঁ?

  • আপুনি কেৱল যিহোৱাৰ উপাসনা কৰিবলৈ নিৰ্ণয় লৈছে বুলি কেনেকৈ দেখুৱাব পাৰে?

৪. এই বিষয়ে চিন্তা কৰক যে যিহোৱাই আপোনাক কিমান প্ৰেম কৰে

যিহোৱাই আমাক বহুতো মূল্যৱান উপহাৰ দিছে, তেনেহʼলে আমি তেওঁক কি দিব পাৰোঁ? ভিডিঅʼখন চাওক

যিহোৱাই আমাক কি কি উপায়েৰে প্ৰেম কৰিলে, আহক এই বিষয়ে ধ্যান দিওঁ। গীতমালা ১০৪:১৪, ১৫ আৰু ১ যোহন ৪:৯, ১০ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:

  • যিহোৱাৰপৰা পোৱা কোনটো উপহাৰৰ বাবে আপুনি তেওঁৰ প্ৰতি কৃতজ্ঞ?

  • এই উপহাৰ লাভ কৰাৰ বাবে আপুনি যিহোৱাৰ বিষয়ে কেনে অনুভৱ কৰে?

যেতিয়া কোনো এটা উপহাৰ আমাক ভাল লাগে, তেতিয়া উপহাৰ দিওঁতাজনক আমি কৃতজ্ঞতা জনাওঁ আৰু তেওঁৰ বাবে আমি কিবা কৰিব বিচাৰোঁ। দ্বিতীয় বিবৰণ ১৬:১৭ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:

  • যিহোৱাই আপোনাৰ বাবে যি কৰিলে, যদি আপুনি তাৰ বিষয়ে চিন্তা কৰে, তেনেহʼলে আপুনি তেওঁক কি দিব বিচাৰে?

৫. সমৰ্পণ কৰিলে বহুতো আশীৰ্বাদ লাভ কৰিব পাৰি

বহুতোলোক ভাবে যে ভাল নাম অৰ্জন কৰিলে, ভাল চাকৰি থাকিলে আৰু টকা-পইচা গোটালে আমি সুখী হʼব পাৰিম। কিন্তু এয়া সঁচানে? ভিডিঅʼখন চাওক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:

  • ভিডিঅʼখনত দেখুৱা খেলুৱৈজনে ফুটবল খেলি বহুত ভাল পাইছিল। তথাপিও তেওঁ ফুটবল খেলিবলৈ কিয় এৰি দিলে?

  • তেওঁ ফুটবল খেলাৰ পৰিৱৰ্তে যিহোৱাৰ সেৱা মনে-প্ৰাণে কৰিবলৈ নিৰ্ণয় লʼলে। তেওঁ সঠিক নিৰ্ণয় লʼলে বুলি আপুনি ভাবেনে? আপুনি এইদৰে কিয় ভাবে?

যীচুৰ শিষ্য হোৱাৰ আগতে পাঁচনি পৌলে ভাল জীৱিকা বা কেৰিয়াৰ বাছনি কৰিবলৈ উচ্চ শিক্ষা লৈছিল। তেওঁ এজন বিখ্যাত শিক্ষকৰপৰা যিহূদী আইনৰ শিক্ষা লৈছিল। কিন্তু যীচুৰ শিষ্য হʼবলৈ তেওঁ এই সকলোবোৰ এৰি দিলে। এইদৰে কৰাৰ বাবে তেওঁ পাছলৈ দুখ কৰিলেনে? ফিলিপীয়া ৩:৮ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:

  • যীচুৰ শিষ্য হোৱাৰ আগতে পৌলে যি কামবোৰত লাগি আছিল, সেই সকলোকে ‘হানি যেন মানিছোঁ’ বুলি তেওঁ কিয় কৈছিল?

  • পৌলে জীৱনত যি যি ত্যাগ কৰিলে, তাৰ সলনি তেওঁ কি লাভ কৰিলে?

  • আপুনি কেতিয়া বেছি আনন্দিত হʼব, জীৱনত কিবা লাভ কৰিলে নে যিহোৱাৰ সেৱা কৰিলে? আপুনি এইদৰে কিয় ভাবে?

যীচুৰ শিষ্য হʼবলৈ পৌলে যি যি ত্যাগ কৰিলে, তাতকৈ বহুগুণে তেওঁ লাভ কৰিলে

কিছুমান লোকে কয়: “সমৰ্পণৰ বিষয়ে মই এতিয়া ভবা নাই।”

  • যিহোৱালৈ নিজৰ জীৱন সমৰ্পণ কৰাৰ কিয় প্ৰয়োজন?

আমি কি শিকিলোঁ

যিহোৱাৰ প্ৰতি থকা প্ৰেমে আমাক নিজৰ জীৱন যিহোৱালৈ সমৰ্পণ কৰিবলৈ আৰু বাপ্তিষ্মা লʼবলৈ উৎসাহিত কৰে।

আপুনি কেনেকৈ উত্তৰ দিব?

  • যিহোৱাই আমাৰ উপাসনা আৰু প্ৰেম পোৱাৰ যোগ্য বুলি আমি কিয় কʼব পাৰোঁ?

  • বাপ্তিষ্মা লোৱা সাক্ষীসকলক যিহোৱাই কি আশীৰ্বাদ দিয়ে?

  • আপুনি নিজৰ জীৱন যিহোৱালৈ সমৰ্পণ কৰিব বিচাৰেনে?

লক্ষ্য

বেছিকৈ জানক

দুজন ডেকাই সংগীত আৰু খেলত জীৱিকা বা কেৰিয়াৰ বাছনি কৰাৰ পৰিৱৰ্তে নিজৰ জীৱন যিহোৱালৈ কিয় সমৰ্পণ কৰিলে? আহক চাওঁ।

যুৱক-যুৱতিসকলে সোধা প্ৰশ্ন—ভৱিষ্যতে মই কি কৰিম?—অতীত (৬:৫৪)

এই সংগীত ভিডিঅʼখনত চাওক যে যিসকলে সমৰ্পণ কৰি বাপ্তিষ্মা লৈছে, তেওঁলোকে কিমান আনন্দ লাভ কৰিছে।

তোমাৰ কাৰণে জীওঁ (৪:৩০)

“মই বহুবছৰ ধৰি চিন্তা কৰি আছিলোঁ যে ‘আমাক কিয় সৃষ্টি কৰা হৈছে?’” এই জীৱন কাহিনীত লক্ষ্য কৰক যে কি কথাই তিৰোতাগৰাকীক নিজৰ জীৱনত কি গুৰুত্বপূৰ্ণ, তাৰ বিষয়ে চিন্তা কৰিবলৈ উৎসাহিত কৰিলে? আহক চাওঁ।

“পবিত্ৰ শাস্ত্ৰই জীৱন পৰিৱৰ্তন কৰে” (প্ৰহৰীদুৰ্গ লেখ)