Skip to content

Skip to table of contents

পাঠ ৫৪

“বিশ্বাসী বুদ্ধিমান দাস” কোন আৰু তেওঁলোকে কি কৰে?

“বিশ্বাসী বুদ্ধিমান দাস” কোন আৰু তেওঁলোকে কি কৰে?

যীচু মণ্ডলীৰ মুৰব্বী হয়। (ইফিচীয়া ৫:২৩) স্বৰ্গৰপৰা তেওঁ নিজৰ শিষ্যসকলক নিৰ্দেশনা দি আছে। তেওঁ ‘বিশ্বাসী বুদ্ধিমান দাসৰ’ যোগেদি এইদৰে কৰি আছে। (মথি ২৪:৪৫ পঢ়ক।) এই ‘দাসক’ যীচুৱে নিজেই নিযুক্ত কৰিছে আৰু তেওঁলোকক কিছুমান নিৰ্ণয় লʼবলৈ অধিকাৰো দিছে। কিন্তু এই দাসে যীচুৰ অধীনত থাকে আৰু খ্ৰীষ্টান ভাই-ভনীসকলক সহায় কৰে। কিন্তু এতিয়া প্ৰশ্ন হৈছে, এই দাস কোন হয়? তেওঁলোকে আমাক কেনেকৈ সহায় কৰে? আহক এই বিষয়ে আলোচনা কৰোঁ।

১. “বিশ্বাসী বুদ্ধিমান দাস” কোন হয়?

যিহোৱাই আৰম্ভণিৰেপৰা কোনো মানুহ বা মানুহৰ এটা সৰু সমূহৰ যোগেদি নিজৰ লোকসকলক নিৰ্দেশনা দি আহিছে। (মলাখী ২:৭; ইব্ৰী ১:১) যীচুৰ মৃত্যুৰ পাছত যিৰূচালেমত পাঁচনি আৰু প্ৰাচীনসকলে ঈশ্বৰৰ লোকসকলৰ নেতৃত্ব লৈছিল। (পাঁচনিৰ কৰ্ম্ম ১৫:২) ঠিক সেইদৰে, বৰ্তমান সময়ত প্ৰাচীনসকলৰ এটা সৰু সমূহে ঈশ্বৰৰ লোকসকলক ঈশ্বৰৰ বাক্যৰপৰা আধ্যাত্মিক আহাৰ দিয়ে আৰু প্ৰচাৰ কামত নিৰ্দেশনা দিয়ে। এই সমূহক যিহোৱাৰ সাক্ষীসকলৰ প্ৰশাসন গোষ্ঠী বুলি কোৱা হয়। প্ৰশাসন গোষ্ঠীয়েই ‘বিশ্বাসী বুদ্ধিমান দাস হয় আৰু তেওঁলোকক যীচুৱে গৰাকী পাতিলে।’ (মথি ২৪:৪৫) প্ৰশাসন গোষ্ঠীৰ সকলো সদস্য অভিষিক্ত খ্ৰীষ্টান হয় আৰু তেওঁলোকে পৃথিৱীত নিজৰ জীৱন সম্পূৰ্ণ কৰাৰ পাছত স্বৰ্গলৈ যাব আৰু খ্ৰীষ্টৰ লগত শাসন কৰিব।

২. বিশ্বাসী বুদ্ধিমান দাসে দিয়া আহাৰ কি হয়?

যীচুৱে কৈছিল বিশ্বাসী বুদ্ধিমান দাসে খ্ৰীষ্টান ভাই-ভনীসকলক ‘উচিত সময়ত আহাৰ দিব।’ (মথি ২৪:৪৫) এই আহাৰ কি হয়? এই আহাৰ হৈছে ঈশ্বৰৰ বাক্যৰপৰা পোৱা নিৰ্দেশনা। উদাহৰণস্বৰূপে, যিদৰে আহাৰ খালে আমি শক্তি পাওঁ আৰু স্বাস্থ্যৱান হৈ থাকোঁ। ঠিক সেইদৰে, ঈশ্বৰৰ বাক্যৰপৰা পোৱা আধ্যাত্মিক আহাৰে আমাক শক্তি দিয়ে আৰু এই শক্তিয়ে আমাৰ বিশ্বাস মজবুত কৰে। সেইবাবে, আমি যীচুৱে দিয়া কামটো কৰিব পাৰোঁ। (১ তীমথিয় ৪:৬) এই আধ্যাত্মিক আহাৰ আমি সভা, সন্মিলন, অধিৱেশন, প্ৰকাশন আৰু ভিডিঅʼৰ যোগেদি লাভ কৰোঁ। ইয়াৰ সহায়ত আমি ঈশ্বৰৰ ইচ্ছা জানিব পাৰোঁ আৰু তেওঁৰ লগত ঘনিষ্ঠ বন্ধুত্ব গঢ়ি তুলিব পাৰোঁ।

গভীৰভাৱে ধ্যান কৰক

আমাক “বিশ্বাসী বুদ্ধিমান দাস” অৰ্থাৎ প্ৰশাসন গোষ্ঠীৰ সহায়ৰ কিয় প্ৰয়োজন? আহক এই বিষয়ে আলোচনা কৰোঁ।

প্ৰশাসন গোষ্ঠীয়ে গোটেই পৃথিৱীৰ যিহোৱাৰ সাক্ষীসকলক আধ্যাত্মিক আহাৰ দিয়ে, নিৰ্দেশনা দিয়ে আৰু ব্যৱহাৰিক সহায়ও আগবঢ়ায়

৩. যিহোৱাৰ লোকসকলে সংগঠিত হৈ কাম কৰে

যীচুৰ নিৰ্দেশনাতেই প্ৰশাসন গোষ্ঠীয়ে যিহোৱাৰ সাক্ষীসকলৰ কামবোৰ চোৱা-চিতা কৰে। এনেধৰণৰ ব্যৱস্থা প্ৰথম শতিকাৰপৰাই চলি আহিছে। ভিডিঅʼখন চাওক

প্ৰথম কৰিন্থীয়া ১৪:৩৩, ৪০ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:

  • এই পদৰপৰা কেনেকৈ জানিব পাৰি যে যিহোৱাৰ লোকসকলে সংগঠিত হৈ কাম কৰাটো যিহোৱাই বিচাৰে?

৪. বিশ্বাসী বুদ্ধিমান দাসে প্ৰচাৰ কামক সংগঠিত কৰে

প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলে প্ৰচাৰ কামক সকলোতকৈ বেছি গুৰুত্ব দিছিল। পাঁচনিৰ কৰ্ম্ম ৮:১৪, ২৫ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:

  • প্ৰথম শতিকাত কোনে প্ৰচাৰ কামৰ নিৰ্দেশনা দিছিল?

  • যেতিয়া পিতৰ আৰু যোহনে পাঁচনিসকলৰপৰা নিৰ্দেশনা পালে, তেতিয়া তেওঁলোকে কি কৰিলে?

বৰ্তমান সময়ত প্ৰশাসন গোষ্ঠীয়ে সকলোতকৈ বেছি প্ৰচাৰ কামক গুৰুত্ব দিয়ে। ভিডিঅʼখন চাওক

যীচুৱে জনাইছিল যে প্ৰচাৰ কাম কিমান গুৰুত্বপূৰ্ণ। মাৰ্ক ১৩:১০ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:

  • প্ৰশাসন গোষ্ঠীয়ে প্ৰচাৰ কামক কিয় বেছি গুৰুত্ব দিয়ে?

  • গোটেই পৃথিৱীত এই কাম কৰিবলৈ আমাক ‘বিশ্বাসী বুদ্ধিমান দাসৰ’ সহায়ৰ কিয় প্ৰয়োজন?

৫. বিশ্বাসী বুদ্ধিমান দাসে মণ্ডলীক নিৰ্দেশনা দিয়ে

প্ৰশাসন গোষ্ঠীয়ে গোটেই পৃথিৱীৰ মণ্ডলীবোৰক নিৰ্দেশনা দিয়ে। তেওঁলোকে কেতিয়া আৰু কি নিৰ্দেশনা দিব, সেয়া কেনেকৈ নিৰ্ণয় লয়? মন কৰক যে প্ৰথম শতিকাৰ পাঁচনি আৰু প্ৰাচীনসকলেৰে গঠিত প্ৰশাসন গোষ্ঠীয়ে কি কৰিছিল? পাঁচনিৰ কৰ্ম্ম ১৫:১, ২ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:

  • প্ৰথম শতিকাত কিছুমান খ্ৰীষ্টানৰ কি বিষয়ত বেলেগ বেলেগ মতামত আছিল?

  • এই বিষয়টো সমাধান কৰিবলৈ পৌল, বাৰ্ণব্বা আৰু আন কিছুমান ভায়ে কাৰ ওচৰলৈ গৈছিল?

পাঁচনিৰ কৰ্ম্ম ১৫:১২-১৮, ২৩-২৯ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:

  • প্ৰথম শতিকাৰ প্ৰশাসন গোষ্ঠীয়ে নিৰ্ণয় লোৱাৰ আগতে যিহোৱাৰ চিন্তাধাৰা জানিবলৈ কি কৰিলে?—পদ ১২, ১৫ আৰু ২৮ চাওক।

পাঁচনিৰ কৰ্ম্ম ১৫:৩০, ৩১ আৰু ১৬:৪, ৫ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:

  • প্ৰশাসন গোষ্ঠীৰ নিৰ্ণয়ে প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলৰ ওপৰত কি প্ৰভাৱ পেলালে?

  • প্ৰশাসন গোষ্ঠীৰ কথা শুনাৰ বাবে তেওঁলোকে যিহোৱাৰপৰা কি আশীৰ্বাদ লাভ কৰিলে?

দ্বিতীয় তীমথিয় ৩:১৬ আৰু যাকোব ১:৫ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:

  • বৰ্তমান সময়ত প্ৰশাসন গোষ্ঠীয়ে কোনো এটা নিৰ্ণয় লোৱাৰ আগতে কি কৰে?

কিছুমান লোকে কয়: “প্ৰশাসন গোষ্ঠী সাধাৰণ মানুহেৰে গঠিত, তাৰ মানে আপোনালোকে মানুহৰ কথা শুনে।”

  • যিহোৱাই প্ৰশাসন গোষ্ঠীক নিৰ্দেশনা দিয়ে বুলি আপুনি কিয় বিশ্বাস কৰে?

আমি কি শিকিলোঁ

যিহোৱাৰ সাক্ষীসকলৰ প্ৰশাসন গোষ্ঠীয়েই “বিশ্বাসী বুদ্ধিমান দাস” হয় আৰু তেওঁলোকক যীচুৱে নিযুক্ত কৰিছে। তেওঁলোকে গোটেই পৃথিৱীৰ খ্ৰীষ্টানসকলক নিৰ্দেশনা দিয়ে আৰু তেওঁলোকৰ বিশ্বাস মজবুত কৰিবলৈ আধ্যাত্মিক আহাৰৰ যোগান ধৰে।

আপুনি কেনেকৈ উত্তৰ দিব?

  • ‘বিশ্বাসী বুদ্ধিমান দাসক’ কোনে নিযুক্ত কৰিছে?

  • প্ৰশাসন গোষ্ঠীয়ে আমাক কেনেকৈ সহায় কৰে?

  • প্ৰশাসন গোষ্ঠীয়েই “বিশ্বাসী বুদ্ধিমান দাস” হয় বুলি আপুনি বিশ্বাস কৰেনে?

লক্ষ্য

বেছিকৈ জানক

প্ৰশাসন গোষ্ঠীয়ে কেনেকৈ সংগঠিত হৈ কাম কৰে, তাৰ বিষয়ে জানক।

“যিহোৱাৰ সাক্ষীসকলৰ প্ৰশাসন গোষ্ঠী কি হয়?” (ৱেবছাইটত দিয়া লেখ-হিন্দী)

আমাৰ বিশ্বাস মজবুত কৰিবলৈ প্ৰশাসন গোষ্ঠীয়ে যি নিৰ্দেশনা দিয়ে, সেয়া বিশ্বাসযোগ্য হয় বুলি তেওঁলোকে কেনেকৈ নিশ্চিত কৰে। আহক চাওঁ।

সঠিক তথ্য দিবলৈ পৰিশ্ৰম কৰা হয় (১৭:১৮)

যীচুৱে প্ৰশাসন গোষ্ঠীক যি দায়িত্ব দিছে, তাৰ বিষয়ে তেওঁলোকে কেনে অনুভৱ কৰে?

এটা ডাঙৰ সন্মান (৭:০৪)

সভা আৰু অধিৱেশনৰপৰা কেনেকৈ জানিব পাৰি যে প্ৰশাসন গোষ্ঠীক যিহোৱাই নিৰ্দেশনা দিয়ে?

যিহোৱাই নিজৰ লোকসকলক শিকায় আছে (৯:৩৯)