Skip to content

Skip to table of contents

পাঠ ৫৯

আপুনি তাড়নাৰ সন্মুখীন হʼব পাৰে

আপুনি তাড়নাৰ সন্মুখীন হʼব পাৰে

এদিন নহয় এদিন লোকসকলে সত্য খ্ৰীষ্টানসকলক যিহোৱাৰ সেৱা কৰিবলৈ বিৰোধ কৰিব পাৰে আৰু তেওঁলোকক অত্যাচাৰ বা তাড়না দিব পাৰে। কিন্তু এই কথা ভাবি আমি ভয় কৰা উচিত নে? আহক এই বিষয়ে আলোচনা কৰোঁ।

১. যেতিয়া আমাক তাড়না দিয়া হয়, তেতিয়া আমি কিয় আচৰিত নহওঁ?

বাইবেলত স্পষ্টকৈ কোৱা হৈছে যে “খ্ৰীষ্ট যীচুত ভক্তিভাৱে জীৱন ধাৰণ কৰিবলৈ ইচ্ছা কৰা সকলোবিলাকে তাড়না পাব।” (২ তীমথিয় ৩:১২) যীচু চয়তানৰ জগতৰ ভাগ নাছিল, সেইবাবে তেওঁক তাড়না দিয়া হৈছিল। ঠিক সেইদৰে, আমিও এই জগতৰ ভাগ নহয়, সেইবাবে চৰকাৰ আৰু ধাৰ্মিক সংগঠনে যেতিয়া আমাৰ ওপৰত তাড়না দিয়ে, তেতিয়া আমি আচৰিত নহওঁ।—যোহন ১৫:১৮, ১৯.

২. তাড়নাৰ সন্মুখীন হʼবলৈ আমি এতিয়াৰেপৰা কি কৰিব পাৰোঁ?

আমি এতিয়াৰেপৰা যিহোৱাৰ ওপৰত নিজৰ বিশ্বাস বঢ়োৱা উচিত। এয়া আমি কেনেকৈ কৰিব পাৰোঁ? আমি প্ৰতিদিনে যিহোৱালৈ প্ৰাৰ্থনা কৰিব পাৰোঁ আৰু সময় উলিয়াই বাইবেল পঢ়িব পাৰোঁ। ইয়াৰ উপৰিও, আমি নিয়মীয়াকৈ সভাত উপস্থিত হʼব পাৰোঁ। এইদৰে কৰিলে আমি সাহসেৰে যিকোনো তাড়নাৰ সন্মুখীন হʼব পাৰিম আৰু আমাৰ পৰিয়ালৰ লোকে যদি আমাক তাড়না দিয়ে বা আমাৰ বিৰোধ কৰে, তেনেহʼলে আমি দুৰ্বল নহʼম। পাঁচনি পৌলেও কেইবাবাৰো তাড়নাৰ সন্মুখীন হৈছিল। কিন্তু তেওঁ এইদৰে লিখিছে, “প্ৰভু মোৰ সহায়কৰ্ত্তা; মই ভয় নকৰিম।”ইব্ৰী ১৩:৬.

নিয়মীয়াকৈ প্ৰচাৰ কামত ভাগ লʼলেও আমাৰ সাহস বাঢ়িব। প্ৰচাৰ কৰাৰ যোগেদি আমি যিহোৱাৰ ওপৰত ভৰসা কৰিবলৈ শিকোঁ আৰু নিজৰ মনৰপৰা মানুহৰ ভয় দূৰ কৰিব পাৰোঁ। (হিতোপদেশ ২৯:২৫) যদি আমি বৰ্তমান সময়ত সাহসেৰে প্ৰচাৰ কৰি থাকোঁ, তেনেহʼলে চৰকাৰে যেতিয়া আমাৰ কামবোৰত বাধা দিব বা নিষেধ কৰিব, তেতিয়াও আমি প্ৰচাৰ কৰি থাকিম।—১ থিচলনীকীয়া ২:২.

৩. তাড়নাৰ সন্মুখীন হোৱাৰ সময়তো যদি আমি বিশ্বাসী হৈ থাকোঁ, তেনেহʼলে কি ভাল পৰিণাম হʼব?

আমি তাড়না ভুগি ভাল নাপাওঁ, কিন্তু তাড়নাৰ সময়ছোৱাতো যদি আমি যিহোৱাৰ বিশ্বাসী হৈ থাকোঁ, তেনেহʼলে আমাৰ বিশ্বাস আৰু বাঢ়ি যাব। কেনেকৈ বাৰু? তাড়না ভুগি থকাৰ সময়ত আমাক এনে লাগিব পাৰে যেন আমি আৰু সহ্য কৰিব নোৱাৰোঁ, কিন্তু সেই সময়ছোৱাতে আমি যিহোৱাৰ সহায় অনুভৱ কৰোঁ আৰু যিহোৱাৰ কাষ চাপিব পাৰোঁ। (যাকোব ১:২-৪ পঢ়ক।) আমি দুখ-কষ্ট ভুগি থকা দেখি যিহোৱাক দুখ লাগে। কিন্তু তেনে পৰিস্থিতিতো যদি আমি যিহোৱাৰ বিশ্বাসী হৈ থাকোঁ, তেনেহʼলে তেওঁ আনন্দিত হয়। বাইবেলত এইদৰে লিখা আছে, “সৎকৰ্ম্ম কৰি দুখভোগ কৰিলে, যদি সহন কৰা, তেন্তে সেয়েহে ঈশ্বৰৰ আগত গ্ৰহণীয়।” (১ পিতৰ ২:২০) যদি আমি যিহোৱাৰ বিশ্বাসী হৈ থাকোঁ, তেনেহʼলে যিহোৱাই আমাক এনে এক জীৱন দিব, যʼত কোনো বাধা নোহোৱাকৈ তেওঁৰ উপাসনা কৰিব পাৰিম।—মথি ২৪:১৩.

গভীৰভাৱে ধ্যান কৰক

বিৰোধ বা তাড়নাৰ সন্মুখীন হোৱাৰ সময়ত আমি কেনেকৈ যিহোৱাৰ বিশ্বাসী হৈ থাকিব পাৰোঁ আৰু ইয়াৰ বাবে তেওঁ আমাক কি কি আশীৰ্বাদ দিব? আহক এই বিষয়ে আলোচনা কৰোঁ।

৪. পৰিয়ালৰপৰা অহা বিৰোধ আপুনি সন্মুখীন হʼব পাৰে

যেতিয়া আমি যিহোৱাৰ সেৱা কৰিবলৈ নিৰ্ণয় লওঁ, তেতিয়া পৰিয়ালৰ কিছুমান লোকে হয়তো ভাল নাপাবও পাৰে। যীচুৱে এই কথা ভালদৰে জানিছিল। মথি ১০:৩৪-৩৬ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:

  • যদি এজন ব্যক্তিয়ে যিহোৱাৰ সেৱা কৰিবলৈ নিৰ্ণয় লয়, তেনেহʼলে তেওঁৰ পৰিয়ালৰ লোকসকলে হয়তো কি কৰিব পাৰে?

এই বিষয়টো ভালদৰে বুজিবলৈ ভিডিঅʼখন চাওক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:

  • যদি আপোনাৰ পৰিয়ালৰ কোনো লোক বা বন্ধুৱে আপোনাক যিহোৱাৰ সেৱা কৰিবলৈ বাধা দিয়ে, তেনেহʼলে আপুনি কি কৰিব?

গীতমালা ২৭:১০ আৰু মাৰ্ক ১০:২৯, ৩০ পঢ়ক, প্ৰতিটো পদ পঢ়াৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:

  • যদি পৰিয়ালৰ লোক বা বন্ধুসকলে আপোনাক বিৰোধ কৰে, তেনেহʼলে এই প্ৰতিজ্ঞাই আপোনাক কেনেকৈ সহায় কৰিব পাৰে?

৫. তাড়নাৰ সত্ত্বেও যিহোৱাৰ উপাসনা কৰি থাকক

যেতিয়া লোকসকলে আমাক বিৰোধ কৰে, তেতিয়া যিহোৱাৰ উপাসনা কৰি থাকিবলৈ আমাক সাহসৰ প্ৰয়োজন হয়। ভিডিঅʼখন চাওক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:

  • এই ভিডিঅʼখনত দেখুৱা কি কথাৰপৰা আপুনি সাহস লাভ কৰিলে?

পাঁচনিৰ কৰ্ম্ম ৫:২৭-২৯ আৰু ইব্ৰী ১০:২৪, ২৫ পঢ়ক, প্ৰতিটো পদ পঢ়াৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:

  • চৰকাৰে প্ৰচাৰ কাম আৰু সভাবোৰৰ বাবে একগোট হʼবলৈ নিষেধ কৰিলেও আমি কিয় যিহোৱাৰ সেৱা কৰি থকা উচিত?

৬. যিহোৱাই আপোনাক সহন কৰিবলৈ শক্তি দিব

গোটেই পৃথিৱীৰ বিভিন্ন বয়সৰ সাক্ষীসকলক তাড়না দিয়া হয়। এনে পৰিস্থিতিতো তেওঁলোকে যিহোৱাৰ বিশ্বাসী হৈ থাকে আৰু তেওঁৰ সেৱা কৰিবলৈ এৰি নিদিয়ে। এইদৰে কৰিবলৈ কিহে তেওঁলোকক সহায় কৰিলে? এই বিষয়ে জানিবলৈ ভিডিঅʼখন চাওক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:

  • ভিডিঅʼখনত দেখুৱা ভাই-ভনীসকলে কেনেকৈ তাড়নাৰ সন্মুখীন হʼব পাৰিলে?

ৰোমীয়া ৮:৩৫, ৩৭-৩৯ আৰু ফিলিপীয়া ৪:১৩ পঢ়ক, প্ৰতিটো পদ পঢ়াৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:

  • আহিবলগীয়া যিকোনো সমস্যাৰ সন্মুখীন হʼব পাৰিম বুলি এই পদে আমাক কেনেকৈ উৎসাহিত কৰে?

মথি ৫:১০-১২ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:

  • তাড়নাৰ সত্ত্বেও আপুনি কেনেকৈ আনন্দত থাকিব পাৰে?

যিহোৱাৰ বহুতো সেৱকে বিৰোধ আৰু তাড়নাৰ সন্মুখীন হʼব পাৰিলে। আপুনিও সন্মুখীন হʼব পাৰে!

কিছুমান লোকে কয়: “তাড়নাৰ সন্মুখীন হʼলে মই হয়তো সহন কৰিব নোৱাৰিম।”

  • বাইবেলৰ কোনটো পদ দেখুৱাই আপুনি তেওঁক উৎসাহিত কৰিব পাৰে?

আমি কি শিকিলোঁ

তাড়নাৰ সত্ত্বেও যিহোৱাৰ সেৱা কৰি থাকিবলৈ আমি যি পৰিশ্ৰম কৰোঁ, সেয়া যিহোৱাই কেতিয়াও পাহৰি নাযায় আৰু তেওঁৰ সহায়তে আমি তাড়নাবোৰ সন্মুখীন হʼব পাৰিম!

আপুনি কেনেকৈ উত্তৰ দিব?

  • সত্য খ্ৰীষ্টানসকলৰ ওপৰত তাড়না দিলে আমি কিয় আচৰিত নহওঁ?

  • তাড়নাৰ সন্মুখীন হʼবলৈ আপুনি এতিয়াৰেপৰা কি কৰিব পাৰে?

  • যিকোনো পৰীক্ষা নাহক কিয় আপুনি যিহোৱাৰ বিশ্বাসী হৈ থাকিব পাৰিব বুলি কি কথাৰপৰা আপোনাৰ বিশ্বাস দৃঢ় হʼল?

লক্ষ্য

বেছিকৈ জানক

নিৰপেক্ষ হৈ থকাৰ বাবে এজন ভাইক জেলত বন্দী কৰা হৈছিল। ভিডিঅʼখনত তেওঁ কৈছে যে এই সমস্যা পাৰ কৰিবলৈ যিহোৱাই তেওঁক কেনেকৈ সহায় কৰিলে।

তাড়না পোৱাৰ সত্ত্বেও সহন কৰক (২:৩৪)

বহু সময়ৰপৰা তাড়নাৰ সন্মুখীন হোৱাৰ সত্ত্বেও এহাল দম্পতীয়ে কেনেকৈ যিহোৱাৰ প্ৰতি বিশ্বাসী হৈ তেওঁৰ সেৱা কৰি আছিল? আহক চাওঁ।

সকলো পৰিস্থিতিত যিহোৱাৰ সেৱা কৰক (৭:১৪)

আহিবলগীয়া তাড়নাৰ সন্মুখীন হʼবলৈ আমি এতিয়াৰেপৰা নিজৰ বিশ্বাস কেনেকৈ বঢ়াব পাৰোঁ?

“আহিবলগীয়া তাড়নাৰ বাবে এতিয়াৰপৰাই প্ৰস্তুতি কৰক” (প্ৰহৰীদুৰ্গ-হিন্দী, জুলাই ২০১৯)

পৰিয়ালৰ লোকসকলে আমাৰ বিৰোধ কৰাৰ সময়ত আমি কি কথা বুজি পোৱা উচিত? এনে পৰিস্থিতিৰ আপুনি কেনেকৈ সন্মুখীন হʼব পাৰে?

“সত্যই ‘শান্তি দিবলৈ নহয়, কিন্তু তৰোৱাল’ চলাবলৈ আহে” (প্ৰহৰীদুৰ্গ-হিন্দী, অক্টোবৰ ২০১৭)