Skip to content

Skip to table of contents

পাঠ ৫২

নিজৰ কাপোৰ-কানিৰ বিষয়ে চিন্তা কৰাটো কিয় প্ৰয়োজন?

নিজৰ কাপোৰ-কানিৰ বিষয়ে চিন্তা কৰাটো কিয় প্ৰয়োজন?

আমাৰ সকলোৰে পছন্দ বেলেগ বেলেগ। আমি কেনেধৰণৰ কাপোৰ পিন্ধিম, কেনেকৈ সাজি-কাচি থাকিম, এই বিষয়ে বাইবেলত কিছুমান সিদ্ধান্ত দিয়া হৈছে। যদি আমি বাইবেলৰ সেই সিদ্ধান্তবোৰ পালন কৰিম, তেনেহʼলে আমি নিজৰ পচন্দৰ অনুসৰি কাপোৰ পিন্ধিব পাৰিম আৰু যিহোৱাৰ মনকো আনন্দিত কৰিব পাৰিম। আহক বাইবেলৰ কিছুমান সিদ্ধান্তৰ ওপৰত ধ্যান দিওঁ।

১. কাপোৰ পিন্ধাৰ বিষয়ে আমি বাইবেলৰ কোনবোৰ সিদ্ধান্তৰ ওপৰত ধ্যান দিয়া উচিত?

আমি “সুলাজ আৰু সুবোধেৰে সৈতে, পৰিপাটি” কাপোৰ পিন্ধা উচিত আৰু পৰিষ্কাৰকৈ থকা উচিত। এইদৰে কৰিলে লোকসকলে বুজিব পাৰিব যে আমি ‘ঈশ্বৰৰ ভক্তি স্বীকাৰ কৰোঁ।’ (১ তীমথিয় ২:৯, ১০) আহক এতিয়া আমি চাৰিটা সিদ্ধান্তৰ ওপৰত মন কৰোঁ। (১) আমাৰ কাপোৰ “পৰিপাটি” হোৱা উচিত। আপুনি হয়তো মন কৰিছে যে মণ্ডলীৰ সভাবোৰত ভাই-ভনীসকলে বেলেগ বেলেগ কাপোৰ পিন্ধি সাজি-কাচি আহে। কিন্তু তেওঁলোকে যিধৰণে কাপোৰ পিন্ধে, তাৰপৰা যিহোৱাৰ প্ৰশংসা হয়। (২) আমাৰ কাপোৰ-কানি “সুলাজ” হোৱা উচিত। ইয়াৰ অৰ্থ হৈছে আমাৰ কাপোৰ-কানিয়ে আনৰ মনত বেয়া ভাবনা অনা উচিত নহয় আৰু নিজৰ ফালে আকৰ্ষিত কৰা উচিত নহয়। (৩) আমি “সুবোধেৰে” কাপোৰ পিন্ধা উচিত। কিয়নো দিনক দিনে ফেশ্ব্যন সলনি হৈ থাকে। সেইবাবে, আমি চকু মুন্দি যিকোনো ফেশ্ব্যন বা ষ্টাইল আকোৱালি লোৱা উচিত নহয়। (৪) আমাৰ কাপোৰ-কানিৰপৰা লোকসকলে বুজি পোৱা উচিত যে আমি ‘ঈশ্বৰৰ ভক্তি’ কৰোঁ।—১ কৰিন্থীয়া ১০:৩১.

২. কাপোৰ পিন্ধাৰ সময়ত আমি কিয় ভাই-ভনীৰ বিষয়ে চিন্তা কৰা উচিত?

নিজৰ পচন্দৰ অনুসৰি কাপোৰ পিন্ধাৰ আমাৰ সকলোৰে অধিকাৰ আছে। কিন্তু আমাৰ ভাই-ভনীসকলৰ বিষয়েও চিন্তা কৰা উচিত। আমি যিধৰণে কাপোৰ পিন্ধোঁ, এয়া দেখি তেওঁলোকক কেনেকুৱা লাগিব? তেওঁলোকক আঘাত লাগিব নেকি? আমি কেতিয়াও নিজৰ ভাই-ভনীসকলক আঘাত দিব নিবিচাৰোঁ। ইয়াৰ পৰিৱৰ্তে আমি বাইবেলত দিয়া এই পৰামৰ্শ পালন কৰোঁ, “প্ৰতিজনে নিজ চুবুৰীয়াক ধৰ্ম্মত বৃদ্ধি কৰিবলৈ, তেওঁৰ হিতলৈ চাই, তেওঁক সন্তুষ্ট কৰক।”ৰোমীয়া ১৫:১, ২ পঢ়ক।

৩. আমাৰ কাপোৰ-কানি দেখি লোকসকলে কেনেকৈ সত্যৰ ফালে আকৰ্ষিত হʼব পাৰে?

বেলেগ বেলেগ অনুস্থানত আমি বেলেগ বেলেগ কাপোৰ পিন্ধোঁ। কিন্তু সভা আৰু প্ৰচাৰলৈ যোৱাৰ সময়ত আমি কাপোৰৰ ক্ষেত্ৰত বেছিকৈ ধ্যান দিওঁ। লোকসকলে আমাৰ বাৰ্তাৰ ওপৰত ধ্যান নিদি আমাৰ ওপৰত ধ্যান দিয়াটো আমি কেতিয়াও নিবিচাৰোঁ। ইয়াৰ পৰিৱৰ্তে, আমাৰ কাপোৰ-কানিয়ে লোকসকলক সত্যৰ ফালে আকৰ্ষিত কৰা আৰু ‘আমাৰ ত্ৰাণকৰ্ত্তা ঈশ্বৰৰ শিক্ষা ভুষিত কৰাটো’ আমি বিচাৰোঁ।—তীত ২:৯, ১০.

গভীৰভাৱে ধ্যান কৰক

আমাৰ কাপোৰ-কানিয়ে যিহোৱাৰ মহিমা কৰা উচিত। এয়া আমি কেনেকৈ কৰিব পাৰোঁ? আহক এই বিষয়ে আলোচনা কৰোঁ।

আমাৰ কাপোৰ দেখি অধিকাৰীসকলে গম পায় যে আমি তেওঁলোকক সন্মান কৰোঁ নে নকৰোঁ। যিহোৱাই আমাৰ মনৰ কথা বুজি পায়, কিন্তু আমি নিজৰ কাপোৰৰ যোগেদিও দেখুৱা উচিত যে আমি তেওঁক সন্মান কৰোঁ

৪. আমাৰ কাপোৰ-কানিৰপৰা যিহোৱাৰ মহিমা হোৱা উচিত

আমি নিজৰ কাপোৰ-কানিৰ ওপৰত কিয় ধ্যান দিয়া উচিত, আহক চাওঁ। প্ৰকাশিত বাক্য ৪:১১ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:

  • আমি যিহোৱাৰ নামেৰে পৰিচিত। এই কথা মনত ৰাখি আমি কেনেধৰণৰ কাপোৰ পিন্ধা উচিত?

  • সভা আৰু প্ৰচাৰলৈ যোৱাৰ সময়ত আমি নিজৰ কাপোৰ-কানিৰ ওপৰত ধ্যান দিয়া উচিত বুলি আপুনি ভাবেনে? আপুনি এইদৰে কিয় ভাবে?

৫. আমি কি পিন্ধিম আৰু কেনেকৈ ষ্টাইল কৰিম, সেয়া আমি কেনেকৈ নিৰ্ণয় লʼব পাৰোঁ?

ভিডিঅʼখন চাওক।

আমাৰ কাপোৰ দামী হওক বা নহওক, কিন্তু পৰিষ্কাৰ হোৱা উচিত আৰু পৰিস্থিতিৰ অনুসৰি খাপ খোৱা উচিত। ১ কৰিন্থীয়া ১০:২৪ আৰু ১ তীমথিয় ২:৯, ১০ পঢ়ক, তাৰ পাছত আলোচনা কৰক যে আমি কিয় এনেধৰণৰ কাপোৰ পিন্ধিব নিবিচাৰোঁ . . .

  • যি কাপোৰ ধিলা আৰু পৰিষ্কাৰ নহয়।

  • যি কাপোৰ টাইট, চুটি বা মানুহৰ মনলৈ বেয়া ভাবনা আনিব পাৰে।

যদিও আমি খ্ৰীষ্টানসকলে মোচিৰ নিয়মৰ অধীনত নাই, কিন্তু মোচিৰ নিয়মৰপৰা আমি যিহোৱাৰ দৃষ্টিভংগী জানিব পাৰোঁ। দ্বিতীয় বিবৰণ ২২:৫ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:

  • আমি কিয় এনেধৰণৰ কাপোৰ পিন্ধা বা চুলি ফনিওৱা উচিত নহয়, যাৰ বাবে লʼৰাক ছোৱালী আৰু ছোৱালীক লʼৰাৰ নিচিনা দেখে?

প্ৰথম কৰিন্থীয়া ১০:৩২, ৩৩ আৰু ১ যোহন ২:১৫, ১৬ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:

  • আমি কিয় এই কথাৰ ওপৰত ধ্যান দিয়া উচিত যে আমাৰ কাপোৰ-কানি দেখি ওচৰ-চুবুৰীয়া বা মণ্ডলীৰ ভাই-ভনীসকলে আঘাত নাপায়?

  • আপোনাৰ এলেকাৰ লোকসকলে কেনেধৰণৰ কাপোৰ পিন্ধে আৰু ষ্টাইল কৰে?

  • আপুনি কি ভাবে, ইয়াৰ ভিতৰত কেনেধৰণৰ কাপোৰ আৰু চুলিৰ ষ্টাইল খ্ৰীষ্টানসকলে কৰা উচিত নহয়? আপুনি এইদৰে কিয় ভাবে?

আমি এনেধৰণৰ কাপোৰ বাছনি কৰিব পাৰোঁ, যিবোৰ আমাৰ পচন্দৰ হয় আৰু যিহোৱাও আনন্দিত হʼব পাৰে

কিছুমান লোকে কয়: “মোৰ ইচ্ছা, মই যিয়েই পিন্ধিব পাৰোঁ।”

  • আপুনিও এইদৰে ভাবেনে? আপুনি এইদৰে কিয় ভাবে?

আমি কি শিকিলোঁ

যেতিয়া আমি ভাবি-চিন্তি কাপোৰ পিন্ধোঁ আৰু পৰিষ্কাৰ হৈ থাকোঁ, তেতিয়া যিহোৱা আৰু লোকসকলৰ প্ৰতি আমি সন্মান দেখুৱাওঁ।

আপুনি কেনেকৈ উত্তৰ দিব?

  • আমি পৰিপাটিকৈ কাপোৰ পিন্ধা আৰু পৰিষ্কাৰ হৈ থকাটো যিহোৱাই কিয় বিচাৰে?

  • কাপোৰ পিন্ধাৰ বিষয়ে আমি বাইবেলৰ কোনবোৰ সিদ্ধান্তৰ ওপৰত ধ্যান দিয়া উচিত?

  • আমাৰ কাপোৰ-কানি দেখি লোকসকলে যিহোৱা আৰু তেওঁৰ বাৰ্তাৰ বিষয়ে কি ভাবিব?

লক্ষ্য

বেছিকৈ জানক

আপোনাৰ কাপোৰে আপোনাৰ বিষয়ে কি পৰিচয় দিয়ে, আহক চাওঁ।

“এই কাপোৰযোৰ পিন্ধা উচিত হʼবনে?” (ৱেবছাইটত দিয়া লেখ)

টেটু বনোৱাৰ আগতে ইয়াৰ পৰিণামৰ বিষয়ে চিন্তা কৰাটো কিয় উচিত হʼব? আহক চাওঁ।

“টেটুৰ বিষয়ে বাইবেলে কি বৰ্ণনা কৰিছে?” (ৱেবছাইটত দিয়া লেখ)

কাপোৰ পিন্ধাৰ বিষয়ে আমি আৰু কোনবোৰ সিদ্ধান্তৰ ওপৰত ধ্যান দিয়া উচিত? আহক চাওঁ।

“আপোনাৰ কাপোৰ আৰু ষ্টাইলে যিহোৱাৰ মহিমা কৰেনে?” (প্ৰহৰীদুৰ্গ-হিন্দী, চেপ্টেম্বৰ ২০১৬)

এগৰাকী তিৰোতাৰ বাবে এই কথা বুজিবলৈ অসুবিধা হৈছিল যে কাপোৰ পিন্ধাৰ বিষয়ে সকলোৰে পচন্দ বেলেগ বেলেগ হʼব পাৰে। সত্য শিকাৰ পাছত তেওঁ এই বিষয়ে কেনেকৈ সঠিক দৃষ্টিভংগী ৰাখিব পাৰিলে, আহক চাওঁ।

“তেওঁলোকৰ কাপোৰ মোক ভাল নালাগিছিল” (সচেতন থাকক! লেখ-হিন্দী)