Skip to content

Skip to table of contents

পাঠ ৫০

পিতৃ-মাতৃ আৰু লʼৰা-ছোৱালীয়ে কেনেকৈ আনন্দত থাকিব পাৰে?

পিতৃ-মাতৃ আৰু লʼৰা-ছোৱালীয়ে কেনেকৈ আনন্দত থাকিব পাৰে?

সন্তান যিহোৱাই দিয়া এক আশীৰ্বাদ হয় আৰু পিতৃ-মাতৃয়ে তেওঁলোকৰ চোৱা-চিতা কৰাটো যিহোৱাই বিচাৰে। এইদৰে কৰিবলৈ যিহোৱাই তেওঁলোকক ভাল পৰামৰ্শ দিছে। যিহোৱাই সন্তানসকলকো কিছুমান ভাল পৰামৰ্শ দিছে, যদি তেওঁলোকে সেই পৰামৰ্শ পালন কৰে, তেনেহʼলে পৰিয়ালৰ সকলোৱে আনন্দত থাকিব পাৰিব।

১. যিহোৱাই পিতৃ-মাতৃসকলক কি পৰামৰ্শ দিছে?

পিতৃ-মাতৃয়ে নিজৰ সন্তানক প্ৰেম কৰা, তেওঁলোকৰ লগত সময় অতিবাহিত কৰা, বেয়া কামবোৰৰপৰা আঁতৰাই ৰখা আৰু বাইবেলৰ সিদ্ধান্তৰ অনুসৰি তেওঁলোকক শিক্ষা দিয়াটো যিহোৱাই বিচাৰে। (হিতোপদেশ ১:৮) বাইবেলত পিতৃসকলক এইদৰে পৰামৰ্শ দিয়া হৈছে, “প্ৰভুৰ শিক্ষা আৰু চেতনাত তেওঁবিলাকক প্ৰতিপালন কৰা।” (ইফিচীয়া ৬:৪ পঢ়ক।) যদি পিতৃ-মাতৃয়ে নিজৰ লʼৰা-ছোৱালীৰ চোৱা-চিতা কৰে আৰু নিজৰ দায়িত্ব আনৰ ওপৰত জাপি নিদিয়ে, তেনেহʼলে যিহোৱাই আনন্দিত হয়।

২. যিহোৱাই সন্তানসকলক কি পৰামৰ্শ দিছে?

যিহোৱাই সন্তানসকলক এইদৰে পৰামৰ্শ দিছে, নিজৰ “পিতৃ-মাতৃৰ আজ্ঞাধীন হোৱা।” (কলচীয়া ৩:২০ পঢ়ক।) যদি লʼৰা-ছোৱালীয়ে পিতৃ-মাতৃক সন্মান কৰে আৰু তেওঁলোকৰ কথা শুনে, তেনেহʼলে যিহোৱাৰ লগতে পিতৃ-মাতৃও আনন্দিত হয়। (হিতোপদেশ ২৩:২২-২৫) যীচুৱে লʼৰা-ছোৱালীৰ বাবে এক ভাল উদাহৰণ ৰাখিলে। যেতিয়া যীচু সৰু আছিল, তেতিয়া তেওঁ নিজৰ অসিদ্ধ পিতৃ-মাতৃৰ আজ্ঞা পালন কৰিছিল আৰু তেওঁলোকক সন্মান কৰিছিল।—লূক ২:৫১, ৫২.

৩. পৰিয়ালৰ লোকসকলে যিহোৱাৰ লগত কেনেকৈ নিজৰ সম্পৰ্ক দৃঢ় কৰিব পাৰে?

যদি আপোনাৰ লʼৰা-ছোৱালী আছে, তেনেহʼলে আপোনাৰ দৰে তেওঁলোকেও যিহোৱাক প্ৰেম কৰাটো আপুনি বিচাৰে। যিহোৱাক প্ৰেম কৰিবলৈ আপুনি তেওঁলোকক কেনেকৈ সহায় কৰিব পাৰে। বাইবেলৰ এই পৰামৰ্শ পালন কৰক, ‘তুমি নিজ সন্তানবিলাকক যত্নেৰে সেইবোৰ শিকাবা; আৰু তুমি ঘৰত বহোঁতে বা বাটত যাওঁতে, সেইবোৰৰ বিষয়ে কথা-বতৰা হবা।’ (দ্বিতীয় বিবৰণ ৬:৭) যত্নেৰে শিকোৱাৰ অৰ্থ কি? ইয়াৰ অৰ্থ হৈছে, কোনো এটা কথা বাৰে বাৰে কোৱা। আমি জানোঁ যে লʼৰা-ছোৱালীয়ে কোনো এটা কথা একেবাৰতে মনত ৰাখিব নোৱাৰে। তেওঁলোকক বাৰে বাৰে শিকাবলগীয়া হয়। এই পদত কোৱা হৈছে যে আমি নিজৰ লʼৰা-ছোৱালীক যেতিয়াই সুযোগ পাওঁ, তেতিয়াই যিহোৱাৰ বিষয়ে শিকোৱা উচিত। ইয়াৰ উপৰিও, আপুনি প্ৰতিসপ্তাহে পাৰিবাৰিক উপাসনা কৰিবলৈ এটা সময় নিৰ্ধাৰিত কৰিব পাৰে। যদিও আপোনাৰ কোনো সন্তান নাই, তথাপিও আপুনি প্ৰতিসপ্তাহে বাইবেল অধ্যয়ন কৰি লাভৱান হʼব পাৰে।

গভীৰভাৱে ধ্যান কৰক

আপোনাৰ পৰিয়াল কেনেকৈ সুখী আৰু সুৰক্ষিত অনুভৱ কৰিব পাৰে? আহক ইয়াৰ কিছুমান পৰামৰ্শলৈ ধ্যান দিওঁ।

৪. নিজৰ লʼৰা-ছোৱালীক মৰমেৰে শিকাওক

লʼৰা-ছোৱালীক শিকোৱাটো সহজ নহয়। কিন্তু বাইবেলে কেনেকৈ সহায় কৰিব পাৰে? যাকোব ১:১৯, ২০ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:

  • পিতৃ-মাতৃয়ে নিজৰ লʼৰা-ছোৱালীৰ লগত কেনেকৈ প্ৰেমেৰে কথা পাতিব পাৰে?

  • লʼৰা-ছোৱালীয়ে কিবা ভুল কৰিলে, পিতৃ-মাতৃয়ে কিয় তেওঁলোকক খঙেৰে শাস্তি দিয়া উচিত নহয়? a

৫. নিজৰ সন্তানক সুৰক্ষা দিয়ক

নিজৰ লʼৰা-ছোৱালীক সুৰক্ষা দিবলৈ তেওঁলোকক চেক্সৰ বিষয়ে জনোৱাটো অতি প্ৰয়োজন। এই বিষয়ে কথা পাতিবলৈ আপুনি হয়তো সংকোচ কৰিব পাৰে। ভিডিঅʼখন চাওক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:

  • কিছুমান পিতৃ-মাতৃৰ বাবে নিজৰ লʼৰা-ছোৱালীৰ লগত চেক্সৰ বিষয়ে কথা পাতিবলৈ কিয় কঠিন হয়?

  • এই বিষয়ে বুজাবলৈ কিছুমান পিতৃ-মাতৃয়ে কি কৰিলে?

বাইবেলত কোৱাৰ দৰে, আজি চয়তানৰ জগতৰ পৰিস্থিতি বহুত বেয়ালৈ ঢাল খাইছে। ২ তীমথিয় ৩:১, ১৩ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:

  • ১৩ পদত এনে দুষ্ট লোকসকলৰ বিষয়ে কোৱা হৈছে, যিসকলে সৰু লʼৰা-ছোৱালীৰ লগত বেয়া কাম কৰে। এই পদটো মনত ৰাখি পিতৃ-মাতৃয়ে কিয় নিজৰ লʼৰা-ছোৱালীক চেক্সৰ বিষয়ে বুজোৱা উচিত আৰু এনেধৰণৰ দুষ্ট লোকৰপৰা আঁতৰি থাকিবলৈ শিকোৱা উচিত?

আপুনি জানেনে?

পিতৃ-মাতৃসকলক সহায় কৰিবলৈ যিহোৱাৰ সাক্ষীসকলে কিছুমান আলোচনী প্ৰকাশ কৰিছে। ইয়াত বুজোৱা হৈছে যে পিতৃ-মাতৃয়ে কেনেকৈ নিজৰ লʼৰা-ছোৱালীক চেক্সৰ বিষয়ে বুজাব পাৰে আৰু দুষ্ট লোকৰপৰা সুৰক্ষা দিব পাৰে। ইয়াৰে কিছুমান প্ৰকাশন আগত দিয়া আছে:

৬. নিজৰ পিতৃ-মাতৃক সন্মান কৰক

লʼৰা-ছোৱালী আৰু কিশোৰ-কিশোৰীয়ে নিজৰ কথাৰ যোগেদি পিতৃ-মাতৃক সন্মান কৰিব পাৰে। ভিডিঅʼখন চাওক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:

  • কিশোৰ-কিশোৰীয়ে নিজৰ পিতৃ-মাতৃৰ লগত সন্মানেৰে কথা পাতিলে, কি লাভ হʼব?

  • কিশোৰ-কিশোৰীয়ে নিজৰ পিতৃ-মাতৃৰ লগত সন্মানেৰে কথা পাতিবলৈ কি কৰিব পাৰে?

হিতোপদেশ ১:৮ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:

  • পিতৃ-মাতৃয়ে পৰামৰ্শ দিলে, এজন কিশোৰ বা কিশোৰীয়ে কি কৰা উচিত?

৭. পৰিয়ালৰ লগত মিলি যিহোৱাৰ উপাসনা কৰক

যিহোৱাৰ সাক্ষীসকলে প্ৰতিসপ্তাহে পাৰিবাৰিক উপাসনা কৰিবলৈ এটা সময় নিৰ্ধাৰিত কৰে। তেওঁলোকে পাৰিবাৰিক উপাসনাত কি কৰে? এই বিষয়ে জানিবলৈ ভিডিঅʼখন চাওক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:

  • প্ৰতিসপ্তাহে পাৰিবাৰিক উপাসনা কৰিবলৈ পৰিয়ালৰ লোকসকলে কি কৰিব পাৰে?

  • পাৰিবাৰিক উপাসনা আনন্দময় আৰু লাভদায়ক কৰি তুলিবলৈ পিতৃ-মাতৃয়ে কি কৰিব পাৰে?—পাঠৰ আৰম্ভণিত দিয়া ছবিখন চাওক।

  • পাৰিবাৰিক উপাসনা কৰিবলৈ আপোনাৰ ওচৰত কি বাধা আহিব পাৰে?

প্ৰাচীন সময়ত ইস্ৰায়েলীসকলে নিজৰ পৰিয়ালৰ লগত প্ৰতিদিনে শাস্ত্ৰৰ বিষয়ে আলোচনা কৰাটো যিহোৱাই বিচাৰিছিল। দ্বিতীয় বিবৰণ ৬:৬, ৭ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:

  • আপুনি এই সিদ্ধান্ত কেনেকৈ পালন কৰিব পাৰে?

পাৰিবাৰিক উপাসনাৰ কিছুমান উপায়:

কিছুমান লোকে কয়: “লʼৰা-ছোৱালীয়ে বাইবেলৰ কথা কʼতনো বুজি পাব?”

  • আপুনি কি উত্তৰ দিব?

আমি কি শিকিলোঁ

পিতৃ-মাতৃয়ে নিজৰ লʼৰা-ছোৱালীক প্ৰেম কৰা, তেওঁলোকক শিক্ষা দিয়া আৰু তেওঁলোকৰ সুৰক্ষা দিয়াটো যিহোৱাই বিচাৰে। লʼৰা-ছোৱালীয়ে নিজৰ মা-দেউতাক সন্মান কৰা, তেওঁলোকৰ কথা শুনা আৰু পৰিয়ালে মিলি যিহোৱাৰ উপাসনা কৰাটো তেওঁ বিচাৰে।

আপুনি কেনেকৈ উত্তৰ দিব?

  • পিতৃ-মাতৃয়ে নিজৰ লʼৰা-ছোৱালীক শিক্ষা আৰু সুৰক্ষা দিবলৈ কি কৰিব পাৰে?

  • পিতৃ-মাতৃক সন্মান কৰিবলৈ লʼৰা-ছোৱালীয়ে কি কৰিব পাৰে?

  • প্ৰতিসপ্তাহে পাৰিবাৰিক উপাসনা কৰিবলৈ এটা সময় নিৰ্ধাৰিত কৰিলে কি লাভ হয়?

লক্ষ্য

বেছিকৈ জানক

আপুনি নিজৰ লʼৰা-ছোৱালীক কি শিকাব পাৰে, যিয়ে ভৱিষ্যতে তেওঁলোকক সহায় কৰিব পাৰে?

“লʼৰা-ছোৱালীৰ বাবে ছটা গুৰুত্বপূৰ্ণ শিক্ষা” (সচেতন থাকক!-হিন্দী, নং ২ ২০১৯)

বৃদ্ধ পিতৃ-মাতৃসকলক চোৱা-চিতা কৰা লোকসকলৰ বিষয়ে বাইবেলে কি পৰামৰ্শ দিছে? আহক চাওঁ।

“বৃদ্ধ পিতৃ-মাতৃক চোৱা-চিতা কৰাৰ বিষয়ে বাইবেলত কি কোৱা হৈছে?” (ৱেবছাইটত দিয়া লেখ-হিন্দী)

এজন ব্যক্তিয়ে নিজৰ লʼৰা-ছোৱালীক ভালদৰে ডাঙৰ-দীঘল কৰিব বিচাৰিছিল। কিন্তু তেওঁ জনা নাছিল যে এয়া তেওঁ কেনেকৈ কৰিব। আহক চাওঁ, তেওঁ কেনেকৈ এজন ভাল পিতৃ হʼব পাৰিলে।

যিহোৱা ঈশ্বৰে লʼৰা-ছোৱালীক ডাঙৰ-দীঘল কৰিবলৈ আমাক শিক্ষা দিয়ে (৫:৫৮)

পিতৃয়ে নিজৰ সন্তানৰ লগত কেনেকৈ সম্পৰ্ক দৃঢ় কৰিব পাৰে? আহক চাওঁ।

“পিতৃয়ে নিজৰ পুত্ৰৰ লগত কেনেকৈ দৃঢ় সম্পৰ্ক গঢ়ি তুলিব পাৰে?” (প্ৰহৰীদুৰ্গ-হিন্দী, এপ্ৰিল-জুন ২০১২)

a বাইবেলত উল্লেখ থকা “শাস্তি” শব্দটো শিকোৱা, বুজোৱা, সঠিক পথ দেখুৱা আৰু শুধৰণি কৰাও বুজায়। কিন্তু ইয়াৰ অৰ্থ এয়া নহয় যে কাৰোবাক কঠোৰতাৰে ব্যৱহাৰ কৰা।—হিতোপদেশ ২৯:১৭.