Skip to content

Skip to table of contents

পাঠ ৪৭

আপুনি বাপ্তিষ্মাৰ বাবে সাজু নে?

আপুনি বাপ্তিষ্মাৰ বাবে সাজু নে?

বাইবেল অধ্যয়ন কৰি আপুনি যিহোৱাৰ বিষয়ে বহুতো কথা শিকিব পাৰিলে আৰু শিকাৰ অনুসৰি নিজৰ জীৱনত পৰিৱৰ্তন কৰিলে। তথাপিও নিজৰ জীৱন যিহোৱালৈ সমৰ্পণ কৰিবলৈ আৰু বাপ্তিষ্মা লʼবলৈ হয়তো কিছুমান কথাই আপোনাক বাধা দিছে। এই পাঠত কিছুমান বাধাৰ বিষয়ে উল্লেখ কৰা হৈছে আৰু সেই বাধাবোৰ আপুনি কেনেকৈ পাৰ কৰিব পাৰে, তাৰ বিষয়েও উল্লেখ আছে।

১. আপুনি বাপ্তিষ্মা লʼবলৈ বাইবেলৰ কিমান জ্ঞান থাকিব লাগিব?

বাপ্তিষ্মা লʼবলৈ “সত্যৰ জ্ঞান” থকা উচিত। (১ তীমথিয় ২:৪) কিন্তু ইয়াৰ অৰ্থ এয়া নহয় যে আপুনি বাইবেলৰ সকলো প্ৰশ্নৰ উত্তৰ জানিব লাগিব। বহুবছৰ আগতে বাপ্তিষ্মা লোৱা খ্ৰীষ্টানসকলে এতিয়াও বাইবেলৰপৰা নতুন নতুন কথা শিকি আছে। (কলচীয়া ১:৯, ১০) কিন্তু বাপ্তিষ্মা লʼবলৈ আপুনি বাইবেলৰ প্ৰাথমিক জ্ঞান জনাৰ প্ৰয়োজন। এই জ্ঞান আপোনাৰ আছেনে? সেয়া জানিবলৈ আপুনি মণ্ডলীৰ প্ৰাচীনৰ লগত কথা পাতিব পাৰে।

২. বাপ্তিষ্মা লʼবলৈ কি কি পদক্ষেপ লোৱা উচিত?

বাপ্তিষ্মা লʼবলৈ কিছুমান পদক্ষেপ লোৱাৰ প্ৰয়োজন। বাইবেলত এইদৰে লিখা আছে, “মন পালটাই ঘূৰি আহাঁ।” (পাঁচনিৰ কৰ্ম্ম ৩:১৯ পঢ়ক।) ইয়াৰ অৰ্থ হৈছে এজন ব্যক্তিয়ে কৰা পাপৰ বাবে অনুতাপ কৰিব লাগিব আৰু যিহোৱাৰপৰা ক্ষমা বিচাৰিব লাগিব। তেওঁ পুনৰ সেই ভুল নকৰোঁ বুলি থিৰাং কৰিব লাগিব আৰু যিহোৱাই আনন্দিত হোৱা জীৱন-যাপন কৰিব লাগিব। ইয়াৰ উপৰিও, তেওঁ সভাবোৰত নিয়মীয়াকৈ উপস্থিত হʼব লাগিব আৰু বাপ্তিষ্মা নোলোৱা প্ৰচাৰক হʼব লাগিব।

৩. আপুনি বাপ্তিষ্মা লʼবলৈ কিয় ভয় কৰা উচিত নহয়?

কিছুমান লোকে ভয় কৰে যে যদি তেওঁ যিহোৱাৰ সেৱা কৰিবলৈ প্ৰতিজ্ঞা কৰে, তেনেহʼলে তেওঁ সেই প্ৰতিজ্ঞা পূৰ কৰিব নোৱাৰিব। আপোনাৰপৰা ভুল হʼব পাৰে, কিন্তু মনত ৰাখিব যে বাইবেলত উল্লেখ কৰা বিশ্বাসী লোকসকলৰপৰাও ভুল হৈছিল। আমি ভুল নকৰিম বুলি যিহোৱাই আমাৰপৰা কেতিয়াও আশা নকৰে। (গীতমালা ১০৩:১৩, ১৪ পঢ়ক।) কিন্তু তেওঁৰ মানদণ্ডৰ অনুসৰি জীৱন-যাপন কৰিলে যিহোৱাই আনন্দিত হয় আৰু এইদৰে কৰিবলৈ তেওঁ আপোনাক সহায় কৰিব। লগতে তেওঁ আশ্বাস দিছে যে ‘কোনো কথাই তেওঁৰ প্ৰেমৰপৰা আপোনাক বিচ্ছিন্ন কৰিব নোৱাৰে।’ৰোমীয়া ৮:৩৮, ৩৯ পঢ়ক।

গভীৰভাৱে ধ্যান কৰক

যিহোৱাক ভালদৰে জানিলে আৰু তেওঁৰপৰা সহায় লʼলে আপুনি যিকোনো বাধা পাৰ কৰিব পাৰিব। এয়া আপুনি কেনেকৈ কৰিব পাৰে? আহক এই বিষয়ে আলোচনা কৰোঁ।

৪. যিহোৱাৰ বিষয়ে বেছিকৈ শিকক

বাপ্তিষ্মা লʼবলৈ হʼলে আপুনি যিহোৱাৰ বিষয়ে কিমান জানিব লাগিব? আপুনি যিহোৱাৰ বিষয়ে সকলো কথা জনাৰ প্ৰয়োজন নাই। যিহোৱাৰ বিষয়ে শিকি থকাৰ সময়ত যদি যিহোৱাৰ প্ৰতি আপোনাৰ প্ৰেম বাঢ়ে আৰু তেওঁক আনন্দিত কৰিবলৈ মনত ইচ্ছা জাগে, তেনেহʼলে আপুনি বাপ্তিষ্মা লʼব পাৰে। গোটেই পৃথিৱীত যিহোৱাৰ সাক্ষীসকলৰ লগত অধ্যয়ন কৰা লোকসকলে এইদৰেই কৰি আছে। ভিডিঅʼখন চাওক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:

  • বাপ্তিষ্মা লʼবলৈ কিছুমান লোকে কি কৰিলে?

ৰোমীয়া ১২:২ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:

  • বাইবেলৰপৰা আপুনি যি শিক্ষা লাভ কৰিলে, তাত কিবা সন্দেহ আছেনে? যিহোৱাৰ সাক্ষীসকলে সত্য শিকায় বুলি আপুনি ভাবেনে?

  • যদি আপোনাৰ মনত কিবা সন্দেহ আছে, তেনেহʼলে আপুনি কি কৰিব পাৰে?

৫. যিকোনো বাধা পাৰ কৰিব পাৰি

সমৰ্পণ কৰিবলৈ আৰু বাপ্তিষ্মা লʼবলৈ নিৰ্ণয় লোৱাৰ সয়মত বাধা আহিব পাৰে। বাপ্তিষ্মা লʼবলৈ এগৰাকী ভনীয়ে কি কি বাধা পাৰ কৰিলে? ভিডিঅʼখন চাওক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:

  • যিহোৱাৰ সেৱা কৰিবলৈ নাৰঙ্গীলৰ কি কি বাধা আহিছিল?

  • যিহোৱাৰ প্ৰতি থকা প্ৰেমৰ বাবে তাই কি কৰিব পাৰিলে?

হিতোপদেশ ২৯:২৫ আৰু ২ তীমথিয় ১:৭ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:

  • বাধা পাৰ কৰিবলৈ আমাক কিহে সহায় কৰিব পাৰে?

৬. যিহোৱাই আপোনাক নিশ্চয় সহায় কৰিব

যিকোনো পৰিস্থিতিত যিহোৱাই আপোনাক সহায় কৰিব পাৰে। ভিডিঅʼখন চাওক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:

  • বিদ্যাৰ্থীজনে বাপ্তিষ্মা লʼবলৈ কিয় ভয় কৰিছিল?

  • যিহোৱাৰ ওপৰত ভৰসা কৰিবলৈ কিহে তেওঁক সহায় কৰিলে?

যিচয়া ৪১:১০, ১৩ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:

  • যিহোৱালৈ সমৰ্পণ কৰা প্ৰতিজ্ঞা আপুনি পূৰ কৰিব পাৰিব বুলি কিয় ভৰসা কৰিব পাৰে?

৭. যিহোৱাৰ প্ৰেমৰ প্ৰতি কৃতজ্ঞ হওক!

যিহোৱাৰ প্ৰেমৰ বিষয়ে ভাবি থাকিলে আপোনাৰ মনত তেওঁৰ প্ৰতি কৃতজ্ঞতা বাঢ়িব আৰু তেওঁৰ সেৱা কৰি থাকিবলৈ আপোনাৰ মনত ইচ্ছা জাগিব। গীতমালা ৪০:৫ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:

  • যিহোৱাই দিয়া কোনটো আশীৰ্বাদৰ বাবে আপুনি কৃতজ্ঞ?

ভৱিষ্যতবক্তা যিৰিমিয়াই যিহোৱা আৰু তেওঁৰ বাক্যক প্ৰেম কৰিছিল। তেওঁ যিহোৱাৰ নামেৰে পৰিচয় পোৱাটো এক সন্মানৰ বিষয় বুলি ভাবিছিল। সেইবাবে, তেওঁ এইদৰে কৈছিল, ‘তোমাৰ বাক্যবোৰ মোৰ পক্ষে মোৰ মনৰ আনন্দ আৰু উল্লাসজনক হল; কিয়নো হে ঈশ্বৰ যিহোৱা, মই তোমাৰ নামেৰে প্ৰখ্যাত।’ (যিৰিমিয়া ১৫:১৬) নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ আপুনি কেনেকৈ দিব?

  • যিহোৱাৰ সাক্ষী হোৱাটো কিয় এক সন্মানৰ বিষয় হয়?

  • বাপ্তিষ্মা লৈ আপুনি এজন যিহোৱাৰ সাক্ষী হʼব বিচাৰেনে?

  • এইদৰে কৰিবলৈ কিবা কথাই আপোনাক বাধা দিছে নেকি?

  • আপুনি কি ভাবে, বাপ্তিষ্মাৰ লক্ষ্যত উপনিত হʼবলৈ আপুনি কি কৰিব লাগিব?

কিছুমান লোকে কয়: “বাপ্তিষ্মা লোৱাৰ পাছত মই যিহোৱাৰ ইচ্ছা অনুসৰি জীৱন-যাপন কৰিব পাৰিম নে?”

  • আপুনিও এইদৰে ভাবেনে?

আমি কি শিকিলোঁ

বাপ্তিষ্মা লʼবলৈ আপোনাৰ ওচৰত হয়তো বাধা আহিব পাৰে, কিন্তু সেই বাধা পাৰ কৰিবলৈ যিহোৱাই আপোনাক সহায় কৰিব।

আপুনি কেনেকৈ উত্তৰ দিব?

  • বাপ্তিষ্মা লʼবলৈ আপুনি বাইবেলৰ বিষয়ে কিমান জানিব লাগিব?

  • বাপ্তিষ্মা লʼবলৈ আপোনাক কি কি পৰিৱৰ্তন কৰিবলগীয়া হʼব পাৰে?

  • বাপ্তিষ্মা লʼবলৈ আপুনি কিয় ভয় কৰা উচিত নহয়?

লক্ষ্য

বেছিকৈ জানক

বাপ্তিষ্মা লোৱাৰ কিছুমান কাৰণৰ বিষয়ে ধ্যান দিয়ক।

“আপুনি বাপ্তিষ্মাৰ বাবে সাজু আছেনে?” (প্ৰহৰীদুৰ্গ, মাৰ্চ ২০২০)

বাপ্তিষ্মা লʼবলৈ কিহে আপোনাক বাধা দিছে? সেই বাধাবোৰ আপুনি কেনেকৈ পাৰ কৰিব পাৰে, তাৰ বিষয়ে জানক।

“বাপ্তিষ্মা লʼবলৈ মোক কিহে বাধা দিছে?” (প্ৰহৰীদুৰ্গ-হিন্দী, মাৰ্চ ২০১৯)

এজন ব্যক্তিয়ে বাপ্তিষ্মা লোৱাৰ সময়ত অহা বাধাবোৰ কেনেকৈ পাৰ কৰিলে, আহক চাওঁ।

‘আপুনি বাপ্তিষ্মা লʼবলৈ কিয় দেৰি কৰিছে?’ (১:১০)

আটা নামৰ এজন ব্যক্তিয়ে বাপ্তিষ্মা লʼবলৈ সংকোচ কৰিছিল। কিন্তু এই পদক্ষেপ লʼবলৈ কি কথাই তেওঁক সহায় কৰিলে, আহক চাওঁ।

মই এই আশীৰ্বাদবোৰ পোৱাৰ যোগ্য নে? (৭:২১)