Skip to content

Skip to table of contents

পাঠ ৫১

নিজৰ কথা-বতৰাৰ যোগেদি যিহোৱাক আনন্দিত কৰক

নিজৰ কথা-বতৰাৰ যোগেদি যিহোৱাক আনন্দিত কৰক

যিহোৱাই আমাক কথা কʼব পৰাকৈ সৃষ্টি কৰিছে আৰু এয়া যিহোৱাই দিয়া এক মূল্যৱান উপহাৰ। আমি এই উপহাৰ যিদৰে ব্যৱহাৰ কৰোঁ, ইয়াৰপৰা যিহোৱাক কেনেকুৱা লাগে? (যাকোব ১:২৬ পঢ়ক।) এই উপহাৰ কেনেদৰে ব্যৱহাৰ কৰিলে যিহোৱা আনন্দিত হʼব, আহক এই বিষয়ে আলোচনা কৰোঁ।

১. কথা কʼব পৰা উপহাৰক আমি কেনেকৈ ব্যৱহাৰ কৰা উচিত?

বাইবেলত কোৱা হৈছে যে আমি ‘পৰস্পৰে প্ৰবোধ দি থকা, আৰু ইজনে সিজনক ধৰ্ম্মত বৃদ্ধি কৰা’ উচিত। (১ থিচলনীকীয়া ৫:১১) এনে কোনো ব্যক্তি আছেনে, যাক উৎসাহৰ প্ৰয়োজন আছে? আপুনি তেওঁক কেনেকৈ উৎসাহিত কৰিব পাৰে? আপুনি অনুভৱ কৰাব পাৰে যে আপুনি তেওঁৰ বিষয়ে চিন্তা কৰে। তেওঁৰ বিষয়ে আপোনাক কি ভাল লাগে, সেয়া জনাব পাৰে। ইয়াৰ উপৰিও, বাইবেলত এনে বহুতো পদ আছে, যিয়ে লোকসকলক উৎসাহিত কৰিব পাৰে। আপুনি ইয়াৰপৰা কোনো এটা পদ দেখুৱাই তেওঁক উৎসাহিত কৰিব পাৰে। মনত ৰাখক, আমি কি কওঁ আৰু কেনেকৈ কওঁ, এই দুয়োটাই গুৰুত্বপূৰ্ণ। সেইবাবে, আনৰ লগত সদায় মৰমেৰে কথা পাতক।—হিতোপদেশ ১৫:১.

২. আমি কেনেধৰণৰ কথা কোৱা উচিত নহয়?

বাইবেলত এইদৰে লিখা আছে, “তোমালোকৰ মুখৰ পৰা কোনো বেয়া কথা নোলাওক।” (ইফিচীয়া ৪:২৯ পঢ়ক।) ইয়াৰ অৰ্থ হৈছে, আমি কেতিয়াও কোনো লোকক গালি নাপাৰিম, ঠাট্টা নকৰিম আৰু তেওঁলোকৰ মনত দুখ দিয়া কথা নকʼম। ইয়াৰ উপৰিও, আমি কোনো লোকৰ পৰচৰ্চ্চা বা বদনাম নকৰিম।—হিতোপদেশ ১৬:২৮ পঢ়ক।

৩. আমাৰ কথাৰ যোগেদি আনক উৎসাহিত কৰিবলৈ আমি কি কৰিব পাৰোঁ?

আমাৰ মনত যি থাকে, সেয়া আমাৰ কথা-বতৰাতো ওলাই পৰে। সেইবাবে, আমি সদায় ভাল বিষয়বোৰত ধ্যান দিয়া উচিত। (লূক ৬:৪৫) কিন্তু কেনেধৰণৰ বিষয়? যিবোৰ শুদ্ধ, প্ৰিয় আৰু প্ৰশংসাৰ যোগ্য হয়, সেইবোৰৰ ওপৰত ধ্যান দিয়া উচিত। (ফিলিপীয়া ৪:৮) ভাল বিষয়বোৰত ধ্যান দিবলৈ আমি ভাবি-চিন্তি মনোৰঞ্জন বাছনি কৰিব পাৰোঁ আৰু বন্ধু পাতিব পাৰোঁ। (হিতোপদেশ ১৩:২০) ইয়াৰ উপৰিও, আমি কথা কোৱাৰ আগতে চিন্তা কৰা উচিত। কিয় বাৰু? কিয়নো আমাৰ কথা-বতৰাই কেতিয়াবা মলমৰ দৰে কাম কৰে আৰু কেতিয়াবা আনক দুখো দিব পাৰে। বাইবেলত এইদৰে লিখা আছে, “কোনো কোনোৱে অবিবেচনাৰূপে অস্ত্ৰাঘাতস্বৰূপ কথা কয়; কিন্তু জ্ঞানৱানবিলাকৰ জিবা সুস্থজনক।”হিতোপদেশ ১২:১৮.

গভীৰভাৱে ধ্যান কৰক

আমি নিজৰ কথা-বতৰাৰ যোগেদি যিহোৱাক কেনেকৈ আনন্দিত কৰিব পাৰোঁ আৰু আনক উৎসাহিত কৰিব পাৰোঁ? আহক এই বিষয়ে আলোচনা কৰোঁ।

৪. ভাবি-চিন্তি কথা কওক

কেতিয়াবা কেতিয়াবা আমি এনেধৰণৰ কথা কওঁ, যাৰ বাবে পাছত আমাক দুখ লাগে। (যাকোব ৩:২) গালাতীয়া ৫:২২, ২৩ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:

  • এই পদত দিয়া কোনবোৰ গুণৰ বাবে আপুনি প্ৰাৰ্থনা কৰিব বিচাৰে? এই গুণবোৰে আপোনাক ভাবি-চিন্তি কথা কʼবলৈ কেনেকৈ সহায় কৰিব?

প্ৰথম কৰিন্থীয়া ১৫:৩৩ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:

  • বন্ধু আৰু মনোৰঞ্জনে আপোনাৰ কথা-বতৰাৰ ওপৰত কি প্ৰভাৱ পেলাব পাৰে?

উপদেশক ৩:১,  পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:

  • কেতিয়াবা কেতিয়াবা মনে মনে থাকি এটা ভাল সময়ৰ বাবে অপেক্ষা কৰাটো বুদ্ধিমানৰ কাম হয়। আপুনি কি ভাবে, কেতিয়া এইদৰে কৰিলে ভাল হʼব?

৫. আনক প্ৰশংসা কৰক

আনক অপমান কৰা বা আনে আঘাত পোৱা কথা-বতৰাৰপৰা আমি কেনেকৈ আঁতৰি থাকিব পাৰোঁ? ভিডিঅʼখন চাওক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:

  • ভাইজনৰ কি বেয়া অভ্যাস আছিল আৰু তেওঁ সেই অভ্যাস কিয় এৰিব বিচাৰিছিল?

  • তেওঁ নিজকে সলনি কৰিবলৈ কি কৰিলে?

উপদেশক ৭:১৬ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:

  • কাৰোবাৰ বিষয়ে বেয়াকৈ কোৱাৰ আগতে আমি কি কথা মনত ৰখা উচিত?

উপদেশক ৭:২১, ২২ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:

  • আমাৰ বিষয়ে কোনোবাই বেয়াকৈ কোৱাৰ সময়ত এই পদবোৰে আমাক খং নকৰিবলৈ কেনেকৈ সহায় কৰিব পাৰে?

৬. নিজৰ পৰিয়ালৰ লোকসকলৰ লগত মৰমেৰে কথা পাতক

নিজৰ পৰিয়ালৰ লগত মৰমেৰে কথা পতাটো যিহোৱাই বিচাৰে। ভিডিঅʼখন চাওক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:

  • নিজৰ পৰিয়ালৰ লগত মৰমেৰে কথা পাতিবলৈ কি কথাই আপোনাক সহায় কৰিব পাৰে?

ইফিচীয়া ৪:৩১, ৩২ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:

  • কেনেধৰণৰ কথা-বতৰাই পৰিয়ালৰ মাজত একতা আনিব পাৰে?

যীচুৰ বিষয়ে যিহোৱাই কেনে অনুভৱ কৰিছিল, সেয়া তেওঁ স্পষ্টকৈ জনাইছিল। মথি ১৭:৫ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:

  • আপুনি যিহোৱাৰ দৰে নিজৰ পৰিয়ালৰ লগত কেনেকৈ কথা পাতিব পাৰে?

আনক প্ৰশংসা কৰিবলৈ সুযোগ বিচাৰক

কিছুমান লোকে কয়: “আনে যিয়েই নাভাবক, মোৰ মনলৈ যি আহে, মই তাকেই কওঁ।”

  • আপুনিও এইদৰে ভাবেনে? আপুনি এইদৰে কিয় ভাবে?

আমি কি শিকিলোঁ

আমাৰ কথা-বতৰাই কেতিয়াবা কেতিয়াবা মলমৰ দৰে কাম কৰে আৰু কেতিয়াবা হয়তো আনক আঘাতো দিব পাৰে। সেইবাবে, আমি কি কওঁ, কেনেকৈ কওঁ আৰু কেতিয়া কওঁ, সেই বিষয়ে ধ্যান দিয়া উচিত।

আপুনি কেনেকৈ উত্তৰ দিব?

  • যিহোৱাই দিয়া কথা কʼব পৰা উপহাৰক আপুনি কেনেকৈ ভালদৰে ব্যৱহাৰ কৰিব পাৰে?

  • আপুনি কেনেধৰণৰ কথা কোৱাৰপৰা আঁতৰি থাকিব বিচাৰে?

  • নিজৰ কথাৰপৰা আনক উৎসাহিত কৰিবলৈ আপুনি কি কৰিব পাৰে?

লক্ষ্য

বেছিকৈ জানক

নিজৰ কথা-বতৰাৰপৰা উৎসাহিত কৰিবলৈ আমি কি কৰিব পাৰোঁ?

কোৱাৰ আগতে চিন্তা কৰক (৮:০৪)

গালি-শপনি দিয়াৰপৰা আপুনি কেনেকৈ দূৰত থাকিব পাৰে? আহক চাওঁ।

“গালি পৰাটো কিবা ভুলনে?” (ৱেবছাইটত দিয়া লেখ)

পৰচৰ্চ্চা কৰাৰপৰা আমি কেনেকৈ দূৰত থাকিব পাৰোঁ? আহক চাওঁ।

পৰচৰ্চা কৰাৰপৰা মই কেনেকৈ দূৰে থাকিম? (২:৩৬)

এজন ব্যক্তিৰ গালি-শপনি দিয়াৰ অভ্যাস আছিল। তেওঁৰ বাবে এই অভ্যাস এৰাটো ইমান সহজ নাছিল। কিন্তু যিহোৱাই তেওঁক কেনেকৈ সহায় কৰিলে, আহক চাওঁ।

“মোৰ জীৱনৰ উদ্দেশ্যৰ বিষয়ে মই গভীৰভাৱে ধ্যান কৰিলোঁ” (প্ৰহৰীদুৰ্গ-হিন্দী, অক্টোবৰ-ডিচেম্বৰ, ২০১৩)